top of page

তুচ্ছ দুই প্ৰেমিক প্ৰিয়ম-ভূপেনঃ আত্মিক প্ৰেমৰ প্ৰতীক

Updated: Oct 5


যৌৱনৰ অজস্ৰ ফল্গুৰধাৰাৰে ভূপেন হাজৰিকাৰ বাস্তৱ জীৱন সংপৃক্ত৷ ভূপেন হাজৰিকাই কৈছিল - ‘পুৰুষ¸-নাৰীৰ পৰস্পৰে পৰস্পৰৰ প্ৰতি থকা আকৰ্ষণ স্বাভাৱিক সত্য৷ অস্বাভাৱিক পুৰুষেহে নাৰীৰ প্ৰতি নাচায়৷ প্ৰেম মানুহৰ জীৱনলৈ আহে৷ মোৰো আহিছিল৷ প্ৰথম যৌৱনত নাৰী আহে সপোন কঁুৱৰী ৰূপে৷ প্ৰেমত কেতিয়াবা নিষ্ঠুৰ বাধা আহে৷ তাৰ পাছত হয় অভিমান, ক্ৰোধ, সমাজৰ সংঘাত৷ তথাপি প্ৰেম চিৰন্তন৷’ ভূপেন হাজৰিকাৰ গীততো স্বৰ্গীয় প্ৰেমৰ অনভূতিৰ ছবিখন স্পষ্ট৷ তেওঁৰ গীতৰ শৈলীত প্ৰত্যেকেই নিজক বিচাৰি পায়৷ পোৱা-নোপোৱাৰ বেদনা, ক’ৰবাত আশা, স্বপ্নআদি শ্ৰোতাৰ জীৱনৰ লগত ভূপেন হাজৰিকাৰ চিন্তাধাৰা একে নহয়৷ যাৰ বাবে ভূপেন হাজৰিকা সাধাৰণ জনতাৰ মনৰ মানুহ৷ বহুতৰ বৈধ, অবৈধ প্ৰেম, আলিংগনৰ জুইৰ দহনত ৰুঢ় বাস্তৱবিলাক, জীৱনৰ মাজ সাগৰত ব’ঠা হেৰুৱাই আশাহত হোৱা জীৱনৰ বহু ছবি ভূপেন হাজৰিকাৰ গীতত প্ৰতিফলিত হৈছিল৷ জীৱনক উপলব্ধি কৰা শিল্পী, জীৱনটোত যৌৱনক পলাবলৈ সুবিধা নিদিয়া শিল্পী ভূপেন হাজৰিকা৷ ভূপেন হাজৰিকাই যৌৱনক ধৰি ৰাখিব জানিছিল৷ তেওঁ অভিজাত কুসুমৰ ৰস চুহি, বনফুলৰ ৰসত তিতা ৰসো পান কৰি মিঠা আলিংগনত যৌৱনক এৰি দিয়া নাই৷ উৰণীয়া মৌ হৈ য’তে সুবিধা লাভ কৰিছে তাতেই তৃণত পৰি হ’লেও কত ৰস চুহি যৌৱনক পলাবলৈ সুবিধা দিয়া নাই৷ ভূপেন হাজৰিকাৰ বাহিৰে কোনেও প্ৰেমৰ ইমান কলাত্মক ৰূপ দি বাস্তৱ ৰূপ দিব পৰা নাই৷ যাৰ বাবে তেওঁ চিৰ সেউজ আছিল৷ চিৰন্তন প্ৰেমৰ প্ৰতীক প্ৰিয়ম হাজৰিকা অৰ্থাৎ প্ৰিয়ম্বদা পেটেলে ভাৰতীয় নাৰীৰ ৰাধাৰ প্ৰতীক হ’বলগা হৈ ক’লে - ‘ভূপেন কলিৰ কৃষ্ণ, ৰাসলীলা কৰিবলৈ এৰি দিয়াই উচিত হ’ব৷ পত্নীত্বৰ শিকলীৰে বান্ধি ৰখাৰ যুক্তি নাই৷ তেওঁ ৰাইজৰ মানুহ; ৰাইজৰ হৃদয়ত থাকক৷’ একেদৰে ভূপেন হাজৰিকায়ো তেওঁৰ পত্নী প্ৰিয়মক নুবুজাকৈ নথকা নহয়৷ সেয়েহে তেওঁ গীতৰ মাজেৰেই কৈ গৈছিল - মোৰ জীৱনৰ সংগ্ৰামখিনি/ফঁহিয়াই চালে পাম/তুমি নিদিয়া মৰমখিনিতে/আছিলে সৰগী ধাম/সেই সৰগী ধামখনি মই/তোমাৰ বুকুতে পাম/তোমাৰ এটুপি চকুলো পালেই/ মই পাম মোৰ দাম৷


ভূপেন্দ্ৰ সংগীতৰ চিৰন্তন প্ৰেমৰ প্ৰতীক প্ৰিয়ম্বদা পেটেল৷ ভূপেন হাজৰিকাৰ অনুগামী পৰিয়ালৰ সুদক্ষিণা শৰ্মাৰ মন্তব্য - ‘আমাৰ বৌ ভাৰতীয় নাৰীত্বৰ আদৰ্শৰ প্ৰতীক৷ পত্নী ধৰ্ম ৰক্ষক; যাৰ ঔৰসত তেজ হাজৰিকাৰ জন্ম, অৰ্থাৎ সৃষ্টি ৰক্ষাই নাৰীৰ ধৰ্ম৷ ভূপেনদাৰ সৃষ্টিৰ অন্তৰালত প্ৰিয়ম বৌৰ ত্যাগ অসীম৷’নাৰীক সৃষ্টিৰ প্ৰতীক হিচাপে লোৱা ভূপেন হাজৰিকাই তেওঁৰ সৃষ্টিৰ আঁৰত থকা প্ৰিয়মৰ পৰা এটোপাল চকুলো বিচাৰিছিল৷ আনকি নিজৰ জীৱনৰ দাম পাব বুলিও চিৰন্তন প্ৰেমক স্বৰ্গোক্তি কৰিছে৷ ভূপেন হাজৰিকাই গোৱাৰ দৰেই - ‘প্ৰেম হেনো স্বৰ্গীয় মৰততে নাই৷ সৰগৰে পাৰিজাত [প্ৰিয়ম] সৰগতে থাওঁক৷’ ভূপেন হাজৰিকাৰ গীতত স্বৰ্গীয় প্ৰেম আছে,ৰোমাঞ্চ আছে৷ কাৰণ প্ৰেম-ৰোমাঞ্চ নহ’লে সৃষ্টিৰ অনুভৱত পুলকিত হোৱা নাযায়৷ ক] শৈশৱতে ধেমালিত/তোমাৰ ওমলা মনত আছে, খ] পখিলীৰ স’তে মই /ৰঙা বগা পাখীৰে / মলয়াত উৰি ফুৰো, গ] নোকোৱা কথাষাৰি /নোকোৱাকৈ থাকিলেও/ধৰা পৰে তোমাৰ চকুত, ঘ] তুমি আৰু মই মিলি/ দুয়োৱেই দুয়োতে হ’লো মগন৷ [- ভূপেন হাজৰিকা]


শৈশৱত ওমলা, পখিলীৰ স’তে খেলি মলয়াত উৰা, মিছা কথা কৈও ক’ৰবাত চকুত ধৰা পৰা, দুয়ো দুয়োতে মিলি মগন হোৱাৰ সময়ছোৱাতো ভেূপন হাজৰিকা ৰোমাণ্টিক মনটো স্পষ্ট হয়৷ শৈশৱ পাৰ হৈ কৈশোৰ অৰ্থাৎ যুৱ অৱস্থাতো বহুতৰে লাজত ঘনে ঘনে কঁপা বুকু নোহোৱাকৈ নাথাকিছিল৷ ডেকা কালত বহুতেই ভূপেন হাজৰিকাৰ দৰেই হয়তো মনৰ মাজত গুণ গুণায় - শৈশৱ পাৰ হৈ কৈশোৰ আহিল, তাইৰ অংগে অংগে শোভা; তাইৰ ৰূপ মনোমোহা৷ লগতে নিজৰ ছাঁয়াকে নিজেই সাৱটি সাৱটি ধৰিলো বুলি সপোন কঁুৱৰীবিলাকক কল্পনা নকৰাকৈ নাথাকে৷ যৌৱনৰে এই বলিয়া বানত তুমিয়ে, ময়ে সাঁতোৰো আহা বুলি আবেদন-নিবেদন নকৰা নহয়৷ কামনাৰে তেজ ৰঙা অনুভৱত, এই আলিংগনৰ সাগৰত তাৰেই এটি মিঠা ভাঁজত নিশ্বাসৰে উম, প্ৰথম মৰমে যদি সঁহাৰি নাপায়, ভাল পোৱো কিয় জানো মৰহি যায়৷ যৌৱনত ভৰি দি গাইছে - যৌৱনত দুয়োৰে দেহাৰ লাজুকী পৰশ মনত আছে, তুমি দেখো গুচি গ’লা, ইচাত-বিচাত হৃদয়ত প্ৰেমৰ ঝংকাৰৰ জোঁৱাৰ নুঠাকৈ থকা নাই৷ ভূপেন হাজৰিকাৰ গীতে যৌৱন কালত বহুতৰ হৃদয়ত প্ৰেমৰ লহৰ বাস্তৱ কৰিছে৷

গুপুতে গুপুতে কিমান খেলিম/আলিংগনৰ এই খেলা/তোমাৰ বক্ষত/মধুৰ উত্তাপ কম্পিতা/জীৱন পূৰ্ণ হয় নিশা৷

এই সপোনৰ মাজত বাস্তৱ ঢৌ সাগৰত জোঁৱাৰৰ ফলত আন এক মিঠা সান্নিধ্য, চঞ্চল শিঁহৰণত উত্তেজিত মন মধুৰ উত্তাপ হয়৷


কি যে তোমাৰ সংগ প্ৰিয়া/কি যে তোমাৰ সংগ/তোমাৰ জ্বলন্ত অংগত/মই এটা পতংগ৷

বহুতেই হয়তো ভূপেন হাজৰিকাৰ দৰেই প্ৰেম নদীত সাঁতুৰি-নাদুৰি গাইছে - যদি জীৱনে কন্দা নাই নাই বুলি, প্ৰেমৰ নিষ্ঠুৰ বাধা, অভিমান, ক্ৰোধ, সমাজৰ সংঘাতত যৌৱন বলিয়া হৈছে৷ ভূপেন হাজৰিকাই নাৰীৰ দ্বাৰা সংগীতৰ সুধাকণ্ঠত জীৱনী শক্তি লাভ কৰিলে৷ ফলত সমূহৰ বাবে গীত গাই গাই তোমাক পাহৰি গ’লোতেই আন এখন ছবি স্পষ্ট হৈ উঠিছে৷ তুমি বিয়াৰ নিশাৰ/শয়নপাটীৰ এপাহি ৰজনীগন্ধা/তোমাৰ মূল্য এনিশাৰ/পিছৰ দিনা/সূৰুজ উঠাৰ পিছৰ/বাহী শয্যাত/তুমি মূল্যহীন ভাৰ৷ পৃথিৱীত বহু গুণী-জ্ঞানী, ডাঙৰ ডাঙৰ লোকে সাংসাৰিক ভাৰখন কান্ধত লৈছে যদিও তাৰ ভাৰ ব’ব নোৱাৰি কান্ধৰ পৰা সাংসাৰিক ভাৰ নমাই যাযাবৰী যাপন কটোৱা ইতিহাসত সৰ্বজনবিদিত৷ ভূপেন হাজৰিকাও তাৰ মাজৰে এজন৷ ক] পাটগাভৰুৱে ফুলশয্যা/তোমাৰেই সজালে/ পুৱাতে দেখো সাৰিপুচি তোমাক এৰিলো৷ খ] বেদৰ মন্ত্ৰৰে দম্পতী/যদিও নহ’লো/ একেটি পাত্ৰতে জীৱন মদিৰা পান কৰিলো৷ গ] কত ৰস চুহিলো /অভিজাত কুসুমৰ/ বনফুলে যাঁচিলে ভঁৰাল ৰসৰ /তিতা ৰসো গোটালো মিঠা বুলি ঘ] মই যেন আজীৱনয উৰণীয়া মৌ/তোমাৰ তৃণত জিৰণি লওঁ/নাজানো ক্ষতি কি হয় কাৰোবাৰ/মই উৰণীয়া মৌ৷


আত্মিক প্ৰেমেৰে বান্ধ খাই থকা ভূপেন হাজৰিকাৰ পত্নী প্ৰিয়মে টিভিৰ এটি সাক্ষাৎকাৰত মৃণাল তালুকদাৰৰ প্ৰশ্নৰ উত্তৰ দিছিল - 'I am not very romantic woman. I am practical woman. Bhupen is sofisticated man, but he is most honest man.Headmired me. প্ৰিয়মক সাক্ষাৎকাৰত সোধা হৈছিল - ‘আপুনি পুনৰ বিবাহ নকৰালে কিয়?’ উত্তৰত প্ৰিয়ম্বদাই কৈছিল - ‘মই যিহেতু তেওঁক ভাল পাওঁ৷ মই এগৰাকী ভাৰতীয় নাৰী; বিয়াৰ প্ৰশ্নই নুঠে৷ ভূপেনৰ ঔৰসজাত তেজৰ মাক৷Blood of Bhupen ৷ মাতৃত্ব মোৰ ধৰ্ম৷ এই ধৰ্ম মই পালন কৰিবই লাগিব৷’ আন আন সাক্ষাৎকাৰতো প্ৰিয়ম হাজৰিকাই আৰু কৈছিল - ‘মই স্বাভিমানী নাৰী৷ খাৰঘূলিলৈ আহোঁ, প্ৰত্যেকেই বৌ বুলি মোক শ্ৰদ্ধা-ভক্তি কৰে৷ আনকি বহু আৰ্টিষ্টে কয় - You are the most beautiful woman in the world ৷ ভূপেন মোৰ স্বামীয়েই নহয় - জনতাৰ মানুহ৷ তেওঁক মায়া জালত বান্ধি ৰখা উচিত নহয়৷‘Heis great' ৷ সেই বাবেই ভূপেন হাজৰিকাই প্ৰিয়মক শেষ মৰমৰ প্ৰতিদান নিদিয়াকৈ থকা নাই৷ এওঁলোকৰ প্ৰেম শাৰীৰিক নহয়; আত্মিক প্ৰেমৰ চিৰন্তন প্ৰতীক৷ পৃথিৱীত পত্নীক ইমান মৰ্যাদা দিয়া চিৰন্তন প্ৰেমৰ নিদৰ্শন হয়তো নাই/ ভূপেন হাজৰিকা আৰু প্ৰিয়ম্বদা পেটেলৰ দৰে চিৰন্তন প্ৰেমৰ উদাহৰণ বিৰল৷ মৃত্যু চিৰন্তন অনুভৱত ভূপেন হাজৰিকাই প্ৰিয়মৰ মৰমতেই গাইছিল -জীৱন পাৰৰ কাহিনী সামৰি/জীয়া মায়াৰ বান্ধ খুলি ল’লো/মৰণ প্ৰেয়সীক পাই/এতিয়াতো পাৰ হ’বতো নোৱাৰো/অসীম মৰণ নৈ৷


সম্ভৱতঃ ভূপেন হাজৰিকা আৰু প্ৰিয়ম হাজৰিকাৰ দৰে শৰীৰ সৰ্বস্ব নোহোৱাকৈ আত্মিক প্ৰেমৰ উদাহৰণ এই পৃথিৱীত নাই৷ মৃত্যু চিৰন্তন সত্য৷ অসীম মৰণ নৈ - এই নদীখনৰ বাবে ইজনে সিজনক লগ পোৱাৰ আকাংক্ষা থকা সত্ত্বেও মৰণ প্ৰেয়সীয়েই মাত্ৰ বাধা৷ এই আকাংক্ষা প্ৰিয়ম-ভূপেনৰ ভালপোৱাৰ পৃথিৱীত ইতিহাস হ’ল৷ ভূপেন হাজৰিকাৰ ভাষাত প্ৰেম চিৰন্তন ৷ শৰীৰ তুচ্ছ দুই প্ৰেমিকে পৃথিৱীৰ ইতিহাসত নতুন প্ৰজন্মলৈ এক বাৰ্তা দি গ’ল৷ সুধাকণ্ঠৰ চিৰন্তন প্ৰেমৰ লগৰী মহীয়সী নাৰী প্ৰিয়ম হাজৰিকাই ভূপেন হাজৰিকাৰ মূল শক্তি আছিল৷ যি গৰাকীয়ে শৰীৰৰ ভোগবাদ নিবিচৰাকৈ মায়াৰ পৰা ভূপেন হাজৰিকাক মুক্ত কৰি দিয়াত হৈছিল এই বিশাল সৃষ্টি৷চিৰন্তন প্ৰেমত বাস কৰি দুয়ো দুয়োতেই মগন এই প্ৰমাণ প্ৰিয়ম হাজৰিকাই চিতাৰ কাষতদিয়া সঁহাৰিয়েই যথেষ্ট৷ ভূপেন হাজৰিকায়ো গাই গৈছিল - সমূহৰ বাবে গীত গাই গাই/তোমাক পাহৰি গ’লো/সেয়েহে হ’বলা ভৰ জীৱনতে/তোমাক হেৰুৱালো/সেই ক্ষোভে মোক দহিছে আজিও/শান্তি ক’তনো পাম? প্ৰিয়ম হাজৰিকাৰ চকুলোতেই পৰম শান্তি আৰু মুক্তি৷ আত্মিক প্ৰেমৰ প্ৰতীক প্ৰিয়ম-ভূপেন৷ তেওঁলোকে আত্মিক মিলনৰ প্ৰেম প্ৰতিষ্ঠা কৰিছে৷আত্মাৰ মিলন শৰীৰকেন্দ্ৰিক নহয়, ইয়াতেই প্ৰিয়ম আৰু ভূপেন হাজৰিকাই প্ৰেমৰ চিৰন্তন ইতিহাস ৰচি থৈ গ’ল৷


নৰেন হাজৰিকা

নগাঁও, অসম

দূৰভাষনং ৯৮৬৪৬ ৮১৫৪৮

Recent Posts

See All
নীৰাৰ সৈতে এখন্তেক

" আপোনাক মানে আই মিন তোমাক মই ক'ৰবাত লগ পাইছিলো । কিন্তু ক'ত পাইছিলো ঠিক মনত পেলাব পৰা নাই । " সেই একেই ঢৌ খেলি যোৱা চুলি , ওঁঠত তিল , সৰোবৰৰ দৰে শান্ত চকু । এইবোৰ কি পাহৰা যায় । এবাৰ দেখিলেইতো ------

 
 
 

Comments


bottom of page