ডিজিটেল ডিটক্স : প্ৰযুক্তিৰ যুগত শিক্ষকৰ দায়িত্ব
- দীপিকা লস্কৰ

- 1 day ago
- 7 min read

প্ৰযুক্তিৰ যুগত এটা স্মাৰ্টফোন বিলাসিতা সামগ্ৰীৰ পৰিৱৰ্তে প্ৰয়োজনীয় সামগ্ৰী হৈ পৰিছে । দৈনন্দিন কাম-কাজ, অধ্যয়ন, বিনোদন আৰু সামাজিক যোগাযোগৰ বাবে স্মাৰ্টফোনটোৰ প্ৰয়োজন অনস্বীকাৰ্য। শিক্ষকতা কৰি থকা সময়ত মোবাইলটোৰ ব্যৱহাৰ একেবাৰে সীমিত আছিল । অৱসৰৰ পিছত মোবাইলত অধিক সময় ব্যস্ত হৈ পৰিলো। বন্ধু-বান্ধৱ,আত্মীয়-স্বজনৰ লগত প্ৰয়োজনতকৈ অধিক সময় কথা পাতো, ফেচবুক, ইনষ্টাগ্ৰামত ৰীল চাওঁ। সময়বোৰ কেনেকৈ পাৰ হয় গমেই নাপাওঁ ।প্ৰয়োজন হ'লে মোবাইলতে বজাৰ কৰো, ৰান্ধিবলৈ মন নগ'লে খাদ্যবস্তুৰ অৰ্ডাৰ কৰো । ইন্টাৰনেটৰ সহায়ত দেশ বিদেশৰ খবৰ লওঁ, মন গলে কিতাপ ডাউনলোড কৰি পঢ়ো , কেতিয়াবা গেম খেলি,কেতিয়াবা গান শুনি সময় পাৰ কৰো। আত্মীয় স্বজনৰ ঘৰলৈ যোৱাৰ পৰিবৰ্তে মোবাইলতে বিহু, পুজা আদি উৎসৱ- পাৰ্বনৰ সময়ত শুভেচ্ছা জ্ঞাপন কৰিয়েই দায়িত্ব সামৰো । লাহে লাহে মোবাইলটোৱে মোক গ্ৰাস কৰা যেন অনুভৱ হ'ল ।মোবাইলৰ অত্যাধিক ব্যৱহাৰে মোৰ মনত কিছু নেতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে শৰীৰতো প্ৰভাৱ পেলাবলৈ ধৰিলে। চিন্তা শক্তি দুৰ্বল হোৱা যেন অনুভৱ হোৱাৰ লগতে মূৰৰ বিষ, চকুৰ সমস্যা,টোপনি কম আদি স্বাস্থ্যজনিত সমস্যাবোৰ অনুভৱ হ'ল ।
Ready 2 Read নামেৰে কোম্পানী এটা প্ৰতিষ্ঠা কৰি কিতাপ পঢ়াৰ প্ৰয়োজনীয়তাৰ ওপৰত কাম কৰি থকা মোৰ ছোৱালীজনীৰ আগত এই সমস্যাবোৰ কোৱাত তাই মোক মোবাইলৰ ব্যৱহাৰ কমাবলৈ কৈ ডিজিটেল ডিটক্স কৰিবলৈ ক'লে ।তাইক ডিজিটেল ডিটক্স কেনেকৈ কৰিম বুলি কোৱাত নিজৰ কিতাপৰ আলমাৰিৰ পৰা আমেৰিকান কম্পিউটাৰ বিজ্ঞানী, অধ্যাপক , জনপ্ৰিয় লেখক Cal Newport ৰ "Digital Minimalism : Choosing a Focused Life in a Noisy World"গ্ৰন্থখন আনি পঢ়িবলৈ দিলে । ডিজিটেল জীৱনশৈলী আৰু অৰ্থপূৰ্ণ কৰ্মজীৱনৰ ওপৰত লিখা গ্ৰন্থসমূহৰ বাবে পৰিচিত নিউপৰ্টৰ এই খন গ্ৰন্থত নিউপৰ্টে ডিজিটেল প্ৰযুক্তি, সামাজিক মাধ্যম আৰু অনলাইন বিভ্ৰান্তিৰ মাজত কেনেকৈ সচেতনভাৱে প্ৰযুক্তি ব্যৱহাৰ কৰি অধিক মনোনিৱেশযুক্ত আৰু অৰ্থপূৰ্ণ জীৱন যাপন কৰিব পাৰি, সেই বিষয়ে আলোচনা কৰিছে। গ্ৰন্থ খনত আধুনিক ডিজিটেল জীৱনৰ এক গভীৰ সংকটৰ কথা উত্থাপন কৰা হৈছে। লেখকৰ মতে, সমস্যা প্ৰযুক্তিত নহয়; সমস্যা হৈছে উদ্দেশ্যহীন আৰু অত্যাধিক প্ৰযুক্তি ব্যৱহাৰত। তেওঁৰ মতে- প্ৰযুক্তি মানুহৰ সেৱক হ'ব লাগে, মালিক হব নালাগে । গ্ৰন্থখনত “Digital Detox”-ক কেৱল কেইদিনমানৰ বাবে মোবাইল বা সামাজিক মাধ্যমৰ পৰা আঁতৰি থকাৰ প্ৰক্ৰিয়া হিচাপে নহয়, বৰঞ্চ “Digital Declutter” অৰ্থাৎ ডিজিটেল জীৱনটো সুশৃংখল কৰিবৰ বাবে সুপৰিকল্পিত পদক্ষেপ হিচাপে ব্যাখ্যা কৰা হৈছে।
নিউপৰ্টে গ্ৰন্থখনত ডিজিটেল ডিটক্সৰ বাবে তিৰিশ দিনীয়া ডিজিটেল ডিক্লাটাৰ পদ্ধতিৰ পৰামৰ্শ দিছে। এই সময়চোৱাত অপ্ৰয়োজনীয় এপ, ফাইল, ফটো, ই-মেইল, নোটিফিকেচন আৰু ছ'চিয়েল মিডিয়াৰ অপ্রয়োজনীয় ব্যৱহাৰৰ পৰা আঁতৰি পঢ়া-শুনা, খেল-ধেমালি, পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে সময় কটোৱা, সৃষ্টিশীল কাম আৰু আত্ম উন্নয়নমূলক কাৰ্যকলাপত নিজকে নিয়োজিত কৰাৰ কথা গ্ৰন্থখনত উল্লেখ কৰিছে।তিৰিশ
দিনৰ পিছত কেৱল সেই ডিজিটেল মাধ্যমসমূহহে পুনৰ ব্যৱহাৰ কৰিব লাগে, যিবোৰে ব্যক্তিৰ জীৱনৰ লক্ষ্য, মূল্যবোধ আৰু উৎপাদনশীলতাত প্ৰকৃত অৰিহণা যোগায়। নিউপৰ্টৰ মতে, ডিজিটেল ডিটক্সৰ উদ্দেশ্য কেৱল অলপ সময়ৰ বাবে প্ৰযুক্তি ব্যৱহাৰৰ পৰা বিৰতি লোৱা নহয়; ইয়াৰ মূল লক্ষ্য হৈছে প্ৰযুক্তিৰ সৈতে আমাৰ সম্পৰ্কক পুনৰ মূল্যায়ন কৰি অধিক সচেতন, সংযত আৰু উদ্দেশ্যমূলক ব্যৱহাৰৰ অভ্যাস গঢ়ি তোলা।
প্ৰযুক্তিৰ বিস্ময়কৰ অগ্ৰগতি, কৃত্ৰিম বুদ্ধিমত্তা, সামাজিক মাধ্যম আৰু ডিজিটেল পৃথিৱীয়ে সৰু ডাঙৰ সকলোৰে জীৱনত প্ৰভাৱ বিস্তাৰ কৰিছে ।এটা স্মাৰ্টফোনৰ পৰ্দাই শিশুৰ মনোযোগ, সময় আৰু চিন্তাক গভীৰভাৱে প্ৰভাৱিত কৰে । স্মাৰ্টফোন, অনলাইন শিক্ষা, ডিজিটেল লাইব্ৰেৰী, শিক্ষামূলক এপ আৰু কৃত্ৰিম বুদ্ধিমত্তাই জ্ঞান আহৰণৰ পৰিসৰ বহুগুণে বৃদ্ধি কৰিছে। এজন শিক্ষাৰ্থীয়ে এতিয়া এটা শ্ৰেণীকোঠাৰ সীমাৰ ভিতৰত আবদ্ধ হৈ থাকিব নালাগে; সমগ্ৰ বিশ্বৰ জ্ঞান তেওঁৰ হাতৰ মুঠিত। ডিজিটেল বিপ্লৱৰ ফলত শিক্ষাৰ্থীৰ বাবে তথ্যৰ অভাৱ হোৱা নাই; মনোযোগৰহে অভাৱ ঘটিছে । শিক্ষাৰ্থীৰ হাতত তথ্যৰ বিস্ফোৰণ ঘটিছে, কিন্তু গভীৰভাৱে অধ্যয়নৰ সময় কমিছে। যোগাযোগৰ মাধ্যম বৃদ্ধি পাইছে, কিন্তু মুখামুখি কথোপকথনৰ অভ্যাস কমিছে। বিনোদনৰ সুযোগ অসীম হৈছে, কিন্তু নীৰৱে বহি চিন্তা কৰাৰ ক্ষমতা সংকুচিত হৈছে। এখন ঘৰত একেলগে বাস কৰিছে যদিও এজন আনজনৰ পৰা বহুদূৰ আতৰি গৈছে ।
ডিজিটেল প্ৰযুক্তিৰ বিস্ফোৰণৰ মাজত শিক্ষাৰ্থীৰ মনোযোগ, চিন্তাশক্তি আৰু মানৱীয় সংবেদনশীলতা কেনেকৈ সুৰক্ষিত কৰিব পাৰি সেইটো বৰ্তমান শিক্ষকৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।
ডিজিটেল প্ৰযুক্তিৰ প্ৰত্যাহ্বান প্ৰতিহত কৰিবলৈ হ'লে শিক্ষক কেৱল তথ্যৰ বাহক হ'লে নহব ,তেওঁ হ’ব লাগিব চিন্তাৰ সহযাত্ৰী আৰু মূল্যবোধৰ পথপ্ৰদৰ্শক। এনে পৰিৱেশত ডিজিটেল ডিটক্স এটা আধুনিক শব্দ নহয়; ই শিক্ষা আৰু মানসিক সুস্থতাৰ সৈতে জড়িত এক প্ৰয়োজনীয় সামাজিক প্ৰশ্ন।
ডিজিটেল ডিটক্সৰ অৰ্থ প্ৰযুক্তিৰ বিৰুদ্ধে যোৱা নহয়।
শিক্ষাৰ্থীক স্মাৰ্টফোনৰ পৰা সম্পূৰ্ণ আঁতৰাই ৰখা বা ডিজিটেল মাধ্যমক নিষিদ্ধ কৰা মানে ডিজিটেল ডিটক্স নহয় । বৰঞ্চ প্ৰযুক্তিৰ সঠিক, সংযত আৰু উদ্দেশ্যপূৰ্ণ ব্যৱহাৰৰ সংস্কৃতি গঢ়ি তোলাটোহে ইয়াৰ লক্ষ্য। ‘শিক্ষাৰ্থীয়ে ফোন ব্যৱহাৰ কৰিব নে নকৰিব’- সেইটো প্ৰশ্ন নহয়; প্ৰশ্নটো হ’ল—মোবাইলটো কিয়,কিমান সময় আৰু কি উদ্দেশ্যে ব্যৱহাৰ কৰিব। নিউপৰ্টে কৈছিল-"Technology should serve your values, not control your life." অৰ্থাৎ, প্ৰযুক্তিয়ে আপোনাৰ মূল্যবোধ আৰু লক্ষ্য পূৰণত সহায় কৰিব লাগে; আপোনাৰ জীৱন নিয়ন্ত্ৰণ কৰিব নালাগে ।
অলপতে এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মুখামুখি হোৱাৰ সুযোগ পাইছিলো । মই তেওঁলোকক কিমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে মোবাইল ফোন ব্যৱহাৰ কৰে বুলি প্ৰশ্ন কৰাত প্ৰায় সকলো ছাত্ৰ ছাত্ৰীয়ে হাত দাঙি মোবাইল ব্যৱহাৰ কৰাৰ কথা ক'লে । মোবাইল কিয় ব্যৱহাৰ কৰে বুলি সোধাত কিছুসংখ্যকে ৰীল চাই, কিছুসংখ্যকে গ্ৰেম খেলে , গান শুনে আৰু কিছুসংখ্যকে মোবাইলতে পঢ়া শুনা কৰো বুলি ক'লে। দুজনমান ছাত্ৰই মোবাইল চোৱাৰ সপক্ষে যুক্তি দি ক'লে," আমি শ্ৰেণীকোঠাত বুজি নোপোৱা যিকোনো বিষয় মোবাইলত কৃত্ৰিম বুদ্ধিমত্তাক সুধিলে সুন্দৰকৈ উত্তৰটো কৈ দিয়ে আৰু লিখিও দিয়ে।" ছাত্ৰ -ছাত্ৰীৰ মোবাইলৰ সপক্ষে যুক্তি শুনি
বহু প্ৰশ্নই মোক ব্যতিব্যস্ত কৰিলে । প্ৰযুক্তিৰ যুগত শিক্ষকৰ ভূমিকা সছায়ে কমি গ'ল নেকি ? কৃত্ৰিম বুদ্ধিমত্তা শিক্ষকৰ বিকল্প হব পাৰে নেকি ?
আচলতে প্ৰযুক্তিৰ যুগত শিক্ষকৰ গুৰুত্ব হ্ৰাস হোৱা নাই; বৰঞ্চ শিক্ষকৰ ভূমিকা অধিক গভীৰ আৰু গুৰুত্বপূৰ্ণ হৈ পৰিছে। কৃত্ৰিম বুদ্ধিমত্তাই তথ্য দিব পাৰে, কিন্তু তথ্যৰ সঠিকতা বিচাৰ কৰাৰ বিবেক দিব নোৱাৰে। কৃত্ৰিম বুদ্ধিমত্তাই যিকোনো প্ৰশ্নৰ উত্তৰ প্ৰস্তুত কৰিব পাৰে, কিন্তু সেই উত্তৰ কেতিয়া, কিয় আৰু কেনেদৰে ব্যৱহাৰ কৰিব লাগে—সেই বিচাৰবোধ গঢ়ি তোলাৰ কাম কৰিব নোৱাৰে । কৃত্ৰিম বুদ্ধিমত্তা শিক্ষকৰ বিকল্প নহয়, কাৰণ শিক্ষক কেৱল জ্ঞানৰ উৎস নহয়। এজন ভাল শিক্ষক শিক্ষাৰ্থীৰ আত্মবিশ্বাস, নৈতিকতা, শৃংখলা, সহানুভূতি, নেতৃত্ব আৰু চৰিত্ৰ গঠনত ভূমিকা পালন কৰে। কোনো শিক্ষাৰ্থী হতাশ হ'লে শিক্ষকে তেওঁৰ মুখৰ অভিব্যক্তি দেখি সমস্যাটো বুজিব পাৰে, উৎসাহ দিব পাৰে আৰু মানৱীয় সহায় আগবঢ়াব পাৰে। কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে এই মানৱীয় সংযোগৰ বিকল্প সৃষ্টি কৰাটো সহজ নহয়।কৃত্ৰিম বুদ্ধিমত্তা শিক্ষকৰ প্ৰতিদ্বন্দ্বী হব নোৱাৰে ।শিক্ষকে কৃত্ৰিম বুদ্ধিমত্তাক শক্তিশালী সহায়ক হিচাপে ব্যৱহাৰ কৰি পাঠ পৰিকল্পনা, শিক্ষণ সামগ্ৰী, উদাহৰণ, অনুশীলনী আদি সহজে প্ৰস্তুত কৰি শিক্ষাৰ্থীৰ চিন্তা, সৃষ্টিশীলতা আৰু ব্যক্তিগত বিকাশৰ ওপৰত অধিক মনোযোগ দিব পাৰে।তাৰোপৰি কৃত্ৰিম বুদ্ধিমত্তাই দিয়া প্ৰতিটো উত্তৰ যে শুদ্ধ, সেয়া নিশ্চিত নহয়। কৃত্ৰিম বুদ্ধিমত্তাই শিক্ষাৰ্থীক জ্ঞানৰ দুৱাৰখন খুলি দিব পাৰে; কিন্তু সেই দুৱাৰে সোমাই কোন পথে আগবাঢ়িব লাগে, কি গ্ৰহণ কৰিব লাগে আৰু কি প্ৰত্যাখ্যান কৰিব লাগে—সেই শিক্ষা দিয়াৰ দায়িত্ব শিক্ষকৰ। যন্ত্ৰই জ্ঞান দিব পাৰে, কিন্তু জ্ঞানক প্ৰজ্ঞালৈ ৰূপান্তৰ কৰাৰ যাত্ৰাত শিক্ষক এতিয়াও অপৰিহাৰ্য। ডঃ ৰাধাকৃষ্ণনৰ ভাষাত ক’বলৈ গ’লে, শিক্ষা যদি কেৱল মগজুৰ বিকাশত সীমাবদ্ধ থাকে, তেন্তে ই অসম্পূৰ্ণ; শিক্ষাই হৃদয় আৰু বিবেকৰো বিকাশ ঘটাব লাগিব। তেওঁ কৈছিল- শিক্ষক কেৱল পাঠদান কৰা ব্যক্তি নহয়—তেওঁ এগৰাকী পথপ্ৰদৰ্শক, চিন্তাৰ দুৱাৰ খুলি দিয়া এগৰাকী নিৰ্মাতা আৰু এখন সমাজৰ নৈতিক ভেটি গঢ়ি তোলা এগৰাকী নীৰৱ কাৰিকৰ ।সেয়ে আজিৰ শিক্ষক কেৱল কোনো এটা বিষয়ৰ ' বিষয় শিক্ষক' হ'লে নহব; তেওঁ
মনোযোগ গুৰু(Attention mentor), সমালোচনাত্মক-চিন্তাৰ গাইড(Critical-thinking guide) আৰু মূল্যবোধৰ শিক্ষাদাতা (Values educator ) হব লাগিব।
প্ৰযুক্তি শিক্ষাৰ সজুঁলিহে ; শিক্ষকৰ বিকল্প নহয় ।ছাত্ৰ-ছাত্ৰীক ডিজিটেল পৃথিৱীৰ দক্ষ নাগৰিক নহয়, বাস্তৱ পৃথিৱীৰ সংবেদনশীল আৰু দায়িত্বশীল মানুহ হিচাপে গঢ়ি তুলিব লাগিব।ডিজিটেল যুগৰ শিক্ষা প্ৰযুক্তিবিহীন হ’ব নোৱাৰে; কিন্তু প্ৰযুক্তিনিৰ্ভৰশীল শিক্ষা যাতে মানৱীয়তাবিহীন নহয়, সেই দায়িত্বও শিক্ষকে লব লাগিব। শিক্ষকে ছাত্ৰ ছাত্ৰীক অত্যাধিক মোবাইল নিৰ্ভৰশীল নহবৰ বাবে মোবাইলৰত প্ৰশ্নোত্তৰ কৰি দিয়াৰ পৰিৱৰ্তে কিতাপখনৰ পৰা কেনেদৰে উত্তৰ লিখিব পাৰি তাৰ কৌশল শিকাব লাগিব। মোবাইলৰ পৰিৱৰ্তে শিক্ষাৰ্থীৰ হাতত কিতাপ তুলি দি ডিজিটেল ডিটক্সৰ ধাৰণাটো এটা বৃহত্তৰ শিক্ষাদৰ্শনৰ অংশ হিচাপে গ্ৰহণ কৰিব লাগিব। প্ৰতিদিনে কিছু সময় স্ক্ৰীনমুক্ত পঠন-পাঠন, মুক্ত আলোচনা, সাহিত্যচৰ্চা, খেল-ধেমালি, সৃষ্টিশীল কাৰ্যকলাপ, প্ৰকৃতিৰ সৈতে সংযোগ আৰু মুখামুখি সামাজিক যোগাযোগৰ বাবে নিৰ্ধাৰণ কৰিব লাগিব। বিদ্যালয়সমূহে ডিজিটেল শিক্ষা আৰু ডিজিটেল নিয়ন্ত্ৰণৰ মাজত সঠিক ভাৰসাম্য স্থাপন কৰিব পাৰিব লাগিব। প্ৰযুক্তিক অস্বীকাৰ কৰি আধুনিক শিক্ষাৰ পৰা আঁতৰি থাকিব নোৱাৰি যদিও প্ৰযুক্তিক অন্ধভাৱে গ্ৰহণ কৰিও সুস্থ শিক্ষা দিব নোৱাৰি। স্মাৰ্ট ক্লাছৰুমৰ লগতে আমাক স্মাৰ্ট চিন্তা, সুস্থ মনোযোগ আৰু সংবেদনশীল হৃদয়ৰো প্ৰয়োজন।শিক্ষক সকলে ছাত্ৰ ছাত্ৰীৰ মেধাৰ লগতে তেওঁৰ বিবেক, চৰিত্ৰ, সংযম আৰু সামাজিক দায়বদ্ধতা গঢ়ি তোলাৰ কামো গুৰুত্বসহকাৰে গ্ৰহণ কৰিব লাগিব।
বৰ্তমান বিশ্বৰ বহু ৰাষ্ট্ৰই বিদ্যালয় শিক্ষাত মোবাইল তথা স্ক্ৰীনৰ ব্যৱহাৰ কমাই কিতাপ, লিখা-পঢ়া আৰু ছপা শিক্ষণ সামগ্ৰীৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ছুইডেনত ২০২৬-চনৰ শৰৎকালৰ পৰা বিদ্যালয়ত মোবাইল নিষেধ কৰাৰ পৰিকল্পনা কৰিছে আৰু চৰকাৰে পাঠ্যপুথি আৰু শিক্ষকৰ গাইড ক্ৰয়ৰ বাবে ৫৫৫ মিলিয়ন ছুইডেনৰ চৰকাৰী মুদ্ৰা নিৰ্ধাৰণ কৰিছে। পাঠদানত কিতাপ আৰু পৰম্পৰাগত শিক্ষণ সামগ্ৰীলৈ ঘূৰি যোৱাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
ফিনলেণ্ডত ২০২৫ চনৰ আগষ্টৰ পৰা বিদ্যালয়ত শিক্ষাৰ্থীৰ মোবাইল তথা ডিজিটেল ডিভাইচৰ ব্যৱহাৰত অধিক কঠোৰ নিয়ম প্ৰৱৰ্তন কৰিছে। শিক্ষকৰ অনুমতি বা শিক্ষাৰ প্ৰয়োজনীয় ক্ষেত্ৰতহে মোবাইল ব্যৱহাৰৰ সুযোগ থাকে।
European School Education Platform ৰ বাতৰি অনুসৰি ফ্ৰান্স আৰু ইটালীত প্ৰাথমিক আৰু নিম্ন মাধ্যমিক বিদ্যালয়ত মোবাইল ব্যৱহাৰৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আছে। লক্ষ্য হৈছে শ্ৰেণীকোঠাত মনোযোগ বৃদ্ধি আৰু ডিজিটেল বিভ্ৰান্তি কমোৱা। নেদাৰলেণ্ডছতো বিদ্যালয়ত মোবাইল ব্যৱহাৰত ৰাষ্ট্ৰীয় পৰ্যায়ত কঠোৰ সীমাবদ্ধতা আছে ।হাংগেৰী, গ্ৰীচ, পৰ্তুগাল, বেলজিয়াম, অষ্ট্ৰিয়া, আয়াৰলেণ্ড, লাটভিয়া, লুক্সেমবাৰ্গ, মাল্টা, স্লোভেনিয়া আৰু চাইপ্ৰাছ আদিয়েও বিদ্যালয়ত মোবাইল ব্যৱহাৰত ৰাষ্ট্ৰীয় পৰ্যায়ত নিষেধাজ্ঞা বা কঠোৰ সীমাবদ্ধতা আৰোপ কৰিছে।
ইউনেস্কো(UNESCO) ৰ ২০২৬ চনৰ তথ্য অনুসৰি, বিশ্বৰ প্ৰায় ৫৮ % দেশৰ শিক্ষা ব্যৱস্থাত বিদ্যালয়ত মোবাইল ফোন নিষিদ্ধ কৰাৰ ৰাষ্ট্ৰীয় নীতি আছে। ২০২৩ চনত এই সংখ্যা আছিল মাত্ৰ ৩০%। ইয়াৰ অৰ্থ এইটো নহয় যে এই দেশসমূহে প্ৰযুক্তিক সম্পূৰ্ণৰূপে শিক্ষা ব্যৱস্থাৰ পৰা আঁতৰাই দিছে। এই দেশ সমূহৰ মূল ধাৰণাটো হৈছে—
“Technology when it improves learning, books and human interaction when they do it better.”
অৰ্থাৎ, মোবাইল শিক্ষাৰ সহায়ক হ'ব পাৰে, কিন্তু শিক্ষাৰ কেন্দ্ৰবিন্দু হ'ব নালাগে। কিতাপ পঢ়া, হাতেৰে লিখা, শিক্ষক-শিক্ষাৰ্থীৰ প্ৰত্যক্ষ যোগাযোগ আৰু গভীৰ মনোযোগক পুনৰ গুৰুত্ব দিয়া হৈছে। UNESCO-য়ো প্ৰযুক্তি কেৱল তেতিয়াহে ব্যৱহাৰ কৰাৰ পোষকতা কৰিছে যেতিয়া ই শিক্ষাৰ ফলাফল উন্নত কৰে।
ডিজিটেল ডিটক্সৰ প্ৰথম পাঠ বিদ্যালয়ত নহয়, পৰিয়ালত আৰম্ভ কৰিব লাগিব। ঘৰত অভিভাৱক সকলে নিজে অনবৰতে মোবাইলত ৰীল চাই থাকি সন্তানক কেৱল ‘ফোন নল’বা’ বুলি কোৱাতকৈ, তেওঁলোকৰ সৈতে সময় কটোৱা, একেলগে কিতাপ পঢ়া, খেলাধূলা কৰা আৰু কথা পতাৰ সংস্কৃতি গঢ়ি তোলাটো অধিক প্ৰয়োজন । আজিৰ শিক্ষাৰ্থীৰ হাতত বিশ্বৰ জ্ঞানভাণ্ডাৰ আছে।বুটাম টিপিয়েই যি কোনো বিষয়ৰ জ্ঞান আহৰণ কৰিব পাৰে ।কিন্তু প্ৰশ্ন হ'ল - তেওঁলোকৰ
সেই জ্ঞান ব্যৱহাৰ কৰাৰ বিচাৰবোধ আছেনে? তেওঁলোকৰ হাতত প্ৰযুক্তি আছে। কিন্তু প্ৰযুক্তিক নিয়ন্ত্ৰণ কৰাৰ আত্মসংযম আছেনে ?তেওঁলোকৰ হাতত অসংখ্য যোগাযোগৰ মাধ্যম আছে। কিন্তু মানু্হৰ অনুভূতি বুজি পোৱাৰ সংবেদনশীলতা আছে নে? এই প্ৰশ্নবোৰৰ উত্তৰ বিচৰাৰ দায়িত্ব কেৱল প্ৰযুক্তিৰ নহয়, শিক্ষাৰো । শিক্ষাৰ এই মানৱীয় দায়িত্বৰ কেন্দ্ৰবিন্দুত আছে শিক্ষক সকল ।
সেয়ে এই শিক্ষক দিৱসত আমাৰ সংকল্প হওঁক —প্ৰযুক্তি ব্যৱহাৰ কৰিম, কিন্তু প্ৰযুক্তিৰ দ্বাৰা ব্যৱহৃত নহওঁ । ছাত্ৰ ছাত্ৰীৰ হাতত স্মাৰ্টফোনৰ লগতে কিতাপখনো তুলি দিম, চকুৰ সন্মুখত স্ক্ৰীনৰ লগতে পৃথিৱীৰ সৌন্দৰ্য মেলি দিম আৰু ছাত্ৰ ছাত্ৰীৰ মগজুৰ লগতে হৃদয়খনো শিক্ষিত কৰিম। তেওঁলোকৰ মনত কৃত্ৰিম বুদ্ধিমত্তাৰ জ্ঞান থাকক, কিন্তু মানৱীয় বিবেকো থাকিব লাগিব। তেওঁলোক ডিজিটেল পৃথিৱীত দক্ষ হওক, কিন্তু বাস্তৱ পৃথিৱীৰ মানুহৰ দুখ-বেদনা অনুভৱ কৰিব পৰা হৃদয়খনো অক্ষুণ্ণ ৰাখক।এই ভাৰসাম্য গঢ়ি তোলাই হ’ব ডিজিটেল যুগৰ শিক্ষকৰ প্ৰধান দায়িত্ব।
শিক্ষক দিৱসত শিক্ষক সকলক সন্মান জনোৱাৰ লগতে এখন সুস্থ ডিজিটেল পৃথিৱী আৰু অধিক মানৱীয় শিক্ষা গঢ়ি তোলাৰ সংকল্প লব পাৰিলেহে ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দৰ্শনৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব । ৰাষ্ট্ৰীয় শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত সমাজৰ সকলো শিক্ষাগুৰুলৈ ''শব্দ জোনাক" পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিলোঁ।
দীপিকা লস্কৰ
দূৰভাষ নং ৯৪৩৫২২৪৩৬৩




Comments