top of page

জেঠাই আহিল

অমলা আজি পাঁচবছৰৰ মূৰত মাকৰ ঘৰলৈ আহিছে । সেইযে মাক ঢুকাওঁতেই অহা, ইমানদিনে অহা নাছিল।হওঁতে অমলাৰ এতিয়া তিনিকুৰি পাচঁবছৰ হৈছে। এই বয়সত ইমান দূৰ অকলে আহিব নোৱাৰে,লগত এটা সাৰথি লাগে।শৰীৰ ভাল থাকোঁতে অমলাই কেতিয়াবা গিৰিয়েকৰ লগত আৰু গিৰিয়েক ঢুকুৱাৰ পিছত অকলেই আহি এবছৰ দুবছৰৰ মূৰত মাক আৰু ভায়েকহঁতৰ খবৰ লৈছিলহি।এইবাৰ অমলা নাতিনী জাহ্নৱীৰ লগত আহিছে, তায়ো মেট্ৰিক পৰীক্ষা দি আজৰি পাইছে, পৰীক্ষা বুলিয়েই এবছৰে পঢ়াৰ দায়িত্বৰ বাবেই ক'তো ফুৰা-চকা কৰা নাই।


অমলাহঁতৰ মাকৰ ঘৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিছু আঁতৰত।গাড়ী-মটৰৰ ব্যৱস্থা নাই,টেম্পোলৈ যাব লাগে।অমলাই ৰাষ্ট্ৰীয় ঘাই পথৰ পৰাই টেম্পো এখন ভাড়াত লৈ চিধাই মাকৰ ঘৰৰ চোতালত উপস্থিত হ'লগৈ।চোতালত টেম্পোৰ মাত শুনি অমলাৰ সৰুভায়েকৰ একমাত্ৰ ল'ৰা ৰাহুল ঘৰৰ ভিতৰৰ পৰা ওলাই আহিয়েই চিঞৰ লগাই দিলে --'এইজেঠাইআহিল, জেঠাইআহিল,অ' মাই,জেঠাইআহিল'।


পাছত ৰাহুলৰ মাক আৰু বায়েকহঁত আহি জেঠাকহঁতক ঘৰৰ ভিতৰলৈ আগবঢ়াইনিলে।অলপ পাছতে অমলাৰ সৰুভায়েক সোনটি আহিল, সি ঘৰত নাছিল।বায়েক আৰু সিহঁতৰ ঘৰৰ আটাইৰে ভাল-বেয়া খবৰ ল'লে ।তাৰ পাছত পুতেক ৰাহুলক লৈ সিহঁতৰ ভঁৰাল ঘৰৰ লগতে সংযুক্ত হৈ থকা বাহিৰা ঘৰত থকা পাৰচৰাইৰ বাহকেইটা পৰীক্ষা কৰিলে ।বেচিব পৰা পাৰচৰাই পোৱালি আছেনে নাই।টেবুল-চকী জোৰাদি পাৰবাহৰ পৰা দুযোৰ বেচিব পৰা পোৱালি পালে।কিন্তু অঘটন এটা হ'ল।সোণটিয়ে শেষৰ যোৰ পোৱালি বাহৰ পৰা লৈ তলত থকা ৰাহুলক দিয়াৰ পিছতে প্লাষ্টিক চকীখনৰ খুৰা এটা ভাঙি চকীয়ে-টকীয়ে ধমহকৈ তলত পৰিলহি।ভৰিৰ সাৰ গাঁঠিটোত বহুত কষ্ট পালে।তাৰপাছত বায়েক অমলাই কথাটো জানি ক'লে --


"হেৰৌ, আমি পাৰ নাখাওঁ নহয়, তই এইবোৰ কিয় কৰিব লাগে ? পালি নহয় অনাহকতে কষ্ট , বেছিকৈ কষ্ট পালি নেকি?"


"নাই ,একো নহয়, ঠিক হৈ যাব।আমিও পোহনীয়া বুলিয়েই ঘৰৰ পাৰ নাখাওঁ । বেচি দিওঁ। ঘৰৰ পাৰ


বেচি আমি অন্য মংস কিনি আনো।'' ৰাহুলেক'লে।


"মই আজিকালি মাছ-মাংস ভাল নাপাওঁ, নিৰামিষেই ভাল লাগে।"


অলপ পাছতে লেঙেৰাই থকা ভৰিৰেই চাইকেল চলাই সোণটি বজাৰলৈ গ'ল। সোণটি বজাৰলৈ যোৱাৰ পাছত অমলাই তাৰ আৰ্থিক অৱস্থাৰ বিষয়ে ভাবিলে। সিটো বৰ্তমান তাৰ ঘৰুৱা সমস্যাৰ বিষয়ে বায়েকক একোনকয়, কিন্তু তাৰ ঘৈণীয়েকৰ পৰা অমলাই সিহঁতৰ ঘৰুৱা অৱস্থাৰ বিষয়ে ভালদৰে জানে।মাক ঢুকুৱাৰ দুবছৰৰ পাছত অমলাৰ তিনিওটা ভায়েক বহি আলোচনা মৰ্মে বেলেগ হ'ল।সৰুভায়েক সোনটিক তাৰ কোনো চাকৰি-বাকৰি নাই বাবে গাঁৱৰ ঘৰটো আৰু তিনিবিঘা মাটিৰ বাৰীখন এৰিদিলে, ইয়াৰ ভাগ নললে সিহঁতে।খেতিৰ মাটি ন-বিঘা সমানে তিনিভাগ কৰি ভগালে।ডাঙৰ ককায়েক দুটাই সিহঁতৰ ভাগৰ মাটি খিনি বিক্ৰী কৰি দিলে।সিহঁত দুয়ো শিক্ষক । চাকৰি সূত্ৰে ঘৰৰ পৰা দূৰত থাকে, তাতে মাটি কিনি সিহঁত দুয়োটাই ঘৰ বনাই আছে। সেয়ে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সিহঁতক টকাৰ প্ৰয়োজন। শিক্ষকৰ চাকৰিৰ সীমিত দৰমহাৰে ঘৰ চলাই, ল'ৰা-ছোৱালী পঢ়াই, ঘৰভাড়া দি ,নিজাকৈ এটা ঘৰ বনাবলৈ সিহঁতৰ টকাৰ অভাৱ।সেয়ে, সিহঁতে পৈত্ৰিক সম্পত্তি, সিহঁতৰ ভাগৰ মাটি বিক্ৰী কৰিবলগীয়া হৈছে।সোণটিয়েও ককায়েকহঁতৰ কথা বুজিছে, পিছে তাৰ হাতৰ পৰা ছয় বিঘা মাটি নোহোৱা হোৱাত তাৰ চলিবলৈ যথেষ্ট অসুবিধা হৈছে।গোটেই মাটিখিনি থাকোতে সি বছৰটো ধান বিক্ৰী কৰিয়েই চলি আছিল।যোৱা তিনিবছৰ তাৰ জীৱনৰ আটাইতকৈ কঠিন সময় পাৰ হৈছে, অসুবিধাৰ বাবে মাজে মাজে সি দিন হাজিৰাও কৰিবলগীয়া হৈছে।তাৰ ডাঙৰ ছোৱালীজনীয়ে ডিগ্ৰী পঢ়ি আছে, সৰুছোৱালী হায়াৰছেকেণ্ডাৰী পঢ়ি আছে আৰু ল'ৰাটো ক্লাছ ছিক্সত।সিহঁতৰ স্কুল-কলেজৰ ফিজ, কিতাপ-পত্ৰ ,কাপোৰ-কানি, বেমাৰ-আজাৰৰ খৰছ, খোৱা-লোৱা আদিৰ খৰছৰ চিন্তাই কেতিয়াবা তাৰ মাথা বেয়া কৰে।


এটা পৰিয়ালৰ ভাই-ককাইবোৰৰ আটাইৰে কৰ্মসংস্থাপন থাকিব লাগে।যাৰ নাথাকে ভাই-ককাই বেলেগ বেলেগ হ'লে পিছলৈ তাৰ জীৱনটো দুৰ্বসহ হৈ পৰে।সেয়ে,সৰুৰ পৰাই ল'ৰাছোৱালীয়ে মনপুতি পঢ়া-শুনা কৰিব লাগে।সোণটিৰ পঢ়া-শুনাৰ ধান্দাই নাছিল, ক'ত বিয়া-সবাহ, নাটক, বিহু সেয়াতহে তাৰ মন।বিহু মঞ্চই মঞ্চই বিহুৱা হিচাবে বিহুমাৰি ফুৰোতে মেট্ৰিকৰ দেওনাই পাৰ হ'ব নোৱাৰিলে।ঘৰৰ সৰু বুলি মৰম কৰোঁতে কৰোঁতে শাসন ঢিলাহৈ সি বৰবাদ হ'ল ।


বায়েক অমলাই ঘৰলৈ উভতি যোৱাৰ সময়ত সোণটিৰ হাতত অলপ পইছা দি যাবলৈ ঘৰৰ পৰা কিছু পইছা আনিছে।অমলাৰ পুতেক দুটাই ভাল দৰমহাৰ চাকৰি কৰে। মাজে মাজে পুতেকহঁতে মৰমতে তাইক দিয়া পাইছা কেইটা জমা কৰি থৈ যায়। ভায়েকৰ আৰ্থিক অৱস্হাৰ বিষয়ে জানে বাবে টকাকেইটামান সোণটিলৈ আনিছে।


ৰাতি ভাত সাজ সাজু কৰি সোণটিৰ ঘৈনীয়েকে সকলোকে খোৱা টেবুললৈ মাতিলে।সকলো আহিল, সোণটি অহা নাই,সি শুই আছে।ঘৈনীয়েকে তাৰ ওচৰলৈ গ'ল ।সি খোজকাঢ়ি আহিব নোৱাৰে, ভৰিখন অত্যন্ত বিষাইছে আৰু ভৰিখন বহুত উখহিছে।ঘৈনীয়েক আৰু ডাঙৰজনী জীয়েকে বাহুত ভিৰ দি কোনোমতে সোণটিক খোৱাটেবুললৈ লৈ আহিল।বায়েক অমলাই তাৰ ভৰিখন লক্ষ্য কৰি ক'লে -


"যিমান উখহিছে  তোৰ হাড় ফাটিছে, ডাক্তৰক দেখুৱাব লাগিব।"


"নাই, ৰাতি হালধি বান্ধি থ'লেই ভাল পাম।"-সোণটিয়ে লাহেকৈ ক'লে ।


"তই পইছাৰ কথা ভাবিছ, পইছা হৈ যাব।মুঠতে কাইলৈ ডাক্তৰক দেখুৱাব লাগিব।"


সোণটিয়ে বায়েকৰ মুখলৈ একেথৰে চাই ৰ'ল .....।



প্ৰফুল্ল কুমাৰ নাথ

নগাঁও, অসম।

দূৰভাষ নং ৮৬৩৮৫২২৮৯৬

Recent Posts

See All
সাংঘাতিক

(কাঠনিবাৰী ঘাট স্ৰষ্টা শ্ৰদ্ধাৰ মহিম বৰা ছাৰৰ সোঁৱৰণত) ৰাতিপুৱা শুই উঠি কস্তুৰীয়ে ঘড়ীটোলৈ চাই দেখে সাত বাজিছে। ইতিমধ্যে তাইৰ মানুহজন আৰু ডাঙৰ ল’ৰাটোও নিজৰ কৰিবলগীয়া প্ৰাতঃকৰ্মশেষ কৰি সাজপাৰ পিন্ধি সা

 
 
 

Comments


bottom of page