top of page

আহিনৰ শেৱালি

আহিনৰ শেৱালি

আকৌ আহিল এটি নতুন মাহ,

গধূলিৰ বতাহত বিয়পিব

শেৱালিৰ চিনাকি সুবাস,

আকৌ ভৰি পৰিব পদূলি

বগা বগা ফুলেৰে।


সন্ধিয়াৰ চিকিমিকি পোহৰত

আকৌ ফুলিব শেৱালি,

আৰু তাৰ সুবাসে কাণে কাণে ক'ব—

“দেৱী আহিছে...”

এয়া যেন শৰতৰ বুকুত

দুৰ্গা পূজাৰ প্ৰথম বাতৰি।

শৰতৰ নীলা আকাশত

বগা মেঘে আঁকিব

শুভ্ৰ সপোনৰ ছবি,

কঁহুৱা বনৰ কোমল হাঁহিত

সজীৱ হৈ উঠিব

প্ৰকৃতিৰ নীৰৱ বুকু।


দূৰৈৰ পৰা ভাঁহি আহিব

মাদলৰ চিনাকি মাত,

দেৱীৰ আগমনৰ বতৰা লৈ

মুখৰিত হৈ উঠিব

প্ৰতিখন পূজা মণ্ডপ।

ধূপ-ধূনাৰ পৱিত্ৰ সুবাসেৰে

ভৰি পৰিব চৌদিশ,

শংখৰ ধ্বনি, উৰুলিৰ মাতত

উৎসৱৰ ৰঙেৰে

সজাই তুলিব শৰতৰ নিশা।


শেৱালিৰ চিনাকি সুবাসত

হঠাতে মনটো উভতি যাব—

সেই পুৰণি দিনবোৰলৈ,

য'ত পূজা মানেই আছিল

নতুন কাপোৰৰ আনন্দ,

দেউতাৰ হাতত ধৰি ফুৰা

আৰু মাৰ মাতত

ঘৰলৈ উভতি অহাৰ সৰল সুখ।


সময় সলনি হ'ল,

বছৰবোৰ পাৰ হৈ গ'ল—

তথাপি আহিন আহিলে

শেৱালিৰ সুবাসত

সেই সৰু সৰু স্মৃতিবোৰ

আকৌ এবাৰ

মনৰ পদূলিত আহি ৰ'য়।

সেয়ে আহিন কেৱল এটা মাহ নহয়,

শেৱালি কেৱল এটি ফুল নহয়—

ইহঁতৰ সুবাসত লুকাই থাকে

আমাৰ শৈশৱৰ

এটি কোমল পৃষ্ঠা,

যিটো পঢ়ি শেষ কৰিব পাৰি,

কিন্তু মনৰ পৰা

কেতিয়াও মচিব নোৱাৰি।



যশ গৌৰৱ বৰদলৈ

নগাঁও বিশ্ববিদ্যালয়

নগাঁও,অসম

দূৰভাষ নং ৬০০০৯ ৪৩৭৪৮

Recent Posts

See All
প্ৰহসন

চিল্ মিলকৈ টোপনি আহিছিলহে , মোবাইলৰ শব্দত সাৰপাই উঠিলো। ডাক্তৰৰ ঘৈণীয়েক হ'লে এইটোৱেই সমস্যা।খোৱা-বোৱা, ফুৰা-চকা ক'তো শান্তি নাইকিয়া হয়। সকলোৱেই ডাক্তৰৰ টকা-পইচা সৰহ হোৱাহে দেখে , কিন্তু ঘৈণীয়েকজনী

 
 
 
অমাতৰ মাত

গৰমৰ বন্ধৰ প্ৰথম দিন। শ্যামলী আৰু শান্তনু আজি পুৱা সোনকালেই শোৱাৰ পৰা উঠিল। আজি আৰু বাৰে-বাৰে আহি সিহঁতক জগাব লগা নহ'ল। আন দিনা হ'লে কিমানবাৰ যে মাত দিব লাগে! তাকে ভাৱি মাক হিচাপে শেৱালী আচৰিত হোৱাৰে

 
 
 
প্ৰত্যাৱৰ্তন

বয়সৰ এটা পৰ্যায়ত মানুহে কেতিয়াবা অনুভৱ কৰে -জীৱনত বহু দিঘলীয়া পথ অতিক্ৰম কৰা হ’ল অথচ অতি নিকট, নিজা , এনেকুৱা এটা চমুপথ থাকি গ’ল য’ত খোজ দিয়ায়েই নহ’ল৷ হেমন্ত গোস্বামীয়ে এই অনুভৱটোকে বহুদিন ধৰি উপেক্ষা

 
 
 

Comments


bottom of page