অৰণ্যৰ কাহিনী
- মহেশ নাথ

- Aug 2
- 3 min read

টঙীঘৰৰ তলত বাঘ- ভালুকৰ তয়াময়া যুদ্ধ
সেইনিশা পাহাৰৰ ভিতৰত এজোপা গছৰ ওপৰত আমাৰ টঙীঘৰটো আছিল। হঠাৎ দেখিলোঁ ওচৰৰ দুজোপা গছৰ ওপৰত দুটাকৈ লতামাকৰি বাঘ আৰু তলত ঢেকিয়াপতীয়া বাঘ এটা৷ দুয়োটা পক্ষই গুজৰি গুমৰি আছিল৷ গছ জোপা আমাৰ টঙীঘৰটোৰ লগতে লাগি আছিল। পৰিস্থিতি দেখি ঘটনাই কি ৰূপ লয় মই অনুমান কৰিব পৰা নাছিলোঁ ৷লগৰ ধৰ্মেশ্বৰক সাৱধান হবলৈ কৈছিলোঁ ৷ অৰণ্যৰ মাজত ৰাতিটো জয়াল হৈ আহিছিল।যি নহওক, আমাৰ হাতত থকা বন বিভাগৰ বন্দুক আওপুৰণি হ'লেও কামত আহিব বুলি আশা কৰি ভগৱানক ধ্যান কৰিলোঁ। বিপদৰ এই পৰিস্থিতিৰ মাজতো বনৰক্ষী গৌতম বৰা , ৰাজাভাইটি টঙিঘৰটোত মহৰ কামোৰৰ মাজতো টোপনিত লালকাল হৈ আছে৷ জগাবলৈ বেয়া লাগিল৷ নিজেই সাৰ পাই উঠিবলৈ সুযোগ দিলোঁ৷ এই সময়ত আমি দুজনে পৰিস্থিতি চম্ভালি ল‘বলৈ সক্ষম বুলি বুকু ডাঠ কৰি আছোঁ ৷ লতামাকৰি দুটা নামি আহিবলৈ সাহস কৰা নাই৷ গছৰ ওপৰৰ পৰাই হুমকি দি আছে৷ পৰিবেশটো যিমানে ভয়াবহ, সিমানে ভাল লাগি আহিছে৷ ভয় কেৱল আমি টঙীসজা গছজোপা সংলগ্ন ডাল টোলৈ৷ ধৰ্মেশ্বৰক ডালটোৰ ওপৰত চকু ৰাখিবলৈ ক'লো, সি ডাঙৰ টৰ্চটো লৈ ডালটোলৈ চাই থাকিল৷ লতামাকৰিটোৱে দুয়োফালে প্ৰতিবদ্ধকতাৰ সন্মুখীন হৈছে৷ এফালে আমি, আনফালে স্বগোত্ৰীয় বলিষ্ঠ আক্ৰমণাত্মক শক্তিশালী প্ৰাণীবিধ ৷ চিকাৰ ধৰাতো দূৰৰে কথা, গছৰপৰা নামি আহিবলৈ ভয় কৰিব লগা হৈছে৷ বাঘে গুজৰণি দিয়ে আছে৷ ঢেকিয়াপতীয়া বাঘটোৱে দুইজোপা গছলৈকে চকু ঘুৰাই চাই আছে৷ এই মুহুৰ্তত কোনো তৃণভোজী প্ৰাণী আহিবলৈ সাহস কৰা নাই৷ দুয়োবিধ মাংসহাৰী প্ৰাণীৰ গুজৰণিয়ে অৰণ্যখনক ভয়াবহ কৰি তুলিছে ৷
সময় ৰাতি দুই বাজি উকলি গৈছে৷ টঙীঘৰৰ দক্ষিণ ফালে হাতীৰ জাক এটাৰ উপস্থিতি অনুভৱ হৈছে৷ হাতীৰ শুৰে ফচফচাই আহিছে৷ টঙীঘৰ ওপৰত থাকিলে সকলো উমান পাব পাৰি৷ এক কথাত ক'বলৈ গ'লে, আমি বন্যপ্ৰাণী গমণৰ জংচনতে টঙী ঘৰটো সাজিছিলোঁ৷ ইয়াত নৈশ যাপন কৰিলে কিমান বিধ বন্যপ্ৰাণী অৰণ্যখনত আছে, তাৰ উমানপোৱা সম্ভৱ৷ ৰাজাভাইটি সাৰে থাকিলে সেয়া লগতে লিপিবদ্ধ কৰি ৰাখে৷ নহ‘লে সি সাৰ পালেই আমাৰ পৰা জানি বুজি লিখি ৰাখে৷ হাতী কিমান আছে দেখা নাই৷ কিন্তু অনুমান মতে তিৰিশটা মান আছে৷ হাতীবোৰ নদী খনলৈ আহিবৰ বাবে উদ্বাউল হৈ আছে৷ অৰণ্যৰ চৰ্দাৰ যেন বাঘ কেইটাই হাতী বোৰ নামি অহাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে৷ লতামাকৰি বাঘৰ পৰা হাতীৰ ভয় নাই৷ ঢেকিয়াপতীয়া বাঘৰ পৰাহে ভয় আছে৷ ঢেকিয়াপতীয়া বাঘে কোনো গুৰু গোঁসাই নামানে৷ নিজৰ দেহতকৈ তিৰিশ গুণৰ অধিক ডাঙৰ আকাৰ প্ৰাণীকো আক্ৰমণ কৰি ক্ষতবিক্ষত কৰিব পাৰে৷ তাৰপ্ৰমাণ নিজ চকুৰে দেখি আহিছোঁ৷ এই ভয়ংকৰ সময়তে দুটাকৈ নাহৰফুটুকী আহি ঢেকিয়াপতীয়া বাঘৰ মুখামুখি হ'ল৷ দুয়োবিধেই যুজাৰু জন্তু ৷ ঢেকিয়াপতীয়া বাঘৰ সৈতে যুঁজিবলৈ অৱশ্যে ক্ষমতা নাই৷ তথাপিতো ফেপেৰি পাতিছে৷ কিন্তু নাহৰফুটুকীয়ে মুখেৰে কোনো শব্দ উচ্চাৰন কৰা নাই৷ তাৰ বিপৰীতে লতামাকৰিয়ে গছ জোপাৰ ওপৰপৰাই হুমকি দি আছে৷ ধৰ্মেশ্বৰে ক‘লে, সিঁহতে সুৰক্ষিত স্থানত থাকিহে বনৰজাক হুমকি দিব পাৰিছে৷ মাটিত থকা নাহৰফুটুকী দুটাৰ কোনো এটাই মাতবোল কৰা নাই৷ তাৰ বিপৰীতে পলাই যাবলৈ বিচাৰিছে৷ ঢেকিয়াপতীয়াটোৱে নাহৰফুটুকী দুটাক আক্ৰমণ কৰাৰ লক্ষণ দেখোৱা নাই৷ তাৰ মুল লক্ষ্য হৈছে লতামাকৰি দুটা৷ কাৰণ লতামাকৰিবোৰে গছত উঠি ফুটনি মাৰে৷ সেয়ে সিহঁতে লতামাকৰিক চকুপাৰি দেখিব নোৱাৰে৷ লতামাকৰি বাঘৰো সাহস মানিব লাগিব৷ ঢেকিয়াপতীয়াবাঘক কোনো গুৰুত্বই দিব নোখোজে৷ নাহৰফুটুকী বাঘ দুটা নদীৰফালে নামি গ'ল৷ এতিয়া বাকী থাকিল লতামাকৰি দুটা ।এটায়ো এটাক এৰিব নোৱাৰে৷ হঠাৎ বনৰীয়া কুকুৰ এজাক আহি উপস্থিত হলহি ৷ ঢেকিয়াপতীয়া বাঘটো দেখি আটাইবোৰ কুকুৰ একগোট হ'ল৷
ঢেকিয়াপতীয়া বাঘটোৱে কুকুৰ জাকক খেদি গল৷ কুকুৰৰজাকটো দৌৰি আঁতৰি গল৷ বন ৰজা বাঘক সন্মান কৰি আঁতৰি যোৱাৰ সময়তে ডাঙৰ ভালুক এটা কৰবাৰ পৰা আহি আমি থকা টঙীঘৰৰ তল পালেহি৷ ঢেকিয়াপতীয়া বাঘটোৱে বনৰীয়া কুকুৰৰ জাকটো এৰি ভালুকটোক আক্ৰমণ কৰিলে৷ পুনৰ ভালুক আৰু ঢেকিয়াপতীয়া বাঘৰ মাজত দবৰা দবৰি লাগিল৷ ভালুকটোৱে ঢেকিয়াপতীয়া বাঘৰ প্ৰতিটো আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দি আছে ৷৷
অনুমান কৰিলোঁ এই যুঁজখন সহজে নাভাঙে৷ বাঘটো আক্ৰমণাত্মক হোৱাৰ বিপৰীতে ভালুকটোক ৰক্ষণাত্মক হোৱা দেখা গৈছে৷ বাঘটোৱে আগ হাতোৰা দুটাই চেকেণ্ডত কিমান থাপৰ মাৰিছে, সেয়া ৰাতিৰ আন্ধাৰত গণনাৰ বাহিৰত৷ মণিব নোৱাৰি যদিও মোৰ চকুদুটাই আন্ধাৰৰ মাজতো যুঁজ খন টিপ নমৰাকৈ চাই আছোঁ।অৱশেষত চকু দুটা জপাই দিলোঁ৷ ধৰ্মেশ্বৰে ক'লে, আজি বাঘটো হাৰিব৷ আগহাতোৰা দুটাৰে যিমানবাৰ ভালুকৰ গাত থাপৰ মাৰিছে, ভালুক টোৱে তাতকৈ দুগুণ গতিবেগৰে নিজক ৰক্ষা কৰিছে৷ বাঘ ভাগৰি পৰিছে৷ বাঘৰ পৰাজয় মই চাব বিচাৰিলোঁ।
বাঘ যুঁজাৰু প্ৰাণী৷ যুদ্ধৰ সকলো কৌশল নখ দৰ্পনতে জিলিকি থাকে৷ মই যুদ্ধখন চাবলৈ এৰি বিচনাত বাগৰি দিলোঁ৷ ধৰ্মেশ্বৰে মোৰ বাহুত ধৰি জোকাৰি দিলে৷ পুনৰ উঠিলোঁ৷ যুদ্ধখনৰ অৱসান বিচাৰি বনদেৱীক প্ৰাৰ্থনা কৰিলোঁ৷ যুদ্ধখন তীব্ৰতৰ হৈ উঠিছে৷ ভালুকটো লাচাৰ হোৱা দেখা গৈছে৷ ইফালে বনৰীয়া কুকুৰৰ জাকটোৱে যুদ্ধৰ প্ৰতাপ দেখি কেতিয়াবাই পলায়ন কৰিলে৷ বনৰক্ষী গৌতম বৰা, অনিৰুদ্ধ ৰাজাভাইটিও সাৰ পাই উঠিল৷ সিঁহত দুয়োটাই যুদ্ধখন দেখি স্তম্ভিতহৈ পৰিল৷ দীঘলীয়া সময় বাঘ ভালুকৰ যুঁজ খন চলি থাকিল।পাহাৰত পোহৰৰ ৰেঙনি দেখিবলৈ পোৱা সময়তে ভালুকটোৱে পৃষ্ঠ ভংগ দি সেই ঠাইৰ পৰা আঁতৰি গল। ঢেঁকীয়াপতিয়া বাঘটো গুৰু গম্ভীৰ খোজেৰে আঁতৰি যোৱাত আমিও টঙীঘৰৰ পৰা নামি আহিলোঁ।
মহেশ নাথ ।
নগাঁও, অসম ।
দূৰভাষ নং: ৮৬৩৮৬৪২৮৮১




Comments