top of page

অভিজ্ঞতা: কুঁৱাৰ পৰা চচমা তুলি অনা শ্বাসৰূদ্ধকাৰী ঘটনা

(শুৱালকুচিৰ ডাঃ দেৱেন্দ্ৰ কাকতিৰ ঘৰত)


কেতিয়াবা কিছুমান এনেকুৱা ঘটনাৰ সন্মুখীন হওঁ , যিবোৰ কেতিয়াও পাহৰিব নোৱাৰাকৈ মনত থাকি যায় । ১৯৮২ চন মানৰ তেনে এটা ঘটনাৰ কথা আজি লিখিবলৈ মন গ'ল ; কাৰণ বিষয়টোৰ লগত মানুহৰ অসীম ধৈৰ্যই আনি দিব পৰা সফলতাৰ কথা জড়িত হৈ আছে ।


সেই সময়ত অসমৰ নগৰে-চহৰে এতিয়াৰ দৰে শুৱালকুছিৰ পাট-মুগা কাপোৰৰ দোকানবোৰ সহজলভ্য নাছিল । বিয়াৰ বাবে কাপোৰৰ দোকানত বহুদিন আগতেই অৰ্ডাৰ দিব লাগিছিল ।-- তেনে সময়তে মোৰ দ্বিতীয় দাদাজনৰ বিয়াৰ বাবে জোৰোণত দিবলৈ ভাল পাটৰ কাপোৰৰ দৰকাৰ হ'ল । মই তেতিয়া গুৱাহাটীৰ জালুকবাৰীত থাকোঁ । সেইবাবে ঘৰৰ মানুহে কাপোৰ কিনাৰ দায়িত্ব মোকেই দিলে ।


মোৰ লগত সেইসময়ত শুৱালকুছিৰ কেইবাজনো ছাত্ৰৰ ভাল বন্ধুত্ব আছিল। মই তেওঁলোকৰ লগত আলোচনা কৰি অৱশেষত শুৱালকুছিলৈ গৈ একেবাৰে শালৰ পৰা কাপোৰ কিনি অনাৰ সিদ্ধান্ত কৰিলোঁ । কথাটো আমাৰ ঘৰৰ সকলোৱেই ভাল পালে আৰু যথাসময়ত মোৰ লগত শুৱালকুছিলৈ গৈ পাটৰ কাপোৰ কিনিবলৈ হাতত টকা লৈ মোৰ তৃতীয় দাদাজনো কলিয়াবৰৰ পৰা আহি ওলাল ।


নিৰ্দিষ্ট দিনা আমাৰ লগত মোৰ অন্তৰংগ বন্ধু এজনো ওলাল আৰু আমি তিনিওটাই পৰম উৎসাহেৰে হাজো-শুৱালকুছিৰ ফালৰ বজাৰ বাছত উঠি শুৱালকুছি পালোঁগৈ । শুৱালকুছিত আমাৰ বাবে অপেক্ষা কৰি আছিল বন্ধু নীৰেণ কাকতি । (তেওঁ ইতিমধ্যে এজন অভিজ্ঞ চৰকাৰী চিকিৎসক হিচাপে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিছে ।) আমি যাম বাবে তেওঁ এদিন আগতেই হোষ্টেলৰ পৰা ঘৰলৈ গুছি গৈছিল ।


নীৰেন কাকতিৰ ঘৰত পাট-কাপোৰৰ শাল আছিল । সেইসময়ত শুৱালকুছিৰ প্ৰায়বোৰ মানুহেই পাট-মুগাৰ কাপোৰ বোৱা কামটো কৰিছিল ।


আমি গৈ পোৱাৰ পিছত চাহ-জলপান খাই কাপোৰ চাবলৈ আৰম্ভ কৰিলোঁ । জোৰোণৰ কাপোৰৰ বিষয়ে আমাৰ একো ধাৰণা নাছিল । দাদাই অৱশ্যে ঘৰৰ পৰা কাগজ এখনত কিবা লিখি নিছিল যদিও কেনেকুৱা কাপোৰ কিনিম আমি সিদ্ধান্ত ল'ব পৰা নাছিলোঁ আৰু সেয়েহে সেইখন ঘৰৰে এগৰাকী মহিলাই আমাক কেইযোৰমান কাপোৰ বাছি দি সহায় কৰিছিল ।


কাপোৰ চাই থাকোঁতেই এপৰ গ'ল আৰু আমাক কিবা খাবলৈ ভিতৰলৈ মাতিলে । আমি তিনিওটাই মুখ-হাত ধুবলৈ বুলি ঘৰৰ কাষতে থকা কুঁৱাটোৰ পাৰলৈ গ'লোঁ । দাদা মুখ ধুই ভিতৰলৈ গ'ল যদিও মই আৰু মোৰ অন্তৰংগ বন্ধু কিছু সময় কুঁৱাৰ পানী চাই তাতে ৰৈ আছিলোঁ । বন্ধুৱে তেতিয়া নতুনকৈ কবিতা লিখিবলৈ আৰম্ভ কৰিছিল । বোধকৰোঁ সি পকা কুঁৱাৰ পাৰটোত হাত দুখনৰে হেঁচা দি মূৰটো তললৈ কৰি কবিতা ভাবিছিল ! হঠাৎ সি হুলস্থুল কৰি উঠিল আৰু একপ্ৰকাৰ কন্দাৰ নিচিনাকৈ ক'লে যে তাৰ চকুৰ চচমা যোৰ কুঁৱাত পৰি গ'ল । ময়ো হুলস্থুল লগাই দিলোঁ । তেতিয়াৰ দিনত এযোৰ চচমা পানীত পৰাটো বা হেৰাই যোৱাটো সৰু কথা নহয় । কিন্তু অতি গভীৰ কুঁৱাত পৰি যোৱা চচমাৰ দৰে পাতল বস্তু এটা তুলি অনাটোওতো অসম্ভৱ !! সেইবাবে চচমাৰ আশা বাদ দি আমি ভিতৰত খাবলৈ গ'লো যদিও মনৰ দুখতে ভালদৰে খাবও নোৱাৰিলোঁ ।


আমাৰ অৱস্থা দেখি নীৰেণ কাকতিৰ পিতৃ শ্ৰদ্ধাৰ ডাঃ দেৱেন্দ্ৰনাথ কাকতিৰ মনটো খুব বেয়া লাগিল আৰু সেইবাবেই হয়তো তেখেতে অসাধ্য সাধন কৰাৰ শপত খাই কুঁৱাৰ পৰা চচমাযোৰ তুলি আনিবলৈ আপ্ৰাণ চেষ্টা কৰিবলৈ ধৰিলে । তেখেতে ৰছী চিঙি বা হাতৰ পৰা পিচলি কুৱাত বাল্টিং পৰিলে তুলি আনিবলৈ ব্যৱহাৰ কৰা জবকাৰ দৰে কেইবাডালো জোং থকা এবিধ যতন দীঘল ৰছীৰে বান্ধি কুৱাৰ তলিলৈ সুমুৱাই দি চচমাযোৰ তুলিবলৈ চেষ্টা কৰিছিল । আমি সকলোৱে পাৰত ৰৈ চকু নলৰোৱাকৈ চাই আছিলোঁ । একোবাৰ চচমাযোৰ জবকাত লাগি উঠি আহিছিল যদিও পুনৰ পৰি গৈছিল। কিন্তু মানুহজন হতাশ হোৱা নাছিল । অৱশেষত প্ৰায় এঘন্টা মান একানপটীয়াকৈ লাগি থাকি তেখেতে চচমাযোৰ কুঁৱাৰ তলিৰ পৰা উদ্ধাৰ কৰি আনিবলৈ সক্ষম হ'ল ।


এই ঘটনাটো আমাৰ বাবে ইমানেই শ্বাসৰূদ্ধকাৰী আছিল যে দুখ , ভয় , অন্ধবিশ্বাস, উত্তেজনা আদিৰ ফলত মোৰ আৰু বন্ধুৰ গা বেয়া লাগি গৈছিল। আমি দুয়ো বহু পৰলৈ স্বাভাৱিক হ'ব পৰা নাছিলোঁ আৰু বহু পলমকৈহে কাপোৰৰ টোপোলা লৈ শুৱালকুছিৰ পৰা উভতি আহিছিলোঁ । ঘটনাটো মনত পৰিলেই ডাঃ নীৰেন কাকতিৰ পিতৃদেৱলৈও মনত পৰি যায় আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধাত মন ভৰি পৰে। অসীম ধৈৰ্য আৰু আত্মবিশ্বাসৰে ভৰপূৰ তেনে ব্যক্তি সতকাই লগ পাবলৈ টান ।


বিপদৰ সময়ত ধৈৰ্য ধৰি বিপদ অতিক্ৰম কৰিবলৈ প্ৰৱল আত্মবিশ্বাসৰে যুঁজিলে যে অসাধ্যও সাধন কৰিব পাৰি সেই কথাৰ উত্তম উদাহৰণ হিচাপেই এই কাহিনীটো আজি সহৃদয় পাঠক সকললৈ আগবঢ়ালোঁ।



ডাঃ হেমন্ত কুমাৰ গোস্বামী

"হেঁপাহৰ ঘৰ", উৰিয়াগাঁও,নগাঁও।

মো: নং ৬০০১৭০৭৩৫১/৯৪৩৫৩১৯৮৪৩

Recent Posts

See All
কবিতা

আধুনিকতাত নগ্ন সভ্যতা সভ্য সমাজৰ প্ৰতিনিধিত্ব মই নকৰো সন্মান ৰক্ষাৰ স্বাৰ্থত তোমালোকে নৰখা বহু খবৰ মই ৰাখো কাউৰীয়ে ৰমলিওৱা পুৱা অৰ্ধনগ্ন অৰ্ধহাৰী শিশুৰ চিঞৰত টোপনিগধুৰ নগৰখন জাগ্ৰত হ'ল আবৰ্জনাৰ দ'মত প

 
 
 

Comments


bottom of page