top of page

অসমৰ হৃৎপিণ্ড স্বৰূপ জুবিন গাৰ্গৰ সোঁৱৰণত


১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ পাহাৰীয়া চহৰ তুৰাত এনে এটা শিশুৰ জন্ম হয় যি এদিন এটা সমগ্ৰ জাতি আৰু ইয়াৰ সংস্কৃতিৰ জাগ্ৰত কণ্ঠস্বৰ স্বৰূপ হৈ পৰিছিল। গাৰো পাহাৰত অৱস্থিত তুৰা চহৰখন ভাৰতৰ সাংস্কৃতিক অভিকেন্দ্ৰৰ পৰা বহু দূৰত অৱস্থান কৰিছিল, তথাপিও তুৰা চহৰখনত  সিদিনাখন এনে এক নিস্তব্ধতাই বিৰাজ কৰিছিল আৰু ইয়াৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যই সেইদিনা পৃথিৱীত ভূমিষ্ঠ হোৱা দেৱশিশুটিৰ‌ কলাত্মক সংবেদনশীলতাক গঢ় দিবলৈ যেন প্ৰকৃতিক আহ্বান জনাবলৈ ব্যগ্ৰ হৈ উঠিছিল।


জন্মদাতা পিতৃ আৰু জন্মদাত্ৰী মাতৃয়ে দেৱশিশুটিক জীৱন নাম দিছিল, কিন্তু ভাগ্যনিয়ন্তাই দেৱশিশুটিৰ নামৰ বাবে আন পৰিকল্পনা কৰিছিল। তেওঁৰ পিতৃ  কপিল ঠাকুৰ এগৰাকী কবিৰ আত্মাৰে সমাজত দণ্ডাধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল । মাক ইলি বৰঠাকুৰ এনে এক কণ্ঠস্বৰৰ অধিকাৰী আছিল যে ঘৰৰ সমস্ত নিত্য নৈমিত্তিক কামবোৰক তেখেতে প্ৰাৰ্থনাৰ দৰে অনুভৱ কৰিব পাৰিছিল।  এই ঘৰখনতে শিশুটিৰ ভাগ্যৰ চিত্ৰনাট্য সময় বাগৰাৰ লগে লগে ৰচনা কৰা হৈছিল।


দেৱশিশুটোৰ নামটো জুবিনলৈ সলনি কৰা হৈছিল, অৰ্কেষ্ট্ৰাৰ সংগীতৰ প্ৰতি ৰুচি থকা কপিল ঠাকুৰক মোহিত কৰা কিংবদন্তি সংগীত পৰিচালক জুবিন মেহতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই শিশুটিৰ এই পুনৰ নামাকৰণ কৰা হৈছিল।নাম সলনিৰ এই সৰু কাৰ্য্যটোৰ দ্বাৰা এনে এটা ভৱিষ্যদ্বাণী কৰা হৈছিল যে এই শিশুটিয়ে সমগ্ৰ পৃথিৱীৰ সংগীতজগতখনৰ দ্বাৰা প্ৰভাৱান্বিত হৈ নিজৰ থলুৱা সংস্কৃতিক ইয়াৰ সৈতে সমন্বয় ঘটাই সংগীতজগতখনত বৃহৎ খলকনি তুলিব।


পূৰ্বপুৰুষৰ বৰঠাকুৰ উপাধিতকৈ তেওঁ নিজে বাছি লোৱা উপাধি গাৰ্গেও তাৎপৰ্য বহন কৰিছিল। হিন্দু পৰম্পৰাত গোত্ৰই নিজৰ পূৰ্বপুৰুষৰ বংশক প্ৰতিনিধিত্ব কৰে আৰু 'গাৰ্গ' তেওঁৰ গোত্ৰৰ নাম আছিল।

বৰঠাকুৰ পৰিয়ালৰ পূৰ্বপুৰুষৰ শিপা অসমৰ সাংস্কৃতিক হৃদপিণ্ড যোৰহাট জিলাৰ তামুলিচিগালৈকে বিয়পি পৰিছিল। কপিল ঠাকুৰ  সেৱাৰ খাতিৰত অসমৰ বিভিন্ন  ঠাইলৈ যাব লগা হোৱাত তেখেতৰ সৈতে পৰিয়ালো যাব লগা  হৈছিল। বেছিভাগ শিশুৰ বাবে হয়তো এনেধৰণৰ অস্থিৰতাই  বিঘ্নিতকাৰী ৰূপ ধাৰণ কৰিলেহেঁতেন  কিন্তু জুবিনৰ বাবে ই হৈ পৰিল বৈচিত্ৰ্যময় শিক্ষা স্বৰূপ। অসমৰ‌ প্ৰতিখন নতুন চহৰে নতুন নতুন উপভাষা, নতুন নতুন লোক পৰম্পৰা আৰু নতুন সংগীতৰ ৰূপ ধাৰণ কৰি জুবিনৰ জীৱন সমৃদ্ধ কৰি গৈছিল।


জুবিনৰ মাতৃ ইলিয়েই জুবিনৰ প্ৰথম আৰু আটাইতকৈ প্ৰভাৱশালী শিক্ষয়িত্ৰী আছিল। জুবিনৰ মাতৃৰ কণ্ঠ কোনো আনুষ্ঠানিক শিক্ষাৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত কন্ঠস্বৰ নাছিল, তথাপিও তেখেতৰ কন্ঠস্বৰে বহন কৰিছিল প্ৰজন্মৰ পিছত প্ৰজন্মৰ লোকগায়কৰ প্ৰজ্ঞাৰ জৰিয়তে শোধিত অমিয়া মাধুৰী ৰান্ধনীশালত ৰন্ধা-বঢ়া কৰি থাকোঁতে আৰু ঘৰুৱা কামৰ ব্যস্ততাৰ মাজতো  তেখেতৰ তিনিটা সন্তান-জুবিন আৰু জুবিনৰ ভনীয়েক পালমে আৰু জংকিক শুবৰ সময়ত নিচুকাই গান গাই শুনাইছিল। জুবিনৰ মাতৃৰ গীত মঞ্চত পৰিবেশিত পেছাগত গীত নাছিল বৰঞ্চ তেখেতে নিজৰ সন্তানক শিকোৱা গীতবোৰ আছিল তেখেতৰ আত্মাৰ সত্তাৰ স্বতঃস্ফূৰ্ত   প্ৰকাশ, উশাহ-নিশাহৰ দৰেই স্বাভাৱিক অকৃত্ৰিম সংগীত। জুবিনৰ বাবে সংগীতৰ সুৰ শিকি অহা বস্তু নাছিল বৰঞ্চ সংগীত আছিল তেজৰ শিৰাই শিৰাই প্ৰবাহিত হৈ থকা আত্মিক সৌন্দৰ্য্য।  জুবিনে গান কিয় গাইছে সেই কথা জুবিনৰ শিশু মনত স্পষ্ট হোৱাৰ আগতেই জুবিনে প্ৰকৃতিৰ কোলাত সংগীতৰ মূৰ্চনাত মতলীয়া হৈ পৰিছিল আৰু বসন্ত কালত যিদৰে কুলি চৰাইক গীত গাবলৈ কোনেও ক'ব লগা নহয়গৈ ঠিক সেই একেই দৰে  প্ৰবৃত্তিগতভাৱে জুবিনৰ কণ্ঠেৰে নিগৰিত হৈছিল হৃদয়ত আলোড়িত হৈ থকা আবেগ আৰু অনুভূতি।


তিনি বছৰ বয়সলৈকে জুবিনে ইতিমধ্যে মাকে গোৱা গানবোৰ অনুকৰণ কৰিবলৈ চেষ্টা কৰিছিল। পৰিয়ালৰ লোকে শিশু জুবিনৰ কণ্ঠত ঐশ্বৰিক কিবা এটা লক্ষ্য কৰিছিল, কেৱল মাত বা সুৰতেই নহয়, শিশু জুবিনৰ কণ্ঠত আলোড়িত হৈছিল আৱেগিক গুণ যিটো শিশু জুবিনৰ বয়সৰ সীমাৰ পৰিধি অতিক্ৰম কৰিছিলগৈ। জুবিনৰ কণ্ঠস্বৰৰ এক বিশাল গভীৰতা আছিল যিটো শিশু জুবিনৰ একে বয়সৰ শিশু সকলৰ মাজত বিচাৰি পোৱা নগৈছিল।

জুবিনৰ ঘৰৰ দেৱালত কিতাপে শাৰী পাতি আছিল, সংগীতে বতাহ ভৰাই পেলাইছিল আৰু ঘৰত হোৱা কথা-বতৰা সমূহ ৰাজনীতিৰ পৰা কবিতালৈকে, সামাজিক ন্যায়ৰ পৰা আধ্যাত্মিক দৰ্শনলৈকে বিস্তৃত হৈ আছিল। এনেধৰণৰ পৰিবেশত  জুবিনে শিকিছিল যে শিল্প জীৱনৰ পৰা পৃথক নহয় বৰঞ্চ শিল্প হৈছে জীৱনৰ বস্ত্ৰত বোৱা এক কলা। জুবিনে উপলব্ধি কৰিছিল যে সৃষ্টিশীলতা ব্যক্তিৰ বাবে পিছলৈ বিবেচনা কৰিবলগীয়া পেশাদাৰী বৃত্তিৰ বিকল্প নহয় বৰঞ্চ সৃষ্টিশীলতা মানৱ জীৱনৰ অস্তিত্বৰ সৈতে নিজেই জড়িত হোৱাৰ এক আহিলা সদৃশ।


জুবিনৰ পিতৃ কপিল ঠাকুৰৰ চৰকাৰী চাকৰিৰ বদলিৰ সূত্ৰে জুবিনে একাধিক বিদ্যালয়ত পঢ়িব লগীয়া হৈছিল আৰু প্ৰত্যেকখন‌ বিদ্যালয়ৰে নিজস্ব চৰিত্ৰ আৰু প্ৰত্যাহ্বান আছিল। প্ৰতিখন নতুন বিদ্যালয়ত নতুন বন্ধু, নতুন শিক্ষক, নতুন পৰিৱেশৰ সৈতে খাপ খাব পৰা অভিজ্ঞতা জুবিনৰ জীৱনলৈ নামি আহিছিল। জুবিনৰ এনেধৰণৰ অভিজ্ঞতাই এনে এক অভিযোজন ক্ষমতা গঢ়ি তুলিছিল যিয়ে জুবিনক পৰৱৰ্তী জীৱনত অসমীয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰামধেনু সদৃশ সংস্কৃতিৰ  জ্ঞান আৰু  অভিজ্ঞতাৰে সমৃদ্ধ কৰিছিল।


জুবিনে শৈশৱৰ পৰা কৈশোৰৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিল যে জুবিনৰ সংগীত কোনো চখ বা পৰিয়ালৰ অনুষ্ঠানত প্ৰদৰ্শন কৰিব পৰা প্ৰতিভা নহয় বৰঞ্চ সংগীত আছিল তেওঁৰ হৃদয়ৰ প্ৰকাশভংগীৰ অপৰিহাৰ্য মাধ্যম আৰু সংগীতৰ মাধ্যমেৰেই জুবিনে পৃথিৱীখনক বুজি পাবলৈ সক্ষম হৈছিল। জুবিনৰ একে বয়সৰে সমনীয়া ল’ৰা-ছোৱালী বোৰ যেতিয়া পুতলা খেলত ব্যস্ত আছিল, জুবিনে তেতিয়া শব্দৰ সৈতে খেলাত ব্যস্ত আছিল। আন সমনীয়া ল’ৰা-ছোৱালীয়ে যেতিয়া ভৱিষ্যত জীৱনৰ বৃত্তিৰ সপোন দেখিছিল, জুবিনে তেতিয়া সুৰত মগন হৈ সংগীতৰ মূৰ্চনাত সুৰেৰে সজায় তুলিব পৰা এখন সুন্দৰ ধৰাৰ সপোন দেখিছিল।


জুবিন গাৰ্গে শ্ৰদ্ধাৰ ৰবিন বেনাৰ্জীৰ তত্বাৱধানত এঘাৰ বছৰ তবলা বজাবলৈ শিকিছিল আৰু তেনেকৈয়ে জুবিনে অনুশাসিত ধ্ৰুপদী সংগীতৰ প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰে। তদুপৰি বিজনিত পঢ়ি থকা সময়ছোৱাত জুবিনে গুৰু ৰমণি ৰায়ৰ নিৰ্দেশনাত অসমীয়া লোকসংগীতৰ চহকী পৰম্পৰাত নিজকে বিলীন কৰি অসমৰ লোক সংগীতত নিহিত হৈ থকা সূক্ষ্মতম সংবেদনশীলতাক আহৰণ কৰিবলৈ আৰম্ভ কৰিছিল। তবলা শিক্ষাৰ সৈতে সমন্বিত ধ্ৰুপদী কঠোৰতা আৰু লোক সংগীতৰ মাজত অৱৰ্তিত হৈ থকা মধুৰতাৰ সংমিশ্ৰণে কৈশোৰ কালত জুবিনৰ কলাত্মক পৰিচয়ৰ শিলাস্তৰ গঠন কৰাৰ ক্ষেত্ৰত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰিছিল।


জুবিনৰ কৈশোৰ কালৰ গঠনমূলক বছৰবোৰত, অষ্টম শ্ৰেণীৰ আশে-পাশে ক’ৰবাত, কিবা এটা যেন অসাধাৰণ কথা ঘটিছিল। মাকৰ লোকগীত আৰু দেউতাকৰ কাব্যিক সংবেদনশীলতাত ডুব যোৱা আৰু পণ্ডিত ৰবীন বেনাৰ্জীৰ অধীনত তবলা শিকি অহা ১৩ বছৰ বয়সৰ কিশোৰ জুবিণ গাৰ্গৰ জীৱনৰ প্ৰথম সুৰাৰোপিত গীতটো আছিল স্বৰ্গীয় কবি হীৰেণ ভট্টাচাৰ্য দেৱৰ সৃষ্টি "গানে কি আনে, সুৰৰ সোপানে সোপানে, গানে কি সানে, ডাঁৱৰৰ কাণে কাণে, ৰামধেনুৰ শিতানে… শিতানে, সুৰৰ সোপানে সোপানে।"


"গানে কি আনে" গীতটো ১৯৯২ চনত মুক্তি পোৱা জুবিনৰ প্ৰথম একক এলবাম 'অনামিকা' ত অন্তৰ্ভুক্ত আছিল।

'গানে কি আনে ?' প্ৰশ্নটো নিজেই অতিকৈ গভীৰ আছিল। এটা গীতে সঁচাকৈয়ে কি আনে? জুবিনৰ বাবে কৈশোৰ কালৰ সেই কোমল বয়সতো উত্তৰটো ইতিমধ্যে স্পষ্ট হৈ পৰিছিল আৰু সেইয়া হ'ল : এটা গীতে সংযোগ, স্মৃতি, আৱেগ আৰু পৰিচয় কঢ়িয়াই আনে। গানে ব্যক্তিৰ আভ্যন্তৰীণ জীৱনক প্ৰকৃতাৰ্থত উপলব্ধি কৰিবলৈ বাহ্যিক ৰূপলৈ ক’ব নোৱাৰাকৈয়ে শব্দলৈ ৰূপান্তৰিত কৰে।


সমনীয়াসকলে কিশোৰ জীৱনৰ সৰল চিন্তাবোৰৰ সৈতে ব্যস্ত থকাৰ সময়তে সংগীত শিল্পৰ উদ্দেশ্য আৰু অৰ্থৰ প্ৰশ্নই অৱধাৰিত ৰূপত জুবিনৰ জীৱনত গভীৰভাৱে ৰেখাপাত কৰিছিল।

যিজন জুবিনে তামুলপুৰৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ মাজেৰে চাইকেল চলাই চলাই স্কুললৈ গৈছিল, যিজন জুবিনে বকুল গছত কিতাপ লুকুৱাই ৰাখিছিল, যিজন জুবিনে চহৰৰ পৰা চহৰলৈ আৰু এখন স্কুলৰ পৰা অইন এখন স্কুললৈ যাব লগা হৈছিল, সেইজন জুবিনে এনে এক সংবেদনশীলতা গঢ়ি তুলিছিল যিয়ে পিছলৈ তেওঁক একেদৰেই স্থানচ্যুত অনুভৱ কৰা, একেদৰেই জগতৰ মাজত আবদ্ধ হৈ থকা, একেদৰেই দ্ৰুতগতিত পৰিৱৰ্তিত পৰিৱেশত নিজৰ এখন মৰমৰ ঘৰ বিচাৰি থকা সৰ্বসাধাৰণ জনগণৰ সৈতে একাত্মতা গঢ়ি তোলাত সহায়ক হৈছিল।


জুবিনৰ শৈশৱ কালত পাৰ কৰা স্মৃতিৰে ভৰা সেই সোণালী বছৰবোৰ ; সমগ্ৰ তুৰা, যোৰহাট, তেজপুৰ, কৰিমগঞ্জ আৰু তামুলপুৰৰ সেই গঠনমূলক অভিজ্ঞতাবোৰে তাৰ পিছত হ’বলগীয়া জুবিনৰ জীৱনৰ সকলো স্তৰৰ ভেটি নিৰ্মাণ কৰিছিল। কৈশোৰ জীৱনৰ অভিজ্ঞতা সমূহে জুবিনক ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় সমল দিছিল যিটো তেওঁৰ সংগীতে পিছলৈ শিল্পলৈ ৰূপান্তৰিত কৰিছিল আৰু কৈশোৰ কালৰ সেই সোণোৱালী বছৰবোৰত ক’ৰবাত হয়তো সেই বকুল গছৰ ডালত, বা ঘৰ আৰু স্কুলৰ মাজৰ চাইকেল চলাই যোৱা বাটত, বা প্ৰথমবাৰৰ বাবে ‘গানে কি আনে’ গোৱা মুহূৰ্তত  সচেতনভাৱে নহলেও হয়তো গভীৰভাৱে আৰু অৱধাৰিত ৰূপত জীৱন নামৰ ল’ৰাটোক জুবিন নামেৰে নামাকৰণ কৰি সেই প্ৰশ্নৰ উত্তৰ দিবলৈ নিজৰ জীৱনটোকে উৎসৰ্গা কৰিবলৈ অনুপ্ৰাণিত কৰিছিল : সঁচাকৈয়ে গীত এটাই বাৰু ব্যক্তি এগৰাকীৰ জীৱনলৈ কি কঢ়িয়াই আনে ?উত্তৰটো সম্পূৰ্ণৰূপে উন্মোচিত হ’বলৈ হয়তোবা দশকৰ পিছত দশক লাগিব পাৰে। হয়তো প্ৰশ্নটোৱে পৃথিৱীৰ অগণন ভাষাৰ ব্যক্তি সমূহৰ আৰু বিশ্বৰ মহাদেশসমূহৰ কোটি কোটি জনসাধাৰণৰ জীৱনক স্পৰ্শ কৰিব পাৰিব। কিন্তু প্ৰশ্নটো প্ৰথমে উত্থাপন হৈছিল জুবিনৰ কৈশোৰ কালৰ তামুলপুৰত পঢ়ি থকা সময়ছোৱাত, যেতিয়া অষ্টম শ্ৰেণীৰ দুষ্টামি কৰি ভালপোৱা, গ্ৰন্থপ্ৰেমী, প্ৰকৃতিক দুবাহুৰে আকোঁৱালি লোৱা জুবিন গাৰ্গ নামৰ এটা কিশোৰে নিজৰ স্বগৰিমাৰে উদ্ভাষিত হৈ পৰা জীৱনৰ প্ৰথমটো গীত সৃষ্টি কৰি এটা প্ৰজন্মৰ কণ্ঠস্বৰ হোৱাৰ দিশত নিজৰ জীৱন যাত্ৰা আৰম্ভ কৰিবলৈ আগবাঢ়িছিল। আৰু সেইজন ঈশ্বৰ পুত্ৰই আছিল আমাৰ সকলোৰে হৃৎপিণ্ড স্বৰূপ জুবিন গাৰ্গ।



শ্ৰী দিগন্ত বৰুৱা

সহকাৰী উন্নয়ন বিষয়া

ৰূপান্তৰ আৰু উন্নয়ন বিভাগ

অসম চৰকাৰ

দূৰভাষ নং: ৭০০২৬৯৯০১১

Comments


bottom of page