top of page

সজাগ

এটি এটি উশাহ

সময়ৰ নিঃশব্দ সোঁত

হৃদয় চুই যায়


এটুপি চকুৰ পানীয়ে

কৈ যায়

গভীৰ কষ্টৰ ভাষা।


এটি এটি দীৰ্ঘ উশাহে

নোপোৱাৰ নীৰৱ ব্যৰ্থতা

সোঁৱৰাই যায়।


উশাহ বন্ধ কৰা

যন্ত্ৰণাবোৰ

পিতৃ-মাতৃৰ শূন্যতা অনুভৱ ।


প্ৰতি নিশাৰ

দুখৰ সপোনে

ভয়ৰ সৈতে পৰিচয় কৰাই দিয়ে।


প্ৰিয়জন আতৰি যোৱাৰ বেদনাই

মৃত্যুৰ কঠিন সত্য

তাকেই সোঁৱৰাই দিয়ে।


তথাপিও—

এই উশাহেই মোক সজাগ কৰি ৰাখে,

জীৱনৰ প্ৰতিটো মুহূৰ্তক

নতুনকৈ বুজিবলৈ ।



ছবি ৰাণী চৰকাৰ

মিলনপুৰ, নগাঁও।

দূৰভাষ নং  ৮৬৩৮৭ ৪৮৩৫২

Recent Posts

See All
সম্পৰ্কৰ এনাজৰী

সম্পৰ্ক এক নীৰৱ সুৰ কেতিয়াবা হাঁহিৰে কেতিয়াবা চকুলোৰে হৃদয়ত এৰি যায় অনুৰাগ । 'মা'ৰ স্নেহৰ কোমল স্পৰ্শ, 'দেউতা'ৰ হিয়াভৰা আশীৰ্বাদ, ভাই-ভনীৰ হাঁহিৰ মাজত সম্পৰ্কই পায় নতুন স্বাদ। জীৱনৰ পৃষ্ঠাবোৰত স

 
 
 
অভিমানী তুমি

তুমি আহিলা নীৰৱে মোৰ হৃদয়ে সাৰ পালে কিন্তু তোমাৰ সেই নিঃশব্দ উপস্থিতিয়ে মোৰ অন্তৰত অলেখ প্ৰশ্নৰ জঁটাই দিলে। কেতিয়াবা ভাবো, এয়া কি সঁচাকৈ এক অনুভব? নে কোনো অন্য অনুভূতিৰ প্ৰতিফলন? ইয়াৰ কোনো ব্যাখ্যা না

 
 
 
মানৱতাৰ প্ৰহৰী

কবি সংস্কৃতিৰ ধ্বজাবাহক মানৱতাৰ প্ৰহৰী বাস্তৱৰ কঠিনতাত বালিত সোণ বুটলি সপোনপুৰীৰ সন্ধান দিয়া এক ভৱিষ্যত দ্রষ্টা নিৰৱ স্ৰষ্টা । কবিৰ চাকত সৃষ্ট কাব্য জ্ঞানপিপাসুৰ কল্পবৃক্ষ হৃদয়ৰ পৰা হৃদয়লৈ অমৃত সঞ্চাল

 
 
 

Comments


bottom of page