বহাগ
- ৰিণি নেওগ বৰা

- Apr 1
- 1 min read
বহাগ মোৰ আজন্ম প্ৰেমিক
কোমল মনত শিহৰণ তোলা
ফুল ফুলাৰ অন্তহীন প্ৰতীক্ষা
প্ৰকৃতিৰ ৰঙেৰে ৰঙীন কৰা
মধুময় পল মধুময় ক্ষণ
বহাগ মানেই এক উদ্দাম গতি
কোৱাল নদীৰ স্ৰোতৰ দৰেই
বসন্তৰ ৰঙীন ছন্দেৰে
এয়া মনৰ বহাগ
গছ ফুলত ওলমে
আশাৰ সপোন
হিয়াত জলে পূৰ্ণিমাৰ জোন
কোমল বতাহে কঢ়িয়াই
মনৰ খবৰ গুণ গুণ
প্ৰেমৰ বাবেই প্ৰেমৰ
আৰু এটি নতুন দিন।
ৰিণি নেওগ বৰা ।
নগাঁও, অসম ।
দূৰভাষ নং- ৯৭০৬৬ ০৭৮১৩





Comments