top of page

মূৰ্ত প্ৰকাশ

আইতায়ে কৈছিল,_

"তললৈ চাবি

উজুটি নাখাৱ "

তেতিয়া --

আত্মবিভোৰ মনত

ক্ষোভৰ উষ্ণতা নাছিল।

এদিন ককায়ে ক'লে,-

"শিৰোন্নত কৰি চলিবি

আকাশ চুমিবি "।

শিৰতুলি দেখিলোঁ --

চৌদিশে অহংকাৰৰ মূৰ্ত প্ৰকাশ

যেন জোন -বেলি তৰা

চকু চাট মাৰি ধৰা।

গুণ -গৰিমাও মিলি গ'ল

অহংকাৰৰ অহমিকাত।

যাৰ দৃষ্টিত ---

মানুহ কেৱল

একো একোটা জীৱন্ত পণ্য।

একাংশৰ -

মূৰত পাচি

মুখত হাঁহি।

দুজনমান---

ত্ৰাণ -কৰ্তা

বিপদগ্ৰস্তৰ।

এফালে অহংকাৰৰ অট্টহাস্য

আনফালে দয়াৰ সাগৰৰ

আত্মতুষ্টিৰ মধুৰ হাঁহি ।



মনোজ কুমাৰ শৰ্মা

অভিযন্তা

নগাঁও, অসম

দূৰভাষ নম্বৰ - ৯৪৩৫১৬০৫৩২

Recent Posts

See All
শিলৰ কথাৰে

শিল মানুহতকৈ প্ৰাচীন ; চিকাৰী শিলবোৰ খঙত অগ্নিশৰ্মা হোৱাৰ দিন ধৰি পূজা কৰি আহিছো শিলক । এদিন শিলাকূটীয়ে কুন্দত কাটি উলিয়াইছিল বুৰঞ্জীৰ নিৰ্জৰ শৰীৰ , যি সেতুবন্ধন হৈ মাটি- পানী সকলোতে আজিও বিদ্যমান । উ

 
 
 
জ্যোতি

(জুবিন গাৰ্গৰ স্মৰণত) হে মহান নক্ষত্ৰ তুমি কি বুলি জনাও প্ৰণতি তোমাৰ শত সহস্ৰ গীতেৰে ওলাই অহা মানৱ জীৱনৰ সম্বন্ধ থকা মিঠা মিঠা শব্দবোৰ ভাষাৰ সাৱলীলতা দেশ প্ৰেমৰ গোন্ধ আৰু যুক্তিৰ দৃঢ়তাই মনত পেলাই দিয

 
 
 
ৰ'দৰ দৰে কথাবোৰ

কিশোৰটোৱে ধূলি -বালিৰ মাজতেই জীৱনৰ সপোন আঁকিছিল। চুবুৰীয়াৰ বাৰীত আম কঁঠাল বিচাৰি থাকোতে হেৰুৱালে তাৰ পঢ়াশালিৰ বাট। পিতাইৰ চহা জীৱনৰ ৰ'দে পোৰা পৃষ্ঠাবোৰে শিকাব খুজিছিল তাক কঠিন জীৱনৰ প্ৰত্যয়ৰ খোজ। পি

 
 
 

Comments


bottom of page