top of page

মানুহ আৰু ঘৰ

মানুহৰে ভৰি থকা ঘৰখন

আজি উদং হ'ল

সকলো নিজক লৈ ব্যস্ত

দুৱাৰত ওলমি আছে তলা ।

কাৰো হাতত  সময় নাই

কৰ্তব্যৰ দোহাই দি

ভৱিষ্যত সুৰক্ষাৰ সন্ধানত

মানুহে সপোনৰ সৈতে সখি পাতিছে ।

জোনাকৰ কোমল পোহৰ বিচাৰি

ধোঁৱা - ধূলিৰে আৱৰা এই ধৰাত

"মানুহ" নামৰ প্ৰাণীটোৱে

নিজৰ মাজতেই আবদ্ধ হৈ বহি আছে

অতি আপোনপেটীয়া হৈ।


দুঃস্বপ্নৰ ভয়াবহতাই

মুখৰ মাত নোহোৱা কৰিছে

এসময়ৰ ফুলেৰে ভৰা উপত্যকা

আজি পৰিণত হৈছে

মৃত্যুৰ নিস্তব্ধ উপত্যকাত।

কেচুৱা বুকুত বান্ধি

সপোনৰ পিছত ঘূৰি ফুৰা মানুহগৰাকী

আজি হাহাকাৰ কৰি উঠিছে

মানুহবোৰ যন্ত্ৰত পৰিণত হোৱা দেখি ।

উচ্চ খাপৰ বুদ্ধিমত্তাৰে সমৃদ্ধ মনটো

স্বাৰ্থপৰ পৃথিৱীখনত

সুখৰ পম খেদি

ক'ত যে হেৰাই গ'ল !


চাৰিওফালে কেৱল ধ্বংসৰ কিৰিলি,

নিজেই সৃষ্টি কৰা শক্তিৰ ওচৰত

আজি পৰাভূত হৈছে

সমগ্ৰ মানৱ জাতি।

সেউজীয়া গছৰ স্নিগ্ধতা

ৰং-বিৰঙৰ ফুলৰ হাঁহি

নিৰ্মল আকাশৰ বিশালতা

বিশুদ্ধ বায়ুৰ স্পৰ্শ—

জীৱনৰ বিয়লি বেলাত কঢ়িয়াই আনিছে

জীয়াই থকাৰ নতুন প্ৰেৰণা।

মানুহে  শিকিব লাগিব—

ব্যস্ততাৰ মাজত অলপ থমকি ৰ'বলৈ

সম্পৰ্কৰ উম বুটলিবলৈ

প্ৰকৃতিৰ কাষ চাপিবলৈ

যন্ত্ৰৰ দৰে নহয়

এজন মানুহ হৈ জীয়াই থাকিবলৈ।



জ্যোতিকা বৰা

কামপুৰ, নগাঁও।

দূৰভাষ নং ৭৬৩৮০১১৫৮৩

Recent Posts

See All
মূৰ্ত প্ৰকাশ

আইতায়ে কৈছিল,_ "তললৈ চাবি উজুটি নাখাৱ " তেতিয়া -- আত্মবিভোৰ মনত ক্ষোভৰ উষ্ণতা নাছিল। এদিন ককায়ে ক'লে,- "শিৰোন্নত কৰি চলিবি আকাশ চুমিবি "। শিৰতুলি দেখিলোঁ -- চৌদিশে অহংকাৰৰ মূৰ্ত প্ৰকাশ যেন জোন -বেল

 
 
 
শিলৰ কথাৰে

শিল মানুহতকৈ প্ৰাচীন ; চিকাৰী শিলবোৰ খঙত অগ্নিশৰ্মা হোৱাৰ দিন ধৰি পূজা কৰি আহিছো শিলক । এদিন শিলাকূটীয়ে কুন্দত কাটি উলিয়াইছিল বুৰঞ্জীৰ নিৰ্জৰ শৰীৰ , যি সেতুবন্ধন হৈ মাটি- পানী সকলোতে আজিও বিদ্যমান । উ

 
 
 
জ্যোতি

(জুবিন গাৰ্গৰ স্মৰণত) হে মহান নক্ষত্ৰ তুমি কি বুলি জনাও প্ৰণতি তোমাৰ শত সহস্ৰ গীতেৰে ওলাই অহা মানৱ জীৱনৰ সম্বন্ধ থকা মিঠা মিঠা শব্দবোৰ ভাষাৰ সাৱলীলতা দেশ প্ৰেমৰ গোন্ধ আৰু যুক্তিৰ দৃঢ়তাই মনত পেলাই দিয

 
 
 

Comments


bottom of page