top of page

ফাগুনৰ  বেলা

Updated: Mar 4

দোকমোকালিতে ওলাই  গ'লো

পলাশ বন চলাথ কৰি

বুটলি আনিলোঁ এমুঠি শব্দ 

আচলত বান্ধি লৈ

সাৱধানে ঘৰমুৱা হ'লো ,


গা ঘেলাই  ফুৰা পচোৱাজাকে

চোঁ-মাৰি আহি আগভেটি ধৰিলেহি

খুলি দিলে শব্দৰ আঁচলখন

যা: হ'ল নহয় খেলিমেলি গোটেইখন

আউল লাগিল  শব্দৰ শৃংখল 

ফাগুন, তই কিয়ে ইমান  চঞ্চল 

সিঁচি দিয় হিয়াত 

স্মৃতি ৰঞ্জিত  সন্মোহন, 


কি কি আনিলোঁ

তাই  পাত -পাতকৈ চালে

চালি জাৰি বাচি

হাতত  গুজি দিলে সযতনে

এমুঠি পুৰঠ শব্দ 

থাউকতে উৰুৱাই  লৈ গ'ল

ধূলি ধূসৰিত আঁচলখন

কোনোবা দিকচৌ বনলৈ ।


দীপ্তি দেবী

নগাঁও, অসম

দূৰভাষ নং ৭৮ ৯৬১২৬৬১৪

Recent Posts

See All
কাব্যিক কথকতা

জাতিৰ জনক গুৰু দুজনাৰ অস্থিচয় আজিও পৰিত্যক্ত,অৱহেলিত,অ-সংৰক্ষিত কিয়? মধুপুৰ সত্ৰ,ভেলা সত্ৰ,কোচবিহাৰত আজিও অৱহেলিত কিয় ? শতিকাজোৰা ক্লিষ্টতাৰে আক্ৰান্ত সময় সোঁতত অস্তমিত সূৰুযৰ স্পৰ্শত গুৰু দুজনাৰ অস্থ

 
 
 
বিনিময়

মৰম পালে হৃদয় বীণাত ঝংকাৰিত হয় প্রাপ্তিৰ মহানন্দ বিনিময়ত যাচোঁ এমোকোৰা নিভাঁজ হাঁহি আৰু আলফুলীয়া চেনেহ-সনা পৰশ। মই বোলে দুষ্ট, পিছে দুষ্টৰ লগতহে ! মনত দুখ দিলে প্রতিশোধ লওঁ - হয় কন্দা -কটা কৰি , নহয় উ

 
 
 
উশাহ

হেল্ল’, কোন তুমি? মই? মই--মই । নাম? উপাধি? কোনো নহয়। কীট-পতংগ যিদৰে নিজৰ পথত, নিজৰ গতিত, মই সময় ধূলিৰ খোজত । পৃথিৱীখন নৰয় সুখতো দুখতো কাৰো বাবে কোনোৱেই নৰয় একোৱেই নৰয় । মোৰ নাম, মোৰ ঘৰ, সম্পৰ্ক, পৰিচয়

 
 
 

Comments


bottom of page