top of page

ফাগুনৰ  বেলা

Updated: Mar 4

দোকমোকালিতে ওলাই  গ'লো

পলাশ বন চলাথ কৰি

বুটলি আনিলোঁ এমুঠি শব্দ 

আচলত বান্ধি লৈ

সাৱধানে ঘৰমুৱা হ'লো ,


গা ঘেলাই  ফুৰা পচোৱাজাকে

চোঁ-মাৰি আহি আগভেটি ধৰিলেহি

খুলি দিলে শব্দৰ আঁচলখন

যা: হ'ল নহয় খেলিমেলি গোটেইখন

আউল লাগিল  শব্দৰ শৃংখল 

ফাগুন, তই কিয়ে ইমান  চঞ্চল 

সিঁচি দিয় হিয়াত 

স্মৃতি ৰঞ্জিত  সন্মোহন, 


কি কি আনিলোঁ

তাই  পাত -পাতকৈ চালে

চালি জাৰি বাচি

হাতত  গুজি দিলে সযতনে

এমুঠি পুৰঠ শব্দ 

থাউকতে উৰুৱাই  লৈ গ'ল

ধূলি ধূসৰিত আঁচলখন

কোনোবা দিকচৌ বনলৈ ।


দীপ্তি দেবী

নগাঁও, অসম

দূৰভাষ নং ৭৮ ৯৬১২৬৬১৪

Recent Posts

See All
প্ৰেম

মোৰ বুকুৰ মাজত আজিও জ্বলি আছে সেই প্ৰাচীন জুইকুৰা। ৰন্ধ্ৰে ৰন্ধ্ৰে অনুভৱ কৰোঁ যাৰ দহন । সময়েও নিৰ্বাপিত কৰিব নোৱাৰা উদ্ভাসিত প্ৰেমৰ শিখা । চেতনাৰ চোতালত জপিয়াই উঠে যুৱক স্বপ্ন মই তৰুণ মই তৰুণ। হেলাৰ

 
 
 
এক অসহায় নিবিড়তা

গভীৰ ৰাতিটো ক্ৰমশঃ গভীৰ হৈ আহিল বৰষুণৰ প্ৰতিটো তীক্ষ্ণ টোপালত ক্ষত-বিক্ষত হ'ল মোৰ হৃদয়ৰ নিৰৱ সত্তা। ক'ত হেৰাল সেই আকাংক্ষিত পোহৰ ক'ত হেৰাল সেউজীয়া দিনবোৰৰ হাঁহি আৰু উল্লাস ? চৌপাশে এতিয়া নিৰন্ধ্ৰ

 
 
 
চকুৰ কোণত অশ্ৰু কঢ়িয়াই ফুৰা মানুহজনী---

গোলাপী ৰঙৰ সলনি চকুৰ তলত ক'লা দাগ পৰা মানুহজনী তুমি পোৱানে চিনি ? এদিন তৰাফুলৰ মালা গাঁঠি বুকুত সুখৰ ৰামধেনু অঁকা ফুটুকী পখিলাজনী, যিয়ে তোমাক প্ৰেমিকৰূপে কৰিছিল বৰণ, আদ বয়সতে কপালত বলিৰেখা পৰা উজ্বল ম

 
 
 

Comments


bottom of page