top of page

কাব্যিক কথকতা

জাতিৰ জনক গুৰু দুজনাৰ অস্থিচয় আজিও পৰিত্যক্ত,অৱহেলিত,অ-সংৰক্ষিত কিয়?


মধুপুৰ সত্ৰ,ভেলা সত্ৰ,কোচবিহাৰত

আজিও অৱহেলিত কিয় ?

শতিকাজোৰা ক্লিষ্টতাৰে আক্ৰান্ত সময় সোঁতত

অস্তমিত সূৰুযৰ স্পৰ্শত গুৰু দুজনাৰ অস্থিচয়।

কৰ্তৃত্ব,কৰ্তব্যৰ কৰণীয়তা,

কাৰ ওপৰত ন্যস্ত আছিল

বৰ্তমান দায়িত্ব,দায়বদ্ধতা কাৰ?

গুৰু দুজনাৰ অৰ্ধগলিত,ক্ষয়িষ্ণু

অস্থিচয় আজিও অৱহেলিত

বৈজ্ঞানিকভাৱে সংৰক্ষিত কৰা নাই কিয় ?


জাতিৰ জনক, একশৰণ নাম ধৰ্মৰ প্ৰবৰ্তক

মহাপুৰুষ শংকৰদেৱৰ

প্ৰধান শিষ্য মহাপুৰুষ মাধৱ দেৱৰ

সোনসেৰীয়া সৃষ্টি ৰাজি অৱহেলিত কিয় ?

মহাপুৰুষীয়া সনাতন ধৰ্মীয় শিক্ষণৰ

প্ৰতিদান এয়াই নেকি অসমীয়াৰ ?


গুৰুজনাৰ অতুলনীয় সৃষ্টি

বৃন্দাবনী বস্ত্ৰ বাতানুকুলিত বৃটিছ মিউজিয়ামত

আজিও সযত্নে সংৰক্ষিত,সুৰক্ষিত বিদেশত।

কিন্তু গুৰু দুজনাৰ অন্তিম শয়ণ স্থলিত

আজিও অ-সংৰক্ষিত কিয়

তেৰাসৱৰ পবিত্ৰ অস্থিচয় ?

কিযে বিৰম্বনা,অসহনীয় বেদনা এয়া!


ধিক্‌ ধিক্‌ অসমীয়াৰ অসমীয়াত্ব,কিমাশ্বৰ্যম্‌।


১৪৪৯ চনত বটদ্ৰৱাত জন্ম  শঙ্কৰগুৰুজনাৰ

১৫৬৮ খৃষ্টাব্দৰ ২৪আগষ্টত ১১৯ বছৰ বয়সত কোচবিহাৰৰ মধুপুৰ সত্ৰত মহাপ্ৰয়াণ ঘটে।

১৪৮৯ চনত নাৰায়ণপুৰৰ লেতেকুপুখুৰীত

জন্ম  মহাপুৰুষ মাধৱ দেৱৰ

১৫৯৬ চনত ১০৭ বছৰ বয়সত

তেওঁৰো মহাপ্ৰয়াণ হয় কোচবিহাৰৰ ভেলাসত্ৰত ।

সেয়াও আছিল  যে  মণিকাঞ্চন সংযোগ !


মহাপুৰুষ দুজনাৰ কোচবিহাৰত

মহাপ্ৰয়াণৰ ৪৫৮/৪৩০ বছৰ অতিক্ৰম হল

তেৰা সৱৰ অস্থিচয়

প্লাষ্টিকৰ টেমা আৰু টিফিন্‌ বক্সত এলাগী হৈ ৰ'ল।


হিমালয়ৰ কিমান বৰফ গলি

ব্ৰহ্মপুত্ৰ বুকুৱেদি বৈ গৈ

বঙ্গোপ সাগৰত বিলীন হ'ল,

শদিয়াৰ পৰা ধুবুৰীলৈ

ঢৌৱে ধুই নিকা কৰিলে অসম

কোচবিহাৰত দুজনা গুৰুৰ ঐতিহ্যৰ

অস্থিচয় ম্লান পৰি ৰ'ল

তাৰ  হিচাপ নহল অসমীয়াৰ মাজত!


আহোমৰ ৰাজত্ব আৰু বৃটিছৰ বেলি মাৰ গ'ল

স্বাধীন ভাৰতত অসমে আজি আশী বছৰ গৰকিলে

কিমান মহা প্ৰতাপী ৰজাৰ  পতন ঘটিল

কিমান পণ্ডিতপ্ৰৱৰ,উগ্ৰজাতীয়তাবাদী,

স্বাধীনতা প্ৰয়াসী বীৰ শ্বহীদৰ অৱলুপ্তি ঘটিল

কোচবিহাৰত মহাপ্ৰয়াণ ঘটা গুৰুদুজনাৰ

সৎকাৰৰ পশ্চাৎ অস্থি সংৰক্ষণৰ কথা

ভাবিবলৈ কাৰো যে সময়ে নহল !


ধিক্‌! অসমৰ কুল নন্দন সকল !

প্ৰখ্যাত কবি,সাহিত্যিক,গীতিকাৰ,গায়ক

ভাগে ভাগে মুধাফুটা ৰাজনীতিজ্ঞ সকল

সমাজ শুৱঁনি কৰা সমাজ সংস্কাৰক সকল

জাতীয়তাবাদী ছাত্ৰ সংগঠক সকল,

শিল্পী সকল ,বুৰঞ্জীবিদ্‌ সকল,

বিজ্ঞ পণ্ডিত,ভবিষ্যত দ্ৰষ্টা সকল,

সকলো অসাৰ প্ৰতিপন্ন হ'ল ।


লীন গ'ল সকলো অতীতৰ পাহৰণিৰ গৰ্ভত

চিনিব নোৱাৰিলে গুৰু দুজনাৰ অস্থিৰ মাহাত্ম্য অসমীয়ত্বৰ চিন্তা চেতনাৰ গূঢ়াৰ্থ,পৰমাৰ্থ তত্ত্ব

এতিয়া সজাগ হৱৰে হ'ল নৱ-প্ৰজন্ম

সকলোৱে হাতে কামে ধৰিবৰ হ'ল

সময় যে তেনেই তাকৰ

সময় যে তেনেই তাকৰ!



দ্বিজেন্দ্ৰ নাথ হাজৰিকা।

উত্তৰ হয়বৰগাওঁ, নগাঁও:অসম।

দূৰভাষ নং ৯৮৫৯৯ ১০৪২২ 



Comments


bottom of page