top of page

আহিন আহিলেই পূজা পূজা লাগে ,

বজাৰত বস্তুৰ জুই চাই দাম ,

পূজা আজি গৰীবৰ চকুলো

ধনীৰ ভোগৰ উৎসৱ।

আহিন আহিলেই পূজা পূজা লাগে ,

শুকুলা আকাশ ,ফৰকাল বতৰ

চোতালৰ দূৱৰিত নিয়ৰৰ পৰশ

শেৱালিৰ সুবাসে বিলাই ফুৰে

পূজাৰেই বাতৰি ।

আহিন আহিলেই পূজা পূজা লাগে

ক'ৰবাত ঢাক বজোৱাৰ ৰিণি ৰিণি শব্দ ,

পূজা আহিছে ।

মনত পৰেনে জেলেপী খোৱাৰ কথা ?

চিকেন বিৰিয়ানীয়ে পাৰিব জানো

ম্লান কৰিব পূজাৰ জেলেপীৰ স্বাদ?

মনত পৰেনে হাতত জুনুকা লৈ

পিতাইৰ স'তে চাইকেলত উঠি

পূজা চাবলৈ যোৱাৰ কথা ?

মনত পৰেনে পূজাৰীৰ হাতৰ পৰশেৰে

কপালত দিয়া ডাঙৰ ডাঙৰ ফুট কেইটাৰ কথা ?

এতিয়া সময় সলনি হ'ল ,

বেলুন ,জুনুকাবোৰ কেতিয়া যে হেৰাই থাকিল !

এতিয়া ইয়াত

কণমানি হঁতৰ হাতে হাতে

নকল পিষ্টল ,এ, কে ৪৭ বন্দুকৰ

শব্দৰ ধ্বনি প্ৰতিধ্বনি হৈ

মুখৰিত হয় পূজাৰ থলী,

পূজাৰীৰ মন্ত্ৰ পাঠ এক অস্পষ্ট শব্দ ,

পূজাৰ প্ৰতিমাও হৈ পৰিছে

এক প্ৰতিযোগিতাৰ সামগ্ৰী ।

পূজা মানূই খোৱা-পিন্ধা ,

উন্মাদ তাণ্ডব নৃত্য,

পূজাৰ বেদীৰ কাষত

মাতাল যুৱকৰ টেটুফলা চিয়ঁৰ -

জয় দুৰ্গা মাইকী জয়।

ক'ত বাৰু হেৰাই থাকিল ?

দেবীমাৰ ভক্তি আৰু বিশ্বাস ?

পূজা আজি এক ভোগবাদী উৎসৱ !

এতিয়া ইয়াত সহিষাসুৰেই উঠিৰজা বহিৰজা !

দেবীমাৰো কি যে গান্ধাৰীৰ ৰূপ !

উপায়ন্তৰ দেবী ভোগবাদী হাতুৰাত

দেবী আজি নজৰ বন্দী !

আহিনৰ মৰা আউসী নাশিবলৈ

কোন দিনা আহিব শাৰদী জোনাক !

ক'ৰবাত পূজাৰ বেদীত

ৰিণি ৰিণি শুনিছোঁ

গৰীৱ -নিচলাৰ

অৰ্চনা ,দেবী বন্দনা

"যা দেবী সৰ্বভূতেষু

.............................

.............................

নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ

নমো নমঃ।"



ডাঃ ঋষেশ্বৰ ঠেঙাল শইকীয়া

নগাঁও, অসম।

দূৰভাষ নং, ৮৮৭৬৬ ৮২৪৮০

Recent Posts

See All
কাঠৰপোক

ইয়াতএখনঅৰণ্যআছিল অৰণ্যৰসেউজীয়াহাঁহিত গোটেইখনজকমকাইছিল। তাতকিছুমানকাঠৰপোকে বাহসাজিছিল। পোকবোৰৰউপদ্ৰৱত অৰণ্যখনইতিহাসহ'ল। এতিয়াতাতনিয়ৰনসৰে ফুলোনুফুলে। কলৰপাতনকঁপে আগলিবতাহত। এহালিচৰাইপাখিতপাখিলগাই পৰ

 
 
 
আহিনৰ শেৱালি

আহিনৰ শেৱালি আকৌ আহিল এটি নতুন মাহ, গধূলিৰ বতাহত বিয়পিব শেৱালিৰ চিনাকি সুবাস, আকৌ ভৰি পৰিব পদূলি বগা বগা ফুলেৰে। সন্ধিয়াৰ চিকিমিকি পোহৰত আকৌ ফুলিব শেৱালি, আৰু তাৰ সুবাসে কাণে কাণে ক'ব— “দেৱী আহিছে..

 
 
 
মোৰপৰা মোৰ সত্তালৈ

মই মোৰ পৰা মোৰ সত্তালৈ খোজ দিছোঁ দীৰ্ঘায়িত পথেৰে বিৰামহীনভাবে মই বিচাৰি ফুৰোঁ নিজকে । কেতিয়াবা প্ৰখৰ ৰ’দত কেতিয়াবা হিম চেঁচা বৰষুণৰ সিক্ততাত চিনাকি অচিনাকি বাটৰ নিৰৱতাত । মোৰ ছাঁটো কেতিয়াবা আগবাঢ়

 
 
 

Comments


bottom of page