তাইক মই তই বুলি নামাতো
- ড০ কমল চন্দ্ৰ নাথ

- Apr 1
- 2 min read
তাইক মই তই বুলি নামাতো
এৰা , তাইক মই তই বুলি নামাতো
কাৰণ তাইক মই সদায় তুমি বুলিহে মাতো
আচলতে -- “তেওঁ” হে
মৰমতহে কৈছো আজি মই -- “তাই” বুলি
আচলতে সচাঁই তাই মোৰ বৰ মৰমৰ ।
তাইক মই তই বুলি কেতিয়াও নামাতো
নব্বৈৰ ডেৱনা পাৰ হৈয়ো ককাই আইতাক
তুমি বুলিয়েই মতা আমি নিজেই শুনিছোঁ
মৰমেৰে মতা মাতষাৰ আজিও কাণত ভাঁহি আহে —
হে--ৰা, শুনিচা –
ককাৰ মাতত আইতাৰ শলাগনি
“নিজে কিবা কৈ’ছি নাকি, গৈচং ৰ”
বাঃ কি সুন্দৰ মৰম আৰু আদৰ
শব্দৰ আৱ-ভাৱ প্ৰকাশ ভংগী
কোনো দিনে ককাৰ মুখত গালি নাই
মাথোঁ মাতত ভকতিৰ চিতিকনি
সেয়ে মইয়ো আজি তাইক তুমি বুলিয়েই মাতো।
তাইক মই তই বুলি কেতিয়াও নামাতো
মা’ইকো দেউতাই মৃত্যুৰ সময়লৈ তই বোলা নুশুনিলো
কোনো দিনেই কাহানিও
আৰু সেয়ে — মাইয়েও চাগৈ প্ৰতি ক্ষণে
আপুনি বুলিয়েই চকু মুদিছিল শেষ সময়তো
অময়া সুখত মজিচিল দুয়ো পতি-পত্নী
আৱেগত কথা হৈছিল চকুৰ ভাষাৰে
য’ত আছিল সংসাৰৰ মৰম স্নেহ ভালপোৱা
লগতে প্ৰেম-ভকতিৰ চিতিকনি
মাতৃ সুলভ মা’ই ৰ মৰমৰ চকুৰ চাৱনি আজিও
ভাহি আছে মোৰ দুচকুত সততে
যিটো এগৰাকী নাৰীয়ে সদায় বিচাৰে সংসাৰখনত
মা’ই — তই সচাঁই অন্যনা
ত্যাগৰ এক অন্য নাম মা’ই
তোৰ চাৱনিত থৰ থৰ কৈ কঁপিছিলো কেতিয়াবা
আজি কথাবোৰে বৰকৈ আমনিও কৰিছে
সেয়ে আজিও মই তাইক তুমি বুলিয়েই মাতো।তাইক মই তই বুলি কেতিয়াও নামাতো
মোকো মাতে তাই আপুনি বুলিয়েই
তাই মোৰ বুকুৰ আপোন চকুৰ মণি
বৰ মৰমৰ আপোন চিৰ লগৰি
মা’ইৰ পিছত তাইয়েই মোৰ সকলো
ইচ্ছা অনিচ্ছা ভোক পিয়াহ হাঁহি কান্দোন
আদৰ অনাদৰ ভালপোৱা সকলো
প্ৰেৰণাৰ উৎস সাৰ্থকতাৰ আৰঁৰ নাৰী
অভোকত ভাত মোহাৰি পানী খুৱাই দিয়া
জ্বৰত ভৰি ধুৱাই তেল মালিচ কৰালৈকে
মই নভৱা সকলো কামেই কৰে তাই –
তুষ্টি সন্তুষ্টি আৰু আত্মসন্তুষ্টি তাইৰ লক্ষ্য
সেয়ে মই তাইক তুমি বুলিয়েই মাতো।
তাইক মই তই বুলি কেতিয়াও নামাতো
মোৰ বিবেকে ককা আৰু দেউতাৰ দৰে
তাইক তই ক'বলৈয়ে নিশিকালে
আৰু নিদিলে বহু কিবা-কিবি কৰিবলৈ
যিবিলাক সমাজত চলি আছে বৰ্তমানেও
ল'ৰাহঁতেও দেখোন মাকক তুমিয়েই কয়
পাৰ্থক্য মাথোন এটাই —
মই তাইক তুমি বুলি কৈছোঁ, আৰু —
সিহঁতে যেনিবা মাকক তুমি বুলি কৈছে
সেয়ে মই তাইক আজিও তুমি বুলিয়েই কওঁ ।
তাইক মই তই বুলি কেতিয়াও নামাতো।
পুৰুষৰ মানসিক শক্তিৰ আধাৰ কিম্বা
ডাঙৰ চিকিৎসক নিজৰ মানুহজনী
“মাটি যদি খাটি হয়,ফচল তেবে ভাল হয়
মাতৃ যদি ভাল হয় তাৰ সন্তান তেবে ভক্ত হয়”
আচলতে কি জানে —
মোৰ অকল মোৰ তাইৰ প্ৰতি নহয়,
এইয়া সমগ্ৰ মাতৃ জাতিৰ প্ৰতি থকা আমাৰ মৰম
কিম্বা শ্ৰদ্ধাৰ চানেকিহে মাথোঁ।
এৰা —
মুঠতে তাই মোৰ বৰ মৰমৰ –
সেয়ে তাইক মই তই বুলি কেতিয়াও নামাতো ॥***
ড০ কমল চন্দ্ৰ নাথ
অধ্যক্ষ, চৰাইবাহী মহাবিদ্যালয়,
মৰিগাঁও, অসম
দূৰভাষ নং — 7002406014




Comments