top of page

"জয় জুবিন দা"

তুমি সুৰ হৈ ৰৈ যোৱা

তুমি শব্দৰ ধ্বনিত কাঞ্চনজঙ্ঘা হোৱা

তুমি পাখি মেলি উৰি যোৱা ।

তুমি নিৰাশাৰ মাজত গোৱা 'আশা'

তুমি ধুলিয়ৰি বাটেৰে এবাৰ উভতি চোৱা !!

তুমি কৈছিলা —

"মই নদীৰ পৰা সাগৰলৈ যাব পাৰো

সাগৰৰ পৰা নদীলৈ ঘুৰিও আহিব পাৰো

মাথোঁ মোৰ ৰং সলনি হব

পানীৰ সোৱাদ সলনি হব..."

তোমাৰ কথা মানি ললোঁ

তুমি যে কেৱল এক নাম নহয়, ই যে সত্তা !

চাৰিও দিশত আজি গুঞ্জৰিত হৈছে...

"জয় জুবিন দা"


হিমাংক শৰ্মা



Comments


bottom of page