top of page

কেনে আছে মোৰ জ্ঞানতীৰ্থখনি

বহুদিন হ'ল এৰি অহা,

দিনৰ লেখত নহয়,

বছৰৰ লেখত ৷

পূৰ্ব ভাৰতীৰ তীৰ্থ প্ৰাঙ্গণত গীতৰ ধ্বনি

বাজি থাকে কাণত ৰিণি ৰিণি,

শুনোৱেইনে কেৱল,

দেখাও পাওঁ,

চকু মুদিলেই ভাঁহি উঠে

মোৰ জ্ঞানতীৰ্থখনি ৷

সকলো চিনাকি আছিল, নিচেই চিনাকি,

প্ৰতিটো পথ, ঘৰ, শ্ৰেণীকোঠা,

চৌদিশৰ সেউজী বাগিছা,

চিনাকি আজিও মোৰ নাহৰৰ কুঁহিপাত আৰু

নিৰিবিলি ছাঁ ৷

চিৰসেউজ দুচকুত

সেইটো মোৰ বাসগৃহ

কাষতে কৰ্মস্থলী,

ৰোগীসকলেই যে আমাৰ

জ্ঞানৰ পাঠ্যপুথি ৷

মানুহৰ সেৱাতেই

জ্ঞানৰ সন্ধান লভো

সেই শিক্ষাৰেই আমি

ভৱিষ্যতৰ স্বপ্ন ৰচো ৷

ব্যস্ততাৰে পূৰ্ণ জীৱন

দৃষ্টি মাথোঁ দায়িত্বৰ লক্ষত,

কত যে নিশা পাৰ হ'ল

অস্ত্ৰোপচাৰ কক্ষত ৷

সেইটো প্ৰেক্ষাগৃহ

অতিকে আপোন,

আজিও সুপ্ত হৈ আছে

অলেখ স্মৃতি,

অলেখ সপোন ৷

হয়তো আজিও বিচাৰিলে পাম প্ৰেক্ষাগৃহৰ প্ৰতিটো কোণত অতীতৰ সেই প্ৰাণভৰি আমি গঢ় দিয়া সুৰ সমলয় "ঝঙ্কাৰৰ" সুমধুৰ সুৰৰ ধ্বনি,

আজিও ভাঁহি আহে সেই সুৰ ৰিণিকি ৰিণিকি ৷

কেনে আছে বাৰু মোৰ

প্ৰাণৰ পূণ্যভূমি,

কোনে কব মোক আজি

কুশলে আছেনে মোৰ

জ্ঞানতীৰ্থখনি ?

দূৰ হৈ গৈ আছে মোৰ এই বৰ্তমান আৰু সকলো অতীত,

আহি আছে মাথোঁ অনিশ্চিত ভৱিষ্যত এক ধীৰ আৰু অজান গতিত ৷

পূণ্যভূমি জ্ঞানতীৰ্থ,

তুমিয়েই মোৰ জীৱন সত্বা,

তুমিতো জানায়

তোমাৰ বুকুতেই

তোমাৰ কোলাতেই

এৰি আহিলো মোৰ স্বৰ্ণালী অতীত ৷

তোমাৰ স্মৃতিয়েই মোৰ বৰ্তমান, মোৰ ভৱিষ্যত ৷

কুশলে থাকিবা তুমি

চিৰদিন চিৰকাল জ্যোতিষ্মান হৈ জ্ঞানৰ জ্যোতিৰে,

যি জ্যোতি বিয়পিব

বিশ্বৰ চৌদিশে ৷

এদিন আতৰি যাম

দূৰ দূৰলৈ,

আকাশৰ পৰাই চাই ৰম

তোমাৰ মুখলৈ ৷

মাথোঁ তোমাৰ মুখলৈ ৷

মাথোঁ তোমাৰ মুখলৈ ৷

————————————


[বিঃ দ্ৰঃ -

এই কবিতাটো লেখকে শিক্ষা গ্ৰহণ কৰা উত্তৰ পূবৰ প্ৰথমখন চিকিৎসা বিজ্ঞানৰ অনুষ্ঠান ঐতিহাসিক " অসম চিকিৎসা মহাবিদ্যালয় , ডিব্ৰুগড়ৰ " ৰ ওপৰত লিখিছে ৷ ১৯৬৬ চনৰ আগষ্ট মাহত নামভৰ্তি কৰি তাতেই স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লৈ চাকৰি জীৱন আৰম্ভ কৰি সম্পূৰ্ণ ৫১ টা বসন্ত, গ্ৰীষ্ম, শীত , শৰত, হেমন্ত পাৰ কৰি এদিন চাকৰি জীৱনৰ পৰা অবসৰ লৈ লেখক গুৱাহাটী অভিমুখী হ'ল ৷কিন্তূ জীৱনৰ সকলো উল্লেখযোগ্য সোণোৱালী সময়বোৰ সেই জ্ঞানতীৰ্থ খনিতেই পাৰ হ'ল ৷ বৰ্তমান সেই অতীত স্মৃতি ৰোমন্থনেই জীৱনৰ অপৰাহ্ণত একমাত্ৰ সাৰথি ৷নীৰৱ মূহূৰ্তত অতীত স্মৃতিয়ে বাৰুকৈয়ে আমনি কৰি থাকে আৰু তাৰ ফলশ্ৰুতিতেই এই কবিতাটোৰ সৃষ্টি ।]


ডা° টঙ্কেশ্বৰ ভূ্ঞা ,

প্ৰাক্তন অধ্যাপক আৰু বিভাগীয় মুৰব্বী,

শল্য চিকিৎসা বিভাগ,

অসম চিকিৎসা মহাবিদ্যালয়,

ডিব্ৰুগড় ৷

দূৰভাষ নং ৯৪৩৫০ ৩০৪৬৪


Comments


bottom of page