কিতাপৰ মাজত জীৱনৰ অনন্ত সন্ধান
- ড০ শৰৎ বৰকটকী

- Aug 2
- 5 min read

মানুহে ঘৰ বান্ধে আশ্ৰয়ৰ বাবে কিন্তু কেতিয়াবা কিতাপেই মানুহৰ ঘৰ এখন গঢ়ি তোলে। কাৰোবাৰ বাবে ঘৰ মানে ইটা, চিমেণ্ট আৰু আচবাব; আন কাৰোবাৰ বাবে ঘৰ মানে চিন্তা, স্মৃতি, সপোন আৰু কিতাপৰ সুগন্ধি। পৃথিৱীৰ ইতিহাসত বহু মানুহে ধন-সম্পত্তি কৰি নিজৰ পৰিচয় গঢ়িছে, কিন্তু সংখ্যাত কম হলেও কিছু মানুহে কিতাপ সংগ্ৰহ কৰি নিজৰ জীৱনদৰ্শন গঢ়ি তুলিছে। আচলতে কিতাপৰ সৈতে মানুহৰ এই সম্পৰ্ক মননৰ, সভ্যতা আৰু চেতনাৰ এক চিৰন্তন সংলাপ।এই চিৰন্তন সংলাপৰেই এক ব্যতিক্ৰমী অধ্যায়ৰ সাক্ষী হ'ল আমেৰিকাৰ নিউয়ৰ্ক মহানগৰীত ইহুদী যুৱক মেণ্ডেল উমিনাৰ । যোৱা ১০ জুলাইত দ্যা নিউয়ৰ্ক টাইমছ্ (The New York Times-) কাকতত প্ৰকাশিত এক কাহিনীয়ে সমগ্ৰ বিশ্বৰ পাঠকসমাজৰ দৃষ্টি আকৰ্ষণ কৰিছে। ঘটনাটোৰ নায়ক ৩১ বছৰীয়া ইহুদী যুৱক মেণ্ডেল উমিনাৰ। নিউয়ৰ্কৰ ব্যস্ত মেনহাটনৰ আপাৰ ইষ্ট চাইডত থকা মাত্ৰ ৬০০ বৰ্গফুটৰ ভাড়ালৈ লোৱা স ফ্লেটটোলৈ তেওঁ স্থানান্তৰ কৰিলে প্ৰায় দহ হাজাৰখন কিতাপ। ফ্লেটৰ সৰু ঘৰখন যেন ব্যক্তিগত গ্ৰন্থাগাৰলৈ পৰিণত হ'ল। কিন্তু জ্ঞানৰ এই মন্দিৰেই সৃষ্টি কৰিলে এক অভাৱনীয় বিতৰ্ক।ফ্লেটৰ গৰাকীয়ে আপত্তি কৰিলে যে ইমান কিতাপ থাকিলে অগ্নিকাণ্ডৰ আশংকা বৃদ্ধি পাব পাৰে। কিতাপবোৰ আঁতৰাই নিলেহে ফ্লেটত থাকিব পাৰিব; অন্যথা ঘৰ এৰিব লাগিব। কিন্তু মেণ্ডেল উমিনাৰৰ বাবে কিতাপ কোনো সাধাৰণ বস্তু নাছিল। তেওঁৰ ভাষাত - কিতাপেই তেওঁৰ বিশ্বস্ত বন্ধু, চিন্তাৰ উৎস, আত্মপৰিচয়ৰ আধাৰ আৰু জীৱনৰ পথপ্ৰদৰ্শক। সেইবাবেই তেওঁ ঘৰ এৰিব লগীয়া হলেও কিতাপ এৰিবলৈ সাজু নহয়। এই বিশ্বাসক সন্মান জনাবলৈ তেওঁ আদালতৰ দুৱাৰত এতিয়া খটখটাইছে।মেণ্ডেল উমিনাৰৰ জীৱনকাহিনী আচলতে এজন মানুহ আৰু তেওঁৰ কিতাপৰ সম্পৰ্কৰ কাহিনী নহয়; ই জ্ঞানৰ প্ৰতি অদম্য প্ৰেম, স্বাধীন চিন্তাৰ অধিকাৰ আৰু আধুনিক নগৰীয়া কঠোৰ বাস্তৱতাৰ বস্তুবাদী জীৱনৰ মাজত চলি থকা এক সংঘাতৰ দলিল। এফালে নিৰাপত্তা আৰু নিয়মৰ প্ৰয়োজনীয়তা, আনফালে মানুহৰ জ্ঞানচৰ্চাৰ স্বাধীনতা—এই দুয়োটা সত্যৰ মাজতেই তেওঁৰ জীৱনৰ এই অধ্যায় লিখা হৈছে।আদালতে এতিয়ালৈকে ৰায়দান কৰা নাই। তেওঁ কৈছে:
“I thought I’d found peace here, I feel I always need to be learning, because that’s what I think I have to offer the world....My days were spent studying texts in Aramaic, Hebrew and Yiddish, and I sometimes went a whole year without seeing a woman’s face, ..I was always reading what I wanted to read, not only what they wanted me to read. But that’s where you assert yourself. Where you form your opinions. Where you make your own sense of the world.”
সম্ভৱতঃ তেওঁ কিছুদিনৰ বাবে নতুন কিতাপ সংগ্ৰহ কৰাটো কমাব। কিন্তু পঢ়াৰ আকাংক্ষা কেতিয়াও থমকি নৰয়। মেণ্ডেলৰ বিশ্বাস ধন-সম্পদ, খ্যাতি বা ক্ষমতাতকৈও পৃথিৱীলৈ মানুহে আগবঢ়াব পৰা আটাইতকৈ মূল্যৱান উপহাৰ হৈছে জ্ঞান। কিতাপৰ পৃষ্ঠাবোৰৰ জৰিয়তে তেওঁ যেন আমাকো সোঁৱৰাই দিয়ে এইবুলি যে,মানুহৰ প্ৰকৃত ঘৰ ইটাৰে গঢ়া দেৱাল নহয়; মানুহৰ প্ৰকৃত ঘৰ হৈছে সেই জ্ঞানৰ জগত, য'ত চিন্তা কেতিয়াও বন্দী নহয় আৰু শিকাৰ যাত্ৰা কেতিয়াও অন্ত নহয়।
আমি যদি ডিজিটেল যুগত পঢ়াৰ সংস্কৃতি বিশ্বৰ গ্ৰন্থ পাঠৰ নতুন ধাৰা আৰু ভাৰতৰ বাস্তৱতা বিশ্লেষণ কৰোঁ দেখা পাম যে, বিশ্বজুৰি বৰ্তমান গ্ৰন্থপাঠৰ ক্ষেত্ৰত কেইবাটাও নতুন ধাৰা স্পষ্টভাৱে দেখা পোৱা যায়।একবিংশ শতিকাৰ ডিজিটেল বিপ্লৱৰ লগে লগে কিতাপ পঢ়াৰ জগতখন দ্ৰুতভাৱে সলনি হৈছে। স্মাৰ্টফোন, সামাজিক মাধ্যম, কৃত্ৰিম বুদ্ধিমত্তা , অডিঅ'বুক আৰু ই-বুকৰ আগমনে পাঠাভ্যাসৰ ধৰণ, সময় আৰু মাধ্যম—সকলোতে নতুন ৰূপ দিছে। তথাপিও কিতাপৰ মূল্য কমা নাই; পঢ়াৰ পদ্ধতিটোহে সলনি হৈছে। ই-বুক আৰু অডিঅ'বুকৰ জনপ্ৰিয়তা অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে। বহুতো পাঠকে আজিকালি ম'বাইল, টেবলেট বা ই-ৰিডাৰ মাধ্যমত কিতাপ পঢ়িবলৈ সুবিধাজনক বুলি ভাবে। যাতায়াতৰ সময়ত বা ব্যস্ত জীৱনত অডিঅ'বুক বহু লোকৰ নিত্যসঙ্গী হৈ পৰিছে। অনলাইন বুক ক্লাব আৰু পাঠক-সম্প্ৰদায়ৰ উত্থানে বিশ্বব্যাপী পাঠাভ্যাসক নতুন গতি দিছে। সামাজিক মাধ্যমত কিতাপৰ আলোচনা, পৰ্যালোচনা আদিয়ে নতুন প্ৰজন্মকো কিতাপৰ ওচৰলৈ লৈ গৈছে। "বুকটক" বা "বুকষ্টাগ্ৰাম"ৰ দৰে প্লেটফৰ্মে বহু কিতাপ বিশ্বজুৰি জনপ্ৰিয় কৰিছে।
বিশ্বৰ কোন দেশৰ মানুহে আটাইতকৈ বেছি পঢ়ে এই প্ৰশ্নৰ উত্তৰ একেবাৰে সহজ নহয়, কাৰণ বিভিন্ন সমীক্ষাৰ ফলাফল কিছু পৃথক। তথাপিও বহু আন্তঃৰাষ্ট্ৰীয় অধ্যয়নত আইচলেণ্ডক পৃথিৱীৰ অন্যতম সৰ্বাধিক পাঠকপ্ৰিয় দেশ বুলি ধৰা হয়। মাত্ৰ কেইলাখমান জনসংখ্যাৰ দেশখনত প্ৰায় প্ৰতিটো পৰিয়ালৰ নিজৰ গ্ৰন্থাগাৰ আছে। বৰদিনৰ আগতে কিতাপ উপহাৰ দিয়াৰ পৰম্পৰা, ই বিশ্বৰ অন্যতম অনন্য সংস্কৃতি।ইয়াক "খ্ৰীষ্টমাছৰ কিতাপৰ জোৱাৰ"বুলি অভিহিত কৰিছে।দ্বিতীয় বিশ্বযুদ্ধৰ পিছত, বিশেষকৈ ১৯৪৪ চনৰ পৰা আইচলেণ্ডত বৰদিনৰ আগতে নতুন কিতাপ প্ৰকাশ কৰাৰ এক শক্তিশালী ধাৰা গঢ় লৈ উঠিছে। সেই সময়ত আন উপহাৰৰ তুলনাত কিতাপ সহজে উপলব্ধ আছিল আৰু কিতাপ উপহাৰ দিয়াৰ সংস্কৃতি জনপ্ৰিয় হৈ পৰে। লাহে লাহে ই জাতীয় পৰম্পৰালৈ পৰিণত হয়।এই পৰম্পৰা অনুসৰি বৰদিনৰ আগতে নতুন কিতাপ ব্যাপকভাৱে প্ৰকাশ কৰা হয়।পৰিয়াল আৰু বন্ধুবৰ্গই ইজনে সিজনক কিতাপ উপহাৰ দিয়ে।২৪ ডিচেম্বৰৰ নিশা (Christmas Eve) বহুতে গৰম চকলেট, কফি বা চাহৰ সৈতে উপহাৰ পোৱা নতুন কিতাপ পঢ়ি সময় কটায়।আইচলেণ্ডত এই সময়ত কিতাপ বিক্ৰী বছৰৰ আন যিকোনো সময়তকৈ বহু বেছি হয়।এই পৰম্পৰাই আইচলেণ্ডক বিশ্বৰ অন্যতম সৰ্বাধিক পঢ়ুৱৈ দেশ হিচাপে পৰিচিত কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। দেশখনত কিতাপ কেৱল উপহাৰ নহয়; ই জ্ঞান, সংস্কৃতি আৰু পৰিয়ালৰ সম্পৰ্কৰ এক মূল্যৱান প্ৰতীক হৈ পৰিছে।
ইয়াৰ উপৰিও ফিনলেণ্ড, নৰৱে, ছুইডেন আৰু ডেনমাৰ্কৰ দৰে দেশসমূহত পাঠাভ্যাস অত্যন্ত শক্তিশালী। এই দেশসমূহত ৰাজহুৱা গ্ৰন্থাগাৰৰ বিস্তৃত নেটৱৰ্ক, শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে পঢ়াৰ সংস্কৃতি, চৰকাৰী সহায় আৰু উচ্চ সাক্ষৰতাই গ্ৰন্থক পাঠকৰ দৈনন্দিন জীৱনৰ অংশ কৰি তুলিছে।আনহাতে, জাপানত ছপা কিতাপ, আলোচনাপত্ৰ আৰু ডিজিটেল পাঠ—সকলো সমানে জনপ্ৰিয়। দক্ষিণ কোৰিয়াত শিক্ষাৰ ওপৰত গুৰুত্ব আৰু ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰে ই-বুক আৰু অনলাইন শিক্ষাৰ বিস্তাৰ ঘটাইছে। জাৰ্মানী আৰু ফ্ৰান্সতো সাহিত্য উৎসৱ, গ্ৰন্থমেলা আৰু ৰাজহুৱা গ্ৰন্থাগাৰে পাঠক-সমাজ গঢ়ি তোলাত উল্লেখযোগ্য ভূমিকা পালন কৰিছে।
ভাৰততো বিশ্বৰ অন্যতম বৃহৎ প্ৰকাশন বজাৰ আছে। বছৰি বিভিন্ন ভাষাত লাখ, লাখ কিতাপ প্ৰকাশ পায়। নতুন দিল্লীৰ বিশ্ব গ্ৰন্থমেলা, কলকাতা আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলা আদি অনুষ্ঠানত লাখ, লাখ পাঠকৰ সমাগম হয়। বিভিন্ন আঞ্চলিক ভাষাৰ লগতে ইংৰাজী আদি ভাষাৰ গ্ৰন্থই ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যক সমৃদ্ধ কৰিছে।কিন্তু ভাৰতত পাঠাভ্যাসৰ ক্ষেত্ৰত বহু প্ৰত্যাহ্বান আছে। পৰীক্ষাকেন্দ্ৰিক শিক্ষা, স্মাৰ্টফোন আৰু সামাজিক মাধ্যমৰ অতিমাত্ৰা ব্যৱহাৰ, ৰাজহুৱা গ্ৰন্থাগাৰৰ অভাৱ, গ্ৰামাঞ্চলত উচ্চমানসম্পন্ন কিতাপৰ সীমিত যোগান আৰু পৰিয়ালত একেলগে পঢ়াৰ সংস্কৃতি হ্ৰাস পোৱাটো চিন্তাৰ বিষয় বুলি গণ্য হৈছে। বহু শিক্ষাৰ্থীয়ে পাঠ্যপুথিৰ বাহিৰে অন্য কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব নোৱাৰে।অসমৰ ক্ষেত্ৰতো একে ধৰণৰ ছবি দেখা যায়। নতুন প্ৰজন্মৰ মাজত নিয়মীয়া কিতাপ পঢ়াৰ অভ্যাস আগৰ তুলনাত কিছু হ্ৰাস পোৱা বুলি বহু শিক্ষাবিদে মত প্ৰকাশ কৰিছে।
হোৰ্হে লুইছ বৰ্হেছ এজন বিশ্ববিখ্যাত সাহিত্যিক।তেওঁক বিংশ শতিকাৰ আটাইতকৈ প্ৰভাৱশালী সাহিত্যিকসকলৰ অন্যতম বুলি গণ্য কৰা হয়। তেওঁ কৈছিল "মই সদায় কল্পনা কৰোঁ যে স্বৰ্গ যদি ক'ৰবাত থাকে, তেন্তে সেয়া নিশ্চয় এটা গ্ৰন্থাগাৰৰ দৰে হ'ব।"( I have always imagined that Paradise will be a kind of library.)।
সভ্যতাৰ বিকাশত কিতাপ কেৱল জ্ঞানৰ আধাৰ নহয়, ই মানুহৰ চিন্তা, বিবেক, কল্পনা আৰু মানৱতাৰ অন্যতম ভেটি। বিশ্বত এতিয়া বিজ্ঞান, জলবায়ু পৰিৱৰ্তন, মানসিক স্বাস্থ্য, জীৱনী, ইতিহাস, আত্ম-উন্নয়ন, দৰ্শন আৰু উপন্যাসৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে। মানুহে কেৱল মনোৰঞ্জনৰ বাবে নহয়, জীৱনৰ জটিল প্ৰশ্নৰ উত্তৰ বিচাৰি কিতাপৰ আশ্ৰয় লয়।
ভাৰত বাসীয়ে যদি বিশ্বৰ শ্ৰেষ্ঠ পাঠকসমাজৰ সৈতে খোজ মিলাব বিচাৰে, তেন্তে বিদ্যালয়ভিত্তিক পাঠাভ্যাস আন্দোলন, প্ৰতিখন গাঁৱত আধুনিক গ্ৰন্থাগাৰ, শিশুৰ বাবে কিতাপ উপহাৰৰ সংস্কৃতি, ডিজিটেল লাইব্ৰেৰীৰ বিস্তাৰ, মাতৃভাষাত মানসম্পন্ন গ্ৰন্থ প্ৰকাশ আৰু পৰিয়ালত একেলগে পঢ়াৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব। শিক্ষাৰ লক্ষ্য কেৱল চাকৰি লাভ কৰা নহয়; চিন্তাশীল, সহানুভূতিশীল আৰু সৃজনশীল নাগৰিক গঢ়ি তোলাও সমানে গুৰুত্বপূৰ্ণ।ৰোমান দাৰ্শনিক চিচেৰোৰ বিখ্যাত উক্তিটো হ'ল-
"A room without books is like a body without a soul." অৰ্থাৎ, কিতাপবিহীন ঘৰ আত্মাবিহীন দেহৰ দৰে। ডিজিটেল যুগত প্ৰযুক্তি যিমানেই আগবাঢ়ক কিয়, কিতাপৰ সলনি কোনো বস্তুৱেই মানুহৰ অনুভূতি, কল্পনা আৰু প্ৰজ্ঞাৰ গভীৰতাক সম্পূৰ্ণৰূপে প্ৰতিস্থাপন কৰিব নোৱাৰে।
এখন ভাল কিতাপক কেৱল তথ্যৰ ভঁৰাল বুলি গণ্য কৰিব নোৱাৰি; কিতাপে মানুহৰ অন্তৰখনো মুকলি কৰে। কিতাপে মানুহক চিন্তা কৰিবলৈ শিকায়, আনৰ দুখ অনুভৱ কৰিবলৈ শিকায়, মতভেদৰ মাজতো সহমৰ্মিতা বিচাৰি উলিৱাবলৈ শিকায়। এখন উৎকৃষ্ট কিতাপৰ সংস্পৰ্শত আহিলে মানুহ অধিক উদাৰ হয়, অধিক মানৱীয় হয়, অধিক দূৰদৰ্শী হয়। কিতাপৰ পৃষ্ঠাত মানুহে আচলতে নিজৰেই অন্তৰখন পঢ়িবলৈ শিকে।
সেয়েহে এখন উন্নত, জ্ঞানসমৃদ্ধ আৰু মূল্যবোধেৰে উজ্জ্বল সমাজ গঢ়িব বিচাৰিলে আমি কিতাপ পঢ়িবই লাগিব। কিয়নো এটা জাতিৰ প্ৰকৃত সমৃদ্ধি আকাশ চুই যোৱা অট্টালিকাৰ উচ্চতাত জুখিব নোৱাৰি; সেয়া জুখিবলৈ হলে জুখিব লাগিব গ্ৰন্থাগাৰৰ গভীৰতাত, পাঠকৰ মননশীলতাত আৰু জ্ঞানচৰ্চাৰ প্ৰতি থকা শ্ৰদ্ধাবোধত। যিখন সমাজত কিতাপৰ পৃষ্ঠাৰ শব্দৰ সৈতে হৃদয়ৰ সম্পৰ্ক থাকে, সেই সমাজেই সভ্যতাৰ পোহৰৰ শিখা হাতত লৈ আগবাঢ়ে। কিতাপ কেৱল জ্ঞানৰ আধাৰ নহয়; ই মানুহৰ বিবেকৰ আয়না, কল্পনাৰ ডেউকা আৰু মানৱতাৰ দীপশিখা। যুগ সলনি হয়, প্ৰযুক্তিৰ ৰূপ সলনি হয়, যোগাযোগৰ মাধ্যম সলনি হয়, কিন্তু কিতাপৰ পৃষ্ঠাত সঞ্চিত জ্ঞান, অনুভৱ আৰু প্ৰজ্ঞাৰ মূল্য কেতিয়াও ম্লান নহয়।
মেণ্ডেল উমিনাৰৰ কাহিনীটোৱে আমাক পুনৰ এবাৰ সোঁৱৰাই দিছে যে, ডিজিটেল যুগৰ তীব্ৰ গতিবেগৰ মাজতো কিতাপৰ প্ৰতি মানুহৰ অনুৰাগ নিঃশেষ হোৱা নাই। বৰঞ্চ ই নতুন ৰূপত, নতুন মাধ্যমত আৰু নতুন চেতনাৰে পুনৰ আত্মপ্ৰকাশ কৰিছে। দহ হাজাৰ কিতাপৰ মাজত আশ্ৰয় বিচৰা সেই যুৱকৰ জীৱন যেন এক প্ৰতীক—জ্ঞানৰ প্ৰতি অদম্য তৃষ্ণাৰ, স্বাধীন চিন্তাৰ সাহসৰ আৰু শিকি থকাৰ অন্তহীন সাধনাৰ।হোৰ্হে লুইছ বৰ্হেছে কল্পনা কৰা সেই ‘গ্ৰন্থাগাৰৰ দৰে স্বৰ্গ’ হয়তো আজিও ক’ৰবাত জীয়াই আছে য’ত মানুহে কিতাপৰ পৃষ্ঠাত নিজৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সন্ধান বিচাৰে। মেণ্ডেল উমিনাৰৰ কাহিনীয়ে প্ৰমাণ কৰিছে যে মানুহৰ অনন্ত সন্ধান আজিও শেষ হোৱা নাই; কিতাপৰ মাজতেই মানুহে নিজকে আৱিষ্কাৰ কৰে, পৃথিৱীক বুজিবলৈ আৰু জীৱনৰ অৰ্থ বিচাৰি পায়। কিয়নো জ্ঞান, চিন্তা আৰু সৃষ্টিশীলতাৰে গঢ়া মননশীল পৃথিৱীখনেই মানুহৰ প্ৰকৃত বাসস্থান।
ড০শৰৎ বৰকটকী
নগাঁও, অসম ।
ম'বাইল নম্বৰ:৭০০২২৫৮১৭৩


Comments