কবিতা
- কন্দৰ্প কুমাৰ কলিতা
- Aug 2
- 1 min read
আধুনিকতাত নগ্ন সভ্যতা
সভ্য সমাজৰ প্ৰতিনিধিত্ব মই নকৰো
সন্মান ৰক্ষাৰ স্বাৰ্থত
তোমালোকে নৰখা বহু খবৰ মই ৰাখো
কাউৰীয়ে ৰমলিওৱা পুৱা
অৰ্ধনগ্ন অৰ্ধহাৰী শিশুৰ চিঞৰত
টোপনিগধুৰ নগৰখন
জাগ্ৰত হ'ল
আবৰ্জনাৰ দ'মত পেলনীয়া সামগ্ৰী খুচৰি অন্বেষণ কৰে
জীয়াই থকাৰ সম্বল
স্বাধীনতাৰ উনাশী বছৰত
জীৱশ্ৰেষ্ঠ হৃদয়বানৰ নাই দয়া
মমতা কিম্বা দায়বদ্ধতা
আস! কি যে বীভৎস ৰূপ
এখন কাপোৰ, এমুঠি অন্নৰ বাবে
ৰাজপথৰ দাঁতিত
বুকু বিদিৰ্ণ কৰি সংগ্ৰাম
মহানিদ্ৰাৰ আলেখ্য
শোষিত ,লাঞ্ছিত আৰু অপমানত জৰ্জৰিত
সিহঁতে শুনা নাই নিচুকণি গীত
কাষেৰে পাৰ হৈ যোৱা ভদ্ৰলোকৰ
মৰমসনা মাত
শত --দুখ---দীনতাৰ
যাতনাৰে বিদ্ধ
পেটৰ পোৰনিত ভোকৰ উকমুকনি
দুখৰ প্ৰহৰত নিহত হয় তেজাল স্বপ্ন
মগজুৰ দীনতা
শব্দৰ ঝংকাৰ তোলা
কবি মই নহয়
মাথোঁ দুচকুত জিলিকে
স্বদেশ স্বজাতিৰ ভয়াৱহ ভৱিষ্যত ।
কন্দৰ্প কুমাৰ কলিতা
বটদ্ৰৱা,নগাঁও।
দূৰভাষ নং ৭০০৯৯৮ ১০৬৯৩


Comments