top of page

আধুনিকতাত নগ্ন সভ্যতা

সভ্য সমাজৰ প্ৰতিনিধিত্ব মই নকৰো

সন্মান ৰক্ষাৰ স্বাৰ্থত

তোমালোকে নৰখা বহু খবৰ মই ৰাখো

কাউৰীয়ে ৰমলিওৱা পুৱা

অৰ্ধনগ্ন অৰ্ধহাৰী শিশুৰ চিঞৰত

টোপনিগধুৰ নগৰখন

জাগ্ৰত হ'ল

আবৰ্জনাৰ দ'মত পেলনীয়া সামগ্ৰী খুচৰি অন্বেষণ কৰে

জীয়াই থকাৰ সম্বল

স্বাধীনতাৰ উনাশী বছৰত

জীৱশ্ৰেষ্ঠ হৃদয়বানৰ নাই দয়া

মমতা কিম্বা দায়বদ্ধতা

আস! কি যে বীভৎস ৰূপ

এখন কাপোৰ, এমুঠি অন্নৰ বাবে

ৰাজপথৰ দাঁতিত

বুকু বিদিৰ্ণ কৰি সংগ্ৰাম

মহানিদ্ৰাৰ আলেখ্য

শোষিত ,লাঞ্ছিত আৰু অপমানত জৰ্জৰিত

সিহঁতে শুনা নাই নিচুকণি গীত

কাষেৰে পাৰ হৈ যোৱা ভদ্ৰলোকৰ

মৰমসনা মাত

শত --দুখ---দীনতাৰ

যাতনাৰে বিদ্ধ

পেটৰ পোৰনিত ভোকৰ উকমুকনি

দুখৰ প্ৰহৰত নিহত হয় তেজাল স্বপ্ন

মগজুৰ দীনতা

শব্দৰ ঝংকাৰ তোলা

কবি মই নহয়

মাথোঁ দুচকুত জিলিকে

স্বদেশ স্বজাতিৰ ভয়াৱহ ভৱিষ্যত ।


কন্দৰ্প কুমাৰ কলিতা

বটদ্ৰৱা,নগাঁও।

দূৰভাষ নং ৭০০৯৯৮ ১০৬৯৩ 

Recent Posts

See All
কাব্যিক কথকতা

জাতিৰ জনক গুৰু দুজনাৰ অস্থিচয় আজিও পৰিত্যক্ত,অৱহেলিত,অ-সংৰক্ষিত কিয়? মধুপুৰ সত্ৰ,ভেলা সত্ৰ,কোচবিহাৰত আজিও অৱহেলিত কিয় ? শতিকাজোৰা ক্লিষ্টতাৰে আক্ৰান্ত সময় সোঁতত অস্তমিত সূৰুযৰ স্পৰ্শত গুৰু দুজনাৰ অস্থ

 
 
 
বিনিময়

মৰম পালে হৃদয় বীণাত ঝংকাৰিত হয় প্রাপ্তিৰ মহানন্দ বিনিময়ত যাচোঁ এমোকোৰা নিভাঁজ হাঁহি আৰু আলফুলীয়া চেনেহ-সনা পৰশ। মই বোলে দুষ্ট, পিছে দুষ্টৰ লগতহে ! মনত দুখ দিলে প্রতিশোধ লওঁ - হয় কন্দা -কটা কৰি , নহয় উ

 
 
 
উশাহ

হেল্ল’, কোন তুমি? মই? মই--মই । নাম? উপাধি? কোনো নহয়। কীট-পতংগ যিদৰে নিজৰ পথত, নিজৰ গতিত, মই সময় ধূলিৰ খোজত । পৃথিৱীখন নৰয় সুখতো দুখতো কাৰো বাবে কোনোৱেই নৰয় একোৱেই নৰয় । মোৰ নাম, মোৰ ঘৰ, সম্পৰ্ক, পৰিচয়

 
 
 

Comments


bottom of page