top of page

এক অসহায় নিবিড়তা

গভীৰ ৰাতিটো

ক্ৰমশঃ  গভীৰ হৈ আহিল

বৰষুণৰ প্ৰতিটো তীক্ষ্ণ টোপালত

ক্ষত-বিক্ষত হ'ল

মোৰ  হৃদয়ৰ নিৰৱ সত্তা।


ক'ত হেৰাল

সেই আকাংক্ষিত পোহৰ

ক'ত হেৰাল

সেউজীয়া দিনবোৰৰ

হাঁহি আৰু উল্লাস ?


চৌপাশে এতিয়া

নিৰন্ধ্ৰ অন্ধকাৰ

আকাশৰ বিষণ্ণ বুকুত

উলমি ৰৈছে

আঁউসীৰ ক’লা আঁচল ।


মই কেৱল শুনিছোঁ

দূৰ দিগন্তত

জুইফুল ফুলাৰ বাতৰি,

যেন নিৰৱতাৰ বুকুত

এতিয়াও জীয়াই আছে

পোহৰৰ শেষ ঠিকনা ।


আকাশে-বতাহে

শব্দৰ কোলাহল

অসংখ্য শব্দৰ মাজত

নিজকেই বিচাৰি ফুৰিছোঁ

এগছি নুমাই যোৱা বন্তিৰ

শেষ উমখিনি বুকুত সাবটি।


ৰাতিটো গভীৰহৈ গৈ থাকে

বৰষুণে ধুই নিয়ে

স্মৃতিৰ ধূলিবোৰ

জীৱনৰ মাদকতা বিচাৰি

আশাৰ এটি ক্ষীণ পোহৰ

নীৰৱে জ্বলি আছে

এক অসহায় নিৰৱতাৰ মাজত ।



জ্যোতিকা বৰা

কামপুৰ, নগাঁও।

দূৰভাষ নং ৭৬৩৮০১১৫৮৩

Recent Posts

See All
পূজাৰ বতৰ

আহিন আহিলেই পূজা পূজা লাগে , বজাৰত বস্তুৰ জুই চাই দাম , পূজা আজি গৰীবৰ চকুলো ধনীৰ ভোগৰ উৎসৱ। আহিন আহিলেই পূজা পূজা লাগে , শুকুলা আকাশ ,ফৰকাল বতৰ চোতালৰ দূৱৰিত নিয়ৰৰ পৰশ শেৱালিৰ সুবাসে বিলাই ফুৰে পূজা

 
 
 
দুৰ্গোৎসৱৰ আৰম্ভণি....

শৰত আগমনে জনায় সম্ভাষণ দেৱী দুৰ্গাক কৰে ধৰালৈ আমন্ত্ৰণ গিৰিৰাজ হিমালয়ৰ ঔৰষত মেনকা দেৱীৰ গৰ্ভত জন্মি থিতাপি ললে ধৰাত মহাদেৱ হল তেওঁৰ স্বামী নাম ললে ভিন্ন ধৰণে ৰণচণ্ডী, কালী, কাপালি,নৃমণ্ডমালিনী অশুভ

 
 
 
কাঠৰপোক

ইয়াতএখনঅৰণ্যআছিল অৰণ্যৰসেউজীয়াহাঁহিত গোটেইখনজকমকাইছিল। তাতকিছুমানকাঠৰপোকে বাহসাজিছিল। পোকবোৰৰউপদ্ৰৱত অৰণ্যখনইতিহাসহ'ল। এতিয়াতাতনিয়ৰনসৰে ফুলোনুফুলে। কলৰপাতনকঁপে আগলিবতাহত। এহালিচৰাইপাখিতপাখিলগাই পৰ

 
 
 

Comments


bottom of page