top of page

মই অসম

Updated: Mar 4

মই কেৱল এখন মানচিত্ৰ নহয়

মই এটা স্বাস

চাহপাতৰ সুবাসেৰে ভৰা।


মই কেতিয়াবা বৃষ্টিৰ শব্দ

টিনৰ চালত টুপ টাপ কথা কোৱা গল্প

মই পথাৰৰ মাজত দৌৰি ফুৰা

ল'ৰা ছোৱালীৰ হাঁহি

আৰু চহৰৰ যান জঁটত হেৰোৱা সপোন।


মোৰ বুকুত ঢোলৰ তালে তালে

পেঁপাৰ সুৰেৰে জাগে ৰাতি

কেতিয়াবা মই নীৰৱ

ম'বাইলৰ স্ক্ৰলত হেৰাই থকা সময়ৰ দৰে।


মই বানৰ পানীতো খহিব নোৱাৰা আশা

মই জোনাকীৰ দৰে ক্ষুদ্ৰ পোহৰ

তুমি যদি সোধা --"তই কোন?"

মই কওঁ

মই মানুহৰ মৰমেৰে গঢ়া অসম।


অনু কোঁৱৰ সিংহ

নগাঁও, অসম

দূৰভাষ নং : ৮৮২২১ ৮৩২৮৩

Recent Posts

See All
কাব্যিক কথকতা

জাতিৰ জনক গুৰু দুজনাৰ অস্থিচয় আজিও পৰিত্যক্ত,অৱহেলিত,অ-সংৰক্ষিত কিয়? মধুপুৰ সত্ৰ,ভেলা সত্ৰ,কোচবিহাৰত আজিও অৱহেলিত কিয় ? শতিকাজোৰা ক্লিষ্টতাৰে আক্ৰান্ত সময় সোঁতত অস্তমিত সূৰুযৰ স্পৰ্শত গুৰু দুজনাৰ অস্থ

 
 
 
বিনিময়

মৰম পালে হৃদয় বীণাত ঝংকাৰিত হয় প্রাপ্তিৰ মহানন্দ বিনিময়ত যাচোঁ এমোকোৰা নিভাঁজ হাঁহি আৰু আলফুলীয়া চেনেহ-সনা পৰশ। মই বোলে দুষ্ট, পিছে দুষ্টৰ লগতহে ! মনত দুখ দিলে প্রতিশোধ লওঁ - হয় কন্দা -কটা কৰি , নহয় উ

 
 
 
উশাহ

হেল্ল’, কোন তুমি? মই? মই--মই । নাম? উপাধি? কোনো নহয়। কীট-পতংগ যিদৰে নিজৰ পথত, নিজৰ গতিত, মই সময় ধূলিৰ খোজত । পৃথিৱীখন নৰয় সুখতো দুখতো কাৰো বাবে কোনোৱেই নৰয় একোৱেই নৰয় । মোৰ নাম, মোৰ ঘৰ, সম্পৰ্ক, পৰিচয়

 
 
 

Comments


bottom of page