top of page

ভাৰতীয় কৃষিৰ বিবৰ্তন


ভাৰতবৰ্ষৰ কৃষিৰ পৰম্পৰা অতি প্ৰাচীন। ভাৰতীয় সভ্যতা, সংস্কৃতি, পৰম্পৰা, জীৱনশৈলী আৰু চিন্তাধাৰাৰ এক অবিচ্ছেদ্য অংগ হৈছে-কৃষি। কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই ভাৰতবৰ্ষৰ প্ৰাচীনতম সভ্যতাসমূহ পৰিস্ফুট হৈ পৰিছিল। বৰ্তমান সময়ত ভাৰতীয় কৃষিয়ে প্ৰাচীন শিপাৰ পৰা আধুনিক ৰূপান্তৰৰ মাজেৰে আহি প্ৰযুক্তিচালিত আশাব্যঞ্জক ভৱিষ্যতৰ দিশে অগ্ৰসৰ হৈছে। পৰম্পৰা আৰু প্ৰযুক্তিৰ এই সন্ধিক্ষনত ভাৰতীয় কৃষি কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইয়াৰ ভিতৰত ৰাসায়নিক সাৰৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস, জলবায়ু পৰিৱৰ্তনে কঢ়িয়াই অনা বিভিন্ন প্ৰত্যাহ্বান অন্যতম।


ভাৰতীয় কৃষিৰ বৈদিক যুগ আৰু প্ৰাচীন প্ৰজ্ঞা


প্ৰাচীন ভাৰতৰ ঋকবেদ, যজুৰ্বেদ আদি বৈদিক গ্ৰন্থ সমূহত কৃষিৰ বিষয়ে বিতংকৈ আলোচনা কৰা হৈছে। তদুপৰি প্ৰাচীনতম গ্ৰন্থ "শতপথ ব্ৰাহ্মণ"ত সেই যুগৰ চাৰি ধৰণৰ কৃষি পদ্ধতিৰ বিষয়ে উল্লেখ আছে- মাটি চহোৱা, বীজ সিঁচা, শস্য চপোৱা আৰু মৰণা মৰা। সেই সময়ৰ বৈদিক গ্ৰন্থত পোৱা উদ্ধৃতি অনুসৰি- “কৃষিধৰ্ন্যা‌ কৃষিৰ্মেধ্যা জন্তনাং জীৱনং কৃষিঃ“ অৰ্থাৎ কৃষি হৈছে পবিত্ৰ আৰু সকলো প্ৰাণীৰে জীৱন। আৰ্যসকলৰ আগমনৰ পাছৰে পৰাই ভাৰতত কৃষি পদ্ধতিৰ সূচনা হয়। নাঙল আছিল সেই সময়ৰ প্ৰধান কৃষি সজুঁলি।আৱিষ্কৃত তথ্য অনুসৰি, ভাৰতীয় কৃষিৰ ইতিহাস প্ৰায় ১১০০০ বছৰতকৈ অধিক পুৰণি। নৱ প্ৰস্তৰ যুগৰ পৰাই ইয়াৰ সূচনা হৈছিল আৰু ইয়াৰ প্ৰমাণ বৰ্তমান পাকিস্তানত অৱস্থিত মেহৰগড়ত (৮০০০-৬০০০ খীষ্টপূৰ্ব) পোৱা গৈছে।


বৈদিক যুগ (খ্ৰীষ্টপূৰ্ব ১৫০০-৫০০) ভাৰতীয় কৃষিৰ বাবে এক পৰিৱৰ্তনশীল যুগ হিচাপে পৰিগণিত হৈছিল। সেই সময়ৰ অৰ্থনীতি কৃষি আৰু পশুপালনৰ ওপৰত আধাৰিত আছিল। লাহে লাহে যাযাবৰী সমাজ খন স্থায়ী ভাবে এক অঞ্চলত বসবাস কৰিবলৈ লয়। ঘেঁহু আৰু যৱ প্ৰাথমিক খাদ্য শস্য হিচাপে স্থান অধিকাৰ কৰে। খ্ৰীষ্টপূৰ্ব ১০০০ চনৰ পিছত সম্প্ৰদায়সমূহ যাযাবৰী জীৱনশৈলীৰ পৰা বসতিপ্ৰধান জীৱনশৈলীলৈ পৰিৱৰ্তন হোৱাৰ লগে লগে কৃষিয়ে সৰ্বোচ্চ গুৰুত্ব লাভ কৰে আৰু ভাৰতীয় পথাৰত ধানে প্ৰথমবাৰৰ বাবে আবিৰ্ভাৱ ঘটায়।এই যুগৰ কৃষকসকলে বিভিন্ন মাটিৰ প্ৰকাৰ চিনাক্তকৰণ, শস্যৰ আৱৰ্তন বুজি পোৱা আৰু মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জৈৱিক গোবৰ ব্যৱহাৰ কৰাত উল্লেখযোগ্য কৌশল প্ৰদৰ্শন কৰিছিল। বৈদিক কৃষি ব্যৱস্থাই শস্য উৎপাদনৰ সকলো প্ৰধান পৰ্যায় সামৰি লৈছিল।


পৰম্পৰাগত বহনক্ষম কৃষি পদ্ধতি


পৰম্পৰাগত ভাৰতীয় কৃষি শতিকাজুৰি প্ৰকৃতিৰ সৈতে মিল থকা এক উল্লেখযোগ্য বহনক্ষম ব্যৱস্থালৈ বিকশিত হৈছিল। পৰিবেশ বহনক্ষম কৃষি পদ্ধতিৰ ভিতৰত মূলতঃ আৱৰ্তন শস্য, মিশ্ৰিত শস্য, কৃষি বন ব্যৱস্থা, জৈৱিক কৃষি পদ্ধতি, জল আৰু থলুৱা বীজৰ সংৰক্ষণ উল্লেখনীয় আছিল। ইয়াৰ বাবে কৃষকসকলে মাটিৰ উৰ্বৰতা বৰ্তাই ৰাখিবলৈ একেখন পথাৰতে পৰ্যায়ক্ৰমে শস্য উৎপাদন কৰিছিল। একেলগে একাধিক শস্যৰ খেতিৰ ফলত জৈৱ বৈচিত্ৰতা বৃদ্ধি পাইছিল আৰু কীট পতংগৰ আশংকা হ্ৰাস পাইছিল। তদুপৰি শস্য আৰু পশুধনৰ সৈতে বৃক্ষৰ একত্ৰীকৰণৰ দ্বাৰা এক কৃষি বন ব্যৱস্থা গঢ়ি তোলা হৈছিল যাৰ যোগেদি মাটি সংৰক্ষণ, জৈৱ বৈচিত্ৰৰ উন্নতি তথা একাধিক আয়ৰ ধাৰা সৃষ্টি হৈছিল। আধুনিক জৈৱিক আন্দোলনৰ বহু আগতেই ভাৰতীয় কৃষকসকলে মাটি সমৃদ্ধ কৰিবলৈ পচন সাৰ, সেউজীয়া গোবৰ, আৰু পশুৰ আৱৰ্জনা ব্যৱহাৰ কৰিছিল। প্ৰাকৃতিক কীট-পতংগ নিয়ন্ত্ৰণ পদ্ধতিত নিমৰ নিষ্কাশন আৰু হাতেৰে অপতৃণ নাশ কৰাৰ ব্যৱস্থা কৰা হৈছিল। উত্তৰাখণ্ডৰ বিখ্যাত বৰাহ্নাজা ব্যৱস্থাকে ধৰি পৰম্পৰাগত পানী সংগ্ৰহ ব্যৱস্থাই বিভিন্ন জলবায়ু পৰিস্থিতিত জলসম্পদ পৰিচালনাৰ কৌশলী পদ্ধতি প্ৰদৰ্শন কৰিছিল।: কৃষকসকলে স্থানীয় পৰিস্থিতিৰ লগত খাপ খুৱাই থলুৱা বীজৰ জাতসমূহ সাৱধানে সংৰক্ষণ আৰু ৰোপণ কৰিছিল, যাৰ ফলত স্থানীয় কীট-পতংগ আৰু জলবায়ুৰ তাৰতম্যৰ বিৰুদ্ধে স্থিতিস্থাপকতা নিশ্চিত হৈছিল।এই পৰম্পৰাগত কৃষি পদ্ধতি সমূহে এক বৃহত্তৰ পৰিবেশ ব্যৱস্থাৰ যোগেদি সামগ্ৰিক ভাবে ভাৰতীয় কৃষি দৰ্শনক প্ৰতিনিধিত্ব কৰিছিল। কৃষিৰ এই প্ৰজ্ঞাই ভাৰতীয় সভ্যতাক হাজাৰ বছৰ ধৰি পৰিবেশ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে জনসাধাৰণক সজাগ কৰি তোলাত অৰিহণা যোগাই আহিছিল।


ভাৰতীয় কৃষিৰ আধুনিক ৰূপান্তৰ আৰু সেউজ বিপ্লৱ


বিভিন্ন বিৱৰ্তনৰ মাজেদি আহি ভাৰতীয় কৃষিয়ে স্বাধীনোত্তৰ কালত এক নতুন দিশেৰে গতি লাভ কৰে। স্বাধীন ভাৰতত ভয়াবহ খাদ্য নাটনিৰ সমস্যাই দেখা দিয়ে। ইয়াৰ মুখ্য কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ অৰ্থনৈতিক নীতি। সেইসময়ত খাদ্য শস্যৰ খেতিতকৈ নগদ শস্য যেনে কপাহ, মৰাপাট, নীল আদিৰ খেতিত বিশেষ মনোনিবেশ কৰা হৈছিল। ভাৰতৰ স্বাধীনতাৰ ঠিক আগে আগে হোৱা বংগ দুৰ্ভিক্ষত বহু লাখ মানুহ মৃত্যু মুখত পৰে। স্বাধীনোত্তৰ কালত জনসংখ্যা বৃদ্ধি, কৃষিত নতুন বিজ্ঞানসন্মত প্ৰযুক্তিৰ অভাৱ, সময়াৰ লগত খাপ খোৱা সঁজুলিৰ নাটনি আদি বিভিন্ন উপাদানৰ ফলত খাদ্য শস্যৰ নাটনিৰ সমস্যাই দেখা দিয়ে। ১৯৫০-৫১ চনত উৎপাদন মাত্ৰ ২.৫ কোটি টন হৈছিল আৰু খাদ্য আমদানিৰ ওপৰত অধিক নিৰ্ভৰশীল আছিল। ইয়াৰোপৰি খৰাং, বানপানী আদি প্ৰাকৃতিক দুৰ্যোগৰ ফলটো বহু শস্য নষ্ট হৈছিল।


ষাঠিৰ দশকৰ শেষৰ ফালে ভাৰতত আৰম্ভ হোৱা সেউজ বিপ্লৱৰ ফলত ভাৰতীয় কৃষি ক্ষেত্ৰত ব্যাপক হাৰত মৌলিক পৰিৱৰ্তনৰ সূচনা হয়। এই কৃষি বিপ্লৱৰ নেতৃত্ব প্ৰদান কৰিছিল ডঃ এম. স্বামীনাথনে। তেখেতক ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ হিচাপে জনা যায়। তেখেতে আমেৰিকান কৃষি বিজ্ঞানী নৰ্মান বৰলাউগৰ লগত লগ লাগি ভাৰতৰ কৃষিৰ আধুনিকীকৰণৰ ৰূপৰেখা প্ৰস্তুত কৰে। এই বিপ্লৱৰ ফলস্বৰূপে উচ্চ ক্ষমতাসম্পন্ন বীজ (HYV), ৰাসায়নিক সাৰ, কীটনাশক আৰু অত্যাধুনিক জলসিঞ্চন ব্যৱস্থাৰ সুত্ৰপাট ঘটে। প্ৰাৰম্ভিক স্তৰত পৰীক্ষামূলকভাৱে বিভিন্ন উচ্চ ক্ষমতাসম্পন্ন বীজৰ খেতি কৰা হয় আৰু এক উল্লেখযোগ্য সফলতা লক্ষ্য কৰা যায়।


সেউজ বিপ্লৱৰ প্ৰথম পৰ্যায়ত উন্নত জলসিঞ্চন ব্যৱস্থাৰ আন্তঃগাঁথনি থকা যেনে পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আদি ৰাজ্যত ঘেঁহুৰ খেতিত বিশেষ মনোনিবেশ কৰা হয়। ইয়াৰ ফলত দেখা যায় যে কেৱল এবছৰৰ ভিতৰতে শস্যৰ উৎপাদন ১ কোটি ৭০ লাখ টনলৈ বৃদ্ধি পায়। ১৯৭১ চনলৈকে মুঠ শস্য উৎপাদন ১০৪ মিলিয়ন টন হয়গৈ আৰু ই আছিল ১৯৬৫-৬৬ চনৰ খৰাং বছৰৰ তুলনাত প্ৰায় ৪০% বেছি। ১৯৮০ চনলৈকে এই পৰিমাণ ১০ কোটি টনলৈ বৃদ্ধি পায়।


সেউজ বিপ্লৱৰ দ্বিতীয় পৰ্যায়ত (১৯৮০-১৯৯১) পশ্চিম বংগ, বিহাৰ, অসম আৰু উপকূলীয় আৰ্দ্ৰ অঞ্চলসমূহত ধানৰ উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছিল। সেউজ বিপ্লৱৰ ফলত ভাৰতবৰ্ষ খাদ্য উৎপাদনত স্বাৱলম্বী হৈ পৰে আৰু বিদেশলৈ খাদ্য ৰপ্তানি আৰম্ভ হয়।

কৃষি বিপ্লৱৰ এই সফলতাৰ পাছতো ইয়াৰ কিছু বিৰূপ প্ৰভাৱ পৰিস্ফুট হৈ উঠিছে। ৰাসায়নিক সাৰৰ অত্যাধিক ব্যৱহাৰৰ ফলত মাটিৰ স্বাস্থ্যৰ গুণাগুণ কমি আহিবলৈ ধৰে আৰু উৰ্বৰতা বহু পৰিমাণে হ্ৰাস পায়। ইয়াৰোপৰি ই পানীৰ গুণাগুণত ব্যাপক প্ৰভাৱ পেলায়। ভূগৰ্ভস্থ পানীৰ নাটনি হোৱা পৰিলক্ষিত হয়। তদুপৰি ই মানৱ স্বাস্থ্যটো অত্যধিক বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে।


আমি আগতেই উল্লেখ কৰি আহিছোঁ যে, ভাৰতবৰ্ষৰ পৰম্পৰাগত কৃষি আছিল পৰিৱেশ অনুকূল আৰু বহনক্ষম। কিন্তু কৃষিৰ আধুনিকীকৰণৰ ফলত এই পদ্ধতি যথেষ্ট পৰিমাণে পৰিৱেশ সংবেদনশীল হৈ পৰিছে। ৰাসায়নিক সাৰৰ অত্যাধিক প্ৰয়োগৰ ফলত মানৱ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পৰিছে আৰু নতুনকৈ বহনক্ষম কৃষি ব্যৱস্থাৰ চিন্তা চৰ্চা আৰম্ভ হৈছে। এই ক্ষেত্ৰত জৈৱিক কৃষি পদ্ধতিৰ বিকাশ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে।


সাম্প্ৰতিক কালৰ ভাৰতীয় কৃষি: প্ৰত্যাহ্বান আৰু প্ৰত্যাশা


বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ হৈ ২০২৪-২৫ চনৰ হিচাপত ভাৰতীয় কৃষিয়ে কৃতিত্ব আৰু স্থায়ী প্ৰত্যাহ্বানৰ এক জটিল সন্ধিক্ষনত উপনীত হৈছেহি। কৃষিখণ্ডই ভাৰতৰ জিডিপিত প্ৰায় ১৮% অৰিহণা যোগোৱাৰ বিপৰীতে প্ৰায় ৪৬% শ্ৰমিক শক্তিক নিয়োজিত কৰিছে। ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪২.৩% কৃষিৰ ওপৰত নিৰ্ভৰশীল। ভাৰতত খাদ্য শস্যৰ উৎপাদন আকৰ্ষণীয় মাত্ৰাত বৃদ্ধি পাইছে। শেহতীয়া তথ্য অনুসৰি ২০২৪-২৫ বৰ্ষত প্ৰায় ৩৫৩.৯৬ মিলিয়ন টন শস্যৰ উৎপাদন হৈছে , যাৰ পৰিমাণ ২০১৩-১৪ চনত ২৪৬.৪২ মিলিয়ন টন আছিল। বৰ্তমান ভাৰত বিশ্বৰ ভিতৰত গাখীৰ, মছলা, দাইল, চাহ, কাজু আৰু মৰাপাটৰ সৰ্বোচ্চ উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। চাউল, ঘেঁহু, ফল মূল, শাক পাচলি, চুপাৰি আৰু কপাহৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম উৎপাদক।


আধুনিক প্ৰযুক্তি গ্ৰহণৰ ক্ষেত্ৰত ভাৰতে যথেষ্ট প্ৰগতি লাভ কৰিছে। কৃষক মোবাইল এপৰ ব্যৱহাৰ ২৯% ৰ পৰা ৬২% লৈকে বৃদ্ধি পাইছে। ইয়াৰোপৰি মুঠ শস্যৰ প্ৰায় ৬২% উন্নত জলসিঞ্চন ব্যৱস্থাৰ দ্বাৰা পৰিচালিত হৈছে।

উল্লেখযোগ্য অগ্ৰগতিৰ পিছতো ভাৰতীয় কৃষিয়ে ভয়ংকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ ফলত দেখা দিয়া বতৰৰ চৰম অৱস্থা যেনে অস্বাভাৱিক বাৰিষা, বৰষুণৰ আৰ্হিৰ পৰিৱৰ্তন আদিয়ে কৃষি উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস কৰিছে। তদুপৰি ভূমিৰ গুণাগুণ হ্ৰাস, মাটিত পুষ্টিকৰ উপাদানৰ অভাৱ, মাইক্ৰ প্লাষ্টিক প্ৰদূষণ আদিয়েও উৎপাদনত প্ৰভাৱ পেলায়। জলবায়ু পৰিৱৰ্তনৰ ফলত অসমৰ চাহ উদ্যোগৰ ব্যাপক ক্ষতি সাধন হৈছে। অতিমাত্ৰা গৰম আৰু বৰষুণৰ অভাৱৰ ফলত অসমৰ চাহৰ উৎপাদন তথা মানদণ্ড হ্ৰাস পাইছে। উষ্ণতা বৃদ্ধিয়ে শস্যত তাপৰ চাপৰ সৃষ্টি কৰে, যাৰ ফলত ফুল ফুলা আৰু শস্যৰ বিকাশত ব্যাঘাত জন্মে, বিশেষকৈ ঘেঁহু, ধান, কুঁহিয়াৰৰ দৰে খাদ্যত প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে, ভাৰতত ঘেঁহুৰ উৎপাদন তাপমাত্ৰা বৃদ্ধিৰ লগত নিৰ্ভৰশীল। তাপমাত্ৰা ২.৫ ৰ পৰা ৪.৯ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হ’লে, উৎপাদন ৪১-৫২% হ্ৰাস পাব পাৰে। অত্যধিক তাপমাত্ৰাই পশুধনৰ উৎপাদনশীলতা আৰু স্বাস্থ্যও হ্ৰাস কৰে।


বৰ্তমান সময়ত কৃষি কৌশলৰ উল্লেখযোগ্য বিকাশ উন্নত ডিজিটেল, জৈৱিক, আৰু অভিযান্ত্ৰিক উদ্ভাৱনৰ ওপৰত নিৰ্ভৰশীল। ভৱিষ্যতৰ কৃষিৰ প্ৰযুক্তিগত অগ্ৰগতিৰ ক্ষেত্ৰত আমি কৃত্ৰিম বুদ্ধিমত্তা আৰু IoT, ড্ৰোন প্ৰযুক্তি, উপগ্ৰহ নিৰীক্ষণ, উলম্ব কৃষি, যান্ত্ৰিকীকৰণ আৰু স্বয়ংক্ৰিয়কৰণ, ৰবটৰ প্ৰয়োগ আদিৰ বিষয়ে উল্লেখ কৰিব পাৰোঁ। বহুক্ষেত্ৰত এই প্ৰযুক্তি সমূহ চালুকীয়া অৱস্থাতে আছে আৰু এই ক্ষেত্ৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ উন্নত গৱেষণা চলি আছে। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা সুৰক্ষিত হবলৈ বৰ্তমান জলবায়ু স্থিতিস্থাপক কৃষি পদ্ধতিৰ বিকাশ ঘটিছে। জলবায়ু স্থিতিস্থাপক উন্নত বীজ আদিৰ উদ্ভাৱনে এক নতুন দিগন্তৰ সূচনা কৰিছে। জলবায়ু স্মাৰ্ট কৃষি ব্যৱস্থাত আধুনিক আৰু থলুৱা কৌশল প্ৰয়োগ কৰি জলবায়ুৰ অভিযোজন, নিৰ্গমন প্ৰশমন আৰু খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰিব পৰা যায়।


বৈদিক যুগৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ ভাৰাতীয়া কৃষিয়ে এক সুদীৰ্ঘ তথা জটিল পৰিক্ৰমা কৰিছে। উপনিবেশিক সাম্ৰাজ্যৰ নীতিৰ পৰা উৎপন্ন হোৱা দুৰ্ভিক্ষৰ পৰা সেউজ বিপ্লৱৰ মাজেদি আহি বৰ্তমান প্ৰযুক্তিগত অগ্ৰগতিৰ দিশেৰে আগুৱাই যোৱা ভাৰতীয় কৃষি এতিয়া অধিক শক্তিশালী আৰু আত্মনিৰ্ভৰশীল হৈ পৰিছে। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ ফলত ভাৰতীয় কৃষিৰ ভৱিষ্যত উৎপাদনশীলতা আৰু বহনক্ষমতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব। জলবায়ু স্থিতিস্থাপক কৃষি পদ্ধতিৰ বিকাশ, উন্নত পানী যোগান, জৈৱিক কৃষি পদ্ধতিৰ বিকাশ আদি বৰ্তমান সময়ৰ আহ্বান। আধুনিক বিজ্ঞান আৰু সৰ্বাংগীন নীতিৰ সৈতে পৰম্পৰাগত প্ৰজ্ঞাক একত্ৰিত কৰি ভাৰতীয় কৃষিয়ে এক স্থিতিস্থাপক, বহনক্ষম, আৰু উদ্ভাৱন-চালিত খণ্ডলৈ বিকশিত হৈ খাদ্য, পুষ্টি আৰু পৰিৱেশৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হ’ব।


ডঃ শশাংক শেখৰ বৰকটকী

পৰামৰ্শদাতা, গুৱাহাটী শাখা, ভাৰতীয় মানক ব্যুৰো', 

ভাৰত চৰকাৰ

দূৰভাষ নং: +৯১-৯৭০৬৮৪৭০৭৫

Comments


bottom of page