বিদ্যালয়: এখন বৃহৎ সমাজৰ এটি ক্ষুদ্ৰ সংস্কৰণ
- নমিতা হাজৰিকা
- 1 day ago
- 2 min read

বৰ্তমান যুগত বিদ্যালয় কেৱল জ্ঞান অৰ্জন আৰু মানসিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰ বুলি ভাবিব নোৱাৰি । প্ৰকৃত পক্ষে বিদ্যালয়ক এখন সমাজৰ লগতহে তুলনা কৰিব পাৰি। প্ৰগতিবাদী শিক্ষাবিদ সকলেও বিদ্যালয় এখনক বৃহৎ সমাজৰ প্ৰতিচ্ছবি আৰু ক্ষুদ্ৰ সংস্কৰণ বুলি অভিহিত কৰিছে। একমাত্ৰ বিদ্যালয়ৰ মাজতেইহে বৃহত্তৰ সমাজ জীৱনৰ প্ৰতিফলন সম্ভৱ।
আমেৰিকাৰ সমাজবাদী দাৰ্শনিক ডিউইয়ে কৈছিল "শিক্ষা অকল জীৱনৰ প্ৰস্তুতিয়ে নহয় শিক্ষাই জীৱন"। এতেকে শিক্ষাৰ বুকুত জীৱন প্ৰতিফলিত হ'ব লাগিব। পাৰ্চিনানে বিদ্যালয় হ'ব লাগিব এখন কৃত্ৰিম সমাজ আৰু ইয়াত সমাজৰ মংগলজনক গুৰুত্বপূৰ্ণ দিশটোহে প্ৰতিফলিত হয় ।
পেষ্টালজীয়ে কৈছিল "স্কুল এনে হ'ব লাগিব য'ত ঘৰুৱা জীৱনৰ কামবোৰ প্ৰতিফলিত হ'ব লাগিব"। সেইবোৰ হ'ল নিজৰ দৈনন্দিন জীৱনত আৱশ্যকীয় যেনে - হাতখন চাবোনেৰে ধোৱা, জোতাযোৰ পৰিপাটিকৈ পিন্ধা, কাপোৰযোৰ পৰিপাটিকৈ পিন্ধা, ইত্যাদি কামবোৰ সৰলতা, পবিত্ৰতা আৰু সুন্দৰ ভাৰসাম্য বজাই ৰখা এখন বিশেষ সমাজ।
ভৱিষ্যতে দায়িত্বপূৰ্ণ জীৱন ক্ষেত্ৰত প্ৰৱেশ কৰাৰ আগতে শিক্ষকক সেই গুৰুত্বপূৰ্ণ জীৱন সংগ্ৰামৰ কাৰনে প্ৰয়োজনীয় জ্ঞান আৰু ৰীতি-নীতি দীক্ষিত কৰি উপযুক্ত ভাবে প্ৰস্তুত কৰিব পাৰে । একমাত্ৰ বিদ্যালয়ে নীতি-নিয়মৰ মাজেৰে কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি খেলা-ধূলা, নৃত্য-গীত সংস্কৃতি আদি কৰ্মসূচীত সক্ৰিয়ভাৱে যোগদান কৰি শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ সামাজিক পৰিবেশত নিজক ভৱিষ্যতৰ কাৰণে প্ৰস্তুত কৰে । সামাজিক জীৱনত দক্ষতা আৰু সাফল্য লাভৰ কাৰণে শিক্ষাৰ্থীৰ মনত কৰ্তব্যবোধ, দায়িত্বজ্ঞান শৃঙ্খলাবোধ ইত্যাদি জাগৃত কৰিবৰ কাৰণে বিদ্যালয়ৰ পৰিৱেশ অতি প্ৰশস্ত । উপৰোক্ত দায়িত্ববোৰ পূৰন কৰিবলৈ হ'লে বিদ্যালয়ে সমাজৰ পৰা প্ৰাণশক্তি আহৰণ কৰি সমাজৰ কৰ্ম আচৰণ আৰু প্ৰয়োজনীয় অৱস্থা সমূহ ইয়াৰ বিভিন্ন কাৰ্যসূচীত প্ৰতিফলিত কৰিব লাগিব। স্কুলৰ সামাজিক পৰিবেশৰ সামঞ্জস্য ৰক্ষা কৰিব লাগিব। তেতিয়াহে স্কুলৰ সামাজিক পৰিবেশত লাভ কৰা জ্ঞান, ক্ষমতা আৰু দক্ষতা শিক্ষাৰ্থীয়ে নিজৰ সামাজিক জীৱনতো প্ৰয়োগ কৰিব পাৰিব।
বিদ্যালয়ক সমাজৰ ক্ষুদ্ৰ সংস্কৰণ হিচাবে গ্ৰহণ কৰা চিন্তাধাৰাক বিশ্লেষণ কৰিলে এখন বিদ্যালয়ে সমাজৰ শিক্ষামূলক উদ্দেশ্য সমূহ পুৰন কৰে সেই কথা স্পষ্টভাবে ওলাই পৰে।বিদ্যালয়ৰ ভিতৰত বাস্তৱ জীৱনক প্ৰতিফলিত কৰি আৰু বাস্তৱ পৰিস্থিতিত বাস্তৱ অভিজ্ঞতা দান কৰি শিক্ষাৰ্থীক জীৱন উপযোগী শিক্ষাদান কৰাটো । সমাজধৰ্মী পৰিবেশ সৃষ্টিৰ দ্বাৰা বিদ্যালয়ে শিক্ষাৰ্থী সকলক সামাজিক আচৰণৰ শিক্ষা দিব লাগে। বিদ্যালয় সমাজৰ আন এটি উদ্দেশ্য হ'ল সমাজ সংস্কাৰ । সমাজত শিপাই ধৰা দুৰ্নীতি অস্পৃশ্যতা ইত্যাদি দূৰ কৰাৰ উপায়ো বিদ্যালয় সমাজে উদ্ভাৱন কৰি বৃহত্তৰ সমাজক সংস্কাৰৰ পথ প্ৰদৰ্শন হ'ব লাগে। অপৰিনত শিক্ষাৰ্থীৰ জন্মগত সৃজনী শক্তিৰ বিকাশ কৰি বৃহত্তৰ সমাজ আৰু সভ্যতাৰ অগ্ৰগতিত অৰিহণা যোগোৱাটোও বিদ্যালয় সমাজৰ এটি প্ৰধান উদ্দেশ্য। বিদ্যালয় সমাজৰ আন এটি উদ্দেশ্য হ'ল জীৱন প্ৰস্তুতি । অকল পাঠ্যপুথিৰ জ্ঞানৰ দ্বাৰা এই উদ্দেশ্য পূৰণ নহয় । তাৰ কাৰণে প্ৰয়োজন জীৱনৰ প্ৰকৃত জ্ঞান, অভিজ্ঞতা, বাস্তৱ পৰিস্থিতি সমস্যা সমাধানৰ দক্ষতা আৰু বিভিন্ন কৌশলেৰে জটিল পৰিবেশত সদ্গতি বিধানৰ দক্ষতা । যুগ-যুগ ধৰি সঞ্চিত হৈ থকা পূৰ্বপুৰুষ সকলৰ ভাৱধাৰা, আদৰ্শ, কীৰ্ত্তি কাহিনী, সাহিত্য, কলা-কৃষ্টি, সংস্কৃতি আদি ভাবি কালৰ উত্তৰাধিকাৰী সকললৈ হস্তান্তৰ কৰাৰ দায়িত্ব বিদ্যালয় সমাজে গঠন কৰে ।
শিশুৰ ব্যক্তিসত্ত্বাৰ সমস্ত দিশত বিকাশ সাধন কৰি এখন সুস্থ সমাজ গঢ়ি তোলাটোও বিদ্যালয় সমাজৰ এটি প্ৰধান উদ্দেশ্য । আধুনিক বিদ্যালয়বোৰত বাস্তৱ অভিজ্ঞতাৰ মাধ্যমত গণতান্ত্ৰিক প্ৰক্ৰিয়া সম্পৰ্কে শিক্ষাৰ্থীক জ্ঞান দান কৰি গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাৰ উপযুক্ত নাগৰিক কৰি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হয় । বিদ্যালয়ত সমাজৰ শিক্ষামূলক উদ্দেশ্য সমূহ স্পষ্টভাবে থকাৰ বাবেই পঢ়াশালি খন আমাৰ সমাজৰ এটি ক্ষুদ্ৰ সংস্কৰণ বুলি ক'ব পাৰি ।
নমিতা হাজৰিকা,
কলিয়াবৰ ,নগাঁও।
দূৰভাষ নং ৭০৮৬০৫২১০১




Comments