top of page

তোমাৰ অনুভৱত মই

দিক-বিদিক হেৰুওৱাৰ যন্ত্ৰণাত

এবুকু বেদনাই জহিছে,

নিৰাপত্তাহীনতাত ভুগিছোঁ


আউল লগা সময়বোৰে

আঁত বিচাৰি বাটকুৰি বাইছে

পথ-উপপথৰ প্ৰতি কোণত


দূৰণিত থাকিলেও

প্ৰতি ক্ষণত তুমি অনুভৱৰ দলিচাত

মোৰ অনুভৱত মাথোঁ তুমি


আবেলিৰ পৰত বতাহৰ গতিত 

নিভাঁজ প্ৰেমৰ মতলীয়া সুৰ এটি 

কাণত বাজি উঠে


ফাগুনৰ পছোৱাজাকে 

মৰমবোৰ উৰুৱাই আনিব

শিমলু-পলাশে প্ৰাণ উজাৰি যাচিব


'তোমাৰ অনুভৱত মাথোঁ মই'

তুমি কোৱা বাক্যশাৰীয়ে 

অনুভৱ কৰাই তোমাৰ মৰমৰ সত্তাক।


ৰশ্মি ৰেখা দুৱৰা

ডিব্ৰুগড়, অসম ।

দূৰভাষ নং :৬০০০৬৮২১৮৩

Recent Posts

See All
প্ৰেম

মোৰ বুকুৰ মাজত আজিও জ্বলি আছে সেই প্ৰাচীন জুইকুৰা। ৰন্ধ্ৰে ৰন্ধ্ৰে অনুভৱ কৰোঁ যাৰ দহন । সময়েও নিৰ্বাপিত কৰিব নোৱাৰা উদ্ভাসিত প্ৰেমৰ শিখা । চেতনাৰ চোতালত জপিয়াই উঠে যুৱক স্বপ্ন মই তৰুণ মই তৰুণ। হেলাৰ

 
 
 
এক অসহায় নিবিড়তা

গভীৰ ৰাতিটো ক্ৰমশঃ গভীৰ হৈ আহিল বৰষুণৰ প্ৰতিটো তীক্ষ্ণ টোপালত ক্ষত-বিক্ষত হ'ল মোৰ হৃদয়ৰ নিৰৱ সত্তা। ক'ত হেৰাল সেই আকাংক্ষিত পোহৰ ক'ত হেৰাল সেউজীয়া দিনবোৰৰ হাঁহি আৰু উল্লাস ? চৌপাশে এতিয়া নিৰন্ধ্ৰ

 
 
 
চকুৰ কোণত অশ্ৰু কঢ়িয়াই ফুৰা মানুহজনী---

গোলাপী ৰঙৰ সলনি চকুৰ তলত ক'লা দাগ পৰা মানুহজনী তুমি পোৱানে চিনি ? এদিন তৰাফুলৰ মালা গাঁঠি বুকুত সুখৰ ৰামধেনু অঁকা ফুটুকী পখিলাজনী, যিয়ে তোমাক প্ৰেমিকৰূপে কৰিছিল বৰণ, আদ বয়সতে কপালত বলিৰেখা পৰা উজ্বল ম

 
 
 

Comments


bottom of page