top of page

কাৰ্বি জাতি আৰু ছেমচনছিং ইংতি


এটা সময় আছিল, যি সময়ত কাৰ্বি সমাজ ভয়ানক সমস্যা তথা মহা সংকটৰ সন্মুখীন হৈছিল৷ এফালে আধুনিকতাৰ পোহৰে স্পৰ্শ কৰিব বিচাৰে আৰু আনফালে পুৰণিকলীয়া কু-সংস্কাৰ আৰু অন্ধ বিশ্বাসেৰে আৱৰা কাৰ্বি সমাজ পিছুৱাই যায় সভ্যতাৰ অগ্ৰগতিক পিঠি দি৷ এটা সময়ত ইংৰাজসকললৈ ভয় কৰি কাৰ্বি পৰিয়ালসমূহ গভীৰ অৰণ্যৰ মাজলৈ সোমাই গৈছিল৷ তাৰ মাজতে মিকিৰ পাহাৰ এলেকাত ইংৰাজসকলে খ্ৰীষ্ট ধৰ্ম দীক্ষা দিবলৈ সক্ষম হ’ল আৰু কাৰ্বিসকলৰ মাজতো ব্ৰিটিছে খোপনি পুতিলে৷ ব্ৰিটিছিসকলে কাৰ্বিসকলৰ মাজত সোমাই অতি কম সময়ৰ ভিতৰতে তেওঁলোকৰ মাজত বিয়পাই দিলে কানি৷ এনেয়ে দৰিদ্ৰ জনজাতি, তাতে কানিৰ প্ৰভাৱে শাৰীৰিক, মানসিকভাৱে দুৰ্বল কৰি নিজৰ অস্তিত্বকে বিপন্ন কৰি পেলালে৷ তাতে ভূতৰ ওপৰত দানৱ ওলোৱাৰ দৰে খ্ৰীষ্ট ধৰ্ম প্ৰচাৰক লৈ দুটা দলত ভাগ হৈ বিভেদে গা কৰি উঠিল৷ কাৰ্বিসকল অৰ্থনৈতিকভাৱে জীয়াই থকাৰ একমাত্ৰ সম্বল আছিল ঝুম খেতি৷ সামান্য, ধান, আলু, কচু উৎপাদনেৰে আধাপেটিয়াকৈ থাকিবলগীয়া হৈছিল কাৰ্বি লোকসকল৷ আধুনিক কৃষি প্ৰণালীক আদৰণি জনাবলৈ চিন্তা-চেতনা, শাৰীৰিক পৰিশ্ৰম কৰিব নোৱাৰা এটা অৱস্থা৷ কাৰ্বি লোকসকলক এনে দুৰ্যোগপূৰ্ণ মহা সংকটৰ কালৰ পৰা উদ্ধাৰ কৰিবলৈ আহিছিল ছেমচনছিং ইংতি৷ যেন জাতিটোক ৰক্ষা কৰিবলৈ তেওঁক তালৈ পঠিয়াইহে দিছিল৷


১৯১০ চনৰ ৮ ফেব্ৰুৱাৰীত কাৰ্বিআংলঙৰ টিকা পাহাৰত ছেমচনছিং ইংতিৰ জন্ম হৈছিল৷ পিতৃ মেংকুৰছিং ইংতি আছিল খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰক৷ খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰক বাবে দেউতাকে গোলাঘাটৰ মিছনপট্টিত থাকিবলৈ লয়৷ সেই সূত্ৰে ছেমচনছিং ইংতি মিছনপট্টিতেই প্ৰাইমেৰী স্কুলৰ শিক্ষা লাভ কৰি ১৯২৮ চনত বেজবৰুৱা হাইস্কুলৰ পৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৯৩৩ চনত মুৰাৰীচান্দ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ ছেমচনছিং ইংতি কাৰ্বি জাতিৰ প্ৰথমজন গ্ৰেজুৱেট৷ ব্ৰিটিছ চৰকাৰে শিক্ষা বিস্তাৰৰ বাবে ছেমচনছিং ইংতিক স্কুল পৰিদৰ্শক হিচাপে নিযুক্তি দিয়ে৷ স্কুল পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰাৰ পাছতেই ছেমচনছিং ইংতিয়ে সমগ্ৰ কাৰ্বিআংলং ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰে৷ কাৰ্বিআংলঙৰ ভ্ৰমণৰ সমছোৱাত আধুনিকতাৰ পোহৰ নোপোৱা সমগ্ৰ কাৰ্বি জাতিৰ শৈক্ষিক, আৰ্থিক, সামাজিক পৰিৱেশৰ দুৰ্দশাগ্ৰস্ত অৱস্থা দেখি তেওঁৰ মন হাহাকাৰ কৰি উঠিছিল৷ সেয়েহে এজন উচ্চ শিক্ষিত যুৱক হিচাপে তেওঁ শিক্ষা বিস্তাৰত মনোনিৱেশ কৰে৷


সেই সময়ত কাৰ্বি পাহাৰত বাট-পথৰ কোনো সুচল ব্যৱস্থা নাছিল৷ হাবি-জংঘলৰ মাজে মাজে সৰু সৰু লুংলুঙীয়াপথ৷ তেওঁ শিক্ষা বিস্তাৰৰ বাবে এই পথসমূহেদিয়েই অহা-যোৱা কৰি কাৰ্বি জাতিৰ মাজত শিক্ষা বিস্তাৰৰ বাবে কাম কৰিছিল৷ সেই সময়ত কাৰ্বি জাতিৰ মাজত এটা বিশ্বাস আছিল যে শিক্ষা গ্ৰহণ কৰিলেই নিজৰ ধৰ্ম, কৰ্ম, ৰীতি-নীতি ত্যাগ কৰি বিজতৰীয়া হোৱা৷ জাত হেৰুৱাই এঘৰীয়া হোৱাৰ ভয়ত সেই সময়ত কোনেও শিক্ষা গ্ৰহণ কৰিবলৈ আগবাঢ়ি নাহে৷ ছেমচনছিং ইংতিয়ে তেওঁ নিজেই বাঁহ-কাঠ, খেৰ কাটি বিদ্যালয় স্থাপন কৰি ভৈয়ামৰ বিভিন্ন অঞ্চলৰ পৰা শিক্ষক বিচাৰি আনি কাৰ্বিসকলৰ মাজত শিক্ষা বিস্তাৰত নামি পৰিছিল৷ কাৰ্বিসকলৰ মনত থকা অন্ধবিশ্বাসসমূহ দূৰ কৰিবলৈ তেওঁ ঘৰে ঘৰে গৈ কাৰ্বি লোকসকলক বুজাইছিল যে শিক্ষা গ্ৰহণ কৰিলেই ধৰ্মান্তৰিত হ’ব নালাগে বুলি৷ শিক্ষা আধুনিক জীৱনৰ প্ৰধান আহিলা৷ শিক্ষাইহে জাতিটোক আগবঢ়াই নিব পাৰে৷ তেওঁৰ কথা বুজি পোৱাসকলে শিক্ষা গ্ৰহণৰ বাবে আগবাঢ়ি আহিল আৰু নোপোৱাখিনিয়ে তেওঁৰ কৰ্মক সন্দেহৰ দৃষ্টিৰে চাই সমগ্ৰ কাম-কাজ নিৰীক্ষণ কৰি থাকিল৷ সেই সময়ত ছেমচন ইংতিয়ে আৰু এক সমস্যাৰ সন্মুখীন হৈছিল যে খুব কম সংখ্যক কাৰ্বি লোকেহে অসমীয়া ভাষা জানিছিল৷ গতিকে ছেমচনছিং ইংতিয়ে নিজেই কিতাপ ৰচনা কৰি কাৰ্বি ভাষাও শিক্ষাৰ মাধ্যম কৰিছিল৷


ছেমচনছিং ইংতিয়ে কাৰ্বি লোকসকলক সংগঠিত কৰি একেলগে জীয়াই থাকিবলৈ শিক্ষা প্ৰদান কৰিলে৷ তেওঁ কাৰ্বি লোকসকলে দুবেলা দুমুঠি খাবলৈ নোপোৱাটোও চিন্তা কৰিবলগীয়া হ’ল৷ কাৰণ ভোকত থাকি শিক্ষা গ্ৰহণ কৰিব নোৱাৰে৷ ইয়াৰ কাৰণ হ’ল কাৰ্বিসকলৰ আওপুৰণি কৃষি ব্যৱস্থা৷ সেয়ে তেওঁ কাৰ্বিসকলক ঝুম খেতিৰ পৰিৱৰ্তে স্থায়ীভাৱে আধুনিক কৃষি প্ৰণালীৰে কৃষি কাৰ্য কৰিবলৈ শিক্ষা প্ৰদান কৰিলে৷ গাঁওসমূহ পুনৰ সংগঠন কৰি অন্ততঃ ৫০ টা পৰিয়ালক লৈ এখন গাঁও গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি এই ক্ষেত্ৰত আগবাঢ়িছিল৷ কাৰণ বাট-পথ, খোৱাপানী, বিদ্যালয়গৃহ নিৰ্মাণ আদি কামৰ বাবে গাঁওসমূহ পুনৰ গঠনৰ প্ৰয়োজনীয়তা আহিল৷ ১৯৪০ চনত ছেমচনছিং ইংতিয়ে নগাঁৱৰ খ্ৰীষ্টিয়ানপট্টিৰ লবংগলতা বৰুৱাক বিয়া কৰে৷ এনে সময়তে ব্ৰিটিছ চৰকাৰে ছেমচনছিং ইংতিৰ কাম-কাজত সন্দেহ কৰি তেওঁক কেৱল শিক্ষা বিস্তাৰৰ ক্ষেত্ৰতহে অধিক গুৰুত্ব দিবলৈ হেঁচা প্ৰয়োগ কৰে৷ কিন্তু ছেমচনছিং ইংতিয়ে এজন কাৰ্বি যুৱক হিচাপে কাৰ্বি সমাজৰ দুখ-দুৰ্দশা দেখি কাৰ্বি সমাজৰ বাবে কাম কৰিবলৈ ১৯৪১ চনত চৰকাৰী চাকৰিটোকে ইস্তফা দিয়ে৷ ইয়াৰ পাছতে তেওঁ একাণপটীয়াকৈ কাৰ্বিসকলক একত্ৰিত কৰি এটা সংগঠন গঢ়ি তুলি কাৰ্বিআংলঙক সুকীয়া জিলা গঠনৰ দাবী লৈ অগ্ৰসৰ হ’ল৷ ছেমচনছিং ইংতিৰ সমাজসেৱা দেখি কাৰ্বি লোকসকল স্বতঃস্ফূৰ্তভাৱে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিল৷ তেওঁৰ নেতৃত্বতে কাৰ্বি আদবাৰ নামৰ এটা সামাজিক-ৰাজনৈতিক সংগঠনৰ জন্ম হয়৷ সেই সময়তে অসমৰ গৱৰ্ণৰ ছাৰ ৰবাৰ্ট নীল ৰীদ চাহাব মিকিৰ পাহাৰৰ মাজেদি উজনি অসমলৈ আহিছিল আৰু ছেমচনছিং ইংতিয়ে কাৰ্বি জনগণৰ হৈ কাৰ্বি আদবাৰেৰে আদৰণি জনালে৷ লগতে তেওঁ তথ্য সহকাৰে কাৰ্বিৰ বাবে সুকীয়া জিলাৰ দাবী জনাই এখন স্মাৰকপত্ৰ দাখিল কৰিলে৷ ছেমচনছিং ইংতিৰ ইংৰাজী ভাষাত দক্ষতা থকাৰ বাবেই গৱৰ্ণৰে সমগ্ৰ জিলাখনৰ পৰিভ্ৰমণ কালত তেওঁক পথ প্ৰদৰ্শক হিচাপে লগ দিবলৈ অনুৰোধ কৰিছিল আৰু ইয়াৰে সুযোগ লৈছিল ছেমচনছিং ইংতিয়ে৷ এই সময়ছোৱতে তেওঁ গৱৰ্ণৰক কাৰ্বি জাতিৰ দুৰ্দশাৰ কথা বিতং ভাৱে ক’লে আৰু সুকীয়া জিলা গঠনৰ বাবে দিল্লী গৱৰ্ণৰ ওচৰলৈ বিবেচনাৰ্থে পঠোৱাৰ প্ৰতিশ্ৰুতি আদায় কৰিছিল৷ ১৯৪১ চনত গৱৰ্ণৰ জেনেৰলক দিয়া এনে এক দাবীৰ ভিত্তিত ১৯৪২ চনত খৰছিং তেৰাঙক লেজিছলেটিভ কাউন্সিলৰ সদস্য ৰূপে নিৰ্বাচিত কৰিছিল৷ ১৯৪২ চনৰ নিৰ্বাচিত প্ৰতিনিধিৰ দ্বাৰা প্ৰতিশ্ৰুতি আদায় কৰিলে যে দেশ স্বাধীন হোৱাৰ লগে লগে অসমখন পুনৰ গঠন হ’ব আৰু কাৰ্বিআংলঙক সাংবিধানিকভাৱে স্বায়ত্ত শাসিত জিলাৰ মৰ্যাদা দিয়া হ’ব৷


ছেমচনছিং ইংতিয়ে কাৰ্বি সমাজৰ পৰা কানি আৰু মদৰ অবাধ প্ৰচলন আঁতৰাবৰ বাবে বহু কষ্ট কৰিবলগীয়া হৈছিল৷ কাৰ্বি সমাজৰ অগ্ৰণী ব্যক্তিসকলেই আছিল কানিৰ মহলদাৰ৷ মানুহখিনিক কানিৰ অপকাৰৰ বিষয়ে বুজোৱাৰ আগতে কানিৰ মহলদাৰসকলক এই ব্যৱসায় বন্ধ কৰিবলৈ বুজাই সৈমান কৰিছিল৷ কাৰ্বিসকলক মাদক দ্ৰব্যই কেনেদৰে ক্ষতি কৰিছে তাক যুক্তি সহকাৰে পতিয়ন নিয়াবলৈ তেওঁ যত্ন কৰিছিল৷ ছেমচনছিং ইংতিয়ে মদৰ প্ৰচলন বন্ধ কৰিব নোৱাৰিলেও অৱশ্যে এই ক্ষেত্ৰত বহু লোক সংস্কাৰমুখী হৈছিল৷

ছেমচনছিং ইংতিয়ে কাৰ্বি সমাজত নাৰীসকলক পুৰুষৰ সৈতে সমান অধিকাৰ দিয়াৰ বাবে চেষ্টা কৰিছিল৷ কাৰণ কাৰ্বি নাৰীসকলে ঘৰ, সমাজ, উৎসৱ-পাৰ্বন সকলোতে নিম্ন স্থান পাইছিল৷ নাৰীয়ে পুৰুষৰ আশে-পাশে যাব নোৱাৰে, ৰ’দ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ ছাতি, জাপি ল’ব নোৱাৰে, সমাজত পুৰুষৰ সৈতে সমানে বহিব নোৱাৰে, এনে বৈষম্যসমূহ তেওঁ দূৰ কৰিবলৈ চেষ্টা কৰিছিল৷


দেশ স্বাধীন হোৱাৰ লগে লগে অসমৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈয়ে মিকিৰ উত্তৰ কাছাৰ নামেৰে এখন নতুন জিলা গঠৰ প্ৰস্তাৱ দাঙি ধৰিলে৷ ১৯৪৮ চনত ছেমচনছিং ইংতি, ছাৰছিং তেৰণ, ছংকে, খৰছিং তেৰাং আদি নেতাসকলক লৈ সীমা নিৰ্ধাৰণ সমিতি গঠন কৰি দিয়ে৷ কিন্তু নিয়তিৰ পৰিহাস চৈধ্য বছৰ অপৰিসীম ত্যাগ আৰু কষ্টৰ বিনিময়ত লাভ কৰা কাৰ্বি জনগোষ্ঠীৰ সুকীয়া ৰাজ্য গঠনৰ সপোন ফলৱতী হৈ অহাৰ মধুৰ ক্ষণতে ১৯৪৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ছেমচনছিং ইংতিয়ে ইহ সংসাৰৰ পৰা বিদায় মাগিলে৷



নৰেন হাজৰিকা

বোকাজান, কাৰ্বিআংলং

দূৰভাষ নং ৯৮৬৪৬৮১৫৪৮

Comments


bottom of page