উচ্চ শিক্ষা,যুৱ-প্ৰজন্ম আৰু আমাৰ অনুভৱ
- পৰী দেৱী
- May 25
- 4 min read

উচ্চ শিক্ষা আৰু আজিৰ যুৱ প্ৰজন্ম — শীৰ্ষক বিষয়টি এক বিস্তৃত পৰিসৰৰ।যাক থাওকতে সামৰিব পৰা নাযায়। ইয়াক আলোকপাত কৰিবলৈ যাওঁতে আমাৰ মনলৈ বহু কথাই আহে। তথাপিও আলোচনাৰ সুবিধাৰ বাবে মনলৈ অহা দুই এটা নিজস্ব কথাৰ অৱতাৰণা কৰিব খুজিছো । প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাৰ সময়ৰ পৰাই এটা শিশুৰ মনলৈ ক'ব নোৱাৰাকৈয়ে ক্ৰমান্বয়ে দিনে দিনে বৃদ্ধি পাই ইটো শ্ৰেণীৰ পৰা সিটো শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ কথা। অন্যহাতে আজিৰ দিনত অভিভাৱকৰ ত’তপৰতাৰ কথা নকলোৱেইবা। এনেদৰে শিশুৰ মনলৈ প্ৰাথমিক, মেট্ৰিক, উচ্চতৰ,স্নাতক আৰু ক্ৰমে স্নাতকোত্তৰ ডিগ্ৰী বা পৰৱৰ্তী সময়ত ডক্টৰেট আদি অন্যান্য কথাবিলাকৰ কথা আমাৰ মনলৈ আহে। অৱশ্যে উচ্চ শিক্ষা বুলিলে আমাৰ মনলৈ সাধাৰণতে আহে ডিগ্ৰী পৰ্যায়ৰ পৰা এম.এ. বা তাৰ ওপৰৰ ডিগ্ৰীবিলাকৰ কথা। আজিৰ যুৱপ্ৰজন্মৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই যেন তথাকথিত উচ্চ শিক্ষাৰে শিক্ষিত একোজন ব্যক্তি। আজিৰ পৰা চল্লিশ পঞ্চাছ বছৰৰ আগলৈকে গাওঁখনত বা এটা অঞ্চলত উচ্চ শিক্ষিত ব্যক্তিৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পাৰি। ল'ৰা বা ছোৱালীয়ে মেট্ৰিকত তৃতীয় বিভাগত উত্তীৰ্ণ হৈয়ো গাঁৱৰ বা ওচৰ চুবুৰীয়াক মাতি আনন্দত চাহ বিস্কুট খোৱাই আশীৰ্বাদৰ লগতে আনন্দ প্ৰকাশ কৰিছিল। হওঁক তেও অমুকৰ পুতেকে মেট্ৰিক পাচ কৰি গাওঁখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বি.এ. বা এম.এ. পাচ কৰিলে টো ক'বই নেলাগে। দুই তিনি দিনলৈ ঘৰখনহঁতৰ লগতে গাওঁখনটো আনন্দৰ জোঁৱাৰ। তেতিয়া অভিভাৱক বা পৰীক্ষাৰ্থীজনৰ মনলৈও উচ্চ শিক্ষিত হোৱাৰ এক গাম্ভীৰ্যতা আহি পৰে বুলি গাঁৱৰ বয়সীয়াল লোকে কোৱাকুই কৰে। এয়া আমি প্ৰায় পঞ্চাশ বছৰৰ আগৰ ককাহঁতে কোৱা কথাৰ ওপৰত নিৰ্ভৰ কৰি মাথোঁ উপলব্ধিৰ লগতে লিপিবদ্ধ কৰিবলৈহে চেষ্টা কৰিছোঁ। আজি আমি এক-বিংশ শতিকাত থিয় হৈ তাহানিৰ সেই কথা ৰোমন্থন কৰাৰ কোনো যুক্তি নাই বুলি কলে বোধকৰো ভুল কৰা হ'ব। কাৰণ সেইয়া সত্যৰ ওপৰত সম্পূৰ্ণ প্ৰতিস্থিত যেনেই লাগে। এতিয়া আহোঁ আমি আমাৰ মনলৈ অহা আৰু বৰ্তমান সময়ৰ লগত সম্পৰ্ক থকা কিছু ব্যক্তিগত অনুভৱৰ বিষয়ে।
আজিৰ যুগটো তথ্য–প্ৰযুক্তিৰ যুগ। পৃথিৱীখন এতিয়া এটা “global village” হৈ পৰিছে। এনে এখন প্ৰতিযোগিতামূলক সমাজত নিজৰ অস্তিত্ব অটুট ৰাখিবলৈ বা আগবাঢ়িবলৈ আৰু সমাজত নিজৰ চিনাকি গঢ়ি তুলিবলৈ উচ্চ শিক্ষাৰ গুৰুত্ব অতিশয় বেছি। উচ্চ শিক্ষা কেৱল এটা ডিগ্ৰী লোৱাৰ নাম নহয় , ই হৈছে মানৱ মন, চিন্তা–ধাৰা, মূল্যবোধ আৰু ব্যক্তিত্বৰ সম্পূৰ্ণ বিকাশৰ এক পথ। বিশেষকৈ আজিৰ যুৱ প্ৰজন্মৰ বাবে উচ্চ শিক্ষা হৈছে ভৱিষ্যৎ গঢ়াৰ মূল আধাৰ।
উচ্চ শিক্ষাই যুৱক– যুৱতীসকলক জ্ঞানৰ বিস্তৃত ক্ষেত্ৰৰ সৈতে পৰিচয় কৰাই দিয়ে। বিদ্যালয় পৰ্যায়ত আমি যি মূল জ্ঞান লাভ কৰো, উচ্চ শিক্ষাই তাক অধিক গভীৰতা আৰু দিক নিৰ্ণয় কৰাত সহায় কৰে। বৰ্তমান সময়ত বিজ্ঞান, কলা, বাণিজ্য, প্ৰযুক্তি, চিকিৎসা, আইন আদি বিভিন্ন শাখাত উচ্চ শিক্ষা লাভ কৰি যুৱ সমাজে নিজৰ আগ্ৰহ আৰু যোগ্যতা অনুসৰি নিজৰ জীৱন ধাৰণৰ পথ নিৰ্বাচন কৰিব পাৰে। ইয়াৰ ফলত কেৱল চাকৰি লাভ কৰাতেই সহায় নহয়, নিজৰ প্ৰতিভা বিকাশতো যথেষ্ট সহায় কৰে।
উচ্চ শিক্ষাই এজন ব্যক্তিৰ চিন্তাৰ পৰিসৰ বহল কৰে। উচ্চ শিক্ষিত ব্যক্তি যুক্তিসংগত, বৈজ্ঞানিক আৰু বিশ্লেষণাত্মকভাৱে চিন্তা কৰিবলৈ সক্ষম হয়। অন্ধবিশ্বাস, কুসংস্কাৰ, সংকীর্ণ মনোভাৱ আদি দোষসমূহ দূৰ কৰি তেওঁলোকে সমাজলৈ ইতিবাচক দৃষ্টিভংগী আগবঢ়ায়। প্ৰকাৰন্তৰে সমাজলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনে। আজিৰ যুৱ প্ৰজন্ম যদি শিক্ষিত হয়, তেন্তে সমাজো উন্নত হ’বই। সেইয়া নিশ্চিত।
উচ্চ শিক্ষাই আত্মবিশ্বাস বৃদ্ধি কৰে। উচ্চ শিক্ষাৰ জৰিয়তে যুৱ সমাজে নিজৰ ক্ষমতা চিনি পাবলৈ শিকে। নিজৰ লক্ষ্য স্থিৰ কৰে আৰু সেই লক্ষ্যত উপনীত হ’বলৈ প্ৰচেষ্টা চলায়। আজিৰ প্ৰতিযোগিতামূলক যুগত কেৱল মেধাই যথেষ্ট নহয়,আত্মবিশ্বাস আৰু দক্ষতা অতি প্ৰয়োজনীয়। এই দুয়োটা গুণ উচ্চ শিক্ষাৰ মাধ্যমতে বিকাশ পায়।
উচ্চ শিক্ষা অৰ্থনৈতিক দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ। ভাল শিক্ষা থাকিলে ভাল চাকৰি বা সংস্থাপন লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পায়। যুৱ সমাজ আৰ্থিকভাৱে স্বাৱলম্বী হ’লে তেওঁলোকে নিজৰ পৰিয়াল আৰু সমাজকো সহায় কৰিব পাৰে। দেশৰ অৰ্থনীতি শক্তিশালী হ’বলৈ শিক্ষিত যুৱ শক্তিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । যিয়ে বৈদেশিক অৰ্থনীতিৰ জড়িয়তে নিজ দেশলৈ আৰ্থিকভাৱে অধিক লাভৱান হ'ব পাৰে। সেইয়া নিশ্চিত আৰু সঁচা।
তাৰোপৰি, উচ্চ শিক্ষাই নৈতিকতা আৰু সামাজিক দায়িত্ববোধ জগাই তোলে। শিক্ষিত যুৱক–যুৱতীয়ে সমাজৰ সমস্যা বুজে আৰু সেইবোৰ সমাধানৰ ক্ষেত্ৰতো সক্ৰিয় অংশগ্ৰহণ কৰে। পৰিৱেশ সংৰক্ষণ, নাৰী সুৰক্ষা, স্বচ্ছতা, স্বাস্থ্য সচেতনতা আদি বিষয়ত তেওঁলোকে আগবাঢ়ি আহে। এইদৰে উচ্চ শিক্ষা সমাজ গঢ়াৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ শক্তি।
কিন্তু দুৰ্ভাগ্যজনকভাৱে কিছুমান যুৱক–যুৱতীয়ে উচ্চ শিক্ষাৰ গুৰুত্ব বুজি নাপায়। সামাজিক মাধ্যম, মোবাইল, অনলাইন গেম আদি ক্ষেত্ৰত অধিক সময় নষ্ট কৰি তেওঁলোকে নিজৰ লক্ষ্যৰ পৰা বিচ্যুত হয়। সেয়েহে যুৱ সমাজে সময়ৰ সঠিক ব্যৱহাৰ কৰি শিক্ষাৰ দিশত মনোনিৱেশ কৰা উচিত। ইয়াৰ লগতে ক’ব লাগিব যে উচ্চ শিক্ষাই নেতৃত্ব গঢ়ি তোলে। কলেজ– বিশ্ববিদ্যালয়ৰ পৰিৱেশত আলোচনা, বিতৰ্ক, গৱেষণা, দলীয় কাম আদিৰ জৰিয়তে যুৱক–যুৱতীয়ে নেতৃত্ব, সহযোগিতা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা আয়ত্ত কৰে। এই অভিজ্ঞতাই তেওঁলোকক আগলৈ সমাজৰ দায়িত্ব ল’বলৈ সক্ষম কৰি তোলে। উচ্চ শিক্ষাই যোগাযোগ দক্ষতাও বৃদ্ধি কৰে। নিজৰ মত প্ৰকাশ কৰা, আনৰ কথা মনোযোগে শুনা আৰু যুক্তিৰে আলোচনা কৰা—এইবোৰ গুণ শিক্ষাৰ পৰিৱেশতেই গঢ় লৈ উঠে। ফলস্বৰূপে যুৱ সমাজ অধিক সচেতন, সংবেদনশীল আৰু সামাজিকভাৱে সক্ৰিয় হৈ উঠে।
ইয়াৰ উপৰিও উচ্চ শিক্ষাই সময় ব্যৱস্থাপনা শিকায়। অধ্যয়ন, পৰীক্ষা, প্ৰকল্প কাম, উপস্থাপন আদি দায়িত্ব সঠিকভাৱে সম্পন্ন কৰিবলৈ যুৱক–যুৱতীয়ে সময়ৰ মূল্য বুজিবলৈ শিকে। এই অভ্যাস জীৱনৰ সকলো ক্ষেত্ৰতে উপকাৰী হয়।
আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল—উচ্চ শিক্ষাই সৃজনশীলতা বৃদ্ধি কৰে। নতুন চিন্তা, নতুন ধাৰণা আৰু নতুন সমাধান উদ্ভাৱনৰ মানসিকতা গঢ়ি তোলে। এই সৃজনশীল মানসিকতাই সমাজক আগবাঢ়িবলৈ সহায় কৰে। ইয়াৰ লগতে উচ্চ শিক্ষাই শৃঙ্খলা আৰু অধ্যৱসায়ৰ অভ্যাস গঢ়ি তোলে। নিয়মিত অধ্যয়ন, সময়মতে কাম সম্পূৰ্ণ কৰা, দায়িত্বশীল আচৰণ কৰা—এইবোৰ গুণে এজন যুৱক–যুৱতীক জীৱনত সফল হ’বলৈ সহায় কৰে। শিক্ষাৰ পৰিৱেশত গঢ়ি উঠা এই অভ্যাসবোৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে দৰকাৰী হয়।
উচ্চ শিক্ষাৰ আন এটা গুৰুত্বপূৰ্ণ লাভ হ’ল—ই মানুহক বিশ্ব দৃষ্টিভংগী প্ৰদান কৰে। বিভিন্ন ৰাজ্য, ভাষা, সংস্কৃতি আৰু চিন্তাধাৰাৰ লোকৰ সৈতে মিলা–মিচা কৰাৰ সুযোগ পোৱা যায়। ইয়াৰ ফলত সহনশীলতা, সহমর্মিতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ মানসিকতা বৃদ্ধি পায়।
আজিৰ যুগত গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰতো উচ্চ শিক্ষাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। নতুন নতুন আৱিষ্কাৰ, প্ৰযুক্তিৰ উন্নতি, চিকিৎসা বিজ্ঞানত আগবঢ়া—এই সকলোবোৰৰ আঁৰত শিক্ষিত যুৱ শক্তিৰ অৱদান থাকে। সেয়েহে উচ্চ শিক্ষা কেৱল ব্যক্তিগত নহয়, সামগ্ৰিক উন্নতিৰ চালিকাশক্তি।
পৰিশেষত ক’ব পাৰি যে, উচ্চ শিক্ষা হৈছে আজিৰ যুৱ প্ৰজন্মৰ বাবে ভৱিষ্যতৰ দুৱাৰ খুলি দিয়া এপাট চাবি। ই কেৱল ব্যক্তিগত উন্নতি নহয়, সমাজ আৰু দেশৰো উন্নতিৰ পথ প্ৰসস্ত কৰে। সেয়েহে প্ৰতিজন যুৱক–যুৱতীয়ে উচ্চ শিক্ষাৰ মূল্য বুজি তাক নিজৰ জীৱনত অগ্ৰাধিকাৰ দিব লাগে। তেতিয়াহে তেওঁলোকে নিজা সপোন পূৰণ কৰাৰ লগতে এখন সুন্দৰ, শিক্ষিত আৰু উন্নত সমাজ গঢ়ি তুলিবলৈ সক্ষম হ’ব।**
সহায়ক গ্ৰন্থপঞ্জী —
১/Education and the Significance of Life — Jiddu Krishnamurti
২/ Democracy and Education — John Dewey
৩/ The Aim of Education — Alfred North Whitehead
৪/ Deschooling Society — Ivan Illich
Higher Education in India: Issues,
৫/ Concerns and New Directions — Association of Indian Universities
৬/ ব্ৰহ্মচৰ্য — ড০ কমল চন্দ্ৰ নাথ , ২০২৫ ।
পৰী দেৱী ।
দূৰভাষ নং ৬০০১৪৫৮৫৫২





Comments