বিহুগীতৰ জেউতি : জাকি মাৰি ওলালে তৰা....
- ড০ শৰৎ বৰকটকী

- Apr 3
- 3 min read
Updated: Apr 6

"বিহুৰে বিৰিণা পাতে সমনীয়া
বিহুৰে বিৰিণা পাত,
বিহু থাকে মানে বিহুকে বিনাবা
বিহু গ'লে বিনাবা কাক।"
বিহু হৈছে আটাইতকৈ জীৱন্ত আৰু হৃদয়স্পৰ্শী লোকসংস্কৃতিৰ এক উৎসৱ। এই বিহুৰ সৈতে ওত:প্ৰোতভাৱে জড়িত বিহুগীত বা বিহুনাম হৈছে অসমৰ মাটি, মানুহ আৰু প্ৰেমৰ সুৰ এক অনন্য ৰূপত প্ৰকাশ হোৱা লোক সংগীত আৰু অসমৰ চহকী গীতি সাহিত্যৰ চানেকী।বিহু গীতৰ সৌন্ধৰ্য্য কেৱল সুৰেৰে বন্ধা গীত নহয়, তাৰ অন্তৰ্নিহিত অনুভূতি, ভাষা আৰু সাংস্কৃতিক গাম্ভীৰ্যৰে জাতিটোক জীপাল কৰি ৰাখিছে। বিহুগীত সমূহৰ সুকীয়া আবেদন আছে।
"পাবি চেনাই নদীৰে ঘাটলে
চেনাই অকলে নাযাবি চেনাই
মতা ম'হ ৰখীয়া পাবি...."
বিহু গীতৰ সুৰ আৰু তাল অত্যন্ত মনোমোহা। বিহু গীতত পাৰ্থিৱ সুখৰ আশা আকাংক্ষাৰ লগত অতীন্দ্ৰিয় অৰূপৰ ছয়া-ময়া আছে।
ঢোল, ম'হৰ শিঙৰ পেঁপা, আগলি বাঁহৰ পবালি গগনা, টকা, কোল আদি বাদ্যযন্ত্ৰৰ সৈতে মিলি গীতবোৰ ' বুকুৱেদি সৰকি যায়' আৰু এক প্ৰাণৱন্ত পৰিৱেশ সৃষ্টি কৰে। বিহু গীতৰ সুৰে মানুহৰ মনত আনন্দ, উল্লাস আৰু উৎসৱৰ অনুভৱ জগাই তোলে। ৰঙালী বিহুত বিহুগীতবোৰে বসন্তৰ সেউজীয়া সৌন্দৰ্য্য আৰু নতুন জীৱনৰ আশা প্ৰকাশ কৰে। বিহু গীত সমূহত শব্দৰ লীলা আছে, কালিকা লগা অসমীয়া ভাষাৰ ঐশ্বৰ্য সোমাই আছে। যেনে,
সমনীয়াই সুধিলে/ কমে কি এবুলি/ সৰুতে একাজী আই/.."/.সীতাই কুমাৰে বাদতি মাৰিলে /চ 'তৰ বাৰেখৰৰ পৰা।"/বহাগৰ বিহুতে /নাচোতে নাচোতে /বৈ গ'ল জুৰুলি ঘাম/....অতি চেনেহৰে/বহাগৰ বিহুটি/ হাততে মলঙি যায়/....জাকি মাৰি ওলালে/ মোৱা মাছ এজাকি/ জাকি মাৰি ওলালে তৰা../....ঢোলৰ হেঙুলীয়া/ মাৰি ঐ ঢুলীয়া/ ঢোলৰ হেঙুলীয়া মাৰি/ লুইতত উজালে/ ধোঁৱা কল নাৱে/ পৰ্বতত চলিলে গাড়ী/.... নাচনী ছেৱকে/ মাৰিব নেজান ছেও/.... গগনা আৰণি/গগনা পুৰণি/গগনা কিহেৰে নিকাওঁ/.. আহে কি নাহে ঐ/ মোৰে ধন লাহৰী/
চিৰি পাতি চাওঁ/....
জালিকটা ৰিহাখন, জেতুকা পাত বটি হাত ৰাঙলী কৰি ,কলডিলীয়া খোপাত কপৌ ফুল , বৰ্হমথুৰিৰ থুৰিপাত চোবাই ওঁঠ দুটা ৰঙা কৰা, ম'হৰ শিঙৰ ফণিৰে চুলি আঁচুৰি,হাতত আমোলমোল কেতেকী আৰু থুৰীয়া তামোল লৈ জামুক বুলীয়া দাঁতৰ নাচনী ওলাই আহে।"পেৰাৰে কিংখাপ দি যাম উলিয়াই..বেহাই যাম প্ৰেমৰে বেহা.../
" শুৱায় কি নুশুৱায় সোণৰ পোৱালমণি,
বনিয়াই বনিয়াই চাওঁ
আতোলা সোণৰ বিৰি গঢ়াই দিয়াঁ,
বিহু মাৰিবলৈ যাওঁ।
মাছৰ চকু যেনে বিৰি গঢ়াই দিলোঁ,
এবেলা নেদেখোঁ গলত।"
ডেকা ঢুলীয়াই গুনা কৰা পাগুৰি, শেল দিয়া চুৰিয়া, ফুলাম চেলেঙেৰে দহি/আহে তিৰবিৰ কৰি।
কাব্য -শাস্ত্ৰত আছে "ৰস - ধ্বনি মূল শব্দৰ ব্যঞ্জনা শক্তি।ৰূপক অতিশয়োক্তিৰ অলংকাৰ ব্যঞ্জনাৰ প্ৰভেদ মাত্ৰ।" বিহুগীতত শব্দৰ অপাৰ মহিমা প্ৰকাশ হৈছে। ৰস, ধ্বনি, অলংকাৰ আদিৰেই বিহুগীত সুশোভিত। লোক জীৱনৰ শব্দৰ সংকেতিক অৰ্থ আৰু শক্তিও অসীম। 'ঢোলৰ মাত শুনিলে ,ফুল ফুলিবৰ বতৰ; লাহৰীৰ তত নাই গৰকি ভাঙি যায় যতৰ'/'তিতা ধানখেৰৰ ছাই সমনীয়া তিতা ধানখেৰৰ ছাই....'' চৰায়ে খাবৰে ধান সমনীয়া উফৰি পৰিবৰ কণ; অতি চেনেহৰে আমাৰ বিহুতলিত গজিছে দুবৰি বন।'
'চ'তে চ'তে গৈয়ে বহাগে পালেহি
ফুলিলে ভেবেলী লতা,
মনে ডেই গৈয়ে মনতে পৰিলে
লাহৰী লেডেঙৰ কথা।"
পৃথিবীৰ যিকোনো ঠাইতে বসন্ত আহিলে মন - প্ৰাণ বিচলিত কৰে, আনন্দ,উন্মাদনাই আগুৰি ধৰে। বিহু গীতত অনেক জাতীয় জীৱনৰ অধ্যায় লুকাই আছে।
পণ্ডিত ড০ মহেশ্বৰ নেওগে বিহু গীতৰ বিষয়ে লিখিছিল:"সকলো সৌন্দর্য-ৰূপেই একেডালি কনক-সূত্ৰেৰে চিৰসুন্দৰৰ পদতলত বান্ধ খাই আছে। নাৰীৰ সৌন্দর্যই আকৌ চিৰকালেই নানা কাব্যৰ ৰস যোগাই আহিছে। ড০ নেওগে আৰু লিখিছে যে,চ'ত গৈ বহাগ, ভেবেলী লতা, পিলিঙা ডেকাৰ মন আৰু তাৰ লাহৰী চেনেহী- এই চাৰিটাৰ মাজত যি ঘন সম্বন্ধ আছে, তাকে লৈয়ে বনৰীয়া ফুলৰ দৰে উলুৱনিয়ে খেৰণিয়ে হেজাৰ-বিজাৰ গীত ফুলি উঠিছিল আৰু আজিও উঠে। আজিৰ ভাবুক জগতৰ দুটা ঘাই সুঁতি; এটা ফ্রয়ডীয়, আনটো মার্ক্সীয়। এই দুই ভাবৰ সুঁতিয়ে জীৱনৰ দুটা মূল ধাৰা স্বীকাৰ কৰি লয়। মানুহৰ জীয়াই থাকিবৰ বাবে আৰু ভৱিষ্যতৰ জীৱন-সোঁত বোৱঁতী কৰি ৰাখিবৰ বাবে যি হেঁপাহ, তাৰ মূলত দুটা বস্তু চিৰন্তনভাৱে বৰ্তমান ৰৈছে।...
" হাঁহ হৈ পৰিমগৈ তোমাৰে পুখুৰীত
পাৰ হৈ পৰিমগৈ চালত;
ঘাম হৈ সোমামগৈ তোমাৰে শৰীৰত
মাখি হৈ চুমা দিম গালত।"
ড০ মহেশ্বৰ নেওগদেৱে কৈছে:শ্বেক্পীয়েৰৰ এৰিয়েলে মৌ-মাখিৰ পাখিত উৰাৰ দৰে চহা কবিয়ে হাঁহ, পাৰ আৰু সামান্য মাখিৰ পাখিত উঠি এই নিচিনাকৈ কল্পনাৰ বতাহত উৰিব পাৰিছে, ইহে অতি বিচিত্র। ঘামৰ নিচিনাকৈ শৰীৰৰ প্ৰতি অঙ্গত বিয়পিব পৰা বস্তুৱেই বা আছে কিটো? "চৰাই হোৱা হ'লে উৰি গ'লোঁহেঁতেন" Had wings of a dove- "পাখী যদি হউ" - এই হেঁপাহ মানুহৰ চিৰকালেই থাকিব।যিহওক, বনৰীয়া ডেকা ইমান মোহান্ধ যে "বনৰ বনে পহু যোৰা পাতি থকা স্বকীয় এক প্রেম-দর্শন আৱিষ্কাৰ কৰিছে; সেই উৎকট দর্শনত প্রেম আৰু মিলনেই একমাত্র সোণালী আখৰ-
"পিৰীতিয়ে নিদিলে দিওঁতা নহ'ব
ভোকৰ ভাত পিয়াহৰ পানী...."
আলফ্ৰেড লৰ্ড টেনিছনে ' Locksley Hall' নামৰ কবিতাত লিখিছিল:“In spring time young man's fancy lightly turns to thoughts of love”
বসন্ত ঋতুত প্ৰকৃতি নতুনকৈ সজীৱ হৈ উঠে—গছ-গছনি ফুলেৰে ভৰি উঠে, পখিলাই উৰি ফুৰে, আৰু চৌদিশে এক সজীৱ, আনন্দময় পৰিৱেশ সৃষ্টি হয়। এই সময়ত প্ৰকৃতিৰ সৌন্দৰ্য্যত প্ৰভাৱিত হৈ বিশেষকৈ যুৱকসকলৰ মনলৈ এক ধৰণৰ কোমলতা আৰু আৱেগিক পৰিৱৰ্তন আহে। তেওঁলোকৰ মনত স্বাভাৱিকভাৱে প্ৰেমৰ অনুভূতি জাগ্ৰত হয়। টেনিছনৰ বহু যুগৰ আগতেই বিহুগীতত ডেকাই গাইছিল:
"বিহুৱতী চৰায়ে কৰে বিহু বিহু
আমাৰ বিহু কাপোৰ নাই;
সমনীয়াই সুধিলে কমে কি বুলি
সৰুতে মৰিলে আই।"
'সৰুতে মৰি গ'ল আই ' তথাপিও চেনেহৰ বহাগৰ বিহু নাপাতি থাকিব নোৱাৰে। প্ৰাণ হৈছে যে,অসমীয়া গীতি-সাহিত্যত বিহু গীত সকলোৰে ওপৰত। পুৰণি বিহুগীতত থকা শব্দবোৰৰ মাজত অসমীয়াৰ বুৰঞ্জী, সৌন্ধয্যবোধ, চহকী লোকসাহিত্য সোমাই আছে।
" ধনলৈ বুলি খান্দো পিঠাগুৰি
পৰুৱা - পিপৰাই খায়;
চাবে দিয়া গাখীৰত মোলান পৰি গ'লে
সুন্দাকল মৰহি যায়।"
পঁইতা - জকৰা খালেও অসমীয়াই কলনি -পাতনি চিকুণাই সোণসেৰীয়া শব্দৰে চহকী বিহু গীত হৃদয়ত বান্ধি দেশে দেশান্তৰে লৈ ফুৰিছে।
ড: শৰৎ বৰকটকী
নগাঁও, অসম
দূৰভাষ নং :৭০০২২৫৮১৭৩





Comments