ক্ষুধা
- কবিতা বৰা কলিতা

- Apr 3
- 4 min read

জ্বলি থকা কেৰাচিন তেলৰ চাকিটো ফু মাৰি নুমুৱাই ৰুণিমা বাঁহৰ চাংখনত উঠিল।চাংখনৰ বাঁহবোৰৰ কেৰ্মেৰাই উঠাৰ শব্দত মতিয়ে খেপিয়াই মাকক বিচাৰিলে।টোপনিতে সি বুজি উঠিছে যে তাৰ মাক এতিয়া তাৰ কাষত শুৱলৈ আহিল।ৰুণিমাই মতিৰ অকনমানি দেহাটো সাৱটি গাৰ কাষলৈ আলফুলে চপাই ল'লে।মতি মাকৰ বুকুৰ মাজলৈ কুৰুকি কুৰুকি সোমাই গ'ল।
ৰুণিমাই সাৱধানে তাৰ গাৰ ওপৰেদি হাতখন মেলি খেপিয়াই চালে সোনটিহঁতৰ গাত লেপখন ঠিকে-ঠাকে আছেনে নাই!বিচনাৰ সিটো মূৰে শুই থকা মনটিৰ গাৰপৰা খহি যোৱা লেপখন ওপৰলৈ তুলি দিলে তাই।তাই ভাবে এইবাৰ কিবা উপায়েৰে লেপ এখনৰ ব্যৱস্থা কৰিবই লাগিব।নহ'লে ঠাণ্ডাৰ এই দিনকেইটাত ল'ছালীকেইটাৰ বৰ কষ্ট হয়।অৱশ্যে এই গৰম কাপোৰ এডোখৰ গোটোৱাৰ চিন্তাটো যাদৱ থকা দিনৰে।লেপ এখন চিলোৱাৰ অংক কৰি থাকোঁতেই শীতৰ ঠেঁটুৱৈ লগা জাৰ গুচি জহৰ আগমন ঘটে।তেনেকৈয়ে দিন যায় ৰাতি আহে।দুবেলা-দুমুঠি আহাৰ সন্ধানত থাকোঁতেই এদিন সামান্য জ্বৰ উঠাৰ অচিলাতে যাদৱ আঁতৰি যায়।কেৱল ৰৈ যায় কিছুমান সুখ-দুখৰ স্মৃতি।ৰুণিমাহঁতৰ এই উৱলি যোৱা লেপখনৰ মাজতো তাই আৰু যাদৱৰ কতনো মধুৰ স্মৃতি লুকাই আছে!মানুহটো নাথাকিলেও তাই ইয়াৰ মাজতে বিচাৰি পায় যাদৱৰ শৰীৰৰ গোন্ধ,স্পৰ্শ। মতি,মনটি আৰু সোনটিৰ সৰু সৰু হাঁহিৰে মুখৰিত সিহঁতৰ সংসাৰখন যে কেনেকৈ শীতল নিঃশব্দতাত বুৰ গৈছিল!মৃত্যু জীৱনৰ চিৰন্তন সত্য-এই সত্যটো উপলব্ধি কৰিবৰ জোখাৰে সেই মুহূৰ্তত তাইৰ তিলমানো শক্তি নাছিল।তাই মাথো ইনাই-বিনাই কান্দিছিল।কান্দি কান্দি তাই ধুমুহাই কোবোৱা বাঁহগছজোপাৰ দৰে বাউলী হৈছিল।ঘৰৰ মানুহ,ওচৰ চুবুৰীয়া সকলোৱে বুজনি দিছিল ।তাইৰ আৰ্তনাদে আকাশ কঁপালেও যোৱাজন আৰু কেতিয়াও উভতি নাহে।কিন্তু কোনোধৰনৰ বুজনিয়ে তাইক ক্ষান্ত কৰিব পৰা নাছিল। যাদৱৰ মৃত্যু সঁচাকৈয়ে আকস্মিক , অকল্পনীয় আছিল।
অন্যদিনাৰ দৰে ৰাতিপুৱাতে একাপ ফিকা চাহৰ সৈতে দুখন শুকান ৰুটি খাই যাদৱ জ্বৰীয়া দেহাৰেই কামলৈ বুলি ওলাই গৈছিল।ঘৰৰ পৰা পাঁচ কিলোমিটাৰমান নিলগত থকা কাঠ মিলটোত যাদৱে কাঠফলা কাম কৰিছিল ।তাৰ সেইকেইটা টকাৰে কোনোমতে ঘৰখন চলিছিল।ৰুণিমাই প্ৰায়ে কৈছিল তায়ো কিবা এটা কৰি অভাৱী ঘৰখনৰ কিছু অভাৱ পূৰ কৰিব পাৰে দেখোন!লোকৰঘৰত পাৰ্টটাইম কাম কৰা তাইৰ লগৰ জোনাকীকে ক'ব নেকি তাইৰ বাবেও মানুহ এঘৰ ঠিক কৰি দিবলৈ।যাদৱে জকজকাই উঠিছিল,"কোনো দৰকাৰ নাই লোকৰ ঘৰে ঘৰে কাম কৰি পইচা ঘটিবলৈ,তাতকৈ ঘৰখনকে ঠিকমতে চলা।"কথাষাৰ কওঁতে মানুহটোৱে বাৰু এবাৰলৈকো ভাবিছিল নে এদিন তাৰ ৰুণিমাই এনেদৰে লোকৰ ঘৰত কাম-বন কৰি সংসাৰ চলাবলগীয়া হ'ব বুলি!
যাদৱ ঢুকোৱাৰ এঘাৰদিনলৈকে ঘৰতে থাকি ৰুণিমাই ভাবিছিল তাইৰ পেটৰ পোৱালিকেইটাৰ কথা।কিবা এটা নকৰিলে সিহঁতকেইটা লঘোনত থাকি শুকাই মৰিব!সেয়েহে তাই জোনাকীৰ সহযোগত কেইঘৰমান মানুহ ঠিক কৰিছিল।ৰুণিমাই পুৱাতে ভাত এমুঠি ৰান্ধি নিমখে-তেলে এমুঠি খাই ল'ছালীকেইটাৰো মুখত কেইটামান গুজি কামলৈ ওলাই যায়।এঘৰ এঘৰকৈ আটাইকেইঘৰতে কাম কৰি তাই যেতিয়া ঘৰলৈ ওভতে তেতিয়া পশ্চিমাকাশত সূৰ্য ডুবিবৰ হয়।ঘৰত সোমোৱাৰ লগে লগে মনটিয়ে আপত্তি দৰ্শাই সি আৰু নোৱাৰা হৈছে।মতি আৰু সোনটিয়ে ইমান আমনি কৰে।তিনিবছৰীয়া মতিক কোলাত লৈ ৰুণিমাই আশ্বাস দিয়ে "আৰু কেইটামান দিন ধৈৰ্য ধৰ,সি অলপ বুজিব পৰা হ'লেই কামলৈ যাওঁতে তাকো লগত লৈ যাম।সোনটি আৰু তোক স্কুলত নাম লগাই দিম।তহঁতে ভালদৰে পঢ়ি-শুনি ডাঙৰ মানুহ হ'ব লাগিব দেই।"
ৰুণিমাই ল'ছালীকেইটাক গাৰ কাষলৈ চপাই-কোচাই আনে।সিহঁতেও মাকক সাৱটি ধৰে।বছেৰেকীয়া আনজৰ এই তিনিটা সন্তানক লৈয়ে যে তাইৰ জীৱনটো!ৰুণিমাৰ দুচকুত হেজাৰ সপোনে জলমলাই থাকে।সেই সপোনৰ গাত আউজিয়ে তাই নিষ্ঠা সহকাৰে কামবোৰ কৰি যায়।তাইৰ কাম হৈছে ঠাই সৰা-মোছা,বাচন ধোৱা,কাপোৰ ধোৱা।দুঘৰত তাই ভাত মুঠিও ৰান্ধিব লাগে।কাম-বনত তাই আগৰে পৰা বৰ পৰিপাটি।তাইৰ কাম দেখিয়ে মানুহকেইঘৰেও তাইক মৰম-স্নেহ কৰে।তাইৰ কিন্তু আটাইতকৈ মৃদুলা বাইদেউকহে বেছি ভাল লাগে।নিঃসন্তান মানুহগৰাকী সুবিশাল ঘৰটোত অকলে থাকে।গিৰিয়েক চাকৰিসূত্ৰে দূৰৈত থাকে।ৰুণিমাই ভাবে খাবলৈ নোপোৱা বিলাকৰ ঘৰতহে ল'ৰা-ছোৱালীয়ে গিজগিজাই থাকে।ধনে-ধানে উভৈনদী ঘৰবোৰ আকৌ তেনেই শূণ্য হৈয়ে ৰয়!সঁচাকৈয়ে মানুহগৰাকী বৰ অনুভূতিশীল।তাই কাম কৰা আটাইকেইঘৰ মানুহৰ ভিতৰত মৃদুলা বাইদেৱেহে তাইক দুটামান পইচা বেছিকৈ দিয়ে।তদুপৰি লাগ বুলিলেই ইটো-সিটো দিয়েই থাকে।বেমাৰ-আজাৰ হ'লে ৰুণিমা দৌৰ মাৰে মৃদুলা বাইদেউৰ কাষলৈ।তাই জানে বাইদেৱে কেতিয়াও না নকৰে ।আৰু আজি তাইৰ মাথো কেইটামান সাঁচতীয়া টকাৰে জানো যাদৱৰ বছেৰেকীয়া সকামকণ পাতিব পাৰিলেহেঁতেন!ৰুণিমাৰ চিন্তাক্লিষ্ট মুখখন দেখিয়ে মৃদুলা বাইদেৱে তাইক সুধিছিল তাইৰ বিষন্নতাৰ কাৰণটো।ৰুণিমাই প্ৰথমে ক'ব বিচৰা নাছিল।মৃদুলা বাইদেৱেনো তাইৰ শুকান বালি আৰু কিমান তিয়াব!অৱশেষত তাই কৈছিল গিৰিয়েকৰ বছেৰেকীয়া সকামটোৰ বাবে পইচা কেইটামান হ'লে সেইদিনা গোঁসাই থাপনাৰ আগত কিবা অকন আগবঢ়াব পাৰিলেহেঁতেন!
"হ'ব দে,সেইটো কথাকে ভাবি থাকিব নালাগে।যাওঁতে মোৰ পৰা টকা কেইটামান লৈ যাবি।"
মৃদুলা বাইদেউৰ কথাত ৰুণিমা আশ্বস্ত হৈছিল।আজিৰ দিনত মৃদুলা বাইদেউৰ নিচিনা মানুহকেইগৰাকী আছে!কৃতজ্ঞতাত ৰুণিমাৰ দুচকুৰে চকুলো সৰিছিল।অনবৰতে লেখা-পঢ়া কৰি থকা মৃদুলা বাইদেৱে সকলোবোৰ কথাই কিমান গভীৰভাবে ভাবিব পাৰে সেইটো তাই পৰিস্কাৰকৈ বুজিব পৰা হৈছে।সেইবাবেই হয়তো তাইৰ অন্তৰত মৃদুলা বাইদেৱে বিশেষ স্থান অধিকাৰ কৰি লৈছে।
যাদৱৰ বছেৰেকীয়া তিথিৰ দিনা আবেলিপৰত পায়সৰ পাত এখন লৈ ৰুণিমা মৃদুলা বাইদেউৰ ঘৰ ওলালগৈ।সযতনে মেৰিওৱা কলপাতৰ টোপোলাটো মৃদুলা বাইদেউৰ হাতত তুলি দিওঁতে মানুহগৰাকী ধৰফৰাই উঠিল।
"মোলৈ কিয় আনিব লাগিছে ,এইখিনি তই ল'ৰা-ছোৱালীকেইটাৰ মাজত ভগাই দিয়া হ'লেই হয়!"
ৰুণিমাই আফচোচকৈ ক'লে -"কিয় বাইদেউ,আপুনি ঘিন কৰিছে নেকি?মই খুব চাফ-চিকুনকৈ বাচন ধুইহে পায়স বনাইছিলোঁ।আপোনালৈ আনিম বুলিয়ে পাতএখন আচুতীয়াকৈ থৈ দিছিলোঁ ।"
"মই তেনেকৈ ভবাই নাই অ"।বাইদেৱে লাহেকৈ কৈ থ'লে।
ছিঃ তাইৰ যে মুখখনৰ একদম লাগ্বান্ধ নোহোৱা হৈছে দেই।তেনেকৈনো মানুহক কথা ক'ব লাগেনে!বাইদেউৰ মনটো ইমান ঠেক হোৱাহ'লে মনটিৰ অসুখৰ সময়ত সিহঁতৰ ঘৰ নোলালিহেঁতেন!ৰুণিমাই আচলতে খুব হেঁপাহেৰে মৃদুলা বাইদেউলৈ পাতখন সজাই নিছিল।হয়তো সেইবাবে কথাষাৰ কওঁতে তাই খুব আবেগিক হৈ পৰিছিল।তাই জানে পাছদিনালৈ থৈ দিলে পায়সখিনি বাহি হৈ যাব।তদুপৰি মতিয়ে আহি কোন মুহূৰ্তত খাই পেলাবহি তাৰে বা কি ঠিকনা আছে!মনটি,সোনটিহঁতে অলপ বুজিব পৰা হৈছে।গতিকে সিহঁতক লৈ সমস্যা নাই।কিন্তু মতিৰ কথা সুকীয়া।কেইবাৰ আহি সি মাকক কুতুৰিব লাগিছে সেইখিনি খাবনে সি!তাৰ দেখোন ভোকেই নুগুছিল।সাত পাঁচ ভাবি আবেলিপৰত তাই মৃদুলাবাইদেউৰ ঘৰত উপস্থিত হৈছিল গৈ।তাৰ পাছত বাইদেউৰ লগত সেইধৰনৰ কথাৰ সূত্ৰপাত।
অথনি বাইদেউক তেনেকৈ কোৱাৰ কাৰণে ৰুণিমাই এতিয়াও অশান্তি পাই আছে।বাইদেৱে বাৰু তাইক এতিয়াও বেয়া পাই আছে নেকি?কাইলৈ গৈয়ে কথাটো সুধিব লাগিব।ভাবি-গুণি এসময়ত তাই শুই পৰিল।
পাছদিনা দোকমোকালিতে উঠি ঘৰুৱা কাম-বনবোৰ সামৰি তাই মৃদুলা বাইদেউৰ ঘৰ ওলালগৈ।প্ৰকাণ্ড লোৰ গেইটখন খুলি খৰখোজেৰে ভিতৰলৈ সোমাই গ'ল।পোনচাটেই বাইদেউৰ কোঠাৰ কাষত থিয় হ'লগৈ।ৰুণিমাই খোলা দুৱাৰেৰে ভিতৰলৈ চালে।মৃদুলা বাইদেৱে একান্তমনেৰে কিতাপ পঢ়ি আছে।ৰুণিমা আঁতৰি আহি নিজৰ কামত মনোনিৱেশ কৰিলেগৈ।কামত পিছে তাই মন বহুৱাব নোৱাৰিলে।অস্থিৰ হৈ বাৰে বাৰে তাই কোঠাটোৰ কাষলৈ গ'ল।মৃদুলা বাইদেউ তেতিয়াও কিতাপৰ দুনিয়াত মছগুল।ৰুণিমাৰ সত নগ'ল বাইদেউক আমনি কৰিবলৈ।ইতিমধ্যে সাৰি গোটাই থোৱা জাবৰ-জোথৰবোৰ পেলাবলৈ তাই পাছফালে গ'ল।আৰু ঠিক তেতিয়াই ৰুণিমাৰ চকুত পৰিল চেৰেলা মেকুৰীজনীৰ ওপৰত।মেকুৰীজনীৰ ওপৰত তাই দুচকু মেলি ধৰিলে।সেউজীয়া কলাপাতখনৰ ওপৰত ধকধকীয়া বগা পায়সখিনি একান্তমনে চেলেকি থকা দৃশ্যটো দেখি ৰুণিমাই বুকুত খোচ এটা অনুভৱ কৰিলে।
তাইৰ কাণত বাজিবলৈ ধৰিলে মতিৰ কণ্ঠস্বৰ।"দে মা আৰু অকন পায়স দে না!মোৰ দেখোন ভোকেই নুগুছিল।"
ৰুণিমাই একান্তমনেৰে দৃশ্যটো চাই থাকিল।এইবাৰ তাই বুকুৰ ভিতৰত অলপো বিষ অনুভৱ নকৰিলে।বৰং মেকুৰীজনীলৈ তাইৰ মৰম জাগিল।কিমান যে ভোকত আছিল ছাগে তাই।ক্ষুধাৰ অগনি তাইতকৈ আৰু কোনে ভালদৰে বুজিব পাৰে!
কবিতা বৰা কলিতা
দূৰভাষ নং-৮৭৫৩৯৪১৭২৪





Comments