ৰন্ধন শিল্প : পক্ষপাতিত্বৰ সীমা ভাঙি
- পিংগলিকা বৰকটকী

- Sep 19, 2025
- 3 min read

সৰুতে মই কেতিয়াও ৰন্ধা-বঢ়া কৰি ভাল পোৱা নাছিলো। মায়ে যেতিয়া পাকঘৰত চাহ-ভাত ৰান্ধিবলৈ কৈছিল ,তেতিয়া পাকঘৰত ভৰি দিয়াটো মোৰ বাবে বিৰক্তিকৰ আৰু অনুপ্ৰেৰণাহীন আছিল। এই কাম মোৰ নহয় বুলি ধৰি লৈছিলো । কিন্তু ডাঙৰ হৈ যেতিয়া চাকৰি সুত্ৰে অসমৰ বাহিৰত অকলে থাকিব লগা হ'ল , মোৰ দৃষ্টিভংগী লাহে লাহে সলনি হ’বলৈ ধৰিলে। কেৱল বাধ্য বাধকতাৰ বাবে নহয় ,মন যায় বাবে মাজে মাজে ৰান্ধিবলৈ আৰম্ভ কৰিলোঁ।
আজিকালি মই নিজৰ খাদ্য নিজেই ৰান্ধিবলৈ লৈছোঁ । কাৰণ এনে কৰিলে মোৰ শৰীৰৰ বাবে কেনে খাদ্যৰ প্ৰয়োজন তাৰ ওপৰত নিয়ন্ত্ৰণ থাকে। কোনো আড়ম্বৰপূৰ্ণ খাদ্য নহয়, মাত্ৰ ভাত,দালি আৰু ভাজিৰ দৰে সাধাৰণ খাদ্য ৰান্ধো । সময়ৰ লগে লগে মই ৰন্ধা-বঢ়াক এক মূল্যৱান জীৱন দক্ষতা হিচাপে দেখিবলৈ পাইছো, যিটো লিংগ নিৰ্বিশেষে সকলোৱে শিকিব লাগে। আজি কালি ৰন্ধা-বঢ়া কৰি বেয়া নালাগে ।তেন্তে ইমান বছৰে কিয় বেয়া পাইছিলোঁ?
শেহতীয়াকৈ এটা লেখা পঢ়িছিলো য’ত ৰন্ধন প্ৰণালীৰ সৈতে মোৰ প্ৰেম-ঘৃণা সম্পৰ্কৰ বিষয়ে স্পষ্টততা আহিল। মই বুজিলোঁ যে মোক আচলতে ৰন্ধা-বঢ়া কাৰ্য্যই আমনি কৰা নাছিল, বৰঞ্চ সমাজে ৰন্ধা-বঢ়াৰ কাৰ্যৰ প্ৰতি মোৰ বিতৃষ্ণা জগাইছিল। ৰন্ধা-বঢ়া কৰাটো লিংগভিত্তিক দায়িত্ব বুলি মোক বিশ্বাস কৰাব বিচৰা হৈছিল। মোৰ পৰিয়ালৰ মহিলাসকল–মা,মাহী,পেহী,জেঠাইয়ে পাকঘৰত অন্তহীন ঘণ্টা সময় কটাইছিল। আনহাতে পুৰুষসকলে নিজৰ ৰন্ধা-বঢ়াৰ দক্ষতাৰ অভাৱক সন্মানৰ বেজ হিচাপে পিন্ধিছিল, প্ৰায়ে গৌৰৱেৰে কৈছিল, ‘মই পানী উতলাবও নাজানো’।
ছোৱালীয়ে ৰন্ধা-বঢ়া শিকিবই লাগিব বুলি সমাজত এটা ধাৰনা আছে।কাৰণ ছোৱালীজনীয়ে ৰন্ধন কাৰ্য শিকাটো ভৱিষ্যতৰ পৰিয়ালৰ বাবে প্ৰস্তুতি হিচাপে লোৱা হয়। ৰান্ধিব জনাটো ‘ভাল পত্নী’ বা ‘ভাল মাতৃ’ৰ লক্ষণ বুলি প্ৰায় পূৰ্বনিৰ্ধাৰিত । যেন এগৰাকী নাৰীৰ মূল্য নিৰ্ভৰ কৰে কেৱল তাই পৰিবেশন কৰিব পৰা খাদ্যৰ ওপৰত। কিন্তু ল’ৰাবোৰক ৰন্ধন কাৰ্যৰ বাবে আশা কৰা নহয় আৰু সেইটো মোৰ বাবে গভীৰভাৱে অন্যায় যেন লাগে। এই ধৰণৰ চিন্তাই ৰন্ধা-বঢ়াৰ আনন্দ কাঢ়ি লৈ যায় আৰু ইয়াক লিংগ নিৰ্দিষ্ট কৰ্তব্যলৈ হ্ৰাস কৰে। সেইটো মই মানি ল’বলৈ অস্বীকাৰ কৰো। ৰামায়ণত ৰামৰ সৈতে বনবাসত থাকোঁতে সীতাক ৰন্ধা-বঢ়াৰ লগতে বনত সাজি লোৱা ঘৰখনৰ পৰিচালনাৰ দায়িত্ব দিয়া হৈছিল । একেদৰে মহাভাৰততো দ্ৰৌপদীক পাণ্ডৱৰ বনবাসৰ সময়ত ৰন্ধা-বঢ়া কৰাৰ কথা বৰ্ণনা কৰা হৈছে । দ্ৰৌপদী, সীতা ৰাজৰাণী হৈও ৰান্ধিব জানিছিল, আমাৰ জনীয়ে নাজানে বুলি নিন্দাসূচক মন্তব্য আজিও বহু মহিলাই শুনিব লগা হয় ।

সময় সলনি হৈছে । সমাজখন এতিয়া বিকশিত হৈছে। মোৰ স্বামী মোতকৈ বহুত ভাল ৰান্ধনি। মই ৰন্ধা -বঢ়া কথাবোৰৰ বেছিভাগ তেওঁৰ পৰাই শিকিলোঁ। কিন্তু এই কথাটো মই আওকাণ কৰিব নোৱাৰো যে আজিও কিছুমান সমাজত মহিলাসকলে কিমান ভালদৰে ৰান্ধিব পাৰে তাৰ ওপৰত বিচাৰ কৰা হয়।
যেতিয়া এগৰাকী মহিলাই ৰন্ধা-বঢ়া কৰে, তেতিয়া ইয়াক তেওঁ জানিবলগীয়া বিষয় বুলি গণ্য কৰা হয়। নাৰী হিচাপে আমাৰ ৰন্ধা-বঢ়াৰ দক্ষতা যেন বাধ্যতামূলক। এতিয়াও বিশ্বাস কৰা হয় যে তাই যদি নিখুঁতভাৱে ঘূৰণীয়া পৰঠা সেকিব নোৱাৰে বা মাছ-মাংস ৰান্ধিব নোৱাৰে তেন্তে তাই যেন অসম্পূৰ্ণ ৷ যিমানেই উচ্চ শিক্ষিত নহওঁক বা উচ্চ পদবীত কৰ্মৰত নহওঁক কিয় তাই যেন দক্ষ ৰান্ধনী হবই লাগিব। আমি যিমানেই উন্নত বা প্ৰগতিশীল বুলি দাবী নকৰোঁ কিয়, এই দ্বৈত চিন্তা এতিয়াও আমাৰ সমাজত সজীৱ হৈ আছে।
মই বিশ্বাস নকৰো যে নাৰীবাদ মানে ৰন্ধা-বঢ়াক ঘৃণা কৰা বা শিকিবলৈ অস্বীকাৰ কৰা। ৰন্ধা-বঢ়া কৰিব নাজানো বুলি কোৱাটো নিশ্চয় গৌৰৱৰ বিষয় নহয়। প্ৰকৃত নাৰীবাদ হ’ল -যদি এজন পুৰুষৰ বাবে ৰন্ধা-বঢ়া কৰাটো বাধ্যতামূলক বুলি গণ্য কৰা নহয়, তেন্তে পুৱা ৯বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে চাকৰি কৰা এগৰাকী মহিলাকো দক্ষ ৰান্ধনী হবই লাগিব বুলি কোনো বাধ্যবাধকতা থাকিব নালাগে। ৰন্ধা-বঢ়া আৰু উপাৰ্জনৰ দক্ষতা, লিংগ নিৰ্বিশেষে সকলোৱে শিকিব লাগে। ‘মই নাৰীবাদী হোৱাৰ বাবেই ৰন্ধা-বঢ়া কৰিব নিবিচাৰো’ বুলি কোৱাতকৈ মই এনে এখন পৃথিৱী কল্পনা কৰি ভাল পাওঁ য’ত ৰন্ধা-বঢ়া কৰাটো লিংগৰ সৈতে জড়িত নহয়, কেৱল যত্ন আৰু পুষ্টিৰ কাৰ্য্য হিচাপেহে দেখা যায়। আমাক এনে এখন পৃথিৱী লাগে য’ত পুৰুষ মহিলা বিচাৰ নকৰাকৈয়ে সকলোৰে অফিচ আৰু পাকঘৰ বা দুয়োটাকে বাছি লোৱাৰ স্বাধীনতা থাকে। সেই ধৰণৰ সমতাৰ বাবে আমি চেষ্টা কৰিব লাগিব। পুৰুষ-নাৰী বুলি কামবোৰ নিদিষ্ট হোৱাতকৈ ইচ্ছা,আগ্ৰহ আৰু দক্ষতাৰ ভিত্তিত সম্পন্ন কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া প্ৰয়োজন।
লোক বিশ্বাসত আমাৰ পাকঘৰটোক পবিত্ৰ জ্ঞান কৰি আহিছে।এই পাকঘৰটোতেই ৰন্ধন কলা শিকিবলগীয়া অতি গুৰুত্বপূর্ণ জ্ঞান সোমাই আছে। ভাতৰন্ধা কেৱল প্ৰয়োজন নহয়, ই প্ৰেম, যত্ন আৰু জীৱন-নিৰ্বাহ কৰা শিল্পও বুলিব পাৰি। ৰান্ধনীশালাৰ সুবাসত লুকাই থাকে সমতা, সন্মান আৰু জীৱনৰ ৰস। সেয়ে, ৰন্ধনশিল্পক জানিবলৈ আৰু পৰিবেশন কৰিবলৈ পক্ষপাতিত্বৰ সীমা ভাঙি পৰিয়ালৰ প্ৰতিজনে এগৰাকী শিল্পীৰ দৰে আগুৱাই আহিব লাগিব।
পিংগলিকা বৰকটকী
9620601836





Comments