top of page

পৰিৱেশ সংৰক্ষণত নাৰীৰ ভূমিকা

Updated: Sep 19, 2025

প্ৰাকৃতিক সম্পদৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক, পৰম্পৰাগত পৰিৱেশ জ্ঞান, পৰিৱেশৰ অৱক্ষয়ৰ পৰা হোৱা অসমতাপূৰ্ণ প্ৰভাৱৰ বাবে মহিলাসকলে এক অপৰিহাৰ্য ভূমিকা পালন কৰে। তৃণমূল পৰ্যায়ৰ আন্দোলন, প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা আৰু বহনক্ষম পদ্ধতি গ্ৰহণৰ ক্ষেত্ৰত তেওঁলোক প্ৰায়ে আগশাৰীৰ । বিশ্বজুৰি সংৰক্ষণৰ প্ৰচেষ্টাত মহিলাসকলে ধাৰাবাহিকভাৱে উল্লেখযোগ্য প্ৰভাৱ প্ৰদৰ্শন কৰি আহিছে। তেওঁলোকৰ অনন্য দৃষ্টিভংগী আৰু স্থানীয় জ্ঞান প্ৰাকৃতিক সম্পদ সুৰক্ষাৰ ক্ষেত্ৰত অমূল্য বুলি প্ৰমাণিত হয়। বহু মহিলাই সম্প্ৰদায়ভিত্তিক সংৰক্ষণ কাৰ্যসূচীত সক্ৰিয়ভাৱে জড়িত হৈ থাকে, যিয়ে বহনক্ষম পদ্ধতিসমূহক লালন-পালন কৰে। পৰিৱেশৰ বিষয়ে আনক জ্ঞান দিয়া আৰু পৰিৱৰ্তনৰ পোষকতা কৰাত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সংৰক্ষণ প্ৰচেষ্টাত মহিলাসকলৰ অৱদান উল্লেখযোগ্য । তেওঁলোকে বিভিন্ন পদক্ষেপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে, যেনে বাসস্থান পুনৰুদ্ধাৰ আৰু প্ৰজাতি সুৰক্ষা। তদুপৰি মহিলাসকলে প্ৰায়ে নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰে, যাৰ ফলত তেওঁলোকৰ সম্প্ৰদায়ৰ ভিতৰত ইতিবাচক পৰিৱৰ্তন ঘটে। পৰম্পৰাগত জ্ঞান ভাগ-বতৰা কৰি আৰু পৰিৱেশৰ বহনক্ষমতাৰ পোষকতা কৰি তেওঁলোকে আনক শক্তিশালী কৰে।


পৰিৱেশ সংৰক্ষণৰ প্ৰচেষ্টাত মহিলাসকলক সবলীকৰণৰ বাবে চৰকাৰে কেইবাটাও কাৰ্যসূচী আৰম্ভ কৰিছে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে প্ৰাকৃতিক সম্পদ আৰু বহনক্ষম পদ্ধতিৰ সুৰক্ষাৰ ক্ষেত্ৰত মহিলাসকলৰ আগ্ৰহ বৃদ্ধি কৰা। তদুপৰি এই কাৰ্যসূচীসমূহে মহিলাসকলৰ জ্ঞান আৰু দক্ষতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণ আৰু সম্পদ প্ৰদানৰ ব‍্যৱস্থা কৰে। ফলস্বৰূপে এই ব্যৱস্থাসমূহে মহিলাসকলক সংৰক্ষণৰ সৈতে জড়িত সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ সক্ষম কৰে।


হিন্দু বৈদিক দৰ্শন অনুসৰি মহিলাসকল "প্ৰকৃতি"ৰ প্ৰতীক। সৃষ্টিক ফুলিবলৈ আৰু লালন-পালন কৰাত নাৰীৰ ভূমিকা অপৰিসীম। যদি আমি বৈদিক প্ৰেক্ষাপটত বিবেচনা কৰোঁ তেন্তে বৈদিক যুগৰ পৰাই নাৰীসকল পৰিৱেশ সুৰক্ষাৰ পক্ষপাতী। প্ৰত্যেক ভাৰতীয়ৰ ঘৰত তুলসী, কলগছৰ উপস্থিতি, পূজা -পাতলত ইয়াৰ ব্যৱহাৰ পৰিৱেশৰ সৈতে আমাৰ সংযোগ প্ৰতিফলিত কৰে। ৰাতিপুৱা সূৰ্য্য অৰ্ঘ্য দিয়া, চন্দ্ৰ পূজা কৰা, ভূমি পূজা কৰা আদিৰ জৰিয়তে প্ৰতিটো প্ৰকৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয় ।


প্ৰকৃতিৰ লগত নাৰীৰ এক ঘনিষ্ঠ সম্পৰ্ক আছিল আৰম্ভণিৰে পৰা। এফালে প্ৰকৃতিৰ উৎপাদক আৰু আনফালে পৰিচালকৰ গুৰু দায়িত্ব পালন কৰি আহিছে। প্ৰকৃত ৰক্ষাৰ স্বাৰ্থত মহিলাসকলে আন্দোলন কৰিছিল আৰু প্ৰাণ দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত নাৰীৰ অতুলনীয় অৱদান কেতিয়াও পাহৰিব নোৱাৰি ।এই আন্দোলনকাৰী মহিলাসকলে এটা কথা ভালদৰেই জানিছিল যে পৰিষ্কাৰ পৰিবেশ অবিহনে জীৱন নাথাকে আৰু পৰিৱেশ ৰক্ষা কৰিহে জীৱন সুৰক্ষিত কৰিব পাৰি। আমি যদি পৰিবেশৰ ৰক্ষা নকৰো, তেন্তে বহু প্ৰজন্ম ক্ষতিগ্ৰস্ত হব লাগিব। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ উল্লেখ্যযোগ্য আন্দোলন সমূহ হ'ল--


খেজাদলী আন্দোলন:


ৰাজস্থানৰ খেজাদলী আন্দোলন পৰিৱেশ সচেতনতাৰ এক বৃহৎ নিদৰ্শন। ৰাজস্থানৰ খেজাদলি গাঁৱৰ স্থানীয় ৰাইজে এই আন্দোলন চলাইছিল। কোৱা হয় যে ১৭৩০ চনত যোধপুৰৰ মহাৰাজে নিজৰ ৰাজপ্ৰসাদ নিৰ্মাণৰ বাবে কাঠ নিবলৈ সৈনিক পঠিয়াইছিল, আৰু তেওঁ কুঠাৰ লৈ খেজাদলি গাঁৱত উপস্থিত হৈছিল। ইয়াত গাঁৱৰ এগৰাকী মহিলা অমৃতা দেৱীয়ে সৈনিকৰ গছ কটাৰ বিৰোধিতা কৰি তিনিজনী কন্যাৰ সৈতে গছজোপাত আঁকোৱালি লৈছিল। গছজোপা বচাওঁতে এই মহিলাগৰাকীয়ে আনকি প্ৰাণ আহুতি দিব লগা হ'ল। এই খবৰ গাঁওখনত বিয়পি পৰাৰ পিছত ৩৬৩ জন লোকেও গছ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়ে। এই ঘটনাটো সমগ্ৰ বিশ্বতে পৰিৱেশ সুৰক্ষাৰ উদাহৰণ দি প্ৰচাৰ কৰা হৈছিল ।



চিপকো আন্দোলন:


এই আন্দোলন ১৯৭৩ চনত উত্তৰাখণ্ডৰ চামোলিত গছ কটাৰ পৰা বচাবলৈ আৰম্ভ কৰা হৈছিল। শ্ৰী সুন্দৰ লাল বহুগুণা এই আন্দোলন আৰম্ভ কৰা ব্যক্তি, কিন্তু এই আন্দোলনৰ সময়ত মহিলাসকলেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । এই আন্দোলনক ইকো ফেমিনিষ্ট আন্দোলন বুলিও কোৱা হয়। কাৰণ ইয়াৰ অধিকাংশ শ্ৰমিক মহিলা আছিল।


নৱধন্য আন্দোলন:


১৯৮৭ চনত পৰিৱেশবিদ বন্দনা শিৱৰ নেতৃত্বত নৱধন্য আন্দোলন মহিলাৰ দ্বাৰা পৰিচালিত হৈছে। এই আন্দোলনত জৈৱিক কৃষিৰ বাবে মানুহক প্ৰেৰণা দিয়াৰ সমান্তৰালকৈ কৃষকক বীজ বিতৰণ কৰা হয় আৰু জাংকফুডৰ কু-প্ৰভাৱৰ প্ৰতি সচেতন কৰা হয়।


নৰ্মদা বাচাও আন্দোলন:


নৰ্মদা বাচাও আন্দোলন আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো মেধা পাটেকাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পৰিৱেশ সুৰক্ষা আৰু প্ৰসাৰৰ ক্ষেত্ৰত মহিলাৰ ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি ১৯৮৮ চনৰ ৰাষ্ট্ৰীয় বন নীতিত তেওঁলোকৰ অংশগ্ৰহণক স্থান দিয়া হৈছিল। ২০০৬ চনত ৰাজস্থানৰ ৰাজসামন্দ জিলাৰ পিপালন্ত্ৰী গাঁৱত এগৰাকী কন্যা জন্মৰ সময়ত ১১১ টা পুলি ৰোপণৰ সিদ্ধান্ত লোৱা হয় আৰু ২০০৮ চনত এই আঁচনিৰ সাফল্যৰ প্ৰতি লক্ষ্য ৰাখি এই গাঁওখনেও নিৰ্মল গাঁৱৰ বঁটা লাভ কৰে।



প্লাচিমাডা আন্দোলন:

প্লাচিমাডা আন্দোলন আছিল নদী-সংৰক্ষণৰ বিৰুদ্ধে মহিলাসকলে গ্ৰহণ কৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপ। অধিক লাভৰ বাবে কোকাকোলা কোম্পানীয়ে প্ৰদূষণৰ প্ৰতি গুৰুত্ব নিদিয়াৰলগতে ভূগৰ্ভস্থ পানীত এৰি দিয়া ৰাসায়নিক দ্ৰব্যৰ ফলত জলসম্পদৰ ওপৰত নিৰ্ভৰশীল স্থানীয় মহিলাসকলৰ জীৱিকাৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছিল। ইৰাৱলৌৰজান জাতিৰ এগৰাকী নিৰক্ষৰ মহিলা মায়ৰালম্মা লগত মহিলাসকলে ‘কোকাকোলা বনাম সমৰা সমিতি গঠন কৰিছিল, যি দক্ষিণ ভাৰতত এক সফল আন্দোলন হিচাপে আত্মপ্ৰকাশ কৰিছিল।


আন্তঃৰাষ্ট্ৰীয় শাসনৰ সহস্ৰাব্দ উন্নয়ন লক্ষ্য অনুসৰি লিংগ সমতা আৰু পৰিৱেশ বহনক্ষমতা একবিংশ শতিকাৰ অতি গুৰুত্বপূৰ্ণ আৰু পৰস্পৰ সম্পৰ্কিত লক্ষ্য। চিপকো আন্দোলন, প্লাচিমাডা আন্দোলন, নৰ্মাদা বাচাও আন্দোলনৰ দৰে বহুতো পৰিৱেশ আন্দোলনত মহিলাৰ প্ৰশংসনীয় অৱদান দেখিবলৈ পোৱা যায়। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত মহিলাসকল সদায় আগৰণুৱা হৈ আহিছে যদিও তেওঁলোকৰ পদ্ধতি বেলেগ। আজিও মহিলাসকলে নিজৰ স্তৰৰ পৰা পৰিবেশৰ স্বাৰ্থত কাম কৰি আছে। প্ৰকৃতিৰ ক্ৰোধৰ পৰা হাত সাৰিবলৈ হলে ভৱিষ্যত প্ৰজন্মক এনে শিক্ষা প্ৰদান কৰিব লাগিব যি সুস্থ পৰিৱেশ গঠন হোৱাত এক প্ৰশংশনীয় পদক্ষেপ লব পাৰে । চৰকাৰৰ দায়বদ্ধতাই লিংগ সমতা আৰু পৰিৱেশ বহনক্ষমতাক প্ৰসাৰিত কৰে।


পৰিবেশ সংৰক্ষণ ৰ লগত জড়িত কেইগৰাকীমান মহিলা কৰ্মী:


  • অমৃতা দেৱী: ভাৰতৰ প্ৰথম নথিভুক্ত মহিলা পৰিৱেশ কৰ্মী। অমৃতা দেৱী বিষ্ণুই সম্প্ৰদায়ৰ । তেও প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা আৰু প্ৰেমৰ বাবে সুপৰিচিত l

  • সৰলা বেহন: তেখেতে গান্ধীৰ অহিংসা আন্দোলনত যোগ দিছিল। ঔপনিৱেশিকতাবাদ, সাম্ৰাজ্যবাদ আৰু বৰ্ণবাদী অন্যায়ৰ বিৰুদ্ধে তেওঁ আন্দোলন কৰিছিল।

  • লুই গিবছ: তেওঁ পৰিৱেশবিদ আৰু স্বাস্থ্য কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালিকা।

  • মেনকা গান্ধী: তেওঁ এগৰাকী পৰিৱেশবিদ আৰু পশু কল্যাণ কৰ্মী। তেওঁ জীৱ-জন্তুৰ বাবে শকতিশালীভাৱে নেতৃত্ব দি আহিছে ।

  • ডাঃ পূৰ্ণিমা দেৱী বৰ্মনঃ তেওঁক হাৰগিলা বাইদেউ বুলি জনা যায়। তেওঁ আৰণ্যকৰ সংৰক্ষণ জীৱবিজ্ঞানী হিচাপে কাম কৰি আছে।

  • তুলসী গৌড়াঃ কৰ্ণাটকৰ হন্নাই গাঁৱৰ এগৰাকী প্ৰবীণ পৰিৱেশবিদ। গছ সুৰক্ষাৰ প্ৰতি আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছিল ।


পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত মহিলাসকলে লোৱা ভূমিকাক স্বীকৃতি দিয়াৰ সময় আহি পৰিছে ।পৰিৱেশ সংৰক্ষণত নাৰীৰ ভূমিকা অতি প্ৰয়োজনীয় আৰু এইক্ষেএত নাৰীৰ অৱদানক স্বীকৃতি আৰু সমৰ্থন দিব লাগিব। সংৰক্ষণ প্ৰচেষ্টাত অংশগ্ৰহণ কৰিবলৈ মহিলাসকলক সবল কৰি আমি অধিক স্থায়িত্বৰ প্ৰসাৰ ঘটাব পাৰো । পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত লোৱা মহিলাসকলৰ জটিল ভূমিকাক স্বীকৃতি দিয়াৰ ক্ষেএত চৰকাৰৰ ভূমিকাও গুৰুত্বপূৰ্ণ হব ।



ড০ জ্যোতিস্মিতা দাস

8720905024

Comments


bottom of page