top of page

ৰাতিৰ বুকুত অনুভৱ কৰোঁ তোমাৰ খোজ

Updated: 2 days ago

নিস্তব্ধতাৰ চাদৰখনে যেতিয়া

আৱৰি ধৰে সপোনৰ দলিচা,

মই শুনো প্ৰতিধ্বনি—

অন্ধকাৰৰ সিপাৰে তোমাৰ নিঃশব্দ খোজৰ।


সেই খোজত নাই কোনো নূপুৰৰ জুনুকা,

মাথো আছে এটি মায়াময় স্পন্দন;

যিয়ে কঁপাই থৈ যায়

মোৰ মৌনতাৰ নীলা আকাশ।


তুমি যেন এক অঘৰী জোনাক,

স্মৃতিৰ অৰণ্যত বিচাৰি ফুৰা নিজৰেই ছাঁ;

তোমাৰ প্ৰতিটো খোজত

উন্মোচিত হয় একোখনি বিষণ্ণ কেনভাছ,

য’ত আল্পনা আকিছে

অনিৰ্দিষ্ট সময়ৰ বিষাদ-অশ্ৰুৱে।


চিনাকি পৃথিৱীৰ অচিনাকি বাটেৰে

তুমি আহিবা বুলি মই ৰৈ থাকোঁ,

ৰাতিৰ বুকুত এটি জিলীৰ মাত হৈ

কৈ যোৱা অজানিতে—

প্ৰাপ্তিৰ শেষত থকা এক অনন্য হেৰুৱাৰ গাঁথা।


এই ধূলিময় পৃথিৱীৰ কোলাহলৰ পৰা আঁতৰত,

মই অনুভৱ কৰোঁ—

মোৰ নিসংগতাৰ বিশালতাত

কেৱল তোমাৰেই সেই মন্থৰ খোজৰ দস্তাবেজ

তুমি গানৰ মাজতে জীয়াই থাকিবা যুগ-যুগান্ত।


 নিপু কুমাৰ দাস                            

কাজিপাৰা,নলবাৰী 

দূৰভাষ নং- ৭০০২৩২৭৮০৫

Comments


bottom of page