top of page

ফাগুনৰ ৰাতি কিয় নাহে টোপনি

পোৱা নাই এতিয়াও সেইখনি ঠাই

স্বপ্নবোৰে জগোৱা ৰাতি 

দেখিছিলোঁ যি ঠাই...

সেই ঠাইখনতে আছে 

তোমাৰ অৱস্থিতি...

যেতিয়াই টোপনি ধৰে

গোটেই ৰাতিটোতে দেখি থাকোঁ

তুমি থকা ঠাইখিনি,


ঠাইখিনি মোৰ পৰিচিত নহয়

বিচাৰি পাবলৈ বৰ টান হ’ব,

দূৰত্ব কিমান আছে

তাৰ ধাৰণা অলপো নাই

মাত্ৰ সপোনতে হে দেখোঁ_

সেউজীয়াৰে আৱৰা 

প্ৰকৃতিৰ মাজত তুমি 

গোলপীয়া ৰূপহীজনী হৈ

গাভৰু সাজত থাকি 

উমাল হৈ আছা...

সেইখিনিয়ে মোৰ মনত ৰৈ গৈছে 


মোৰ ঠাইখন উজনিৰ কুণ্ডিলৰ পাৰত

তুমি যদি বুকুত কেতিয়াবা

পোৱা মোৰ অনুভৱবোৰ 

আহি যাবা উজনিৰ ফালে 

খেৰৰ জুপুৰি ঘৰটো দেখিলে

বিনা সংকোচে সোমাই আহিবা

মৃত্যুঞ্জয়ী মুখখনি চাই 

নিশ্চিত ভাৱে বুজি পাবা 

মোৰ হৃদয় খন ইমান নিলাজ,

ফাগুনৰ বতৰতো মই 

বতাহজাকৰ স্পৰ্শ পোৱা নাই

এৰি যোৱা মৰমবোৰ বিচাৰি

এতিয়াও কিয় টোপনি নাযাওঁ ৷


ৱাহিদ আহমেদ

কাটাৰ, ডোহা

দূৰভাষ নং: + ৯৭৪৩১২০৪৫৭১


Comments


bottom of page