top of page

প্ৰাপ্তি

Updated: 2 days ago

লাহে লাহে প্ৰেক্ষাগৃহটো খালি হৈ পৰিল।সকলোকে বিদায় দি এইয়া চকী খনত হেলান দি বহি লৈছোঁ। অলপ ভাগৰুৱা যেন অনুভৱ হৈছে। মোৰ সমুখত বৈ যোৱা সময়ৰ প্ৰাপ্তি-অপ্ৰাপ্তিৰ অলেখ কথকতা।পাৰ হৈ যোৱা পঞ্চলিশটা বসন্ত  আৰু বাইশবছৰীয়া বৈবাহিক জীৱনৰ অলেখ ছবিয়ে ভিৰ কৰিছেহি। আজিকালিৰ ছোৱালীবোৰে কি পঢ়িলে আগবাঢ়িব পাৰিব, কোনটো ক্ষেত্ৰত মানুহে কমকৈ কাম কৰিছে তেনেধৰনৰ চিন্তাত ডুব গৈ থকাৰ সময়ত    দীঘলকৈ ওৰণি টানি সেন্দুৰৰ  ডগমগীয়া ৰেঘ লৈ নগৰখনৰ সেই  সম্ভ্ৰান্ত  পৰিয়ালটোৰ বোৱাৰী হৈছিলোহি। শহুৰ- শাহু, বৰজনা - জা ,দেওৰ -  ননদকেইজনীৰে  এখন ভৰা ঘৰ। মৰমৰ আব্দাৰত আপোনপাহৰা হৈ পৰিয়ালৰ প্ৰতিজনক সন্তুষ্ট কৰাৰ আখৰাত আঙুলিৰ ফাঁকেৰে  সময় পাৰ হৈছিল।  হয়তু সেইয়াই আছিল নিজক পাহৰাৰ প্ৰথম খোজ।


কলেজৰ ফ্ৰেচাৰ্ছতে বোধহয় শেষবাৰৰ বাবে নাচিছিলো।  মা'হঁতে নেদেখাকৈ যৌতুকীয়া বাকচটোতে  জুনুকাযোৰ ভৰাই আনিছিলো যদিও মান ধৰা কাপোৰ উলিওৱা- সুমুৱাত  জুনুকাযোৰ  ক্ৰমাৎ  তল পৰি পৰি গৈ থাকিল।সময় বাগৰাৰ লগে লগে  বাকচটোও শোৱনীকোঠা পাৰ হৈ ষ্ট্ৰৰ'ৰূমৰ এচুকত অৱহেলিত হৈ ৰ'ল ।সিদিনা হঠাতে পুৰণি বস্তু বিচাৰোতে জুনুকাযোৰ  পালোঁ। ঘৰৰ কোনেও নেদেখাকৈ আৱৰি সামৰি থ'লোহি যদিও মামৰ লগা জুনুকাযোৰ  আৰু মদৰুৱা বৰণধৰা চাৰ্টিফিকেটখন কলেজৰ শ্ৰেষ্ঠ  নৃত্যশিল্পীৰ প্ৰতিভাত যেন মামৰ লাগিছিল সেইকথা প্ৰমাণ  কৰাৰ লগতে আঘাতো কৰিছিল।  দিনৰ দিনটো  এগৰাকী ভাল বোৱাৰী , পত্নী, মাক হোৱাৰ প্ৰচেষ্টাত লাগি থকা মানুহ এগৰাকীৰ  আন এটা সপোনৰ কথা ভাবিবলৈ অৱকাষেই বা ক'ত  ? জিকা, বিলাহীৰে টেঙাখন বনালে মা - দেউতা দুয়োজনেই ভালপাব, কণীৰ তৰকাৰী এখন মৌমন আৰু হিয়াৰ বাবে , অৰুনাভ  আৰু অলকেশৰ বাবে শুকান ভাজিৰে ৰুটি,পদিনাৰ এখন মিঠা, টেঙা চাটনী আৰু  এখন মিক্স ভাজি সকলোৰে বাবে।অহাকালিলৈ সৰু মাইনাৰ  ঘৰত শহুৰেকৰ শ্ৰাদ্ধ  ।সেয়ে মিঠাইকেইটামানৰ লগতে ঘৰত বনোৱা বস্তু কেইটামান বনাই নিলে  টোপোলাটো দিবলৈ ভাল লাগিল ।এনেধৰনৰ চিন্তাৰ মাজত জুনুকাযোৰৰ সৈতে আত্মীয়তা কৰবাত হেৰাই  গ'ল।

দিনটোৰ কথা স্পষ্টকৈ মনত আছে তাইৰ।  হিয়াৰ কলেজত হোৱা অভিভাৱক সভাখনৰ পৰা লৰালৰিকৈ ওলাই আহি থাকোঁতে  পিছফালৰ পৰা পাহৰণিৰ গৰ্ভত সোমাই পৰা নামটোৱে মাতোতে একপ্ৰকাৰ  থৰ হৈ পৰিছিল তাই।


"অ'  সৌৱাচোন মণিমুগ্ধ।" একেকোবে তাই মণিমুগ্ধৰ কাষ পাইছিলগৈ।


"তই ,,,,,,,ই  ইয়াত! ক'ত আছ , কেনেকৈ আছ ? তইতো  ইউ. এছ .এ গৈছিলিগৈ ?"


"ৰহচোন একেলগে ইমানবোৰ প্ৰশ্নৰ উত্তৰ কেনেকৈ দিম ?  মই  ক'ত আছিলো, কেনেকৈ আছিলো সেইবোৰ কথা  একেলগে জানিব নালাগে ।মাত্ৰ জানি থ যে মই তহঁতৰ  এই ধুনীয়া চহৰখনৰ বাসিন্দা। ছোৱালীজনীক ইয়াতে এডমিশ্যন  দিছোঁ। "


"অ' ভাল কথাচোন ।আমাৰ  হিয়াকো ইয়াতে ফাৰ্ষ্ট  ইয়াৰত এডমিশ্যন  দিছোঁ। "


" হ'বদে গম পাইছোঁ।তই  আগৰ সেই  টিউবলাইটটোৱেই হৈ আছ। ৰ'চোন তই আজিকালি নাচ নে ? "

মণিমুগ্ধৰ কথাত একপ্ৰকাৰ অস্বস্তিত পৰিছিল তাই।


কিবা কোৱা আৰু সোধাৰ পৰিবৰ্তে  তলমুৰ কৰি থকা দেখি  মণিমুগ্ধই  কৈছিল  " এতিয়া ল'ৰা ছোৱালী দুটা ডাঙৰ হ'ল ।গতিকে অলপ সময় নিজকো দিবি। আন নহ'লেও আত্ম- সন্তুষ্টিৰ বাবে। "


কথাখিনি সৰলকৈ  কৈছিল  যদিও শব্দ কেইটাত থকা আত্মীয়তাৰ  বাবেই নেকি কলেজৰ পৰা আহিয়েই আলমিৰাৰ পৰা জুনুকাযোৰ উলিয়াই  ল'লো। জুনুকাযোৰৰ ওপৰত লাগি থকা  মামৰখিনিয়ে বাৰুকৈয়েই  আশাহত কৰিলে। সকলোকে চাহ -জলপান ভাগে- ভাগে দি বিচনাখনত  পৰি ৰ'লো অলসভাৱে। ভাগৰুৱা দেহ, বিষাদগ্ৰস্ত এটি মন।দীঘলকৈ ওৰণিখন টানি সোঁভৰিটো আগবঢ়াই দি যি ঘৰখনত সোমালো তাৰ পিছত  নিজৰ ভালপোৱা বুলিবলৈ যে কিবা আছিল  সেইয়া পাহৰি পেলালো। কি খাই  ভালপাওঁ , কি কৰি ভালপাওঁ তাক মনত পেলাবলৈ অতীতৰ পৃষ্ঠা লুটিয়াব লাগিব!  অৱশ্যে দোষ  মোৰেই।  নিজৰ অস্তিত্ব  বিচাৰি হাহাকাৰ নকৰিলে জানো আনে মনত ৰখাৰ আশা কৰিব পাৰি ! অৰুনাভৰ পত্নী, মৌমন আৰু হিয়াৰ  মাক আৰু সম্ভ্ৰান্ত   বৰুৱা পৰিয়ালৰ বোৱাৰীৰ মোহৰতকৈ আন কিবা বিচাৰি হাহাকাৰ কৰিছোঁ জানো ? 


"মা , মা , হিয়াৰ  মাতত সম্বিত  ঘুৰাই  পালো। তোমাৰ  পাৰ্চেল  এটা আছে।" হিয়াৰ  কথাই মোক আচৰিত কৰি তুলিলে।মইতো একো অৰ্ডাৰ  কৰা নাছিলো ! হিয়াক মনৰ ভাৱটো নেদেখুৱাই পাৰ্চেলটো ৰাখি থৈছোহি মাত্ৰ আনচেভড নাম্বাৰটোৰ ফোনটো দেখি । আকৌ এবাৰ শংকিত হ'লো।

হেল্ল' খুব সম্ভ্ৰম  ৰক্ষা কৰি  কৈ উঠিলোঁ, "তই ভয় খোৱা নাইতো !" সিফালে মণিমুগ্ধ।

মাতটো শুনি কিবা এটা অনুমান কৰিব  পাৰি কৈ উঠিলো " নাই দে তোৰ স্বভাৱটোৰ মই  নজনা নহয়।"


"উস !চিনি পালি যেতিয়া সমস্যা নাই  বাৰু। পাৰ্চেলটো খুলিলেই গম পাবি  বস্তুটো কিয় পঠালো। আশা কৰিছো তই এতিয়াৰ পৰা নিজৰ কামত মন দিবি।"


মোৰ পৰা সন্মতিসূচক বাক্যটো নুশুনাকৈয়ে সি ফোনটো কাটি দিলে। ৰাতি  ব্যস্ততাখিনি অলপ লৰালৰিকৈ সামৰি পাৰ্চেলটো খুলি ল'লো। এযোৰ ধুনীয়া জুনুকা! জানো এই জুনুকাযোৰ মণিমুগ্ধই  আকৌ এবাৰ  পিন্ধাতো বিচাৰিছে। কিন্তু এইয়া জানো সম্ভৱ ! পাৰ হৈ যোৱা  বাইছ বছৰত এদিনো মনত নেপেলোৱা  সপোনটোৱে জানো আকৌ এবাৰ সাৰ পাব ? মনে মনে মণিমুগ্ধলৈ খঙো উঠিল। কিয়নো সি আকৌ এবাৰ  সমাধিস্থ  হব খোজা সপোনটোক জগালেহি । এই হাবিয়াস মোৰ বুকুতে লীন যোৱা হ'লেই  ভাল আছিল।  গোটেই  ৰাতিটো বিচনাখনত ইফাল -সিফাললৈ কটালো ।দোকমোকালিৰ  শান্ত  পৰিৱেশত বাহিৰৰ লনখনত বহি সিদ্ধান্ত  ল'লো । আজি সকলো ওলাই  যোৱাৰ  পাছত  কিছুসময় নিজক বিচৰাৰ প্ৰয়াস কৰিম। কথামতেই  কাম।কিন্তু  বাইছ বছৰ জোৰা আখৰাৰ অভাৱে হাত ভৰি জঠৰ কৰা  অংগ প্ৰতংগ সঞ্চালনা কৰাটো ইমান  সহজ কথা নহয় বুলি সহজেই বুজি পালো। একপ্ৰকাৰ আত্মগ্লানি  নে আত্মদহনত মই  চগাৰ দৰে মাথোঁ  জ্বলি থাকিলো।  মণিমুগ্ধলৈকে খঙটো উঠিল ।সপোনৰ আতঁ হেৰুৱাৰ  পাছত কিয় বাৰু সি কিয় আকৌ সপোন দেখুৱালে ? নিজকে সুতাৰ আঁত হেৰুৱা চিলাখনৰ দৰে অনুভৱ  হ'ল।


"মা , মা ,আংকল  আহিছে তোমাক বিচাৰি।" চকুযুৰিত অকনমান  পানী মাৰি  বিচনাতে বহি ৰ'লো। স্মৃতিবোৰক পানী দি উটুৱাই  দিব পৰা হ'লে !  আজিলৈকে মোক বিচাৰি ঘৰখনলৈ কোনাবা অহাও মনত নাই।আই-পিতায়ে হিয়া , মৌমনৰ জন্মৰ  আগলৈকে মোলৈ  মনত পৰি অহা বুলি কয় যদিও  পিছলৈ নাতিয়েকহতঁৰ মৰমতহে বেছিকৈ আহে যেন লাগে।  কথাখিনি ভাবি ভাবি দ্ৰয়িংৰুমৰ ফালে খোজ দিলো। 


" কিযে মানুহ তই  ! ইমান ফোন কৰি আছোঁ তই ৰিচিভ কৰা নাই। ছোৱালীজনীয়ে হিয়াৰ  পৰা ঠিকনাটো লৈ দিয়াতহে  ঘৰ ওলালোহি।আৰু এই যখিনী ৰূপটো লৈ আছ যে !"


 তেতিয়াহে মন কৰিলো মণিমুগ্ধৰ ওচৰতে অৰুনাভো বহি আছে। টেবুলৰ ওপৰৰ গিলাছটো দেখিহে বুজিলো তেওঁলোক অহা কিছুপৰ হল।লৰালৰিকৈ  ফ্ৰেচ হবলৈ বুলি আগবাঢ়িলো ।নহ'লে মণিমুগ্ধই  কি বকলা মেলিব মই  নজনা নহয়।সেউজীয়া শাৰীখনকে গাত মেৰিয়াই চাহ দুকাপ হাতত লৈ তেওঁলোকৰ কাষ পাওঁগৈ মানে দুয়ো কিবা গভীৰ আলোচনাত মগ্ন হৈ আছে। চাহদুকাপ খাবলৈ কৈ আঁতৰিব  লওঁতেই অৰুণাভে মাত লগালে ,অন্তৰা  আমি এটা কথা ভাবিছোঁ । আমাৰ গ্ৰাউণ্ডত দুটা কোঠা এনেই আছে তাতে তুমি এখন ডান্স  একাডেমী খোলা। ইমানদিনে কথাবোৰ তুমিও কোৱা নাছিলা আৰু ময়ো সোধা নাছিলো।  আজি এখেতে কোৱাতহে কথাখিনি গম পাইছো ।  মৌমন  আৰু হিয়াই এতিয়া নিজক সম্ভালিব পৰা হ'ল।মা -দেউতায়ো নিজৰ কামখিনি কৰি লব পাৰে।সেয়ে  এতিয়া তুমি   কিছু সময় নিজক  দিয়া।অহা মাহতে ভাল দিন এটা চাই আৰম্ভ কৰিব  লাগিব।


সেইদিনটোৰ পৰা আজিলৈকে সম্পূৰ্ণ দুটা বছৰ। ফ্লোৰেন্স  ডান্স  একাডেমী এতিয়া চহৰখনৰ এটা অগ্ৰণী নৃত্য  প্ৰশিক্ষণ কেন্দ্ৰ। আজি অনুষ্ঠানটিৰ  বাৰ্ষিক  উৎসৱত ছাত্ৰ  - ছাত্ৰীয়ে  পৰিবেশন  কৰা নৃত্য চাই  স্বয়ং উপায়ুক্ত  মহোদয়েও মোক প্ৰশংসাৰে ওপচাই  পেলাইছে।এতিয়া সকলো ঘৰাঘৰি  গ'ল। হিয়া আৰু অৰুনাভক মই অলপ পিছত গৈ আছোঁ বুলি কৈ প্ৰেক্ষাগৃহটোৰ চকীখনত  হেলান দি বহি পুৰনি দিনবোৰ উভতি চাইছো ।আজি মণিমুগ্ধ নাই। দুমাহৰ আগতে সিহঁতে তেজপুৰ এৰি মুম্বাইলৈ গ'লগৈ। মাত্ৰ দুবছৰৰ বাবেহে সিহঁত  ইয়ালৈ আহিছিল।এতিয়া সি মুম্বাইৰ বাসিন্দা। তাৰ পত্নীৰ বিয়োগৰ পিছত মনটো পাতলাবলৈহে পৰিয়ালটো তেজপুৰলৈ আহিছিল।


মোৰ মনত সৰুতে খেলা দৰা কইনাৰ ছবিখন স্পষ্ট  হৈছে ।  সেইযে ঘৰতে শেৱালিফুলৰ মালা এডাল গাঁথি তাৰ ডিঙিত পিন্ধাই দিছিলো ! বুজা -নুবুজাৰ  দোদুল্যমান  অৱস্থাত  কৰা সেই ঘটনাই  কৈশোৰ যৌৱনত প্ৰেমৰ ৰূপ লৈছিল। কোনেও কাকো একো  নোকোৱাকৈ কৰ্তব্যৰ  তাড়নাত আঁতৰি আহিলো।হয়তু সেইয়া আমাৰ  আত্মিক  প্ৰেম আছিল।  দৈহিক প্ৰেমৰ বাসনা  কাহানিও  নাছিল । প্ৰেম হয়তু এনেকুৱাও । হৃদয় খুলি আৱৰন জুৰায়।  এতিয়াৰ পৰা ময়ো তাক হৃদয়তে  পুজা  কৰিম। দেৱতাৰ পুজা বেল তুলসীৰে নহয়, হৃদয়তহে হয়।  দুয়ো দুয়োকে কিমান ভালপাওঁ সেইয়া কল্পনাতীত।এক আত্মিক  সম্পৰ্কৰ  প্ৰকৃত অনুভূতিত হৃদয়খন ভৰি উঠিল। 


জ্যোতিৰ্ময়ী  বৰুৱা।

নগাঁও,অসম ।

ফোন - ৭৬৩৭৯৪০৫৩৭




Recent Posts

See All
বিহুৱতী সন্মান 

ৰশ্মিৰেখাৰ জেঠায়েকৰ ল'ৰা  যতিনৰ  পৰা পোৱা খবৰটোৱে সিহঁতৰ ঘৰখনক বৰ চিন্তাত পেলালে। কেৱল চিন্তাই নহয় , একপ্ৰকাৰ  ঘৰখনত হাহাকাৰ পৰিবেশ এটাৰ  সৃষ্টি হ'ল ।  এমাহ পাছতে বিহু  প্ৰতিযোগিতা । এতিয়ালৈকে ঢুলী

 
 
 

Comments


bottom of page