প্ৰগতিশীল চিন্তাৰ বাটকটীয়া শংকৰদেৱ
- ডা: ঋষেশ্বৰ ঠেঙাল শইকীয়া

- 2 days ago
- 3 min read

বিশ্বৰ কমিউনিজমৰ বাস্তব ৰূপ দিওঁতা প্ৰথম কোন বুলি প্ৰশ্ন কৰিলে তাৰ উত্তৰত ক'ব পাৰো যে শ্ৰীমন্ত শংকৰদেৱেই প্ৰথম বাটকটীয়া ; কিন্তু সকলোয়েই ভাবে যে কমিউনিজমৰ বাটকটীয়া কাৰ্লমাক্স আৰু এঞ্জেলচহে ।
কোৱা হয় সাম্যবাদৰ চিন্তা চৰ্চা পাচশ পঞ্চাশ বছৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাৰত বৰ্ষত প্ৰচাৰ কৰা থৈ গৈছে । কাৰ্লমাক্স এঞ্জেলচছ আদি ব্যক্তিসকলে সৌ সিদিনাহে অৰ্থাৎ উনৈশ শতিকাত তাৰ প্ৰচলন কৰিছে । আজিৰ মাৰ্ক্সীয় দৰ্শনত শোষক ,ধনী আৰু দুখীয়া শ্ৰেণীৰ কথা চৰ্চিত হৈছে ,গুৰুজনাই আগতেই অধ্যয়ণ সংস্কাৰৰ বিধি আৰু পিছত সমাজ বিকাশৰ দৰ্শন প্ৰকাশ কৰি থৈ গৈছে । সেই সময়ত প্ৰচাৰ বিমুখতাৰ বাবেই বিশ্বজনীনতা লাভ কৰিব নোৱাৰিলে ।
তথাপিতো , পিছত বহুতো ভাৰতীয় লোকে শ্ৰীমন্ত শংকৰদেৱৰ সাম্যবাদী চিন্তা -চৰ্চাত আকৃষ্ট নোহোৱাকৈ থকা নাই । বিষ্ণুপ্ৰসাদ ৰাভা ,জ্যোতিপ্ৰসাদ, ড০ ভূপেন হাজৰিকা ,ই ,এম ,এচ, নাম্বোদিপদ ,জ্যোতি বসু , হেমাঙ্গ বিশ্বাস আদি ব্যক্তিসকলৰ ভিতৰত শ শ বিঘাৰ মাটিৰ মালিক হৈয়ো মহাজনগিৰি কৰা নাছিল । তেওঁলোকে মহাপুৰুষ শংকৰদেৱে দেখুৱাই যোৱা সাম্যবাদী দৰ্শনক কৰ্মৰ মাজেৰে প্ৰমাণ কৰি দেখুৱাইছিল , যেনেকৈ শংকৰদেৱে ভূঞা ৰাজ্যৰ জমিদাৰ হৈয়ো ৰাজকাৰ্য পৰিত্যাগ কৰি সাধাৰণ মানুহৰ মাজত সোমাই সংস্কাৰৰ কামত মন দিছিল । এয়াইতো তেৰাৰ গুণগত বৈশিষ্ট্য যাৰ ফলত তেওঁ কেতবোৰ বলিষ্ঠ পদক্ষেপ ল'ব পাৰিছিল । যিবোৰ অন্য সংস্কাৰৰ লোকে ল'ব পৰা নাছিল ।
একেখন সমাজত একেটা পৰিৱেশত দুই শ্ৰেণীৰ লোক থাকিব পৰাটোহে ল'ৰালিতে শংকৰদেৱক চিন্তাক্লিষ্ট কৰা তুলিছিল । সমাজখনত এফালে গোষ্ঠীদ্বন্দ্ব ,জাতপাতৰ দ্বন্দ্ব , সামন্তবাদীৰ উৎপীড়ন , আনফালে সাধাৰণ মানুহৰ অভাৱ-অনাটন , অজ্ঞতা ,অবিদ্যা আদিৰ সুযোগ লৈ এক শ্ৰেণীৰ লোকে চলাই থকা অবাধ ধৰ্মীয় কুসংস্কাৰী শোষণে গুৰুজনাক উত্ৰাৱল কৰি তুলিছিল ।ঈশ্বৰ, ধৰ্মক লৈ কৰা এনে কু-সংস্কাৰৰ বিৰুদ্ধে ভাগৱতক সাৰোগত কৰি নৱ-বৈষ্ণৱ আন্দোলনৰ জৰিয়তে সাম্যবাদ প্ৰচাৰ কৰিছিল । উচ্চ বৰ্ণৰ কথা বাদেই আহোম ,চুতীয়া ,কোচ , কছাৰী ,মৰাণ ,মটক , গাৰো ,খাচীয়া , কিঙ্কৰ আদি সকলোকে এক কৰিব পাৰিছিল । তাৰ প্ৰভাৱত অসমীয়া জাতিৰ মাজত মানসিক আৰু নৈতিক দিশৰ উৎকৰ্ষণ ঘটে । বস্তুগত, ভাবগত আৰু আবেগিক - এই তিনিটা উপাদানেৰে গঢ়া বৈষ্ণৱ আন্দোলনে সমাজৰ বিভিন্ন অংশৰ মানুহৰ মাজত নিবিড় সম্পৰ্ক ৰচনা কৰি গ'ল । একশৰণ নাম ধৰ্মত উদাৰতা , সাম্যবাদ, সামপ্ৰেম , ভকতি আৰু দাস্য ভকতিৰ দৰে শক্তিশালী আদৰ্শনীয় পথ থকাৰ বাবে সকলো জাতি -উপজাতি এক হৈ বৃহৎ অসমীয়া জাতি গঠন কৰাত সফল হ'ব পাৰিছিল।
মূল দৰ্শনটো আছিল ---
"কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মাৰাম ।
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম ।।"
সমদৃষ্টি দৰ্শন প্ৰসংগত তেওঁ হয়তো কৈছিল ----- কৈৱৰ্তৰ কথা বাদেই গৰীয়াৰ হাতেৰে খালেও মানুহৰ জাতি নেযায়, ধৰ্ম নষ্ট নহয়। মানুহৰ জাতি এটাই ,মানুহৰ ধৰ্ম এটাই - মানৱ ধৰ্ম।
এই উদ্দেশ্য সাৰোগত কৰি গুৰুজনাই হয়তো গাৰো জাতিৰ পৰা কোনোবা গোবিন্দ চাংমাৰ দৰে লোকক বৰ ভকত কৰি মহাপুৰুষীয়া ভকতীয়া সমাজখন স্থাপন কৰিছিল । সেই বৰ ভকতীয়া সমাজখনত সহযোগ কৰিছিলহি ভূটানৰ পৰা দামোদৰ ,নগালেণ্ডৰ পৰা আহিছিল নৰোত্তম ,কাছাৰৰ পৰা আহিল ৰমাই , বণিয়া সকলৰ পৰা ললে হৰি দাসক ,মুছলমানৰ পৰা ললে চান্দসাইকে আদি কৰি বাৰ জাতিৰ পৰা বাৰ ভকত ল'লে । সেইসকলৰ মাজত কিন্তু গোঁসাই -মহন্ত নাই ।অথচ শংকৰোত্তৰ কালত এই সকলৰ পৰাহে সত্ৰাধিকাৰ হোৱাৰ মৰ্যদা পালে । কেনেকৈ ? গাৰো ,ভূটীয়া ,বণিয়া সত্ৰাধিকাৰৰ মৰ্যদা নাপালে কিয় ? কৈৱৰ্ত জীয়ৰী ৰাধিকাই তিনি কাটাৰ পলতু এপল পানী আনি টেম্বৱানী জান বন্ধ কৰি সতী বুলি প্ৰমাণিত হোৱা সত্বেও ধৰ্মৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলে কিয় ? এয়া জানো পৰৱৰ্ত্তী ভকতসকলৰ গুৰুদ্ৰোহ আচৰণ কৰা নহ'ল ? নে আগমপন্থী বাহ্মণ্য নীতি বিৰোধী শংকৰৰ নিগম কল্পতৰু ভাগৱত নীতিক প্ৰতিহত কৰা যি প্ৰত্যাহ্বান এয়া তাৰে পৰিণতি । বামুণ -গোঁসাই -মহন্তসকলৰ হাতৰ পৰা মহাপুৰুষীয়া একশৰণ ধৰ্ম ওলাই গৈ কৈৱৰ্ত কুলৰ মাজতহে হ'বগৈ এই কথা গুৰুজনাই কৈ গৈছে । কাৰণ শুদ্ধ ভাগৱতৰ মত এই সকলেহে শুদ্ধ ভাবে পালন কৰিব পাৰিব ।
তেৰাই কৈছে ----
" ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ইটো তিনি জানি ।
নুশুনিবে হৰি ভকতিক কাণ পাতি ।।
শূদ্ৰ সব অনেক কৈৱৰ্ত আদি কৰি ।
অন্ত্যজ পৰ্যন্ত ভজিবেক মহা হৰি ।।
অপ্ৰয়াসে লভিব ঈশ্বৰ মহাজ্ঞান ।
এতেকে কলিত শূদ্ৰ কৈৱৰ্ত প্ৰধান ।।"
সমাজত কৈৱৰ্ত সকলৰ স্থান অক্ষুণ্ণ ৰাখি জাতি ভেদৰ দৰে নিচাত্মিকা ভাব বিচাৰ দূৰ কৰা হিন্দু সমাজ সংস্কাৰৰ বুৰঞ্জীত ইয়াতকৈ শক্তিশালী উদাহৰণ নাই ।
ডাঃ ঋষেশ্বৰ ঠেঙাল শইকীয়া
সভাপতি
নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনী
নগাঁও ,অসম ।
দূৰভাষ নং ৯৪৩৫১ ৬১০০৫





Comments