top of page

প্ৰগতিশীল চিন্তাৰ বাটকটীয়া শংকৰদেৱ

 

     

    

     বিশ্বৰ কমিউনিজমৰ বাস্তব ৰূপ দিওঁতা প্ৰথম কোন বুলি প্ৰশ্ন কৰিলে  তাৰ উত্তৰত ক'ব পাৰো যে শ্ৰীমন্ত শংকৰদেৱেই প্ৰথম বাটকটীয়া ; কিন্তু সকলোয়েই ভাবে যে  কমিউনিজমৰ  বাটকটীয়া কাৰ্লমাক্স আৰু এঞ্জেলচহে ।


কোৱা হয় সাম্যবাদৰ চিন্তা চৰ্চা  পাচশ পঞ্চাশ বছৰ পূৰ্বে   মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাৰত বৰ্ষত  প্ৰচাৰ কৰা থৈ গৈছে । কাৰ্লমাক্স এঞ্জেলচছ আদি ব্যক্তিসকলে সৌ সিদিনাহে অৰ্থাৎ উনৈশ  শতিকাত তাৰ প্ৰচলন  কৰিছে ।  আজিৰ মাৰ্ক্সীয় দৰ্শনত শোষক ,ধনী আৰু দুখীয়া শ্ৰেণীৰ কথা চৰ্চিত  হৈছে ,গুৰুজনাই আগতেই অধ্যয়ণ সংস্কাৰৰ বিধি  আৰু পিছত সমাজ  বিকাশৰ দৰ্শন  প্ৰকাশ কৰি থৈ গৈছে । সেই সময়ত প্ৰচাৰ বিমুখতাৰ বাবেই‌ বিশ্বজনীনতা লাভ কৰিব নোৱাৰিলে ।

             

তথাপিতো , পিছত বহুতো ভাৰতীয়  লোকে শ্ৰীমন্ত শংকৰদেৱৰ সাম্যবাদী চিন্তা -চৰ্চাত আকৃষ্ট নোহোৱাকৈ থকা নাই । বিষ্ণুপ্ৰসাদ ৰাভা ,জ্যোতিপ্ৰসাদ, ড০ ভূপেন হাজৰিকা  ,ই ,এম ,এচ, নাম্বোদিপদ ,জ্যোতি বসু , হেমাঙ্গ বিশ্বাস  আদি ব্যক্তিসকলৰ ভিতৰত  শ শ বিঘাৰ মাটিৰ মালিক হৈয়ো  মহাজনগিৰি কৰা নাছিল । তেওঁলোকে মহাপুৰুষ  শংকৰদেৱে দেখুৱাই যোৱা  সাম্যবাদী দৰ্শনক  কৰ্মৰ মাজেৰে প্ৰমাণ  কৰি দেখুৱাইছিল ,  যেনেকৈ শংকৰদেৱে  ভূঞা ৰাজ্যৰ জমিদাৰ হৈয়ো  ৰাজকাৰ্য পৰিত্যাগ কৰি  সাধাৰণ মানুহৰ মাজত সোমাই  সংস্কাৰৰ কামত মন দিছিল । এয়াইতো তেৰাৰ গুণগত বৈশিষ্ট্য  যাৰ ফলত তেওঁ কেতবোৰ বলিষ্ঠ পদক্ষেপ  ল'ব পাৰিছিল । যিবোৰ অন্য সংস্কাৰৰ লোকে ল'ব পৰা নাছিল ।


একেখন সমাজত  একেটা পৰিৱেশত দুই  শ্ৰেণীৰ লোক থাকিব পৰাটোহে  ল'ৰালিতে শংকৰদেৱক  চিন্তাক্লিষ্ট কৰা তুলিছিল । সমাজখনত এফালে গোষ্ঠীদ্বন্দ্ব ,জাতপাতৰ দ্বন্দ্ব , সামন্তবাদীৰ উৎপীড়ন , আনফালে সাধাৰণ মানুহৰ অভাৱ-অনাটন , অজ্ঞতা ,অবিদ্যা আদিৰ সুযোগ লৈ  এক শ্ৰেণীৰ লোকে  চলাই থকা অবাধ ধৰ্মীয়  কুসংস্কাৰী শোষণে  গুৰুজনাক উত্ৰাৱল কৰি তুলিছিল ।ঈশ্বৰ, ধৰ্মক লৈ কৰা  এনে কু-সংস্কাৰৰ বিৰুদ্ধে   ভাগৱতক   সাৰোগত কৰি নৱ-বৈষ্ণৱ  আন্দোলনৰ জৰিয়তে সাম্যবাদ প্ৰচাৰ কৰিছিল ।  উচ্চ বৰ্ণৰ কথা বাদেই  আহোম ,চুতীয়া ,কোচ , কছাৰী ,মৰাণ ,মটক , গাৰো ,খাচীয়া ,   কিঙ্কৰ  আদি সকলোকে  এক কৰিব পাৰিছিল । তাৰ প্ৰভাৱত  অসমীয়া জাতিৰ মাজত  মানসিক আৰু  নৈতিক দিশৰ উৎকৰ্ষণ  ঘটে । বস্তুগত, ভাবগত আৰু আবেগিক - এই তিনিটা উপাদানেৰে গঢ়া  বৈষ্ণৱ আন্দোলনে  সমাজৰ বিভিন্ন  অংশৰ মানুহৰ মাজত  নিবিড় সম্পৰ্ক ৰচনা কৰি গ'ল । একশৰণ নাম ধৰ্মত উদাৰতা , সাম্যবাদ, সামপ্ৰেম , ভকতি আৰু দাস্য ভকতিৰ দৰে শক্তিশালী আদৰ্শনীয় পথ  থকাৰ বাবে  সকলো জাতি -উপজাতি  এক হৈ বৃহৎ অসমীয়া  জাতি গঠন  কৰাত সফল হ'ব পাৰিছিল।


মূল দৰ্শনটো আছিল ---

"কুকুৰ শৃগাল গৰ্দ্দভৰো  আত্মাৰাম ।

 জানিয়া সবাকো পৰি কৰিবা প্ৰণাম ।।"


সমদৃষ্টি  দৰ্শন প্ৰসংগত তেওঁ হয়তো কৈছিল ----- কৈৱৰ্তৰ কথা বাদেই  গৰীয়াৰ হাতেৰে খালেও‌  মানুহৰ জাতি নেযায়, ধৰ্ম নষ্ট নহয়। মানুহৰ  জাতি এটাই ,মানুহৰ ধৰ্ম এটাই  - মানৱ ধৰ্ম।

এই উদ্দেশ্য  সাৰোগত কৰি গুৰুজনাই হয়তো গাৰো জাতিৰ পৰা কোনোবা গোবিন্দ চাংমাৰ দৰে লোকক বৰ ভকত কৰি মহাপুৰুষীয়া ভকতীয়া সমাজখন স্থাপন কৰিছিল । সেই বৰ ভকতীয়া সমাজখনত সহযোগ কৰিছিলহি ভূটানৰ পৰা দামোদৰ ,নগালেণ্ডৰ পৰা  আহিছিল নৰোত্তম ,কাছাৰৰ পৰা আহিল ৰমাই , বণিয়া সকলৰ পৰা ললে হৰি দাসক ,মুছলমানৰ পৰা ললে চান্দসাইকে আদি কৰি বাৰ জাতিৰ পৰা বাৰ ভকত ল'লে । সেইসকলৰ মাজত কিন্তু গোঁসাই -মহন্ত নাই ।অথচ শংকৰোত্তৰ কালত এই সকলৰ পৰাহে সত্ৰাধিকাৰ হোৱাৰ মৰ্যদা পালে । কেনেকৈ ? গাৰো ,ভূটীয়া ,বণিয়া  সত্ৰাধিকাৰৰ মৰ্যদা নাপালে কিয় ? কৈৱৰ্ত জীয়ৰী  ৰাধিকাই তিনি কাটাৰ পলতু এপল পানী আনি টেম্বৱানী জান বন্ধ কৰি সতী বুলি প্ৰমাণিত হোৱা সত্বেও  ধৰ্মৰ অধিকাৰৰ পৰা বঞ্চিত  কৰিলে কিয় ?   এয়া জানো পৰৱৰ্ত্তী ভকতসকলৰ গুৰুদ্ৰোহ আচৰণ কৰা নহ'ল ?  নে আগমপন্থী বাহ্মণ্য  নীতি বিৰোধী  শংকৰৰ নিগম  কল্পতৰু  ভাগৱত নীতিক প্ৰতিহত কৰা যি  প্ৰত্যাহ্বান  এয়া তাৰে পৰিণতি । বামুণ -গোঁসাই -মহন্তসকলৰ হাতৰ  পৰা মহাপুৰুষীয়া একশৰণ ধৰ্ম  ওলাই গৈ কৈৱৰ্ত কুলৰ মাজতহে হ'বগৈ এই কথা গুৰুজনাই কৈ গৈছে । কাৰণ শুদ্ধ ভাগৱতৰ মত এই সকলেহে শুদ্ধ ভাবে পালন কৰিব পাৰিব ।


       তেৰাই কৈছে ----

"    ব্ৰাহ্মণ ক্ষত্ৰিয়  বৈশ্য ইটো তিনি জানি ।

নুশুনিবে হৰি ভকতিক কাণ পাতি ।।

শূদ্ৰ সব অনেক কৈৱৰ্ত আদি কৰি ।

অন্ত্যজ পৰ্যন্ত ভজিবেক মহা হৰি ।।

অপ্ৰয়াসে লভিব ঈশ্বৰ মহাজ্ঞান ।

এতেকে কলিত শূদ্ৰ কৈৱৰ্ত প্ৰধান ।।"


    সমাজত কৈৱৰ্ত সকলৰ স্থান অক্ষুণ্ণ ৰাখি   জাতি  ভেদৰ দৰে  নিচাত্মিকা ভাব বিচাৰ দূৰ কৰা হিন্দু সমাজ সংস্কাৰৰ বুৰঞ্জীত ইয়াতকৈ শক্তিশালী উদাহৰণ নাই ।


ডাঃ ঋষেশ্বৰ ঠেঙাল শইকীয়া

সভাপতি

নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনী

নগাঁও ,অসম ।

দূৰভাষ নং ৯৪৩৫১ ৬১০০৫

Comments


bottom of page