top of page

পিতাইলৈ মনত পৰে সঘনে

Updated: 2 days ago

তুমি মোক কন্দুৱালা

চকুলো নিগৰিয়েই আছে

কবিতা নহয়

ই যে এক বাস্তৱ দাপোণ ৷

দেখা পালো মোৰ পিতাইক

পুনৰ এবাৰ লগ পালো পিতাইক

আকৌ এবাৰ হেৰাই গলো

অতীত স্মৃতিৰ অটল গহব্বত ৷

পিতাইৰ স্মৃতিবোৰ সযতনে

আলফুলে স্মৃতিৰ মণিকোঠাত সাৱটি

যাত্ৰা কৰি আছো

জীৱনৰ অপৰাহ্ণৰ পথৰে ৷

সেই পথৰে আতৰি যাবলৈ

যি পথৰে এদিন আতৰি গ'ল

মোৰ স্নেহৰ পিতাই

যি পথ মাথো যোৱাৰহে,

নহয় উভতি অহাৰ ৷

পিতাই ময়ো অগ্ৰসৰ হৈ আছো

তই গুচি যোৱৰ পথৰেই যাবলৈ ৷

তই বাৰু মোক চিনি পাবিনে

আকাশত ইমান তৰাৰ মাজত ?

আয়ে কৈছিল তই হেনো আকাশত তৰাহৈ

তাৰ পৰাই মোক আশীৰ্বাদ দি আছ' ৷

সচানে বাৰু কথাটো ?

আয়ো গ'লগৈ তই যোৱাৰ পথৰেই ৷

আই নিশ্চয় তোৰ কাষতেই আছে

আছেনে বাৰু পিতাই ?

তহঁতে বাৰু মোক চিনি পাবিনে

ইমান তৰাৰ মাজত !

পাবিনে বাৰু পিতাই ?


আকাশখন যে বৰ বিশাল !

বিশালতাৰ মাজত

তোক আৰু আইক কেনেকৈ বিচাৰি পাম ?

মই যে প্ৰথম যাম !

তয়েই আগবাঢ়ি আহিব লাগিব পিতাই

আাইৰ স'তে আহিবিনে বাৰু ?

আহিবিনে পিতাই

বহুত বছৰ হ'ল তোক আৰু আইক নেদেখা ?

নহয় জানো পিতাই ?

লগ পাবলৈ বৰ মন যায়

তোৰ জানো নাযায় পিতাই ?

তোক কেনেকৈ বুজাও

তোৰ স্মৃতিয়েই মোৰ জীৱন সত্বা৷

কুশলে আছনে পিতাই ?

ময়ো এতিয়া সেই পথৰেই যাত্ৰাৰ অপেক্ষাত

যি পথটোৱেই চিৰন্তন সত্যৰ পথ

তহঁতবোৰ যোৱাৰ পথটোৱেই

চিৰন্তন সত্য পথ ৷

এই উভতনি যাত্ৰাই

জীৱনৰ বাস্তৱ সত্য ৷

নহয়নে পিতাই ?

নহয়নে বাৰু পিতাই ?



ডা: টঙ্কেশ্বৰ ভূঞা ৷

প্ৰাক্তন অধ্যাপক আৰু বিভাগীয় মুৰব্বী,

শল্য চিকিৎসা বিভাগ,

অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় ৷

দূৰভাষ নং ৯৪৩৫০ ৩০৪৬৪


Comments


bottom of page