top of page

ছাত্রী নিৱাসত ভূত


সেইদিনা কি বাৰ, কি তাৰিখ আছিল আজি আৰু মনত নাই। কিন্তু সময়টো ঠিক মনত আছে --দুপৰীয়া এক মান বাজিছিল। মই নগাঁৱৰ পৰা গৈ হােষ্টেলত উঠিছিলোগৈ। (গু:বি:ৰ ৩নং দুমহলীয়া ছাত্রী নিৱাস।) ৰিক্সাৱালাটোক বিদায় দি সেই নিজন দুপৰীয়া ওপৰ মহলাত থকা মোৰ কোঠালৈ বুলি এটা এটাকৈ চিৰি বগাবলৈ আৰম্ভ কৰিছিলো। সেইকেইদিনত বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহ পূৰাদমে চলি আছিল বাবে সমগ্র হােষ্টেল সম্পূৰ্ণ নীৰৱতাত ডুব গৈ আছিল। কেইটামান চিৰি বগোৱাৰ পিছত অতৰ্কিতে মই থমিক ৰ'লো। ক'ৰবাত যেন কিবা এটি বিসংগতি ঘটিছে------। চেঁচা বতাহ এজাক মোৰ কাণৰ কাষেৰে সোঁ-সোঁৱাই পাৰ হৈ যোৱা যেন লাগিল। বতাহৰ গতিৰ লগত তাল মিলাই ওপৰ মহলাৰ পৰা এটা উচুপিনৰ শব্দও ভাঁহি আহি মোৰ কাণত পৰা যেন অনুভৱ হ’ল। মই নিজৰ কাণ দুখনকে বিশ্বাস কৰিবলৈ টান পালো। মোৰ ভ্ৰম হোৱা নাইতো? মই আৰু চিৰি নবগাই অলপ সময় তভক মাৰি ৰ'লো। হয়, কােনাবাই ওপৰ মহলাত কান্দিছে------ৰৈ ৰৈ উচুপিছে------, কােনাবা সময়ত উচুপনিৰ পৰিৱৰ্তে মুখেৰে অস্পষ্ট ভাষাত কিবা কিবি কৈ যেন বিনাইছেও-----!


মই সিয়ঁৰি উঠিলো। ইমানদিনে নিজকে বৰ সাহসী বুলি ভাবি অহা ' মই' জনীৰ যেন থিতাতে মৃত্যু ঘটিল। মাৰ অৱস্থা 'ন যযৌঃ ন তস্হৌঃ' হ'ল।


মই কেতিয়াও ভূত দেখা নাছিলো বা ভূত আছে বুলি বিশ্বাসো কৰা নাছিলো। কিন্তু এই মুহুৰ্তত ভূতৰ অস্তিত্ব মই বাৰুকৈয়ে উপলব্ধি কৰিলো। নহ'লে সেই নিজান ভৰ দুপৰীয়া হােষ্টেলৰ সকলো ছাত্রী শ্ৰেণীকোঠাত আৱদ্ধ, তেনেস্হলত ভূত নহ'লে কােনে তেনেকৈ বিনাব? মই লৰালৰিকৈ চিৰিৰ তললৈ নামি আহিলো। বিমূঢ় হৈ ভাবিলো কি কৰা উচিত হ'ব? হঠাতে মনলৈ আহিল মামাকেইজনৰ (হােষ্টেলৰ ৰান্ধনি আমি মামা বুলি মাতিছিলো) কথা। বন্ধদিন বিলাকত দুপৰীয়া মামাহঁতক প্ৰায়ে বিচনাত বাগৰ দিয়া দেখিছিলো। সেয়ে মই লৰালৰিকৈ মামাহঁত য'ত থাকে তালৈ ঢাপলি মেলিলো। মামাহঁতক সকলো বিৱৰি কোৱাত মোৰ কথা বিশ্বাস নকৰিলে যদিও তেওঁলোকৰ আটাইতকৈ সৰু জনক (জিতেন, তেতিয়া মই বিবাহিতা আছিলো বাবে তেওঁক নাম কাঢ়ি মাতি ছিলো) মোৰ লগত ওপৰলৈ যাবলৈ ক'লে। মোৰ লগত তেওঁও চিৰি বগাই গৈ থাকােতে সেই উচুপনি আৰু বিননি শুনি হতবাক হৈ ক'ল-'বাইদেউ, ইমানদিন হােষ্টেলত থাকিলো কিন্তু কেতিয়াও তিৰোতা মানুহৰ এনে বিননি শুনা নাছিলো। ব'লকচোন বাৰু ক'ৰ ভূত ক'লৈ যায় এবাৰ চাই আহোঁ। ' জিতেন সাহিয়াল ডেকা । কোৱা বাহুল্য মইয়ো আগেয়ে কম সাহসী নাছিলো। সেয়ে দুয়ো দপদপাই ওপৰ মহলালৈ উঠি গ'লো। যিফালৰ পৰা উচুপনি তথা বিননিৰ শব্দ ভাঁহি আহিছে আমি সেইফালেই আগবাঢ়ি গৈ আছো। গৈ থাকােতে নিৰীক্ষণ কৰিও গৈছো কােনাবা কোঠাৰ তলা ভিতৰৰ ফালৰ পৰা বন্ধ আছে নেকি? কিন্তু প্ৰতিটো কোঠাতেই বাহিৰৰ পৰা তলা ওলমি আছে।


অৱশেষত আমি আটাইবোৰ কোঠা অতিক্রম কৰি একেবাৰে শেষ প্ৰান্তত থকা 'বাথৰুম' বোৰৰ (আমাৰ হােষ্টেলত কেইবাটাও বাথৰুম শাৰী পাতি আছিল) ওচৰ পালোগৈ। হয়, উচুপনিৰ শব্দ কােনাবা এটা 'বাথৰুম'ৰ পৰাই ভাঁহি আহিছৈ। আমি দুয়ো দুয়ােৰে মুখলৈ চালো। সাহিয়াল বুলি ভবা জিতেনৰ মুখখন বিবৰ্ণ হৈ পৰিল। তাৰ বিবৰ্ণ মুখনে মােকো বিহ্বল কৰি তুলিলে। কি কৰা হ'ব এতিয়া? এই নিজান দুপৰীয়া হােষ্টেল ৰ 'বাথৰুম' এটাত কােনাবাই কান্দি আছে, অথচ বাহিৰৰ পৰা আটাইবোৰ 'বাথৰুম' ত হুক লগোৱা। গতিকে নিশ্চয়কৈ ভূতেই হ'ব লাগিব। আমি দুয়োটাই মৰসাহ কৰি 'কোন, কোন' বুলি একেলগে চিঞৰি উঠিলো। কিন্তু আমাক অবাক কৰি তিনি নম্বৰ 'বাথৰুম' টোৰ পৰা কঁপা কঁপা আৰু অস্পষ্ট সুৰত 'মই, মই' বুলি কান্দোন মিহলি নাৰী কণ্ঠ এটি ভাঁহি আহিল। মই দুগুণ জােৰেৰ 'কোন মই, নাম ক'ব নোৱাৰা নেকি? ' বুলি চিঞৰি উঠিলো। 'মই মানসী, মানসী কাকতি'(তেওঁৰ আচল নামটো উহ্য ৰাখিছো) বুলি আগতকৈও অধিক জােৰেৰ কান্দিবলৈ ধৰিলে। আমি হতবাক হ'লো। মানসী কাকতি' আমাৰ হােষ্টেলৰ বাসিন্দা। কিন্তু তেওঁ 'বাথৰুম' ত সোমাই থাকােতে কােনে বাহিৰৰ পৰা হুক লগালে? কাৰোবাৰ মুখত শুনিছিলো, ভূতে বােলে দুবাৰতকৈ বেছি একেলগে মাতিব নোৱাৰে। সেয়ে মই পুনৰ ক'লো-'তুমি মানসী কাকতি বুলি একেলগে তিনিবাৰ ক'লেহে মই হুকটো খুলি দিম। 'তাইও মই কোৱাৰ দৰেই তিনি বাৰ 'মই মানসী কাকতি' বুলি কৈ উঠিল। মইও ভূত নহয় বুলি নিশ্চিত হৈ হুকটো খুলি দিলো। তৎমুহূততে তিতা চুলিৰে কঁপি থকা মানসীয়ে মোৰ গাত উবুৰি খাই পৰি- 'বাইদেউ, মোক কােনাবাই বাহিৰৰ পৰা হুক লগাই গ'ল' বুলি হুক-হুকাই কান্দিবলৈ ধৰিলে। মই ইংগিতেৰে জিতেনক তাৰ পৰা যাবলৈ দি তাইক ধৰি ধৰি মোৰ কোঠালৈ লৈ আহিলো।


তেতিয়া ঠান্ডাৰ দিন আছিল। ছোৱালী জনীৰ সমগ্র দেহ শিল যেন চেঁচা। সেয়ে তাইক ততাতৈয়াকৈ মোৰ বিচনাখনতে শুৱাই লেপখনেৰে কিছু সময় হেঁচা মাৰি ধৰি থাকিলো আৰু পিছত গৰম চাহ একাপ খাবলৈ দিলো। চাহ খাই থাকােতে সুধিলো, 'তুমি চিঞৰি চিঞৰি কাকো নামাতিলা কিয়?খিৰিকিৰ কাষৰ হােষ্টৈলৰ ছোৱালী বোৰকো মাতিব পাৰিলাহেঁতেন'। তাই ক'লে ইমানকৈ চিঞৰিলো, কিন্তু কােনেও মোৰ মাত নুশুনিলে। আপুিন নহা হ'লে মই মৰি থাকিলােহেঁতন' বুলি তাই আকৌ ৰাউচী জুৰিলে। তাইক বুজাই-বঢ়াই শান্ত কৰিবলৈ মোৰ বহুত সময় লাগিছিল। .

আজিও সেই ঘটনাতো মোৰ মানসপটত জল্ জল্ পট্ পট্ কৈ জিলিকি আছে। কেতিয়াবা স্মৃতিৰ গহ্বৰত ডুব গৈ থাকিলে ভাৱো সঁচাকৈয়ে সেইদিনা মই সময়ত হােষ্টলত উপিস্থিত নােহাৱা হ'লে মানসী বাৰু জাৰত কঁপি কঁপি মৰি থাকিলেহঁতেন নেকি?' বাথৰুমৰ ' দুৱাৰ খন ভুলতে কােনাবাই বন্ধ কিৰিছিল নে তাইৰ ওপৰত খং থকা কােনাবাই ইচ্ছা কৰিয়েই বন্ধ কৰিছিল? নিজৰ মনত উদয় হোৱা প্ৰশ্ন বোৰ আজিও সাথঁৰ হৈয়েই আছে। সঁচাকৈয়ে যদি ইচ্ছা কৰি কােনাবাই দুৱাৰখনত বাহিৰৰ পৰা হুক লগাই থৈছিল মোক জনাবনে? অন্তত: ইমানদিন মনতে পুহি ৰখা মোৰ কৌতুহল টো উপশম হওঁক। মই কাকো নকওঁ। বিদ্যা! শপত!!


গীতা মহন্ত শইকীয়া

মৰিকলং, নগাঁও

দূৰভাষ নং.৭৫৭৬৯০২৪o২

Comments


bottom of page