কৃতজ্ঞতা বোধে সমাজ সুন্দৰ কৰে
- সুৰজিৎ গোস্বামী

- 2 days ago
- 4 min read

ৰাল্ফ ৱাল্ডো এমাৰ্ছন (Ralph Waldo Emerson) এজন আমেৰিকান দাৰ্শনিক, কবি, প্ৰবন্ধকাৰ আৰু চিন্তাবিদ আছিল। তেখেতে কৈছিল -
“Gratitude is not only the greatest of virtues, but the parent of all others.”
"কৃতজ্ঞতা কেৱল সৰ্বশ্ৰেষ্ঠ গুণ নহয়, ই সকলো গুণৰ জননী। "
যি উপকাৰ, সহায় বা মৰম আমি আনৰ পৰা লাভ কৰোঁ, তাৰ প্ৰতি আমি হৃদয়ৰ পৰা দিয়া স্বীকৃতিকে কৃতজ্ঞতা বুলি আমি ক'ব পাৰো । ই এক মানৱীয় গুণ, যিয়ে আমাক মানুহ হিচাপে মহৎ কৰি তোলে।
আজিৰ সমাজত অকৃতজ্ঞ মানুহৰ সংখ্যা কম নহয়। এই অকৃতজ্ঞ চামে সমাজখন দূষিত কৰে ।কৃতজ্ঞ মানুহ অহংকাৰী নহয়, তেওঁ নিজৰ সীমাবদ্ধতা স্বীকাৰ কৰে আৰু কৃতজ্ঞ হৈ নিজৰ আত্মিক পৰিপক্কতাৰ পৰিচয় দিয়ে। মানুহ সামাজিক প্ৰাণী। পিতৃ -মাতৃ,পৰিয়াল, সমাজ, শিক্ষক, বন্ধু -বান্ধৱ, দেশ—এই সকলোৰে অৱদানত আমাৰ জীৱন গঢ়ি উঠে । সেই অৱদানৰ প্ৰতি কৃতজ্ঞ নহ’লে মানুহ অহংকাৰী হৈ পৰে। কৃতজ্ঞতা বোধে মানুহক বিনয়ী ,সহানুভূতিশীল আৰু মানৱিক কৰি তোলে।
ব্যক্তিগত জীৱনত কৃতজ্ঞতাৰ অভ্যাসে মানসিক শান্তি আনে। যিয়ে কৃতজ্ঞতাৰ গূঢ়াৰ্থ বুজে, তেওঁ নিজৰ প্ৰাপ্তিত আনৰ পৰা পোৱা সহায় অন্তৰৰে স্বীকাৰ কৰে। তেওঁ বিনয়ী স্বভাৱৰ হয় । পিতৃ-মাতৃ, শিক্ষক-গুৰু, বন্ধু-বান্ধৱ ,চিকিৎসক, কৃষক আদি সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা মানে সমাজৰ মূল স্তম্ভসমূহক সন্মান জনোৱা ।
আলবাৰ্ট আইনষ্টাইনে কৈছিল -
“মই এজন সফল মানুহ হ’বলৈ চেষ্টা কৰা নাই ; মই কৃতজ্ঞ মানুহ হ’বলৈ চেষ্টা কৰিছোঁ।”
কবি বলদেৱ মহন্তদেৱৰ পঢ়াশালিত তাহানিতে পঢ়া এফাঁকি পদ্যৰ কথা মনত পৰিছে -
"বজালেই কাঁহ-পাত্ৰ ভগা ভাল চিনি;
সাক্ষী ক'লে চিনি লোক কত দূৰ জ্ঞানী।
ভাল কৰি চিনি পায় বিবাহৰ পৰে;
পিতা-মাতা প্ৰতি ভক্তি পুত্ৰে কেনে কৰে।"
পিতৃ–মাতৃ আমাৰ জীৱনৰ প্ৰথম গুৰু। জন্মৰ আগৰে পৰা আৰম্ভ কৰি জীৱনৰ প্ৰতিটো ঢাপত তেওঁলোকেই নিঃস্বাৰ্থভাৱে আমাক সুৰক্ষা, আদৰ, শিক্ষা আৰু মূল্যবোধ প্ৰদান কৰে। নিজৰ সুখ–সুবিধা ত্যাগ কৰি সন্তানৰ ভৱিষ্যৎ উজ্জ্বল কৰিবলৈ যি পৰিশ্ৰম আৰু ত্যাগ তেওঁলোকে কৰে, তাৰ ঋণ কেতিয়াও সম্পূৰ্ণৰূপে পৰিশোধ কৰিব নোৱাৰি। মাতৃৰ স্নেহ আৰু পিতৃৰ শাসন—এই দুয়োটাই মিলি এজন মানুহৰ চৰিত্ৰ গঠন হয় । অসুখত মাতৃৰ নিদ্ৰাহীন ৰাতি, পিতৃৰ নীৰৱ কষ্ট আৰু চিন্তা—এই সকলোবোৰেই কৃতজ্ঞতাৰ যোগ্য। তেওঁলোকৰ আশীৰ্বাদেই আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি। সেয়ে তেওঁলোকৰ বৃদ্ধাৱস্থাত যত্ন লোৱা , পৰিচাৰ্য কৰা লগতে মৰ্য্যদা সহকাৰে যাতে জীৱন অতিবাহিত কৰিব পাৰে তাৰ নিশ্চয়তা কৰাই আমাৰ পিতৃ -মাতৃৰ প্ৰতি প্ৰকৃত কৃতজ্ঞতা। শাস্ত্ৰতো কোৱা হৈছে— "পিতৃ–মাতৃক সন্মান কৰা মানে ঈশ্বৰক সন্মান কৰা। " সেয়ে, পিতৃ–মাতৃৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা মানে নিজকে মানুহ হোৱাৰ প্ৰমাণ দিয়া। যিজনে পিতৃ–মাতৃক সন্মান কৰে, তেওঁৰ জীৱন সদায় আশীৰ্বাদেৰে পূৰ্ণ হয়।
ড° এ. পি. জে. আব্দুল কালাম — “জনতাৰ ৰাষ্ট্ৰপতি” ৰূপে পৰিচিত আছিল— তেখেত কেৱল এজন বিজ্ঞানী বা ৰাষ্ট্ৰপতিয়েই নহয়, তেখেত আছিল এক গভীৰ মানৱিক মূল্যবোধৰ ধাৰক। তেখেতৰ জীৱনত কৃতজ্ঞতা বোধ এক মুখ্য গুণ আছিল। কালাম দেৱে নিজৰ আত্মজীৱনী Wings of Fire ত উল্লেখ কৰিছে যে, দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰিও পিতৃ-মাতৃৰ আদৰ্শ, শ্ৰম আৰু সততাই তেখেতৰ জীৱন গঢ়ি তুলিছিল। তেখেতে কৈছিল —
“মোৰ পিতৃৰ সততা আৰু মাতৃৰ স্নেহ মোৰ শক্তিৰ মূল উৎস ” ই এক কৃতজ্ঞতা ।
ISRO আৰু DRDO-ত কাম কৰাৰ সময়ত কালামে কেতিয়াও একক সফলতা দাবী নকৰিছিল। বিশেষকৈ Indian Space Research Organisation (ISRO) আৰু Defence Research and Development Organisation (DRDO) ৰ সফল প্ৰকল্পসমূহত তেওঁ সদায় নিজৰ সহকৰ্মী সকলক কৃতিত্ব দিছিল। মহাত্মা গান্ধীয়ে কৈছিল -
“কৃতজ্ঞতা কেৱল মুখে কোৱা শব্দ নহয়, ই মানুহৰ আচৰণত প্ৰকাশ পোৱা উচিত।,"
ৰাজনীতিবিদ সকলৰ কৃতজ্ঞতা গণতান্ত্ৰিক ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ নৈতিক গুণ হ'ব লাগে। জনসাধাৰণৰ ভোট, বিশ্বাস আৰু সমৰ্থনৰ বাবেই এজন ব্যক্তিয়ে ৰাজনৈতিক ক্ষমতা লাভ কৰে। সেয়েহে ৰাজনীতিবিদৰ কৃতজ্ঞতা কেৱল ভাষণত সীমাবদ্ধ নহৈ কৰ্ম, আচৰণ আৰু সিদ্ধান্তত প্ৰকাশ পাব লাগে। ৰাজনীতিবিদ সকল জনতাৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত। নিৰ্বাচনৰ সময়ত ভোট বিচাৰি যোৱা আৰু বিজয়ৰ পাছত জনতাক পাহৰি যোৱাটো অকৃতজ্ঞতাৰ চিন। জনতাৰ সমস্যা শুনা, সমাধানৰ চেষ্টা কৰা আৰু জনস্বাৰ্থক অগ্ৰাধিকাৰ দিয়াটোৱেই সঁচা কৃতজ্ঞতা। বহু ৰাজনীতিবিদে বিজয়ী হোৱাৰ পিছত নিজৰ উন্নতিৰ কথাহে চিন্তা কৰা দেখা যায়। বেকা পথেৰে সম্পত্তিৰ পাহাৰ গঢ়ে। ৰাজনীতিবিদ সৎ, কৃতজ্ঞ আৰু দায়িত্ববোধেৰে ভৰা হোৱা উচিত। ক্ষমতাই অহংকাৰ জন্ম দিলে কৃতজ্ঞতা নষ্ট হয়। ক্ষমতাক সেৱাৰ মাধ্যম বুলি গণ্য কৰাটোৱেই কৃতজ্ঞ ৰাজনীতিৰ মূল লক্ষণ হ'ব লাগে।
সমাজত কৃতজ্ঞতা থাকিলে বিশ্বাস আৰু সহমৰ্মিতা বৃদ্ধি পায়। এটা ধন্যবাদ, এটা সৰল স্বীকৃতি।যিয়ে সামাজিক সম্পৰ্ক দৃঢ় কৰে। তাৰ বিপৰীতে, অকৃতজ্ঞতাই সমাজত বিভাজন, অসন্তোষ আৰু সংঘাতৰ জন্ম দিয়ে। কৃতজ্ঞতা নৈতিক মূল্যবোধৰ অন্যতম আধাৰ। ই অহংকাৰ নিয়ন্ত্ৰণ কৰে আৰু দায়িত্ববোধ জাগ্ৰত কৰে । ৰামায়ণত শ্ৰীৰামচন্দ্ৰৰ কৃতজ্ঞতা কৰ্ম আৰু ধৰ্মৰ সৈতে জড়িত আছিল । শ্ৰীৰামচন্দ্ৰই গুহক , শবৰী, হনুমান, সুগ্ৰীৱ আৰু বিভীষণৰ প্ৰতি যি কৃতজ্ঞতা প্ৰকাশ কৰিছিল সেয়া সামাজিক মৰ্যাদা বা শক্তিৰ ওপৰত প্ৰতিষ্ঠিত নাছিল। ৰামায়ণত কৃতজ্ঞতা মানে উপকাৰ মনত ৰখা, কৰ্তব্য পালন কৰা আৰু ন্যায়ৰ পথত অটল থকা। হনুমানৰ সেৱাৰ প্ৰতি শ্ৰীৰামৰ “ তোমাৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ” বুলি কোৱা উক্তিয়ে কৃতজ্ঞতাৰ গভীৰতা প্ৰকাশ কৰে ।
যীচু খ্ৰীষ্টই কৃতজ্ঞতাক কেৱল সামাজিক আচৰণ নহয়, বৰঞ্চ আত্মিক জীৱনৰ মূল আধাৰ হিচাপে গণ্য কৰিছিল। যীচুৰ শিক্ষা আৰু জীৱন আচৰণত কৃতজ্ঞতাৰ গুৰুত্ব সুস্পষ্টভাৱে প্ৰকাশ পাইছে। যীচুখ্ৰীষ্টে মানুহক শিকাইছিল যে ঈশ্বৰৰ দান স্বাভাৱিক বুলি ধৰি লোৱাটো উচিত নহয়। বাইবেলৰ লূকৰ সুসমাচাৰত উল্লেখিত দহজন কুষ্ঠৰোগীৰ কাহিনী ইয়াৰ উজ্জ্বল উদাহৰণ। যীচুৱে দহজন কুষ্ঠ ৰোগীকে আৰোগ্য কৰিছিল যদিও মাত্ৰ এজনেহে উভতি আহি কৃতজ্ঞতা জনাইছিল। তেতিয়া যীচুৰ প্ৰশ্ন আছিল —“আৰু ন’জন ক’ত ?”—মানৱ সমাজৰ অকৃতজ্ঞতাৰ প্ৰতি ই এক গভীৰ সমালোচনা বুলিব পাৰি। এই ঘটনাৰ জৰিয়তে যীচুৱে বুজাই দিলে যে আশীৰ্বাদ পোৱাতকৈ কৃতজ্ঞ হোৱাটোৱে অধিক গুৰুত্বপূৰ্ণ।যীচুৰ জীৱনত কৃতজ্ঞতা কেৱল কথাত সীমাবদ্ধ নাছিল, আচৰণতো প্ৰকাশ পাইছিল। হাজাৰ হাজাৰ মানুহক আহাৰ দিয়াৰ আগতে তেওঁ ঈশ্বৰক ধন্যবাদ জনাইছিল। ইয়াৰ অৰ্থ হ’ল— কৃতজ্ঞতা থাকিলেহে পূৰ্ণতা আহে। যীচুৰ মতে - "কৃতজ্ঞ হৃদয়হে ঈশ্বৰৰ আশীৰ্বাদ লাভৰ যোগ্য।"
যি মানুহ কৃতজ্ঞ, তেওঁ কেতিয়াও অকলশৰীয়া নহয় , তেওঁ মানুহৰ হৃদয়ত স্থান লাভ কৰে। আমি উচ্চ-নীচ, ধনী-দৰিদ্ৰ, পদ-মৰ্যাদা লক্ষ্য নকৰি যিয়ে সহায় কৰিছে তেওঁৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত । তেতিয়াহে সমাজ সুন্দৰ হ'ব ।
সুৰজিৎ গোস্বামী।
পানীগাঁও, নগাঁও
দূৰভাষ নম্বৰ-7002865968





Comments