top of page

আশ্ৰয়

Updated: Apr 6


ৰশ্মিয়ে আলমাৰিৰ কাপোৰবিলাক ঠিক কৰিবলৈ লৈছিল যদিও ঠিক কৰিব পৰা নাছিল।তাইৰ উগুল থুগুুল মনটোত তাহানিৰ সেই দীঘলীয়া পদুলিটোৰ ছবিখন উদ্ভাষিত হৈছিল।


পদুলিৰ মুখতে কাঠৰ চাৰিটা খুঁটাত টিনপাতৰ টুপ দিয়া বাটচ'ৰাটো। সৰুতে যে প্ৰাথমিক বিদ্যালয়ত তাই পঢ়ি থকা সময়ত জিৰণি সময়ত লগৰীয়াৰ লগত কিমানযে চেংগুটি খেলিছিল ! শিলগুটি দিয়া কেঁচা আলি বাটৰ পৰা কাষৰ ৰাস্তাৰে সোমাই আহিলেই প্ৰথমে সেই বাটচ'ৰাটো ।তাৰ পিছতে সোঁহাতে গৰু গোহালিটো, বাওঁহাতে সৰুজুপুুৰী এটা আৰু বেৰ বাটাম দিয়া এটা ঘৰ। ঘৰটোৰ কাষতে খৰিকাজাঁই ফুল,পাতফুল আদিৰে সুন্দৰ এটা পৰিৱেশ। সোঁফালে সত্ৰৰ নামঘৰৰ সন্মূখৰ দুৱাৰখন। তাৰ পিছত আহল বহল এখন চোতালৰ লগতে ইংৰাজী এল আখৰৰ (L-pattern) দৰে ঘৰটো। গৰম দিনত খৰিকাজাঁই, গুটিমালী ফুলৰ গোন্ধই মলমলাই থাকে নামঘৰৰ সন্মুখভাগ। তাত থকা ফুলগছৰ ছাঁত ৰশ্মিৰ ককাক অৰ্থাৎ সত্ৰৰ বুঢ়া অধিকাৰ আৰামী চকীখনত বহি বতাহজাকৰ অপেক্ষাত থাকে। কাষতে আইতাক আন এখন চকীত বহি থাকে ।ৰশ্মিৰ ককাক অগাধ মাটি সম্পত্তিৰ মালিক আছিল। সেয়ে যাকে তাকে মাটি দান কৰিছিল।

ৰাস্তাৰ পৰা সোমাওঁতে বাওঁফালে পোৱা জুপুৰিটোতে হাঁহিলা বাইটি আৰু তেওঁৰ ল'ৰা কামেশ্বৰ থাকে। শুনামতে কামেশ্বৰৰ পিতৃ পৰিচয় নাই। হাঁহিলা বাইটি বিয়া নোহোৱাকৈয়ে কামেশ্বৰক জন্ম দিয়াত ঘৰৰ পৰা মাক দেউতাক,ককাই -ভাইয়ে খেদি উলিয়াই পঠিয়াইছিল। তেতিয়া কান্দি কান্দি আহি সত্ৰত আশ্ৰয় বিচৰাত সেই ঠাইকণ দিয়াত তাতে মাটিৰে লেপা খেৰ বাঁহেৰে এটা ঘৰ সাজি থাকিবলৈ লৈছিল। লাহে লাহে কামেশ্বৰ ডাঙৰ হৈ অহাত হাঁহিলা বাইটিয়ে সত্ৰৰ বাহিৰৰ কামবিলাক চম্ভালিছিল।

আনকি ৰশ্মি আৰু ভায়েকক হাঁহিলা বাইটি আৰু কামেশ্বৰে ডাঙৰ দীঘল হোৱাত সহায় কৰিছিল। সেয়ে প্ৰায়েই ৰশ্মিৰ দেউতাক স্কুললৈ যোৱাৰ সময়ছোৱাত ৰশ্মি আৰু ভায়েকক মাক পুতেক দুয়োয়ে ওমলাই ৰাখিছিল। ৰশ্মিৰ এতিয়াও মনত পৰে দেউতাকে চোতালত চাইকেলৰ পেডেলত ভৰি দি দোপমাৰি উঠিবলৈ ধৰোঁতে হাঁহিলা বাইটিয়ে —---'আতাৰা বাইচাইকেলত উঠি স্কুললৈ যাব' এতিয়া তা-তা বায়-বায় দিয়া’ বুলি কোৱা কথাষাৰ।


যেন সৌ সিদিনাৰহে কথা। কামেশ্বৰ হেনো ৰশ্মিৰ জেঠায়েকৰ ছোৱালীজনীৰ লগৰ বয়সৰ আছিল। একেলগে ঘৰৰ সন্মূখৰ প্ৰাথমিক বিদ্যালয়খনলৈ গৈছিল। কামেশ্বৰে বাৰে বাৰে ফেইল মাৰিছিল। এদিন ৰশ্মিৰ জেঠায়েকৰ ছোৱালীজনীয়ে তাৰ নামটো বানান কৰিবলৈ দিয়াত—--কামেশ্বৰে 'ক' ত আকাৰে 'কা' ৰ ঠাইত 'দ' ত আকাৰে 'দা' বুলি কোৱাৰ লগে লগে তই আজিৰ পৰা স্কুললৈ যাব নালাগে’ বুলি ক’লত সি ভালেই পালে। সেইদিনাৰ  পৰা স্কুল বাদ দি সত্ৰৰ লাচনি পাচনি কৰি সময় কটাবলৈ ধৰিলে।

ইফালে এদিন মাকৰ টান নৰিয়াত পৰি মৃত্যু হৈছিল। সি অকলেই ঘৰটোত থাকি সত্ৰৰ ছত্ৰছায়াত এদিন বিবাহৰ উপযুক্ত হৈ উঠিল। সেইসময়তে গাঁওবোৰত পানীযোগান আচঁনিৰ কাম আৰম্ভ হৈছিল। পথাৰৰ মাজত পানীযোগানৰ মূল অফিচ ঘৰটো হৈছিল। সেইখিনি মাটিও বুঢ়াসত্ৰীয়া ৰশ্মিৰ ককাকেই দিছিল। তাৰ পৰাই গাঁৱৰ মানুহৰ ঘৰৰ ৰাস্তাৰ মুখে মুখে পাইপেৰে পানী গৈছিল। সেই সময়তে কামেশ্বৰলৈ ছোৱালী  এজনী দিবলৈ চহৰৰ কাষতে লাগি থকা গাঁও এখনৰ পৰা আহিছিল। ছোৱালীৰ বাপেকে বুঢ়া অধিকাৰক কৈছিল—-’ল’ৰাটোৰ সৰুকৈ কিবা এটা কৰ্মসংস্থাপন হোৱা হ’লে ছোৱালী দিবলৈ সুবিধা হ’লহেতেঁন।’ 

'হ’ব বাৰু আমি ভাৱি চাম।’ বুলি কৈছিল।


সেয়ে ৰশ্মিৰ ককাক বুঢ়া অধিকাৰে পানী যোগান  আঁচনিৰ মাটিখিনি দিয়াৰ বাবদ কামেশ্বৰক পানী দিয়া মেচিনটো খোলা আৰু বন্ধ কৰাৰ চাকৰিটো দিয়াইছিল। সেই চাকৰিটোৰ বাবেই কামেশ্বৰৰ বিয়া ধুমধামেৰে হৈছিল সেই জুপুৰিটোৰ পৰাই আৰু অকণো নীতি -নিয়মৰ ত্ৰুটি নোহোৱাকৈ। ৰশ্মি আৰু ভায়েকক লৈ গৈ দৰা কইনাই আঠমঙলাও খাইছিলগৈ। বিয়াৰ অলপ দিনৰ পিছতেই  পানী যোগান আঁচনিৰ ওচৰৰ মাটি একঠা কামেশ্বৰৰ নামত নামজাৰি কৰি দিছিল বুঢ়া সত্ৰীয়া প্ৰভুৱে ।প্ৰভুৰ কৃপাত কামেশ্বৰৰ সংসাৰ বাঢ়িবলৈ আৰম্ভ হওতেই সি পত্নীসহ পানীযোগান আচঁনিৰ চৰকাৰী আৱাসলৈ (Quarter)গৈছিল।

কেইবাবছৰো অতিবাহিত হোৱাৰ পিছত পানী যোগান আঁচনিৰ দৰমহাৰ খেলি মেলি হ'লত পানী যোগান  বন্ধ হৈ পৰাৰ দৰে হোৱাত মনে মনে সেই একঠা মাটি বিক্ৰী কৰি পৰিয়াল সহ শহুৰেকৰ ঘৰত ঘৰজোঁৱাই হৈছিলগৈ। কামেশ্বৰ চৰকাৰী আৱাসলৈ যোৱাৰ পিছতেই জুপুৰিটো ভাঙি সেই ঠাইত এটা বেৰ বাটাম দিয়া ঘৰ সাজি এগৰাকী মানুহে আতোমটোকাৰীকৈ এখন কপাহৰ বাৰী গঢ়ি তুলিছিল । সেই ফালে গ'লে কামেশ্বৰৰ মনটোৱে তাক আশ্ৰয় দিয়া জুপুৰিটো বিচাৰি হাহাকাৰ কৰে .....l


লখিমী মহন্ত

নগাঁও, পলিৰোড

দূৰভাষ নং: ৯৪৩৫৭-০৩১১৩



Comments


bottom of page