top of page

Updated: 2 days ago


এজনী ছোৱালী ।তাইৰ নাম আছিল “ সপোন”। ছোৱালী জনী সৰুৰে পৰা ভগৱানৰ প্ৰতি খুব শ্ৰদ্ধাৱান আছিল। ৰাতিপুৱাৰ পৰা সন্ধিয়া লৈকে তাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। কিবা কামত ব্যস্ত থাকিলেও মনে মনে ভগৱানৰ মন্ত্ৰ গাইছিল।তাই সৰুৰে পৰা পৰিয়ালৰ লগত থাকি, পৰিয়ালৰ লগত সময় কটায় ভাল পাইছিল। পৰিয়ালৰ সকলোৱে তাইক খুব মৰম কৰিছিল ।তাই সকলোৰে ছোৱালী হৈ পৰিছিল।তাই স্কুল যোৱাৰ সময়ত সকলোৰে আশীৰ্বাদ লৈ গৈছিল ।পঢ়াশুনাৰ লগতে খেলা,নচা, ছবি অঁকা এই সকলোবোৰতে পাৰ্গত আছিল। ছোৱালীজনী ডাঙৰ হ’ব ধৰিলে , স্কুলীয়া শিক্ষা অন্ত কৰি কলেজীয়া জীৱন পালে ।তাই সৰুৰে পৰা ডাঙৰক শ্ৰদ্ধা,মৰম আৰু সৰু ল’ৰা ছোৱালীক ভালকৈ ব্যৱহাৰ কৰিব জানিছিল।তাই দেখিবলৈ ধুনীয়া নাছিল যদিও তাইৰ এইবোৰ গুণে তাইক জাকত জিলিকাই তুলিছিল।


 এদিন তাই এঘৰ মানুহৰ ঘৰলৈ গৈছিল ।তাইক কৈছিল ছোৱালীবোৰ লোকৰহে হৈ যায় ।কিয়নো ইমান মৰম কৰিব লাগে!তাই মনে মনে ভাৱিছিল ,হয়তো! মোকতো এদিন বিয়া দি দিব ।মই নিজৰঘৰখন এৰিথৈ যাব লাগিব। বিভিন্ন জনে বিভিন্ন কথা ক'লেও তাই সেইবোৰৰ ওপৰত বিশেষ গুৰুত্ব নিদি ভালদৰে পঢ়া শুনা কৰিছিল । পিছত ভাল চাকৰি কৰি মাক দেউতাকৰ সন্মান বঢ়ালে। তাই কেতিয়াও লোকৰ ঘৰত বিয়া হৈ যাব বুলি নিজৰ ঘৰখন ভালকৈ পৰিপাতি কৰি সজাবলৈ নাপাহৰে।তাই নিজৰ ঘৰখনৰ প্ৰতি থকা ভাল পোৱাই তাইক কেতিয়াও লোকৰ ঘৰৰ ছোৱালী বুলি কোৱাৰ অধিকাৰ কাকো নিদিয়ে।


এদিন তাই এখন বাছত গৈ আছিল। তাইৰ কাষৰ আসনখনত তাইৰ বৰদেউতাকৰ বয়সৰ এজন জেষ্ঠলোক বহিলে। তেখেতে তাইৰ পৰিচয় সুধিলে । লগতে তাই কি কৰে ,কি ভাল পাই ইত্যাদি!!তাই যেতিয়া বাছৰ পৰা নামিবৰ সময় হ’ল লোকজনে বহুত কান্দিলে ।কাৰণ সেই অলপ সময়তে লোকজনক  তাই বহুত ভাল ভাল কথা কৈ আপোন কৰিছিল ।নামিবৰ সময়ত লোকজনে  কৈছিল, "তোমাৰ দেউতা সচায়ে ভাগ্যবান । তোমাক ছোৱালী হিচাপে পাইছে, পিছৰ জনমত তুমি মোৰ ছোৱালী হ’বা।"

তাই তেতিয়া কৈছিল- "মই তো সকলোৰে ছোৱালী, সকলোকে মই মোৰ মা দেউতা বুলি ভাৱি শ্ৰদ্ধা কৰোঁ।"

তাই সদায়ে নিজৰ সাঁচতীয়া পইচাৰে দুখীয়া লোকক সহায় কৰে । তাইক কলেজলৈ আহিবলৈ ঘৰৰ পৰা দিয়া গাড়ী ভাৰা সাঁচি নিজেবহু দূৰ খোজ কাঢ়ি আহে ।সেই টকা কেইটা তাইৰ লগৰ দুখীয়া ছোৱালীক কিতাপ কিনিবলৈ দিয়ে । তাইৰ সুন্দৰ ব্যৱহাৰ, মৰম লগা হা‍ঁহিৰে সকলোকে আকৰ্ষিত কৰে ।

 

আইতাকে কৈছিল-  "ছোৱালীবোৰ সচায়ে বহুত মৰমৰ হয়, ছোৱালী বোৰক যদি মৰমেৰে ৰাখে ,তেন্তে মান সন্মান, সম্পত্তি, সকলো আহে ! এগৰাকী ছোৱালীৰ পৰা এগৰাকী আইতা হোৱালৈ কিমান সংগ্ৰাম সেইতো অনুভৱ হয়তো সকলোৱে গম পায়। ছোৱালীক নিজৰ ঘৰৰ এপাহি মৰমলগা ফুলৰ দৰে ব্যৱহাৰ কৰিব লাগে। ল’ৰা ছোৱালীৰ ভেদা ভেদ নকৰি নিজৰ মনেৰে কাম কৰিবলৈ দিব লাগে ।" তাইৰ মনৰ পৰ্দাত ভাঁহি উঠিল-

"নাৰী তুমি মহান।

জন্মত অকনমান অৱহেলিত হলেও

সকলোতে আছে দেখোন প্ৰয়োজন,

শুৱনি কৰি ৰখা সদায় ঘৰখন,

মৰম সনা মাতেৰে সকলোৰে

হৃদয় জয় কৰা ,

নাৰী তুমি অনন্যা ।"

 


অংকিতা ভট্টাচাৰ্য

পূৱ আমোলাপট্টি ,নগাঁও

 দূৰভাষ নং ৬০০০৭ ৯২৬৬০

 


Comments


bottom of page