ৰৈ ৰৈ চাই যোৱা শিল্প
- দীননাথ লিয়ং

- Apr 1
- 1 min read
ইয়াত এজন মুকুট বিহীন ৰজা আছিল।
মই তেওঁৰ দেশৰে মানুহ।
কি নাছিল তেওঁৰ দেশত—
সুৰ শুনি শুনি ৰাতিটোক কাটি কৰা
অপাৰ জোনাকৰ চোতাল ,
সেউজীয়া অৰণ্যৰ ৰ’দ ঘাই কাব্য,
শাওনৰ ধল নমা পথাৰৰ সংগীত
আৰু
চেনেহৰ কাৰেং সাজি নতুন আশাহৈ ওলাই অহা
উৎফুল্লিত অলেখ ডেকা শক্তি।
কি নাছিলনো তেওঁৰ দেশ গঢ়া ৰাজ আদেশত —
বন-নদী-পাহাৰ ,ৰ’দ-বতাহ-বৰষুণলৈ
সীমাহীন আলিংগনৰ অধিকাৰ।
আশ্ৰয়ৰ আচলপাৰি জনতাৰ দৰবাৰ সজাই
তোলাৰ।
আপোন পথাৰখন নিগাজি কৰাৰ।
আৰু বট-বৃক্ষৰ ৰক্ষক হোৱাৰ
যি শীতল বতাহৰ ছাঁ দিয়ে
য’ত চৰাই-চিৰিকটিয়ে ঘৰ সাজে।
তেওঁ গানে গানে নিদিলে কি বিধান -
আঁকি আঁকি এখন সাতোৰঙী ৰামেধনুৰ আকাশ।
মৰিলে একোকে লগত নিবলৈ নেপাবা বন্ধু ,
মানুহ হোৱা ধৰম আঁকোৱালি ধৰা।
তেওঁৰ ৰাজ্য আছিল মাটিৰ পৰিধি ভঙা সীমা;
তেওঁ নাছিল এহাত মাটি ঠেলি খেয়ালি অস্ত্ৰ লোৱা ৰজা
অথবা পাপ মুদ্ৰাৰে জীৱন ধন্য কৰা।
তেওঁ কি দি থৈ নগ’ল বাৰু—
ওৰে ৰাতি গৈ গৈ থাকে ৰৈ ,
তেওঁৰ ক্ষেত্ৰ আগুৰি হেজাৰ জনতা;
প্ৰাৰ্থনা সংগীতৰ বন্তি জ্বলাই
কৈ কৈ যায়,— ‘জয় জুবিন দা— !’
কিয় বাৰু কৈ যায় !!আচলতে তেওঁ নাছিল কি—
ৰৈ ৰৈ চাই যোৱা এক শিল্প ,
কৈ কৈ শেষ নোহোৱা মহাকাব্যিক গল্প।
দীননাথ লিয়ং
অতিৰিক্ত সঞ্চালক,
তথ্য আৰু জনসংযোগ (পাৰ্বত্য) অসম, হাফলং।
e-mail Id: loyingdinanath@gmail.come
দূৰভাষ নম্বৰঃ৭০০২৫৭০২৭৫





Comments