top of page

ৰৈ ৰৈ চাই যোৱা শিল্প

ইয়াত এজন মুকুট বিহীন ৰজা আছিল।

মই তেওঁৰ দেশৰে মানুহ।

কি নাছিল তেওঁৰ দেশত—

সুৰ শুনি শুনি ৰাতিটোক কাটি কৰা

অপাৰ জোনাকৰ চোতাল ,

সেউজীয়া অৰণ্যৰ ৰ’দ ঘাই কাব্য,

শাওনৰ ধল নমা পথাৰৰ সংগীত

আৰু

চেনেহৰ কাৰেং সাজি নতুন আশাহৈ ওলাই অহা

উৎফুল্লিত অলেখ ডেকা শক্তি।

কি নাছিলনো তেওঁৰ দেশ গঢ়া ৰাজ আদেশত —

বন-নদী-পাহাৰ ,ৰ’দ-বতাহ-বৰষুণলৈ

সীমাহীন আলিংগনৰ অধিকাৰ।

আশ্ৰয়ৰ আচলপাৰি জনতাৰ দৰবাৰ সজাই

তোলাৰ।

আপোন পথাৰখন নিগাজি কৰাৰ।

আৰু বট-বৃক্ষৰ ৰক্ষক হোৱাৰ

যি শীতল বতাহৰ ছাঁ দিয়ে

য’ত চৰাই-চিৰিকটিয়ে ঘৰ সাজে।

তেওঁ গানে গানে নিদিলে কি বিধান -

আঁকি আঁকি এখন সাতোৰঙী ৰামেধনুৰ আকাশ।


মৰিলে একোকে লগত নিবলৈ নেপাবা বন্ধু ,

মানুহ হোৱা ধৰম আঁকোৱালি ধৰা।

তেওঁৰ ৰাজ্য আছিল মাটিৰ পৰিধি ভঙা সীমা;

তেওঁ নাছিল এহাত মাটি ঠেলি খেয়ালি অস্ত্ৰ লোৱা ৰজা

অথবা পাপ মুদ্ৰাৰে জীৱন ধন্য কৰা।

তেওঁ কি দি থৈ নগ’ল বাৰু—

ওৰে ৰাতি গৈ গৈ থাকে ৰৈ ,

তেওঁৰ ক্ষেত্ৰ আগুৰি হেজাৰ জনতা;

প্ৰাৰ্থনা সংগীতৰ বন্তি জ্বলাই

কৈ কৈ যায়,— ‘জয় জুবিন দা— !’

কিয় বাৰু কৈ যায় !!আচলতে তেওঁ নাছিল কি—

ৰৈ ৰৈ চাই যোৱা এক শিল্প ,

কৈ কৈ শেষ নোহোৱা মহাকাব্যিক গল্প।


দীননাথ লিয়ং

অতিৰিক্ত সঞ্চালক,

তথ্য আৰু জনসংযোগ (পাৰ্বত্য) অসম, হাফলং।

e-mail Id: loyingdinanath@gmail.come

দূৰভাষ নম্বৰঃ৭০০২৫৭০২৭৫

Comments


bottom of page