top of page

শব্দহীন প্ৰেমৰ শেষ উপহাৰ

ৰেবাৰ প্ৰতিটো জন্মদিনতে দুৱাৰমুখত এটা ৰহস্যময় উপহাৰৰ টোপোলা হাজিৰ হয়।টোপোলাটোৰ ভিতৰত থাকে এখন নতুন কিতাপ। যোৱা ২৫ টা বছৰে এইটোৱেই তাইৰ জন্মদিনৰ আটাইতকৈ আপোন আৰু প্ৰত্যাশিত মূহূৰ্ত।। কিতাপৰ প্ৰথম পৃষ্ঠাটোত কোনো নাম নাথাকে, মাথোঁ নীলা চিয়াঁহীৰে এটাই চুটি বাক্য লিখা থাকে.....' তোমাৰ চকুৰ ভাজত হেৰাই যোৱা শব্দবোৰ কিতাপৰ পাতত বিচাৰি পাবা। জন্মদিনৰ শুভ কামনাৰে।'


ৰেবাই নাজানে এই নিৰৱ প্ৰেমিকজন কোন, কিন্তু সেই অচিনাকি আখৰবোৰৰ গোন্ধত তাই এক বিৰল হিয়াৰ স্পন্দন বিচাৰি পাইছিল।


আজি ৰেবাৰ পঞ্চাশতম জন্মদিন। সময় আগবাঢ়ি গৈ আছে,,, চুলিৰ ফাঁকত দুই এডাল ৰূপালী আভাই দেখা দিলেও মনটো আজিও সেই কিশোৰীৰ দৰেই ব্যাকুল। গোটেই দিনটো পাৰ হ'ল, পদূলিৰ বকুলজোপাৰ ছাঁ দীঘল হ'ল, কিন্তু আন দিনাৰ দৰে ডাকোৱালজন নাহিল। সন্ধিয়া হ'বৰে হ'ল। লাহে লাহে এক বুজাব নোৱাৰা বিষাদে ৰেবাৰ মনটো আৱৰি ধৰিলে।

কিয় জানো ৰেবাৰ বুকুখন কঁপি উঠিল ---- ইমান বছৰৰ সেই নিভৃত প্ৰেমৰ নিয়মটো আজি কিয় ভাঙিল ??


মনৰ অস্থিৰতা সামৰিবলৈ তাই টি ভি টো অন কৰিলে। নিউজত ডাঙৰ ডাঙৰ আখৰত জিলিকি উঠিছে ---- নামদাং কলেজৰ অধ্যক্ষ উৎপল বৰুৱাৰ পথ দূৰ্ঘটনাত মৃত্যু। বাতৰিটোত কোৱা হৈছে ,স্পীড পোষ্ট কৰিবলৈ আহি এখন তীব্ৰবেগী ট্ৰাকে তেওঁক মহতিয়াই নিয়ে। স্ক্ৰীনত দেখা গ'ল তেজৰ দাগ লাগি থকা কিতাপৰ খামৰ ওপৰত ৰেবাৰ ঠিকনাটো!


উৎপলদা বুলি ৰেবাই চিঞৰি উঠিল!


উৎপল বৰুৱা আছিল ৰেবাৰ ককায়েকৰ অন্তৰংগ বন্ধু। অজানিতেই তেওঁৰ সেই একাগ্ৰ এক পক্ষীয় প্ৰেমৰ সুবাস ৰেবাই কেতিয়াও অনুভৱ কৰিব পৰা নাছিল। অবিবাহিত উৎপলৰ বাবে ৰেবা আছিল এক পবিত্ৰ উপাসনা, যাক তেওঁ কেতিয়াও শব্দৰে আমনি কৰা নাছিল। তেওঁৰ বাবে ৰেবাৰ প্ৰতি থকা প্ৰেম আছিল আকাশৰ দৰে বিশাল ,নদীৰ দৰে শান্ত। তেওঁৰ সেই অব্যক্ত ৰোমান্টিকতাৰ একমাত্ৰ সাক্ষী আছিল জন্মদিনৰ সেই কিতাপখন।

আজি সেই নিৰৱ প্ৰেমিকজনৰ হৃদয়ৰ স্পন্দন চিৰদিনৰ বাবে নিস্তব্ধ হৈ পৰিল। ৰেবাৰ দুচকুৰ পৰা বৈ অহা গৰম লোতকে কিতাপৰ সেই বৰ্ণহীন পাতবোৰত যেন এক নতুন বিৰহৰ কবিতা লিখি থৈ গ'ল।

ৰেবাই প্ৰথম বাৰৰ বাবে অনুভৱ কৰিলে --- প্ৰেম কেৱল পোৱা বা হেৰুৱাৰ নাম নহয় , প্ৰেম হ'ল এক নীৰৱ সাধনা, যি মৃত্যুৰ সিপাৰেও নিজৰ সুবাস এৰি থৈ যাব পাৰে।

(সঁচা ঘটনাৰ ছাঁ লৈ )

পলী মজুমদাৰ

মৰিগাঁও, অসম

দূৰভাষ নং ৮৬ ৩৮৮ ৭১০৬০

Comments


bottom of page