দেশে দেশে যুদ্ধক্ষেত্ৰত লেডী আৰ্মি ব্ৰিগেড
- ড০ শৰৎ বৰকটকী

- 3 days ago
- 5 min read
Updated: 2 days ago

স্বাধীনতা সংগ্ৰামত অস্ত্ৰ লৈ যুদ্ধ কৰা ঝাঁসীৰাণী লক্ষ্মীবাইৰ সঁচা কাহিনীৰ ওপৰত ভিত্তি কৰি "শেষ তৰোৱালৰ শব্দ " নামৰ হিন্দীত লিখা নাটক এখন বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে চাইছিলোঁ। নাটকৰ পটভূমি আছিল ১৮৫৮ চনৰ গোৱালিয়ৰৰ যুদ্ধৰ । সন্মুখৰ মঞ্চ যুদ্ধৰ ধোঁৱাই আকাশ ঢাকিছে।মঞ্চৰ মাজত আহত অৱস্থাত নাৰী যোদ্ধা ৰাণী লক্ষ্মীবাইৰ হাতত এখন তৰোৱাল আছিল আৰু চকুত ক্লান্তি অথচ মুখত দৃঢ়তা অটুট আছিল। ৰাণী লক্ষ্মীবায়ে কৈ গৈছিল- " নাৰী যোদ্ধাই পলায়ন নকৰে।মই যদি পলাই যাওঁ ইতিহাসে মোক ঘিণ কৰিব।মই যদি যুদ্ধ ক্ষেত্ৰত মৰোঁ, ইতিহাসে মোক মনত ৰাখিব।” তেতিয়াই নাৰী যোদ্ধাৰ বিষয়ে জানিবলৈ মোৰ আগ্ৰহ হৈছিল। পাকিস্তানৰ বিৰুদ্ধে"অপাৰেশ্যন সিন্দুৰ " অভিযানত ভাৰতীয় বায়ুসেনাত থকা মহিলা যুদ্ধবিমানৰ পাইলট আৰু হেলিকপ্টাৰ পাইলটৰ কাহিনী পঢ়ি গৌৰৱ অনুভৱ কৰিছিলোঁ।বীৰঙ্গনা সকলৰ বহু কাহিনীয়ে অন্তৰত দেশ প্রেম জাগ্ৰত কৰে।মহাভাৰতীয় যুগৰ নাৰীযোদ্ধাৰ শক্তিশালী উদাহৰণ হৈছে চিত্ৰাঙ্গদা। মহাকাব্য মহাভাৰতত মণিপুৰৰ ৰাজকুমাৰী, অৰ্জুনৰ পত্নী চিত্ৰাঙ্গদা এগৰাকী প্ৰশিক্ষিত যোদ্ধা নাৰী আছিল আৰু যুদ্ধবিদ্যাত পাৰদৰ্শী আছিল। একেদৰে বিৰাট ৰজাৰ কন্যা উত্তৰা অস্ত্ৰবিদ্যাত পাৰ্গত আছিল। সেই যুগত নাৰীসকল যুদ্ধ কৰিবলৈ সক্ষম আছিল।
ৰামায়ণৰ কাহিনীত থকা ৰজা দশৰথৰ পত্নী কৈকেয়ী যুদ্ধক্ষেত্ৰত ৰথ চলোৱাত আৰু অস্ত্ৰ চলোৱাত নিপুন আছিল।এবাৰ যুদ্ধক্ষেত্ৰত ৰথ চলাই দশৰথৰ প্ৰাণ ৰক্ষা কৰিছিল। পৃথিবীৰ প্ৰায় সকলো মহান মহাকাব্যতেই নাৰী যোদ্ধাৰ কাহিনী আছে। গ্ৰীক মহাকাব্য ইলিয়াডত ৰাণী পেন্থেচিলিয়াৰ আবিৰ্ভাৱৰ কাহিনী আছে।। পেন্থেচিলিয়াই ট্ৰয় যুদ্ধত গ্ৰীকসকলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।তেতিয়াই সম্পূৰ্ণ নাৰী যোদ্ধাৰ সমাজ এখন আছিল। চীনা মহাকাব্যত হুয়া মুলান নামৰ নাৰী এগৰাকীৰ কথা আছে যত নাৰী গৰাকীয়ে পিতৃৰ সলনি যুদ্ধত অংশগ্ৰহণ কৰি নাৰী যোদ্ধা বুলি চিহ্নিত হৈছে। যুদ্ধ কেৱল পুৰুষৰ বিষয় নহয়; নাৰীৰ বীৰত্বই ইতিহাস গঢ়ে এই কথা মহাকাব্য সমূহৰ পৃষ্ঠাই তাকেই প্ৰকাশ কৰিছে।
অন্যহাতে মূলা গাভৰু আহোম যুগৰ এগৰাকী বীৰাঙ্গনা। মূলা গাভৰু ইতিহাসৰ নাৰী বীৰত্বৰ এক দীপ্তিমান নাম। ।মূলা গাভৰু অসম বুৰঞ্জীৰ কেৱল এটা ঐতিহাসিক চৰিত্ৰ নহয়, অসমীয়া নাৰী সাহস, আত্মসম্মান আৰু দেশপ্ৰেমৰ প্ৰতীক।স্বামী ফ্ৰাচেনমুং বৰগোহাঁই মোগলৰ বিৰুদ্ধে যুদ্ধত মৃত্যু হোৱাত মূলা গাভৰুৱে শোকত ভাঙি নপৰি হাতত অস্ত্ৰলৈ ধৰি যুদ্ধক্ষেত্ৰলৈ ওলাই যায়। সেই সময়ত নাৰীৰ যুদ্ধত অৱতীৰ্ণ হোৱা অতি দুৰ্লভ আছিল; কিন্তু মূলা গাভৰুৱে সমাজৰ সকলো নিয়মৰ সীমা ভাঙি সাহসৰ নিদৰ্শন দেখুৱাই গল। যুদ্ধৰ সময়ত তেওঁ পুৰুষ যোদ্ধাৰ দৰে পোছাক পৰিধান কৰি শত্ৰুৰ ওপৰত প্ৰবল আক্ৰমণ কৰে। মূলা গাভৰুৰ যুদ্ধকৌশল আৰু নিৰ্ভীকতাই বহু যোদ্ধাক অনুপ্ৰাণিত কৰিছিল।
ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাসত ঝাঁসীৰ ৰাণী লক্ষ্মীবাইৰ নাম ললেই তৰোৱালৰ ঝংকাৰ শুনা যায়। ১৮৫৭ চনত তেওঁ এক সংগঠিত নাৰী যোদ্ধা আৰু সামৰিক নেতৃত্ব দিব পৰা নাৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল।ইংৰাজ বিষয়াই তেওঁক “The most dangerous of all the rebel leaders” বুলি আখ্যা দিছিল।
ঝাঁসীৰ দুর্গ ৰক্ষাৰ সময়ত তেওঁ কামান স্থাপন, সৈন্য বিন্যাস আৰু ৰথ-ঘোৰাৰ ব্যৱহাৰত সুপৰিকল্পিত সিদ্ধান্ত লৈছিল। তেওঁ প্ৰাথমিক “নাৰী সেনা ইউনিট”ৰ ধাৰণাৰ জন্ম দিছিল। যুদ্ধক্ষেত্ৰত তেওঁ এগৰাকী ৰাণী হৈ থকা নাছিল , এজন সেনানায়ক আছিল।গোৱালিয়ৰৰ যুঁজত ৰাণী লক্ষ্মীবাইৰ মৃত্যু কেৱল এক সাধাৰন ঘটনাৰ নহয়; ই ভাৰতীয় নাৰী যোদ্ধাৰ ইতিহাসত এক মাইলৰ খুঁটি।
আধুনিক বিশ্বত নাৰীৰ সেনাবাহিনী কেৱল শক্তি প্ৰদৰ্শনৰ প্ৰতীক নহয়; ই সমতা, আত্মবিশ্বাস আৰু মানৱীয় সক্ষমতাৰো নিদৰ্শণ। ইতিহাসৰ পৃষ্ঠা মেলি চালে গম পোৱা যায় যে,বহুদিন ধৰি যুদ্ধ আৰু সেনা কেৱল পুৰুষৰ ক্ষেত্ৰ বুলি গণ্য কৰা হৈছিল, কিন্তু সময়ৰ লগে লগে এই ধাৰণা ভাঙি নাৰী যোদ্ধা সাহস আৰু স্বাধীনতাৰ প্ৰতীক হৈ পৰিল।
বিশ্বৰ সৰ্ববৃহৎ সামৰিক শক্তি হিচাপে আমেৰিকাত মহিলাই সেনাৰ সকলো শাখাত কাম কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰত ৱমেনচ আৰ্মী কৰ্পছৰ অক্সিলিয়াৰী কৰ্পছ গঠন হয়। তেতিয়া যুদ্ধৰ বাবে বিপুল সংখ্যক পুৰুষ সৈনিকৰ প্ৰয়োজন আছিল যদিও সিমান সৈনিক নোহোৱাত সেনাবাহিনীত সহায়ক আৰু প্ৰশাসনিক কামত সমস্যাই দেখা দিয়ে। এই অভাৱ পূৰণ কৰিবলৈ মহিলাসকলক সংগঠিতভাৱে অন্তৰ্ভুক্ত কৰা হয়। ১৯৪৩ চনত পূৰ্ণ সামৰিক মৰ্যাদাৰে ৱমেনচ আৰ্মী কৰ্পছ গঠন হয়।
আজিৰ আমেৰিকান সেনা বাহিনীত মহিলাসকল যুদ্ধক্ষেত্ৰত পাইলট, কামাণ্ড আৰু কৌশলগত নেতৃত্বত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। ইৰাক–আফগানিস্তান যুদ্ধত মহিলা সৈনিকসকলে প্ৰত্যক্ষ যুঁজত অংশ লৈ ভয়হীনতা আৰু সাহস প্ৰমাণ কৰিবলৈ সক্ষম হল।
ৰাছিয়াৰ ইতিহাসত মহিলা সৈনিকৰ সাহস বিশ্ববিখ্যাত। দ্বিতীয় বিশ্বযুদ্ধত “Night Witches” নামে জনাজাত মহিলা পাইলটসকলে ৰাতিৰ আকাশৰ পৰা বোমা নিক্ষেপ কৰি শত্রুক আতংকিত কৰিছিল। স্নাইপাৰ, টেংক ক্ৰু আৰু চিকিৎসক হিচাপে ৰাছিয়াৰ মহিলা সেনাৰ অদম্য সাহস আৰু আত্মত্যাগৰ উদাহৰণ আছে।
চীনৰ পিপল লিবাৰেচন আৰ্মীত মহিলাসকল মাও চে টুঙৰ যুগৰ পৰাই সক্ৰিয়। লং মাৰ্চ আৰু জাপান-বিৰোধী সংগ্ৰামত মহিলা যোদ্ধাসকলৰ সাহস সামৰিক আদৰ্শ হিচাপে গঢ়ি তুলিছিল। আধুনিক যুগত চাইবাৰ, প্ৰযুক্তি আৰু শান্তিৰক্ষা অভিযানত চীনৰ মহিলা সেনাই শৃঙ্খলাবদ্ধ ভাবে সাহস আৰু কৌশলগত দৃঢ়তা দেখুৱাইছে। চীনৰ সেনাবাহিনীত মহিলাসকলে সংগঠিতভাৱে বিভিন্ন ইউনিট, ব্ৰিগেড আৰু বিশেষ শাখাত দায়িত্ব পালন কৰি আহিছে। আচলতে চীনৰ কমিউনিষ্ট বিপ্লৱৰ সময়ত অৰ্থাৎ চল্লিশৰ দশকতেই মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। সেই সময়তেই “মহিলা আৰু পুৰুষ সমান” ধাৰণাটো চীনৰ সামৰিক সংস্কৃতিত গভীৰভাৱে প্ৰৱেশ কৰে।
ভাৰতৰ ইতিহাসত নাৰী যোদ্ধাৰ কাহিনী থাকিলেও ভাৰতত মহিলা সেনাৰ যাত্ৰা তুলনামূলকভাৱে স্বাধীনতাৰ পিছতহে ভালদৰে আৰম্ভ হৈছিল। ভাৰতীয় মহিলাৰ সেনা বাহিনীত প্ৰৱেশ ঘটিছিল হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত।
ভাৰতত ১৯৪২ চনত 'ৱমেনচ অক্সিল্লাৰী কৰ্পছ 'গঠন কৰা হয়। এই সংগঠনৰ জৰিয়তে মহিলাসকলে যোগাযোগ, প্ৰশাসন আৰু চিকিৎসা সেৱাত সেনাক সহায় কৰিছিল।
১৯৯২ চনত ভাৰত চৰকাৰে প্ৰথমবাৰৰ বাবে মহিলাক সেনাত নিযুক্তি দিয়াৰ বাবে আনুষ্ঠানিক অনুমতি দিয়ে। ইয়াৰ জৰিয়তে সেনাৰ বিভিন্ন শাখাত মহিলাই নিযুক্তি লাভ কৰে। বৰ্তমান মহিলাসকলে সেনাত নেতৃত্ব দিয়া স্থান দখল কৰিছে। সীমান্ত অঞ্চল, যুদ্ধকালীন চিকিৎসা আৰু বিমান বাহিনীত মহিলা বিষয়াসকলে সামাজিক বাধা অতিক্ৰম কৰি সাহস আৰু আত্মবিশ্বাসেৰে দেশসেৱা কৰিছে।
স্বাধীন ভাৰতৰ নাৰী যোদ্ধাৰ ইতিহাসত উজ্বল এটা নাম হৈছে কেপ্টেইন লক্ষ্মী সাহগল। স্বাধীন ভাৰতত নাৰী যোদ্ধাৰ প্ৰতীক আৰু পথপ্ৰদৰ্শক হিচাপে তেওঁক প্ৰথম নাৰী যোদ্ধা বুলি স্বীকৃতি দিছে।১৯১৪ চনত মাদ্ৰাজত জন্মগ্ৰহণ কৰা লক্ষ্মী সাহগল এগৰাকী চিকিৎসক আছিল। কিন্তু দেশপ্ৰেম আৰু স্বাধীনতাৰ আহ্বানে তেওঁক অস্ত্ৰধাৰী সংগ্ৰামলৈ হাতবাউলি মাতি নিয়ে। নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঠিত আজাদ হিন্দ ফৌজত তেওঁ তেতিয়াই যোগদান কৰে আৰু বিশ্বৰ ভিতৰতে প্ৰথম সম্পূৰ্ণ নাৰী সেনাদল “ঝাঁসীৰ ৰাণী বাহিনী”ৰ নেতৃত্ব গ্ৰহণ কৰে। তেওঁ প্ৰমাণ কৰি গ’ল যে নাৰী সাহস, নেতৃত্ব আৰু দেশসেৱাত কোনোপধ্যেই পুৰুষতকৈ কম নহয়।সেইবাবে কেপ্টেইন লক্ষ্মী সাহগলক স্বাধীন ভাৰতৰ নাৰী যোদ্ধাৰ ইতিহাসৰ উল্লেখযোগ্য নাম হিচাপে স্মৰণ কৰা হয়।
অসমৰ ইতিহাসত প্ৰথম মহিলা কেপ্তেইন হিচাপে পৰিচিত হৈছে নীলিমা গগৈ। তেওঁ অসমৰ প্ৰথম মহিলা ভাৰতীয় সেনা বিষয়া, যিগৰাকীয়ে ২০১১ চনত ভাৰতীয় সেনাত নিযুক্তি পাই কেপ্তেইনৰ পদলৈ উন্নীত হৈছিল।
নীলিমা গগৈয়ে কেৱল নিজৰ ব্যক্তিগত সাফল্যেই নহয়, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নাৰীৰ বাবে এক নতুন পথ মুকলি কৰি দিয়ে। জাৰ্মানীত দীৰ্ঘদিন ধৰি মহিলাক যুদ্ধ শাখাত অনুমতি দিয়া নাছিল। ২০০১ চনত ইউৰোপীয় ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়ৰ পিছত জাৰ্মানীয়ে সেনাৰ সকলো শাখা মহিলাৰ বাবে মুকলি কৰে। এই সিদ্ধান্তই জাৰ্মান সেনাত এক যুগান্তকাৰী পৰিবর্তন আনে।
সেনাৰ সকলো শাখা মহিলাৰ বাবে মুকলি হোৱাত, জাৰ্মান মহিলা সৈনিকসকলে 'নাটো'ৰ (NATO) আৰু শান্তিৰক্ষা অভিযানত অংশ লৈ সাহস প্ৰদৰ্শন কৰিছে।
বৰ্তমান ইৰাণত মহিলাক যুদ্ধক্ষেত্ৰত ভাগ লবলৈ তেনেই সীমিত সুবিধা দিয়ে যদিও ইৰানৰ সামৰিক ইতিহাসত মহিলাসকলৰ অংশগ্ৰহণৰ প্ৰথম উল্লেখযোগ্য প্ৰমাণসমূহ ২০শ শতিকাৰ আৰম্ভণি তথা পহ্লাভী ৰাজতন্ত্ৰৰ ৰাজত্বৰ সময়ত পোৱা যায় । ১৯৩৩ চনত মৰজিয়া আৰ্ফা নামৰ ইৰানী মহিলাই সামৰিক বাহিনীত প্ৰথম মহিলা ব্ৰিগেডিয়াৰ জেনাৰেল হিচাপে সন্মান লাভ কৰিছিল।
ইংলেণ্ডৰ সেনাবাহিনীৰ সকলো প্ৰায় ইউনিট আৰু যুদ্ধভূমিকাত নাৰী সকল সম্পূৰ্ণৰূপে সংযুক্ত।প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইংলেণ্ডত ৱমেনচ আৰ্মী অক্সিল্লাৰি কৰ্পছ হিচাপে পিছলৈও পাছলৈ অক্সিল্লাৰি টেৰিটৰিয়াল চাৰ্ভিচ গঠন কৰা হৈছিল। এই শাখা সমূহত মহিলাসকলে যোগাযোগ, চিকিৎসা আৰু প্ৰশাসনিক কামত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।২০১৮ চনৰ পাছৰ পৰা ইংলেণ্ডত পদাতিক ,টেংক আৰু বায়ু সেনা ,বিশেষ যুদ্ধ ইউনিট সমূহতো মহিলাই গুৰুত্বপূৰ্ণ পদ লাভ কৰিছে।ইংলেণ্ডত বহু মহিলা সেনা বিষয়াই ব্ৰিগেড স্তৰৰ নেতৃত্ব,আন্তঃৰাষ্ট্ৰীয় শান্তিৰক্ষা অভিযানত অংশ লৈছে।
ইজৰাইলত ইহুদী মহিলাৰ বাবে ডিফেন্স ফ’ৰ্চ চমুকৈ আই.ডি.এফত মহিলাৰ সামৰিক সেৱা বাধ্যতামূলক । তেওঁলোকে সেনা বাহিনীত প্ৰায় সকলো কাম কৰে অৰ্থাৎ পদাতিকৰ পৰা পাইলট, নৌসেনা, আৰু বিশেষ বাহিনীলৈকে। ২০১৪ চনত “কাৰাকাল” বেটেলিয়ন স্থাপন কৰা হয়, য’ত মহিলা সৈনিকে পুৰুষৰ সৈতে একেলগে সীমান্ত ৰক্ষাৰ দায়িত্ব পালন কৰে।নৰৱেত ২০১৫ চনৰ পৰা মহিলাৰ বাবে বাধ্যতামূলক সামৰিক সেৱা আৰম্ভ কৰিছে।উত্তৰ কোৰিয়াৰ সেনাত মহিলাৰ অংশগ্ৰহণ বাধ্যতামূলক নহ’লেও, তেওঁলোক সংখ্যা প্ৰায় ২০-২৫%।বহুতো মহিলা সৈন্য সীমান্ত ৰক্ষা, প্ৰশিক্ষক, আৰু কৰ্মচাৰী হিচাপে কাম কৰে।
বিভিন্ন দেশত লেডী আৰ্মি ব্ৰিগেড বা মহিলা সেনাৰ সংগঠন বেলেগ হ’লেও, তেওঁলোকৰ সাহস, দৃঢ়তা আৰু দেশপ্ৰেম একে সুতাৰে গাঁথা। যুদ্ধক্ষেত্ৰত বা চিকিৎসালয়ত, আকাশত হওক বা কৌশলগত সাগৰত মহিলা সেনাসকলে প্ৰমাণ কৰিছে যে সাহস লিংগেৰে নিৰ্ধাৰিত নহয়। আধুনিক বিশ্বত এই সাহসেই শক্তিশালী, সমতাপূৰ্ণ আৰু মানবীয় সেনাবাহিনীৰ ভিত্তি।
বিশ্বৰ নাৰী যোদ্ধাৰ কাহিনীবোৰ কেৱল যুদ্ধৰ ইতিহাস নহয়; এইবোৰ হৈছে মানৱ সভ্যতাৰ ন্যায়, স্বাধীনতা আৰু আত্মমৰ্যাদাৰ সংগ্ৰামৰ জ্বলন্ত দলিল। ইতিহাসে বহু সময়ত তেওঁলোকক গুৰুত্ব নিদিলেও তেওঁলোকৰ ত্যাগ আৰু কৰুণ মৃত্যুয়ে বিশ্ববাসীক শিকাই গৈছে যে যুদ্ধ কেৱল বিজয়ৰ নাম নহয়, ই ন্যায়ৰ বাবে আত্মবলিদানৰো নাম। সেয়েহে বিশ্বৰ নাৰী যোদ্ধাৰ কাহিনীবোৰ স্মৰণ কৰা মানে কেৱল অতীতক সন্মান জনোৱা নহয়; ই ভৱিষ্যৎ প্ৰজন্মক সাহস, সমতা আৰু মানৱিক মূল্যবোধৰ পথ শক্তিশালী কৰা বুজায়।
ড০ শৰৎ বৰকটকী
নগাঁও, অসম।
দূৰভাষ নং : ৭০০২২৫৮১৭৩





Comments