top of page

ঘৰৰ কথা

আছিল যাৰ সন্ধানত যি ,

দেখা নগল পিছে দিঠকত,,

কিনো লিখিম দিব যে কি উত্তৰ,

প্ৰশ্ন আছিল বেছি দীঘলীয়া,

নেদেখিলোঁ তাৰ মাজতে চিহ্ন উত্তৰৰ!


আছিল প্ৰশ্ন ঘৰৰ,

নুবুজিলে কোনেও,

নাজানে কোনেও আজিকালি ঘৰৰ কথা,

ঘৰ এৰি মানু্হ কিন্তু আলহীহে হল


ভাবিলো সেয়ে ময়েই দিও উত্তৰ,

কৈ কথাবোৰ নজনা কিছু,

জানিব লগীয়া কথা ঘৰৰ পিছে,

এৰিলেও ঘৰক আমি,ঘৰে আমাক নেৰে!


কিনো কৰিম নিৰ্মাণ আইনাৰ ঘৰৰ,

নেদেখিম পিছে তাত ভালকৈ মুখখন নিজৰ,

নেবেচিম তাত মুখা যেতিয়ালৈকে,


হয়তো ভাঙিব পাৰে সেই ঘৰখন

দলিয়ালে শিলৰ টুকুৰাৰ আঘাতত,

নিৰ্মাণ হব পাৰে পুনৰাই সহজে,,

তথাপিও নেদেখোঁ নিজৰ মুখ তাত ভালকৈ।


আজিকালি নহয় প্ৰিয় তেনে ঘৰ মোৰ,

এৰি অহা পিছে বহু দিন হল,

তথাপিও তেনে ঘৰ বহুতো সততে নিৰ্মাণ হল,

পুৰণি ঘৰৰ নাইকীয়া হৈছে সঁচ,

ঘৰ এৰি মানু্হ প্ৰবাসীহে হল।।



শোণিত বৰঠাকুৰ,

বৈদ্যটুপ, নগাওঁ ।

দূৰভাষ -৭০০২২৪০৬০০


Recent Posts

See All
কাব্যিক কথকতা

জাতিৰ জনক গুৰু দুজনাৰ অস্থিচয় আজিও পৰিত্যক্ত,অৱহেলিত,অ-সংৰক্ষিত কিয়? মধুপুৰ সত্ৰ,ভেলা সত্ৰ,কোচবিহাৰত আজিও অৱহেলিত কিয় ? শতিকাজোৰা ক্লিষ্টতাৰে আক্ৰান্ত সময় সোঁতত অস্তমিত সূৰুযৰ স্পৰ্শত গুৰু দুজনাৰ অস্থ

 
 
 
বিনিময়

মৰম পালে হৃদয় বীণাত ঝংকাৰিত হয় প্রাপ্তিৰ মহানন্দ বিনিময়ত যাচোঁ এমোকোৰা নিভাঁজ হাঁহি আৰু আলফুলীয়া চেনেহ-সনা পৰশ। মই বোলে দুষ্ট, পিছে দুষ্টৰ লগতহে ! মনত দুখ দিলে প্রতিশোধ লওঁ - হয় কন্দা -কটা কৰি , নহয় উ

 
 
 
উশাহ

হেল্ল’, কোন তুমি? মই? মই--মই । নাম? উপাধি? কোনো নহয়। কীট-পতংগ যিদৰে নিজৰ পথত, নিজৰ গতিত, মই সময় ধূলিৰ খোজত । পৃথিৱীখন নৰয় সুখতো দুখতো কাৰো বাবে কোনোৱেই নৰয় একোৱেই নৰয় । মোৰ নাম, মোৰ ঘৰ, সম্পৰ্ক, পৰিচয়

 
 
 

Comments


bottom of page