মাতৃত্বৰ গৌৰৱ
- ড° নাজমা বেগম

- Apr 3
- 4 min read
Updated: Apr 6

বাহিৰত কানি-মুনি পোহৰ। ৰাতি পুৱাবৰ হৈছে। কিয় জানো তৰালীৰ আজি বিছনাত পৰি থাকিবলৈ মন যোৱা নাই। কিবা এক অশ্বস্তিয়ে মনটো খেলিমেলি কৰি তুলিছে। কাষতে শুই থকা জোনমনিৰ গাত হাত ফুৰাই চালে, নাই সি টোপনিত লালকাল। জগাই দিবৰ মন নগ'ল, টোপনিটো মানুহক খুউব ধুনীয়া দেখি... তৰালীয়ে পোহৰ হোৱালৈ বাট চালে।
হঠাৎ বাহিৰৰ পৰা চিঞৰ বাখৰ ভাঁহি আহিল। তৰালীয়ে কিনো হৈছে। তাৰ উমান লোৱাৰ চেষ্টা কৰিলে। ক্রমান্বয়ে চিঞৰবোৰ বেছি হৈ আহিল। তাই খপ্জপ্কৈ বিচনাৰ পৰা নামি বাহিৰলৈ ওলায় দেখিলে মানুহবোৰে লৰাধপৰা কৰিছে। এজন ডেকাই চিঞৰিছে- আগত নদীৰ মথাউৰি ছিঙিছে, নদীত ঢল নামিছে, সকলোরে যি পাৰা তাকে লৈ ইয়াৰ পৰা আঁতৰি যোৱা। জীৱন বচাব লাগে, দেৰি কৰিলে বিপদ অনিবার্য। কেইজনমান মানুহে ইফালে সিফালে সকলোকে সতর্ক কৰি নিজৰ ঘৰলৈ বুলি ঢাপলি মেলিছে। যেয়ে যেনেকৈ পাৰে এপদ দুপদ বয়বস্তু, কাপোৰ, খোৱাখাদ্য, মোনা-বস্তা যি পাইছে তাতেই ভৰাই আপোন জনক ওচৰ চপাই লৈছে।সৌজনী কনমাই উধাতু খাই দৌৰিছে। ৰাতিপুৱা তাই সম্পর্কীয় মানুহ এঘৰলৈ গৈছিল। এতিয়া তাই ঢাপলি মেলিছে ঘৰত থকা তাইৰ বেমাৰী গিৰীয়েকৰ ওচৰলৈ। বাটতে তৰালীক চিঞৰিলে- তৰালী টালি-টোপোলা সোনকালে বান্ধ।
'অকস্মাৎ কি যে বিপদবোৰ আহিছে একো ততেই ধৰিব পৰা নাই '-
তাই মুখতে ভুৰভুৰালে।
উজনিৰ ফালৰ নৈপৰীয়া এখন সৰু গাওঁ, জনবসতি কম। আগতে মাজে-মাজে বাৰিষাৰ বানে গাওঁখনৰ কিছু অনিষ্ট কৰে যদিও এনেকৈ গাওঁ এবি কোনোৱেই পলাবলগীয়া হোৱা নাছিল। গাওঁখনৰ প্রায়খিনি মানুহেই খেতিৰ ওপৰত নিৰ্ভৰশীল। চাকৰিয়াল দুই এজনহে আছিল যদিও কামৰ অজুহাতত তেওঁলোক চহৰমুখী হ'ল। অলপ আগলৈকে নৈখন শুকানেই আছিল। কিন্তু হঠাৎ দ্রুতগতিত বাঢ়ি অহা পানীৰ ঢল দেখি গাওঁবাসী সঁচাকৈ বিমোৰত পৰিছে, ক'লৈ যাব, ক'ত থাকিব, কি খাব! নৈৰ পানী গাৱঁত সোমাবলৈ আৰম্ভ কৰাত আতংকিত গাওঁবাসীসকলে নিৰাপদ ঠাইলৈ যাত্রা কৰিছে। বাহিৰত থৰহৈ বৈ থকা তৰালীক দুই একে চিঞৰি মাতিলে ঐ তৰালী, সোনকালে আহ। পাছত বহুত বিপদত পৰিবি, লৰালৰি কৰ! কিংকর্তব্যবিমূঢ় তৰালী স্থিৰ হৈ লাহে-লাহে ভিতৰ সোমাল। জোনমনি তেতিয়াও টোপনিত। বাহিৰৰ পৃথিৱীত কি হৈছে সি একো গম নাপায়। ঘৰ বুলিবলৈ তাইৰ এটাই কোঠা-এফালে চৌকা আনফালে বাঁহৰ বিছনা এখন, বাওঁফালে বেৰত এডাল ৰচী টনা আছে। তাতেই তাই কাপোৰবোৰ থয়। কাপোৰনো কি, জোনমনিব দুযোৰ কাপোৰ আৰু তাইৰ এযোৰ পুৰণি চাদৰ-মেখেলা। পিন্ধি থকা যোৰেৰে তাইৰ দুযোৰ কাপোৰ। এনেকৈয়ে চলি গৈছে দিনবোৰ। সোঁফালে বেৰত এখন ভগৱানৰ ফটো, য'ত তাই নিতৌ পূজা কৰে। জোনমনিৰ মংগল কামনা কৰে। কোঠাটো এবাৰ চকু ফুৰাই চাই তাই বিছনাত বহিল, জোনমনিৰ গাত ধৰি জোকাৰি দিলে, ওহো সি নুঠে। পুনৰ জোকাৰি দিয়াত লাহে লাহে সি চকু মেলিলে যদিও তেনেকৈয়ে পৰি থাকিল।
তাই পুনৰ বাহিৰলৈ ওলাই দেখিলে নৈৰ পানী তাইৰ ঘৰত সোমাওঁ সোমাও। ইতিমধ্যে গাওঁখন বুৰিছেই, জোনমনিক লৈ তাই কেনেকৈ নিৰাপদ ঠাইলৈ যাব। চিন্তাই তাইক গিলি পেলাব খুজিছে। ভিতৰ সোমাই দুই চাৰিটা বস্তু মোনাত ভৰাই জোনমনিক ক'লে- ব'ল আমি ইয়াৰ পৰা এতিয়াই যাব লাগিব, নহ'লে বাচিব নোৱাৰিম। এহাতে মোনাটো আৰু আনখন হাতখনেৰে জোনমনিক কোলাত লোৱাৰ চেষ্টা কৰিলে, নাই তাই তাক ডাঙিব নোৱাবে। সি বৰ গধূৰ। তাই মহা বিমোৰত পৰিল, কি কৰে এতিয়া... জোনমনিক এৰি থৈ.... নাই এয়া কেতিয়াও হ'ব নোৱাবে। তাৰ মাজতেই যে তাইৰ প্রাণটো লুকাই আছে... পাৰহৈ যোৱা ঘটনাবোৰে তাইক বৰকৈ আমনি কৰিবলৈ ধৰিলে। তাই মজিয়াত বহি পৰিল।
আন ল'ৰা-ছোৱালীবোৰৰ দৰে তাইৰো এটা সুন্দৰ শৈশৱ আছিল, যৌৱনকাল আছিল। তাই মাক-বাপেকৰ আলাসৰ লাৰু আছিল। পঢ়া-শুনাও কিছু কৰিছিল। প্ৰেমৰ তাগিদাত মোহনক জীবনসংগী কৰি লোৱাৰ পাছত ঘৰখনে তাইৰ সৈতে সম্পর্ক ছেদ কৰিছিল। তাই কিন্তু মোহনৰ লগ নেৰিলে, সকলো সময়তে তাৰ ছাঁৰ দৰে আছিল। মোহনে সৰু-সুৰা ব্যৱসায় কৰিছিল আৰু সেই উপার্জনেৰে ঘৰখন মোটামুটি চলি আছিল। এদিন সিহঁতৰ জীবনলৈ জোনাকৰ বতৰা লৈ আহিল- "জোনমনি"। তৰালী-মোহনৰ দিনবোৰ আৰু মধুময় হৈ পৰিল। তাৰ মৰমলগা মুখখন চাই চাই তাইযে কিমান সপোন ৰচিছিল...! লাহে লাহে তৰালীয়ে অনুভৱ কৰিলে জোনমনি আন শিশুৰ দৰে নহয়, সি দেখোন বহা-উঠা একো কৰিব নোৱাৰে। খোজ কাঢ়িবও নোৱাৰে, কথাও ক'ব নোৱাৰে। তাকে দেখি তৰালী-মোহনৰ মুৰত আকাশী সৰগ ভাগি পৰা যেন হ'ল। দুই এক ডাক্তৰক দেখুৱালে, কাম একো নহ'ল। কোনোবাই ক'লে, নার্ভৰ অসুখ টকা বহুত লাগিব। কিন্তু ইমান টকা সিহঁতে ক'ত পাব। মোহনৰ উপার্জন তেনেই কম। সাচতীয়া টকা কেইটা খৰচ কৰি ফল নোপোৱাত অতিষ্ঠ মোহনে জোনমনিক ক'ৰবাত এৰি থৈ অহাৰ কথা ক'লে। তৰালী কোনোপধ্যেই মান্তি নহ'ল। তাই জোনমনিক জোৰকৈ বুকুৰ মাজত সাৱটি ধৰিলে। কেনেকৈ মোহনে প্ৰাণৰ সন্তানটোক এৰি থৈ অহাৰ কথা ক'ব পাৰিলে।
তাৰপাছত এদিন মোহন ঘৰ এৰি যি পলাল আৰু উভটি নাহিল। তৰালীয়ে সাহস নেহেৰুৱালে আৰু জোনমনিক লৈ এইখিনি পালেহি। মাকৰ ঘৰলৈ তাই কেইবাদিনো গৈছিল যদিও আশ্রয় নাপালে। তাই দুখ নকৰিলে, কাৰণ সকলোৱে এৰিলেও তাই তাইৰ সন্তানক নেৰে, লোকৰ ঘৰত কাম কৰি হ'লেও তাক জীয়াই ৰাখিব, যত্ন ল'ব। এদিন সি ভাল হ'ব আৰু তাইক 'মা' বুলি মাতিব।
গাৱঁৰ বহুতেই তাইক পৰামর্শ দিছিল জোনমনিক অনাথ আশ্রমত থৈ নতুনকৈ জীৱন আৰম্ভ কৰাৰ কথা। মাজে-মাজে ভগীৰথ আহিছিলো বিয়াৰ প্রস্তাৱলৈ, কিন্তু পুতেকৰ কথা চিন্তা কৰিয়েই তাই মান্তি নহ'ল। পুৱাতেই তাক গা ধুৱাই কিবা এটা খুৱাই তাই ওলায় যায়। কেতিয়াবা পথাৰত, কেতিয়াবা লোকৰ ঘৰত কাম কৰে। মাক নথকা সময়ত সি বিছনাত পৰি থাকে আৰু উভটি আহিলে মাকক দেখি সি হাঁহে। তাৰ হাঁহিত তাই দুখ ভাগৰ পাহৰি যায়। প্রতি ৰাতি তাক ভাললগা, হাঁহি উঠা কথাবোৰ কয়- "মা" বুলি ক'বলৈ শিকায়। দিনবোৰ এনেকৈয়ে পাৰ হৈ গৈ আছিল। তাৰ বয়স এতিয়া ১৫ বছব। স্বাস্থ্যৱান, অন্য বেমাৰ নাই, নোদোকা। তৰালীয়ে আজিকালি তাক ডাঙিব নোৱাৰে, কোলাতো ল'ব নোৱাৰে।
বাহিৰত কিবা ভঙাৰ শব্দ শুনি সেইফালে চাই দেখিলে পানীৰ সোঁতে গছ-গছনি, ঘৰবোৰ এফালৰ পৰা ভাঙি-ছিঙি আনিছে। তাইৰ বুকুখন কঁপি উঠিল। সহায়ৰ বাবে ইফালে সিফালে চালে, কাকো নেদেখিলে তাই। প্ৰাণৰ মমতাত সকলো আঁতৰি গ'ল। পানীয়ে তাইৰ ঘৰৰ উৱলি যোৱা বেৰবোৰ এখন এখনকৈ ভাঙি দিলে.... সেয়া পানীয়ে বিছনাখন চুইছে। তাই পুতেকক ডাঙিবলৈ চেষ্টা কৰিলে কিন্তু নিজৰ হাত ভৰিৰে একো কৰিব নোৱাৰা ল'ৰাটোক তাই দাঙিব কেনেকৈ...! খন্তেকতে পানী বিছনাৰ ওপৰ পালে। বিপদৰ অশনি সংকেত বুজিব পাৰি জোনমনিয়ে দুটামান গেঙনি মাৰিলে। সি মাকলৈ কাতৰ দৃষ্টিৰে চাই হাত দুখন মেলিবৰ চেষ্টা কৰিলে আৰু তৰালীয়ে তাৰ হাত দুখন খামুচি তাক বুকুৰ মাজলৈ অনাৰ চেষ্টা কৰিলে। পানীৰ সোঁতে জোনমনিক নৈৰ দিশে টানিছে, তৰালীয়ে টানিছে কাষলৈ। বহু চেষ্টা কৰিছে তাই, নাই তাই তাক ধৰি ৰাখিব পৰা নাই, হাতখন এৰাই যাওঁ যাওঁ হৈছে। নৈৰ সিপাৰৰ পৰা সেয়া ভগীৰথে নাওলৈ কোবাকুবিকৈ আগবাঢ়ি আহিছে সিহঁতৰ ফালে। তৰালীৰ মনত আশা জাগিল। হঠাৎ তাইৰ কাণত পৰিল মা... অ' মা.... ভয় লাগিছে মা, হয় এয়া জোনমনিৰ মাত। তৰালীৰ বুকুখন জিকাৰ খাই উঠিল। এই মাতষাৰৰ বাবে যে তাই কিমান দিন অপেক্ষা কৰিছে...। তাই জোনমনিক সাৱটি ল'ব বিছাৰিছিল। কিন্তু সি দেখোন হাতৰ পৰা এৰাই নৈৰ সোঁতত উটি যাব ধৰিছে। প্রবল বান...! মাতৃত্বৰ গৌৰৱত গর্বিত হোৱাৰ ক্ষণতেই তাইৰ চকুৰ আগত সকলো অন্ধকাৰ হৈ আহিল!! তৰালীয়ে নৈৰ সোঁতত নিজৰ অৱশ দেহাটো এৰি দিলে....!!!
ড° নাজমা বেগম
সহকাৰী অধ্যাপিকা
চৰাইবাহী মহাবিদ্যালয়
দূৰভাষ নং -৯৪৩৫৮৪১৭২৭



Comments