top of page

মুখ্য সম্পাদকৰ কলম
হিয়াৰ আমঠু জুবিনলৈ শ্ৰদ্ধাঞ্জলি
অমানিশাৰ বুকুত
গীত ,মাত,সুৰেৰে
জীৱনক ৰাঙলী কৰা
আমাৰ প্ৰাণৰ ধ্বনি
এটা কণ্ঠ হেৰাই গল ।
বিষাদৰ এটা নিশা
স্তব্ধ হ'ল আকাশ-বতাহ
জোনালীত শোকৰ সাগৰ
সুৰৰ ঝংকাৰ তুলি
ক'ত যে হেৰাই গ'লা !
জনপ্ৰাণত তুমি ৰঞ্জিত বন্দিত
নিগৰিছে অনামিকাৰ সুৰ
'গানে কি আনে' বুলি
মায়াবিনীক বিচাৰিছো
বিশ্বব্ৰহ্মাণ্ডৰ মহাসংগীতত ।
তোমাৰ সুৰত আছে
প্ৰেম, বিৰহ, আশা আৰু স্বপ্ন
জনতাৰ হৃদয়ত
স্পন্দিত হয়
নিজানৰ গান ।
আকাশ আজি নীৰৱ
পথত জনতাৰ সমূদ্ৰ
চৌদিশে গুঞ্জৰিত
হিয়াৰ আমঠু
তোমাৰেই নাম ।
'জুবিন 'এটা কবিতাৰ ছন্দ
নিত্য শাশ্বত সত্তা
মায়াময় সুৰৰ অমৃত
জনতাৰ প্ৰাণৰো প্ৰাণ
তুমি অমৰ অনন্ত
তোমালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি...
.png)


.webp)