top of page
Image by Patrick Fore

মুখ্য সম্পাদকৰ কলম 

WhatsApp Image 2025-09-09 at 1.12_edited.jpg

দীপিকা লস্কৰ

   "শব্দৰ জোনাক”—নামটোৱেই যেন স্নিগ্ধতা আৰু আশাৰ প্ৰতীক। জোনাকে অন্ধকাৰ আঁতৰাই নতুন পথৰ দিক দৰ্শন কৰে, ঠিক তেনেকৈ শব্দ জীৱনৰ আৱেগ, চিন্তা আৰু সৃষ্টিশীলতাৰ জোনাক। সাহিত্য কেৱল মনোৰঞ্জন নহয়; ই সমাজৰ দাপোন, য’ত প্ৰতিফলিত হয় আমাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সপোন |
   ডিজিটেল যুগত তথ্যৰ সাগৰত আমি প্ৰতিদিনে বুৰ গৈ আছো। তথাপি কিমান তথ্যই  আমাক স্পৰ্শ কৰে? সেয়ে সাহিত্য-সংস্কৃতিৰ সজীৱ চৰ্চাৰ বাবে শব্দৰ জোনাকৰ প্ৰকাশ পাইছে ।এই আলোচনীখন কেৱল লেখনী সংগ্ৰহ নহয়; ই হৈছে চিন্তা-চৰ্চাৰ এক মঞ্চ, য’ত প্রতিটো লেখাই জোনাকৰ  স্নিগ্ধ পোহৰৰ দৰে পাঠকৰ হৃদয় স্পৰ্শ কৰি সমাজৰ ইতিবাচক মূল্যবোধ, নৱ চিন্তা আৰু সৃষ্টিশীলতাৰ পোহৰ বিলাব ।  আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস নিখুঁত হব বুলি নাভাবো; কিন্তু নিষ্ঠা আৰু সততাৰ ওপৰত আমি আত্মবিশ্বাসী। পাঠকসকলে যদি এই আলোচনী পঢ়ি নতুন চিন্তা-বোধৰ বীজ বিচাৰি লব পাৰে—তাতেই হ’ব আমাৰ সাফল্য।

​     আমাৰ এই যাত্ৰাত পাঠক-লেখকৰ সক্ৰিয় সহযোগিতা কামনা কৰিছো। আপোনাৰ পৰামৰ্শ আৰু সমালোচনাই শব্দৰ জোনাকক দীপ্তিমান কৰি তুলিব। আহক, আমি একেলগে সাহিত্যৰ এই যাত্ৰাত অংশগ্ৰহণ কৰোঁ, যাতে শব্দৰ জোনাকে সমাজ আৰু সংস্কৃতিৰ পথ আলোকিত কৰে। প্ৰস্তাৱনা সংখ্যাৰ প্ৰকাশত সহায় কৰা সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ ।

এই সংখ্যাৰ লেখক সকল

ড০ শৰৎ বৰকটকী

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ

WhatsApp Image 2025-09-09 at 1.14_edited.jpg

কমলেশ্বৰ কলিতা

বিশিষ্ট কবি

IMG-20250915-WA0025 (1)_edited.jpg

বিশিষ্ট গল্পকাৰ

WhatsApp Image 2025-09-16 at 5.56.43 PM.jpeg

ধ্ৰুৱজ্যোতি শৰ্মা

পলী মজুমদাৰ

কবি

IMG-20250915-WA0017 (1).jpg

শেৱালি শৰ্মা বৰকটকী

সাহিত্যিক

WhatsApp Image 2025-09-15 at 6.49.12 PM.jpeg

হিৰণ্য শৰ্মা

প্ৰৱন্ধকাৰ, শিক্ষাবিদ

WhatsApp Image 2025-09-08 at 6.23.33 PM.jpeg

ড° জ্যোতিষ্মিতা দাস

প্ৰৱন্ধকাৰ, শিক্ষাবিদ

WhatsApp Image 2025-09-05 at 7.01_edited.jpg

জ্যোতিকা বৰা

সাহিত্যিক

WhatsApp Image 2025-09-16 at 4.40_edited.jpg

নীলম শৰ্মা

গৱেষক ছাত্ৰী

WhatsApp Image 2025-09-16 at 4.35_edited.jpg

পিংগলিকা বৰকটকী

অভিযন্তা, সাহিত্যিক

WhatsApp Image 2025-09-19 at 9.02.49 AM.jpeg

প্ৰবন্ধ

দেৱী দূৰ্গাৰ আৰাধনা

লেখক : ড০ শৰৎ বৰকটকী

বৰ লুইত আৰু ড° ভূপেন হাজৰিক

লেখক : শেৱালি শৰ্মা বৰকটকী

আত্ম বিশ্বাস: ভয়ৰ ওপৰত বিজয়

লেখক : দীপিকা লস্কৰ

গল্প

ৰাগ-বিৰাগ 

লেখক : ধ্ৰুৱজ্যোতি শৰ্মা

উপলব্ধি 

লেখক : শেৱালি শৰ্মা বৰকটকী

এজন দৰাৰ কান্দোন

লেখক : জ্যোতিকা বৰা

আত্ম বিশ্বাস: ভয়ৰ ওপৰত বিজয়

লেখক : দীপিকা লস্কৰ

কবিতা

 কবি কমলেশ্বৰ কলিতাৰ কবিতা 

কবি পলী মজুমদাৰৰ কবিতা

গৱেষক ছাত্রী নীলম শৰ্মাৰ কবিতা

বিজ্ঞানৰ চিন্তা-চৰ্চা

পোহৰ প্ৰদূষণঃ এক নভবা বিপদ

লেখক : হিৰণ্য শৰ্মা

মহিলাৰ শিতান

পৰিৱেশ সংৰক্ষণত নাৰীৰ ভূমিকা

লেখক : ড০ জ্যোতিস্মিতা দাস

ৰন্ধন শিল্প : পক্ষপাতিত্বৰ সীমা ভাঙি

লেখক : পিংগলিকা বৰকটকী

চেমনীয়াৰ শিতান

চেমনীয়াৰ শিতানত মোস্তাকিনৰ   কবিতা

bottom of page