top of page
  দীপ্তি দেৱী শৰ্মা

দীপ্তি দেৱী শৰ্মা

Writer
More actions

Profile

Join date: Feb 3, 2026

Posts (2)

Mar 3, 20261 min
ফাগুনৰ  বেলা
দোকমোকালিতে ওলাই  গ'লো পলাশ বন চলাথ কৰি বুটলি আনিলোঁ এমুঠি শব্দ  আচলত বান্ধি লৈ সাৱধানে ঘৰমুৱা হ'লো , গা ঘেলাই  ফুৰা পচোৱাজাকে চোঁ-মাৰি আহি আগভেটি ধৰিলেহি খুলি দিলে শব্দৰ আঁচলখন যা: হ'ল নহয় খেলিমেলি গোটেইখন আউল লাগিল  শব্দৰ শৃংখল  ফাগুন, তই কিয়ে ইমান  চঞ্চল  সিঁচি দিয় হিয়াত  স্মৃতি ৰঞ্জিত  সন্মোহন,  কি কি আনিলোঁ তাই  পাত -পাতকৈ চালে চালি জাৰি বাচি হাতত  গুজি দিলে সযতনে এমুঠি পুৰঠ শব্দ  থাউকতে উৰুৱাই  লৈ গ'ল ধূলি ধূসৰিত আঁচলখন কোনোবা দিকচৌ বনলৈ । দীপ্তি দেবী নগাঁও, অসম দূৰভাষ নং ৭৮ ৯৬১২৬৬১৪

10
0
Feb 3, 20262 min
বিদেশত  মহাত্মা গান্ধীৰ  স্মৃতিসৌধ দৰ্শন
সৰুতে কিতাপত পঢ়িছিলোঁ --        'আমাৰ  বাপুজী মানুহ  নাছিল         নৰৰূপী ভগবান        গোটেই  বিশ্বই সমস্বৰে যাৰ         গাইছে বন্দনা গান --' এই গৰাকী মহামনীষাৰ এক বিশাল  স্মৃতিসৌধ দেখাৰ সৌভাগ্য  ঘটিছিল উত্তৰ  আমেৰিকাৰ  টেক্সাচ প্ৰদেশৰ আৰভিং নগৰত। বিদেশৰ মাটিত বাপুজীৰ বিশাল  আবক্ষ  মূৰ্তি দেখি গৌৰৱত বুকু ফুলি উঠিছিল। বৰ্তমান সেই ঠাই পৰ্যটন স্থলীলৈ ৰূপান্তৰিত  হৈ পৰিছে ।শাৰী শাৰী বিজুলি বাতিৰে তিৰবিৰাই  থকা ৰাজ পথেৰে গৈ আমি যি ঠাইত উপস্থিত  হ'লোঁগৈ সেয়া আমাৰ  বাবে আশ্চৰ্য। সেয়া হৈছে থমাছ ...

48
0
bottom of page